[৬৮]
হৈছিল। শিখ সকলৰ অমৃত সংস্কাৰ বুলি এটা অনুস্থান আছে। শিখ ধৰ্মত এই অনুষ্ঠান উপনয়ন’ আদি অনুস্থানৰ ঠাই অধিকাৰ কৰিছে।
অমৃত প্ৰস্তুত কৰাৰ নিয়ম এনে। বিশ্বাসী, সত্যবাদী
আৰু আন সকলো প্ৰকাৰে উপযুক্ত পাঁচজন খালচা শিখ
বাচি উলিৱা হয়। এওঁলোেক অনুষ্ঠানৰ কৰ্ত্তা। এটা লোহাৰ
পাত্ৰত পানী থোৱা হয়। তাতে বাতচা কিছুমান দিব
লাগে। এই পাঁচজনৰ প্ৰত্যেকে এজন এজন কৰি বাটিতো
বাওঁহাতেৰে ধৰি থাকে, আৰু সোহাতঁত এখন দুইমুখীয়া
কৃপান লৈ তাৰে বাতচা খিনি লৰাই দিয়ে। তেওঁলোকৰ
ভিতৰত যিজনা সকলোতকৈ ডাঙৰ তেওঁ এইদৰে পানী লৰাই
দিয়াৰ লগে লগে জপজী চাহেবৰ মন্ত্ৰ খিনি সম্পূৰ্ণ কৰি
গায়। আন কেইজনে বীৰ-আসন কৰি বহি একান্ত ভাবে
ধ্যান কৰি মন্ত্ৰ শুনি থাকে আৰু অমৃত প্ৰস্তুত কাৰ্য্যত সমস্ত
মনোযোগ নিক্ষেপ কৰে। প্ৰথমজনৰ জপজী গোৱা হলে
দ্বিতীয় জনে অনুৰূপে জাপ চাহেব গায়। দ্বিতীয় জনৰ
পিচত তৃতীয় জনে দশম গুৰুৰ (গোবিন্দ সিংহৰ) ৰচিত
দহোটা চেৱৱা বা শ্লোক গায়। চতুৰ্থ জনে চৌপই আৰু
পঞ্চম জনে আনন্দ চাহেব গায়। চেৱৱা, চৌপই আৰু আনন্দ
চাহেব গাওঁতেও প্ৰথম আৰু দ্বিতীয় জনৰ অনুৰূপে গোৱাৰ লগে
লগে পাত্ৰ পানী লৰাই থাকে। [১]এইদৰে গোৱা শেষ হলে
- ↑ জপজী চাহেব, জাপ চাহেব, চেৱৱা, চৌপই, আনন্দ চাহেব আদি গ্ৰন্থ চাহেবৰ বেলেগ বেলেগ আধ্যায়ৰ নাম।