পৃষ্ঠা:ভাষণ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৪]

 আমাৰ শাস্ত্ৰতে আছে—

“মায়া আদি কৰি
 সমস্ত অসত্য
জানিবা জড় নিশ্চয়
হৰিমাত্ৰ সত্য চৈতন্য ঈশ্বৰ
 পৰম তত্ব নিৰ্ণয়। ২০৫

 এনে বিলাক শিক্ষা শিখ ধৰ্ম্মৰ মূল ভেটি। ইয়াত আচাৰ বিচাৰৰ কটকটীয়া নিয়ম নাই। এনেকি সামাজিক অনুষ্ঠান বিলাকতো শিখ গুৰুসকলৰ আস্থা নাছিল। সামাজিক আচাৰ ৰীতি অনুসৰি বহুতো বস্তু অপৱিত্ৰ বুলি কোৱা হয়। গুৰু নানকে অপৱিত্ৰ বস্তুৰ বাখ্যা কৰিছে—

“মনৰ মলি লোভ; জিভাৰ মলি অসত্য;
চকুৰ মলি পৰস্ত্ৰীৰ আৰু পৰ ধনৰ প্ৰতি
আকাঙ্খা; কানৰ মলি পৰনিন্দা শ্ৰৱণ।
গুৰু নানকে কয়, যি হিংসা ভাৱ
পোষণ কৰে, সি মৃত্যু লোকলৈ যায়।

এনে বিলাক শিক্ষাৰ গুণত গুৰু নানকৰ মতত অনেক লোক দীক্ষিত হল।

৪। শিখ ধৰ্ম্মৰ ক্ৰম বিকাশ:—

 খৃষ্টাব্দ ১৫৮১ শকত অৰ্থাৎ গুৰু নানকৰ তিৰোভাৱৰ ৪২ বছৰ পাছত পঞ্চম গুৰু অৰ্জ্জুনদাস শিখ গুৰু হয়। এওঁ পূৰ্ব্ব পূৰ্ব্ব গুৰু সকলৰ বাণী বিলাক মনিবদ্ধ কৰি