পৃষ্ঠা:ভাষণ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬১]

পাতত তিৰোতাৰ সংখ্যা তাকৰ। তাৰে পৰা অনুমান কৰিব পাৰি যে নগাৱঁত যেনেকৈ ঘৰ-বাৰী কৰি শিখসকলে অসমীয়া গাওঁ পাতি বাস কৰিছে, আন জিলাত তিমান দৰে থাকিবলৈ লোৱা নাই। সেইদেখি নগাৱঁৰ এই গাৱঁতে এই উৎসৱ বিশেষ প্ৰকাৰে পাতা হয়।

১৯৩১ চনৰ চেঞ্চাচ
Persons Males Females
Assam 2,729 1,918 811
British Territory 2,497 1,740 757
Assam Valley Division 2,242 1,563 678
Goalpara 36 24 12
Kamrup 89 66 28
Darrang 147 97 50
Nowgong 632 339 298
Sibsagar 304 221 88
Lakhimpur 1,025 810 215
Garo Hills 8 6 2
Sadiya Frontier Tract 34 15 19
Assam States 232 178 54

৩। শিখ ধৰ্ম্মৰ মূল শিক্ষা।

 শিখ ধৰ্ম্মৰ মূল কথা বুজিবলৈ অসমীয়া মানুহে বেচি প্ৰয়াস কৰিব নালাগে। কাৰণ মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰচাৰিত