সমললৈ যাওক

ভাষণ/বিহু-উৎসৱ

ৱিকিউৎসৰ পৰা
[ // ৫৫ // ]
 

বিহু-উৎসৱ

(১)

 “বিষুব”ৰ পৰা বিহু হোৱা আদি কথা বহুদিনৰ পৰা ভালেমান লেখকে লেখিলে। সকলোৱে মুখে মুখে কোৱা-কুৱিও কৰে। আৰু বিহুৰ উৎসৱৰ বিশেষ বিৱৰণ আৰু অসমীয়াৰ বিহুৰ বৈশিষ্ট্য, তাৰ উপযোগীতা— ইত্যাদি বিষয়ক কথাও সকলোৱে জানে। এতেকে বিহুৰ বিষয় নতুন কিবা কথা লেখা অলপ।

 “বিহু” বসন্তোৎসৱৰ এটা প্ৰকাৰ ভেদ। বিশেষ কৰি বহাগৰ বিহুত এই কথা খাটে। বসন্তোৎসৱ পৃথিবীৰ সকলো দেশতে আগৰ দিনত হৈছিল; আৰু এতিয়াও এটা নে এটা প্ৰকাৰে হয়। ইউৰোপৰ— বিশেষ কৰি স্কান্দিনেভিয়া দেশ সমূহৰ মে-পোল নাচ (May Pole Dance) এই জাতীয় উৎসৱ। ভাৰতৰ সকলো ঠাইত, দক্ষিণ ভাৰততো এনে উৎসৱ হয়। তথা-কথিত অসভ্য জাতিবোৰৰ মাজতো এনে উৎসৱৰ আভাস পোৱা যায়। মুঠতে কৃষি প্ৰধান সভ্যতাৰ যুগত সকলো দেশত খেতি উঠাত পিঠা খোৱা এটা উৎসৱ হোৱা দেখা যায়। আমাৰ বিহু উৎসৱ আৰম্ভ হয়— মাঘৰ দোমাহীৰ লগত। ইয়াক বঙালীয়ে পৌষ পাৰ্বন বোলে। ইংৰাজী ভাষাত বোলে Harvest Home অৰ্থাৎ খেতি উঠাৰ উৎসৱ। এই উৎসৱৰ প্ৰধান উপদান নানান [ ৫৬ ] প্ৰকাৰ পিঠা, সন্দেহ আদি ভাজিপুৰি খোৱা। তাৰ লগত মেজি বা পুঁজি পোৰা, ইংৰাজীত Bon fire কৰা, ইও এই উৎসৱৰ অঙ্গ। খৃষ্টান পঞ্জিকাৰ বৰ দিন বা christmas উৎসৱ প্ৰকৃততে আদি যুগৰ Harvest Home ৰ ৰূপান্তৰ মাত্ৰ। খৃষ্টান পুৰোহিতসকলে খৃষ্টৰ জন্মৰ লগত তাৰ সম্বন্ধ ঘটাই দিলে। মোৰ বোধেৰে বৰ দিনৰ সময়ত দুই চাৰি টকা খৰছ কৰি অধিক লোকেই দুই এডোখৰ কেক খাই লয়। ইও আমাৰ তিল-পিঠা, ক্ষীৰ পিঠা আদিৰ ৰূপান্তৰ।

 মেজি-পোৰাও বসন্তোৎসৱৰ এটা অঙ্গ। পৌৰাণিক ভাৰতত ফল্গুৎসৱৰ সময়তে বসন্তোৎসৱৰ পূৰ্ণ পৰিণতি হৈছিল, এই উৎসৱ আৰম্ভ হৈছিল বাসন্তী পঞ্চমী বা শ্ৰীশ্ৰীসৰস্বতী পূজাৰ দিনা। ফল্গুৎসৱ বা ফাকুৱা দৌল-পূৰ্ণিমাৰ ফাকুখেল নাচ, গান, আৰু অশ্লীলতাৰ ফালে ভাজ লোৱা আমোদ প্ৰমোদ— বসন্তোৎৱৰ এটা প্ৰধান অঙ্গ। কেবাখনো সংস্কৃত নাটক আৰু কাৰ্য্যত এই উৎসৱৰ বৰ্ণনা আছে। ইয়াত ৰজা ৰাণীৰ পৰা আৰম্ভ কৰি সকলো লোকে যোগ দি আনন্দ উপভোগ কৰিছিল। দৌল পূৰ্ণিমাৰ আগদিনা মেৰদাহ বা ভেলাঘৰ পোৰা এটা শাস্ত্ৰীয় অনুষ্ঠান। পুঁজি পোৰা কথাটো ইয়াৰ লগত মিলে। অনেক ঠাইত পুঁজি বা মেজি নুবুলি ভেৰাঘৰ বা ভেলাঘৰ পোৰাও বোলে। পশ্চিম ভাৰতত ইয়াকে হোলিকা পোৰা বোলে। হোলিকা বোলে ৰাৱণৰ ভণীয়েক আছিল।
[ ৫৭ ]  এই পোৰ ঘাই উদ্দেশ্য পৃথিবীৰ সাৰ বৃদ্ধি কৰা। আজিও মেজিৰ আধাপোৰ বাহঁ আনি আমি কলৰ গছত আৰু খেতিৰ পথাৰত লগাই থওঁ।

 ইফালে মাল-যুজঁ; কণী যুজোঁৱা, মহযুঁজ আদি উৎসবো এনে অনুষ্ঠানৰ লগত সকলো দেশতে আদিম সময়ৰ পৰা সংশ্লিষ্ট হৈ আহিছে।

 

(২)

 বহাগৰ বিহুও এনে উৎসৱৰ ভিতৰতে। এই বিহুত খোৱা বোৱাৰ উপৰি গৰু ধুওৱা এটা অনুষ্ঠান। এই বিহুক গৰু বিহু বোলা অন্যায় হোৱা নাই। প্ৰকৃততে এইদিনা বছেৰেকৰ ভিতৰত গৰুক বিশেষ আপডাল কৰা হয়। গৰু পূজা কৰা হয়, বুলিয়েই কব পাৰি।

 অইন এটা উৎসৱ বিহুৰ সময়তে হয়। তাৰ নাম হৈছে ভঠেলি। কামৰূপৰ সকলো ঠাইতে আৰু মঙ্গলদৈ মহকুমাত এই উৎসৱ চলি আহিছে। কামৰূপৰ উত্তৰ পাৰে ইয়াক “ভঠেলি” বোলে। দক্ষিণ পাৰে বোলে “সোৰি” আৰু মঙ্গলদৈত কয়— “দেউল”। “সৰি” আৰু “দেউল” আচলতে দৌলৎসৱ বা ফাকুৱাৰ নামান্তৰ মাত্ৰ। ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে বসন্ত কালৰ ফল্গুৎসৱ বহাগৰ বিহুৰ ভঠেলিৰ লগত সান মিহলি হৈছে। উপৰ অসমৰ বিহুগীত, বিহুনাচ’ আহি ফাকুৱা উৎসৱৰ, পশ্চিম ভাৰতৰ তেনে নাচ-গান আদিৰ লগত মিলে। খৃষ্টান পঞ্জিকা মতে এই সময়তে ঈষ্টাৰ পৰ্ব।
[ ৫৮ ]  ইও আচলতে প্ৰকৃতিৰ নতুন জীৱন দেখা দিয়াৰ ৰূপক। ঈষ্টাৰৰ সময়তে খৃষ্টৰ পূৰ্ণ দৰ্শন (Resurrection) হৈছিল। ঈষ্টাৰৰ দিনা সুপ্ত জীৱনৰ পুনৰাবিৰ্ভাবৰ এটা দ্যোতক। এই দৰে দেখা যায় যে বিহু উৎসৱ প্ৰকৃততে গোটেই মানৱ জাতিৰ কৃষি সভ্যতাৰ এটা উৎসৱৰ প্ৰতীক। নানান দেশত আৰু বহুযুগত এই উৎসৱেই ভিন ভিন আকাৰ ধাৰণ কৰিছে।

 

(৩)

 ইয়াত ভঠেলিৰ বিষয়ে এক আখাৰ কথা কওঁ। কালিকা পুৰাণ, দেৱী পুৰাণ, মহাভাৰত আদিত শক্ৰধ্বজ বা ইন্দ্ৰধ্বজ উত্থান নামেৰে এটা অনুষ্ঠানৰ উল্লেখ দেখা যায়। ইয়াৰ উদ্দেশ্য, ৰাজাৰ ৰাজ্য বিজয় আৰু পৃথিবীৰ শষ্য বৃদ্ধি আৰু সমৃদ্ধি হব লাগে। আৰু ইয়াৰ প্ৰধান অঙ্গ বাহ বা কাঠৰ এটা ধ্বজ উত্তোলন। এই ধ্বজৰ লগতে কন্যকা আৰু মাতৃকা নামেৰে সৰু সৰু আৰু কেইটিমান ধ্বজ থাকে। এই ধ্বজ বিলাকক নানা প্ৰকাৰ ৰং বিৰঙৰ কাপোৰ পতাকা আদিৰ দ্বাৰা কাচিব লাগে। ভঠেলিত যি ‘পাৰ’ তোলা হয় সি সকলো প্ৰকাৰে এই ধ্বজৰ অনুৰূপ। কি কাঠৰ ধ্বজ তুলিব লাগে আৰু সি কিমান ওখ হব লাগে— ইত্যাদি কথা পুৰাণত বিশেষ কৰি উল্লেখ আছে।

 এটা কথাত মুঠতে গৰমিল দেখা যায় যে শত্ৰুধ্বজ উত্থান উৎসৱ ভাদ মাহত হৈছিল। ভঠেলি হয় বহাগ মাহত।
[ ৫৯ ]  অনুমান কৰা যায় যে নানা বিধ বসন্তোৎসৱ, গো-পূজা শক্ৰধ্বজ উত্থান আদি পৌৰানিক ক্ৰিয়া এই সকলো বিলাক মিলি মাঘ মাহৰ পৰা আৰম্ভ কৰি বহাগ মাহলৈকে হোৱা উৎসৱ বোৰেই বিহু। এইবোৰৰ আতিগুৰি বিচাৰিলে মানৱ সভ্যতাৰ এক আদি যুগৰ কৃষ্টিত উপস্থিত হোৱা যায়।

 

(৪)

 অসমৰ প্ৰগতীবাদী সাহিত্যিক সকলে এই প্ৰকাৰ আমাৰ দেশৰ নানান পূজা, ব্ৰত, আচাৰ, অনুষ্ঠানৰ মূল বিচাৰি এই বিলাক ভালদৰে বুজাত আমাক সহায় কৰিব পাৰে।

(“জয়ন্তী” ৬ষ্ঠ বছৰ ৫ম সংখ্যা।)

 

——× ——