[৬৭]
সংগঠন কাৰ্য্যত ঘূৰি ফুৰোতে গুৰুৱে অনেক যুদ্ধ বাগৰ কৰিব লগীয়া হয়। যুদ্ধতে তেওঁৰ চাৰিজন পুত্ৰ মৰা পৰে। শেষত মোগল সম্ৰাট বাহাদূৰ চাহৰ লগত মিত্ৰতা হয়। ১৭০৮ খৃষ্টাব্দত তেওঁৰ পালিত এজন পাঠান ভৃত্যই তেওঁক হত্যা কৰে।
৬। শিখ সম্প্ৰদায়।
আজি কালি শিখৰ দুটা সম্প্ৰদায় আছে— কেশধাৰী আৰু সহজধাৰী। কেশধাৰী সকল খালচা; আৰু সহজধাৰী সকল সাধাৰণ গৃহস্থ। কেশধাৰীসকলে কেশ, কৃপান, কচ্ছ (কৱছ) কাংখা আৰু কাৰা ককাৰাদি এই পাঁচবিধ বস্তু ধাৰণ কৰিব লাগে। অৰ্থাৎ তেওঁলোকে চুলি ৰাখিব লাগে, এখন লোৰ অস্ত্ৰ লগত ৰাখিব লাগে, সদায় কৱচ বা তলত সৰু পায়জামা পিন্ধিব লাগে, চুলিত এখন ফণী ৰাখিব লাগে আৰু হাতত এপাত লোহাৰ বালা পিন্ধিব লাগে। এয়ে খালচা বা যুঁজাৰু শিখৰ পোছাক। কোনো এটা Uniform পিন্ধা অৰ্থাৎ একে প্ৰকাৰে সাজেৰে ভূষিত হৈ থকাটো যেই সেই সঙ্ঘৰ একতাৰ কাৰণে কিমান আৱশ্যক তাক গুৰুৱে ভাল কৰি জানিছিল। এই বীৰ-বেশেৰে সাজি পাৰি থকাত খালচা শিখ সকলৰ মনৰ গতি বীৰত্ব ভাৱেৰে কিমান দূৰ অনুপ্ৰানিত হৈ থাকে তাক অলপ ভাবি চালেই বুজিব পাৰি।
৭। অমৃত-সংস্কাৰ।
এই বীৰত্বৰ আদৰ্শ যাতে ছলি অৱস্থাতে মটা-মাইকী নিৰ্বিশেষে শিখৰ মনত ভালদৰে সোমাই তাৰো দিহা কৰা