[৬৫]
আৰু নিজৰো শিক্ষা লিপিবদ্ধ কৰি আদি গ্ৰন্থ চাহেব গুৰু গ্ৰন্থ চাহেব সংগ্ৰহ কৰে। এওঁৰ দিনত শিখ সম্প্ৰদায়ক কিছু পৰিমাণে সংঘ বদ্ধ কৰা হয়; আৰু যাতে সকলো শিষ্যই গুৰুক কৰ কাটাল দি সম্প্ৰদায় বল বৃদ্ধি কৰিবৰ উপায় কৰে তাৰ অৰ্থে এওঁ কিছুমান লোকক মচন্দ বিষয় দিয়ে। এওঁলোকৰ বাব আছিল আমাৰ দেশৰ সত্ৰবিলাকৰ মেধিৰ দৰে। এওঁলোকে শিষ্যৰ ঘৰে ঘৰে গৈ গুৰু কৰ গোটাইছিল। কালক্ৰমত এওঁবিলাকৰ এই বিষয়ত বহুতো ক্ৰুটি-বিচ্যুতি ঘটিল। এই কাৰণে গুৰু গোবিন্দ সিংহৰ দিনত এওঁলোকৰ বিষয় উঠাই দিয়া হ’ল। অৰ্জ্জুন দাসৰ পুত্ৰ হৰগোবিন্দজী। এওঁ লৰা কালতে গুৰু পদ লাভ কৰে। এওঁৰ দিনত দেখা গল যে কেবল সাত্বিক ভাৱক আশ্ৰয় কৰি ঈশ্বৰ আৰাধনা কৰি থাকিলেই এটা সম্প্ৰদায় ৰক্ষা নহয়। গতিকে পোনতে এওঁৰ দিনতেই শিখ বিলাকক যুদ্ধবিদ্যা শিকোৱাৰ দিহা কৰা হয়। এওঁ ধৰ্মগুৰু আৰু ৰাষ্ট্ৰ নায়ক দুয়ো ৰকমে থাকি শিখ সম্প্ৰদায়ক শাক্তিশালী কৰি তোলে। স্বভাৱতেই তেতিয়াৰ সাৰ্বভৌম লগত শিখ শক্তিৰ সংঘৰ্ষ হয়। নবম গুৰু তেগ বাহদূৰ। তেওঁ ৰাজৰোষত প্ৰাণ ত্যাগ কৰিবলগীয়া হয়। তেওঁ কিছুকাল পূব দেশত আছিল। ধুবুৰীত এটা শিখৰ মন্দিৰ আছে। সেই মন্দিৰ তেগ বাহাদূৰৰ দিনত স্থাপিত