পৃষ্ঠা:ভাষণ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭৬]

সেই পৰিমাণে বাঢ়িব; আৰু অসম মাতৃয়ে এই সকলোকে নিজৰ বিস্তীৰ্ণ কোলাত সামৰি লৈ গৌৰৱ আৰু আনন্দ পাব।

 মই আগতে কৈছো যে আমাৰ মাজত শিখ সম্প্ৰদায়ৰ লোক ১৯৩১ চনত ৩০০০ (তিনি) হাজাৰৰো কম আছিল। সেই সংখ্যা এতিয়া বাঢ়ি চাৰি হাজাৰৰ অধিক হোৱা নাই, সংখ্যাত তাকৰ হৈয়ো আমাৰ জাতি গঠনত তেওঁলোকে যি বিশিষ্ট দান দিছে তাৰে এটা মাত্ৰ উল্লেখ কৰিলোঁ। তেওঁলোকৰ দ্বিতীয় দানো তেনেকুৱা বহুমূলীয়া। সেইটো হৈছে দক্ষতাৰ উদাহৰণ। মই জনাত কোনো শিখ ডেকা কাম নোহোৱা কৰি থাকিব লগীয়া হোৱা নাই। কিবা নে কিবা প্ৰকাৰে তেওঁলোকে নিজে নিজৰ জীবিকা আৰ্জে। এইটোওঁ তেওঁলোকৰ শিক্ষাৰ এটা আদৰ্শ। আশাকৰোঁ আন অসমীয়া ডেকায়ো এই আদৰ্শ অনুসৰণ কৰিবলৈ যত্ন কৰিব।

১০। সাধাৰণ শিক্ষা।

 এটা ডাঙৰ কথা কব থাকিল। সেইটো শিক্ষাৰ কথা, আমাৰ মাজত শিক্ষাৰ প্ৰচাৰ যথেষ্ট হোৱা নাই— সকলোৱে জানে। শিখ সকলৰ মাজতো শিক্ষাৰ যথেষ্ট প্ৰচাৰ হোৱা নাই— বিশেষ কৰি ছোৱালী শিক্ষাৰ। তাৰ কাৰণে চৰকাৰে কিছু যত্ন কৰিছে। কিন্তু চৰকাৰ যত্নৰ পৰাই সকলো কাম হব নোৱাৰে।