পৃষ্ঠা:ভাষণ.djvu/৭৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭০]

 (১৩) গুৰু গোবিন্দ সিংহক পিতা আৰু মাতা চাহেব কুৱাৰক মাতা বুলি জ্ঞান কৰিবা, আৰু অমৃত সংস্কাৰ হোৱা লোকক নিজৰ ভ্ৰাতা বুলি ভাবিবা।

 (১৪) নিয়মৰ বাহিৰা কোনো কাম নকৰিবা।

 (১৫) যি টকা নিজে সঞ্চিত কৰিব পাৰা তাৰে দহভাগৰ এভাগ দান কৰিবা।

 (১৬) সদাই অস্ত্ৰ বিদ্যা চৰ্চ্চা কৰিবা; আৰু গুৰু মন্ত্ৰ (অৰ্থাৎ শিখ সম্প্ৰদায়) হকে প্ৰাণকো বিসৰ্জ্জন দিবলৈ প্ৰস্তুত থাকিবা।

 এইবিলাক প্ৰতিজ্ঞাই বয়-স্কাউটৰ আৰু মধ্য যুগৰ নাইট সকলৰ প্ৰতিজ্ঞা বিলাক মনত পেলাই দিয়ে। কোমল বয়সতে এনেবোৰ শিক্ষা মনৰ মাজত বদ্ধমূল কৰি দিলে যি জাতি গঠিত হব পাৰে তাৰ নমুনা আজি আমি শিখ যোদ্ধা, শিখ কৰ্মী, শিখ কৃষক এই সকলৰ মাজত দেখিছো। চুলি-দাৰি-গোফ-পাগুৰীৰে সুশোভিত শিখ এজনক দেখিলেও আমাৰ মনলৈ সাহ আহে। তাৰ মূলত গুৰু গোবিন্দসিংহৰ এনে শিক্ষা।

 ওপৰৰ কথাবিলাক ভালদৰে বুজাই দিয়াৰ পাছত দীক্ষা লব অহা লৰা ছোৱালী বিলাকে এই শিক্ষা বিলাক পালন কৰিব বুলি প্ৰতিজ্ঞা কৰে। তেওঁলোকে বীৰ-আসন পাতি বহে আৰু দীক্ষা দাতা পাঁচ জনৰ ভিতৰৰ প্ৰধানজনে তেওঁলোকে হাতৰ তলত অলুপ অলপ অমৃত ঢালি দিয়ে; আৰু