ভাষণ/আমাৰ দেশত আয়ুৰ্বেদ চৰ্চা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ // ৭৮ // ]
 

আমাৰ দেশত আয়ুৰ্বেদ চৰ্চা।


 মই নিজেও এক প্ৰকাৰ চিকিৎসা ব্যৱসায়ী, যদিও শাৰীৰিক চিকিৎসা নকৰি আমি যথাসাধ্য মনৰ চিকিৎসা কৰোঁ। মনত এই বিশ্বাস জন্মা বাবেহে আজি চিকিৎসা বিষয় কবলৈ প্ৰত্যয় জন্মিছে।

 বেদ জগতৰ প্ৰাচীনতম গ্ৰন্থ আৰু আয়ুৰ্বেদ বেদৰেই অঙ্গ বিশেষ বুলি কথিত। জগতক ৰোগ, চিকিৎসা আৰু স্বাস্থ্যৰ বাণী পোন প্ৰথমে ভাৰতীয় আয়ুৰ্বেদেই শুনাইছিল বুলি কব পাৰি। আয়ুৰ্বেদ ব্ৰহ্মাৰ মুখৰ পৰা ওলাই কেনেকৈ জগতত প্ৰচাৰ হলহি পুনৰাই সেই কথা কোৱা নিষ্প্ৰয়োজন। মই নিজে আয়ুৰ্বেদৰ পণ্ডিত নহওঁ যদিও ভক্ত হওঁ। আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিৰ প্ৰতি মোৰ গভীৰ বিশ্বাস। কিন্তু দুখৰ কথা আমি অনেকেই জানিবলৈ চেষ্টা নকৰোঁ আমাৰ আয়ুৰ্বেদত কি আছে। আমেৰিকাৰ বিখ্যাত ডাক্তৰ Mr George Clarke এ কয়, “As I go over each fasciculus I arrive at one conclusion and that is this— if the physicians of the present day would drop from the pharmacopia all the modern drugs. and chemicals, and treat their patients according to the method of Charaka there [ ৭৯ ] would be less work for under takers, and fewer chromic invalids in the world” অৰ্থাৎ মই চৰকৰ প্ৰত্যেক অধ্যায় পঢ়ি এই সিদ্ধান্তত উপনীত হৈছোঁ যে যদি আজি কালিৰ চিকিৎসক সকলে আধুনিক ফাৰ্মাকোপিয়া এৰি চৰকৰ মতে চিকিৎসা কৰিবলৈ আৰম্ভ কৰে, তেনেহলে জগতৰ পৰা অকাল মৃত্যু আৰু জযাপ্য ৰোগৰ সংখ্যা বহুতে কমি যাব।

 Dr. Royal নামৰ পণ্ডিত এজনে Essay on the Antiquity of Hindu Medicine নামৰ কিতাপত লিখিছে, “Sharaka and Sasrad as the Arabian called them (evidently corruptions of the names Charaka and Sushruta), were translated into Persian by Persian Scholars and the Greek by the physicins of Greece attending the covrts of Alam-hazar and Harnu Ul rasid of Baghdad, each of whom severally held an international congress of medical men in central India” আয়ুৰ্বেদে কেনেকৈ জগতত প্ৰভাব বিস্তাৰ কৰিছিল, আয়ুৰ্বেদৰ গৌৰব ৰবি কিমান ওপৰলৈ উঠিছিল, এইবোৰেই তাৰ প্ৰমাণ।

 বহুতৰ মতে বৌদ্ধ-যুগৰ পৰাই আয়ুৰ্বেদৰ অবনতি আৰম্ভ হৈছে। কিন্তু সেই সময়ৰ মহাৰাজ অশোকে নানা ঠাইত [ ৮০ ] চিকিৎসালয় স্থাপন কৰা আৰু সিংহল আদি ঠাইলৈ আয়ুৰ্বেদ প্ৰচাৰক পঠিওৱা প্ৰমাণ পোৱা যায়। সম্ভৱতঃ সেই সময়ৰ পৰাই কেইটামান অঙ্গৰ চৰ্চ্চা কমি আহিল। কিন্তু কায় চিকিৎসা আদিৰ কোনো ক্ষতি হোৱা নাছিল।

 কোনো সভ্যতা, কৃষ্টি বা বিজ্ঞান সুপ্ৰতিষ্ঠিত হৈ তিস্থি থাকিবলৈ ৰাজকীয় পৃষ্ঠপোষকতাৰ বিশেষ আৱশ্যক। মুছলমান সকল ভাৰতৰ অধীশ্বৰ হোৱাৰ পাছৰ পৰাই আয়ুৰ্ব্বেদে এই পৃষ্ঠপোষকতা অভাৱতে কিছু পৰিমাণে হেৰুৱালে। সেই সময়ত ৰজানুমোদিত চিকিৎসা প্ৰণালী আছিল হেকিমি আৰু ইউনানি। তাৰ পিচতেই ইংৰাজ আমোলত আহিল ডাক্তৰী বা চিকিৎসাৰ দিন। পাশ্চাত্য ৰাজানুমোদিত নোহোৱা বাবে স্বভাৱতঃ দেশৰ কৃতী লোকসকলে আয়ুৰ্ব্বেদিৰ প্ৰতি আওকান কৰিলে। এই সুযোগতে অৰ্থলোভী, অযোগ্য লোক এই ব্যৱসায় প্ৰবেশ কৰি আয়ুৰ্বেদৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু আস্থা হ্ৰাস কৰিলে, লগে লগে বিদেশী চিকিৎসাৰ প্ৰতিপত্তি বিশেষ ৰূপে বৰ্দ্ধিত হোৱাৰ সুবিধা হল। এই দৰে আজি কেবা শ বছৰে আয়ুৰ্বেদৰ প্ৰতি আস্থা আৰু বিশ্বাস কমি অহাৰ ফলত উনৈশ শতিকাৰ শেষ ভাগত এই চিকিৎসা প্ৰায় লুপ্ত হৈছিল।

 আমাৰ দেশীয় চিকিৎসা, দেশীয় ঔষধ আমাৰ শৰীৰৰ ধাতু। আমাৰ দেশৰ জলবায়ু, আমাৰ আহাৰ-বিহাৰৰ [ ৮১ ] পক্ষে বেচি অনুকুল। এই কথা অনেক ডাঙৰ ডাঙৰ বিদ্বান লোকে মুক্তকণ্ঠে স্বীকাৰ কৰিছে। এই বাবেই আজি অসমৰ বাহিৰে ভাৰতৰ প্ৰায় সকলো দেশতেই আয়ুৰ্ব্বেদীয় চিকিৎসা পদ্ধতি গৱৰ্ণমেণ্টে অনুমোদন কৰিছে আৰু ইয়াৰ উন্নতিৰ ব্যৱস্থা কৰিব ধৰিছে।

 আজি কবিৰাজী চিকিৎসা বন্ধ কৰি দিলে ভাৰতৰ সৰহ ভাগ মানুহে কোনো প্ৰকাৰ চিকিৎসাই নাপাব। ভাৰতৰ প্ৰত্যেক মানুহেই ডাক্তৰী চিকিৎসা পাব পৰাকৈ ডাক্তৰ ওলাবলৈ এতিয়াও বহুদিন বাকী।

 আয়ুৰ্ব্বেদ বিষয়ত ভাৰতৰ অইন ঠাই অসমৰ অলপ ভিন্নতা আছে। অসমত মুছলমান প্ৰভাৱ বিস্তাৰৰ সুবিধা হোৱা নাছিল। পাশাত্য চিকিৎসাও অসমত প্ৰৱেশ কৰাৰ সৰহ দিন হোৱা নাই। প্ৰকৃতিয়ে অসম দেশখন আয়ুৰ্ব্বেদৰ এখন বিশেষ ক্ষেত্ৰ কৰি ৰাখিছে। অসমৰ হাবি-বননি পৰ্ব্বত, পাহাৰ বনৌষধিৰে পৰিপূৰ্ণ। এই বিষয়ৰ খবৰ ৰাখোতা সকলৰ মতে— একেখন প্ৰদেশতে ইমান বনৌষধি ভাৰতৰ অইন কতো নাই। ইয়াত নোহোৱা বহুতো বনৌষধি চেষ্টা কৰিলে উৎপন্ন কৰিব পাৰি।

 আমাৰ আহোম ৰজা সকলে এই দেশৰ বৈদ্য সকলক কেৱল আয়ুৰ্ব্বেদ চৰ্চ্ছাৰ সুবিধাৰ অৰ্থে অৰ্থ আৰু অল্প চিন্তাগ্ৰস্ত হব নলগীয়াকৈ ৰাখিছিল। এইবাৰেই আজিও অসমৰ পূৰণা কবিৰাজ সকলৰ ঘৰত এনে কিছুমান মূল্যবান পুথি আছে, [ ৮২ ] যিবিলাক অইন কতো নাই। ইয়াৰ ভিতৰত “ৰাজবল্লভ” আৰু “বৈদ্য কল্পতৰু” বিশেষ উল্লেখ যোগ্য। “ৰাজবল্লভ” “অসম আয়ুৰ্ব্বেদ মহাসভাৰ” সম্পাদক কবিৰাজ শ্ৰীযুত তাৰানাথ চক্ৰবৰ্ত্তী কাব্যবিনোদ মহাশয়ে সম্পাদন কৰি উলিয়াইছে। আশাকৰোঁ কোনো যোগ্যজনে ইখন গ্ৰন্থও প্ৰকাশ কৰিবলৈ যত্নপৰ হব। আমাৰ দেশৰ আনুবংশিক বৈদ্যসকলৰ ঘৰত এনে কিছুমান প্ৰত্যক্ষ-ফল-দশী ঔষধ আছে যে সেই বোৰকো ৰক্ষা কৰিবলৈ আমি তৎপৰ হোৱা উচিত। এইবোৰ কথালৈ লক্ষ কৰিলে আজি ভাৰতৰ অইন ঠাইতকৈ অসমত আযুৰ্ব্বেদ উন্নতৰ অৱস্থাত থাকিব লাগিছিল। কিন্তু দুখৰ বিষয়, এই বিষয়ত অসমেই ভাৰতৰ ভিতৰত সকলোতকৈ পিচ পৰা।

 বৰ্ত্তমান যুগ— বৈজ্ঞানিক যুগ। দিনে দিনে সকলো কথাৰেই পৰিবৰ্ত্তন আৰু উন্নতি হব লাগিছে। কবিৰাজ সকলেও যুগধৰ্ম মানি এই পৰিবৰ্ত্তনৰ লগত সমানে চলিবলৈ চেষ্টা কৰা উচিত। অষ্টাঙ্গ আয়ুৰ্ব্বেদৰ প্ৰায় বিলাক অঙ্গই কালৰ গতিত লুপ্ত প্ৰায়! শৰীৰ, শল্য, শালাক, প্ৰসূতি তন্ত্ৰ আদি অত্যাৱশ্যকীয় অঙ্গবোৰ ব্যাৱহাৰিক শিক্ষাৰ (Practical training) বিশেষ আৱশ্যক। এই বিষয় বিলাকৰ প্ৰত্যক্ষ জ্ঞানহীন সম্পাদক সকলৰ দোষত আয়ুৰ্ব্বেদৰ প্ৰাচীন গ্ৰন্থ চৰক, সুশ্ৰুত আদিত অনেক ভ্ৰমাত্মক আৰু প্ৰক্ষিপ্ত কথা প্ৰবেশ কৰিছে বুলি এই বিষয়ৰ বিশেষজ্ঞ মহামহোপধ্যায় শণনাথ সেনে কয়। এনে বিলাক ভ্ৰম-প্ৰমাদ [ ৮৩ ] আৰু লুপ্ত প্ৰায় অঙ্গবোৰ আধুনিক বিজ্ঞানৰ সহায় লৈ পূৰ্ণ কৰি লোৱাৰ ব্যৱস্থা কৰা আৱশ্যক। আপোনালোকৰ আয়ুৰ্ব্বেদ শাস্ত্ৰই কৈছে— “কৃৎস্নোহি লোকো বুদ্ধি মতা মাচাৰ্য্যঃ।” আচাৰ্য্যসকলে ভাল কথা সকলোৰে পৰাই স্ৰবন কৰিবলৈ উপদেশ দিছে।

 যুগ আৰু সভ্যতাৰ পৰিবৰ্ত্তনৰ লগে লগে মানুহৰ শৰীৰ, স্বাস্থ্য, আহাৰ-বিহাৰ আৰু জলবায়ুৰ পৰিবৰ্ত্তন অনিবাৰ্য্য ৰকমে হৈ আছে তাৰ ফলত সংসাৰত অনেক নতুন ৰোগৰ আবিৰ্ভাব হৈছে লগে লগে তাৰ নতুন নতুন চিকিৎসাও ওলাব লাগিছে। সেইবোৰ আয়ুৰ্বেদৰ অন্তৰ্ভুক্ত কৰিলৈহে আয়ুৰ্বেদৰ মৰ্য্যদা ৰক্ষা কৰি জগতৰ লগত চলিব পাৰা যাব। মহৰ্ষি আগ্নিবেনে লিখেছে— “ইতি বাত পিও কফ ৰোগানাং অপৰিসংয্যেয়ানং আবিস্কত তমাঃ ব্যাখাতাঃ” অৰ্থাৎ সেই মই যি লিখিলোঁ এয়েই সংসাৰৰ ৰোগ আৰু চিকিৎসাৰ শেষ নহয়॥ যিমান বোৰ আবিস্কাৰ কৰিব পৰা হৈছে সেইবোৰ হে ইয়াত লিখা হৈছে। অনাবিস্কৃত আৰু নবাবিৰ্ভূত ৰোগ আৰু চিকিৎসা বৈদ্যই নিজে আবিস্কাৰ কৰি লব। চৰকেই লিখিছে “তদেব যুক্তং ভৈষজ্যং যদাৰোগ্যায় কল্পতে” অৰ্থাৎ যি ৰোগ আৰোগ্য কৰিব পাৰে সেয়েই উপযুক্ত ঔষধ। কেৱেল তাহানিখনতে আয়ুৰ্বেদ শাস্ত্ৰত থাকা ঔষধ কেইটাই একমাত্ৰ ঔষধ নহয়। গতিকে ম্যালেৰিয়াত কুইনাইন দিয়া বা প্ৰসুতিৰোগত Ergot দিয়াটো শাস্ত্ৰবিৰুদ্ধ বা দোষৰ [ ৮৪ ] কথা নহয়। অৱশ্যে এইবোৰ কৰিবলৈ যোৱাৰ আগতে উপযুক্ত শিক্ষাৰ অৱশ্যক।

 যি কোনো চিকিতৎসাই নহক, প্ৰত্যক্ষ ফল দেখিলে মানুহৰ তাৰ প্ৰতি আস্থা নোহোৱাকৈ নাথাকে। মোৰ দৃঢ় বিশ্বাস— উপযুক্ত আয়ুৰ্বেদীয় চিকিৎসাই মানুহৰ আস্থা আকৰ্ষণ কৰিব পাৰে।

 আয়ুৰ্বেদীয় চিকিৎসাৰ অৱনতিৰ কাৰণ,— প্ৰাচীন কবিৰাজসকলক বাদ দি— নতুনকৈ কোনো শিক্ষিত লোকে এই বিষয়ত একানপতীয়া ভাৱে মন দিয়া নাই। নতুনকৈ যি দুই এজন ডেকালৰাই অলপ ভালদৰে পঢ়ি শুনি আহিছে তেওঁলোকে বৈদ্য সমাজৰ পৰা আৰু ৰাইজৰ পৰা কোনো প্ৰকাৰ সহানুভুতি বা উৎসাহ পোৱা নাই।

 অইন ঠাইৰ বিজ্ঞ ডাক্তৰ সকলে আয়ুৰ্ব্বেদক অৱজ্ঞাৰ চকুৰে নাচায়। প্ৰায় ডাক্তৰেই ডাক্তৰি পঢ়ি উঠি আয়ুৰ্ব্বেদত কি আছে জানিবলৈ চেষ্টা কৰে। ভাৰতৰ বহুতো সুশিক্ষিত ডাক্তৰে ডাক্তৰীতকৈ কবিৰাজিৰ ওপৰত বেছি মূল্য দিয়ে, আনকি তেওঁলোকে নিজেও কবিৰাজি চিকিৎসাহে কৰে। তেওঁলোকে নানা চেষ্টা কৰি নিজৰ নিজৰ প্ৰদেশত আধুনিক প্ৰণালীত আয়ুৰ্ব্বেদীয় বিদ্যালয় আৰু সিকিৎসালয় স্থাপন কৰি আয়ুৰ্ব্বেদৰ অষ্টাঙ্গ পুনঃ প্ৰবৰ্ত্তনৰ ব্যৱস্থা কৰিব ধৰিছে।

 সংযুক্ত প্ৰদেশ, মাদ্ৰাজ, বম্বে মধ্যপ্ৰদেশ বিহাৰ আদিত বহুতো আয়ুৰ্ব্বেদীয় দাতব্য ঔষধালয় আৰু বিদ্যালয় স্থাপিত [ ৮৫ ] হৈছে। এই প্ৰাপ্তিস্থান বোৰৰ কিছুমান সম্পূৰ্ণৰূপে প্ৰাদেশিক গবৰ্ণমেণ্টে চলায়, কিছুমান কৰ্পোৰেশন, মিউনিচিপ্যাল বোৰ্ড আৰু ডিষ্ট্ৰিক্ট বোৰ্ডে চলায়। ৰাইজ আৰু ধনী মানী লোকৰ দ্বাৰা প্ৰতিস্থিত বহুতো অনুস্থান গবৰ্ণমেণ্ট আৰু বোৰ্ড সমূহৰ পৰা যথেষ্ট আৰ্থিক সাহায্য আৰু উৎসাহ পায়।

 সংযুক্ত প্ৰদেশ আৰু মাদ্ৰাজত গবৰ্ণমেণ্টে আইন কৰি অযোগ্য লোকক আয়ুৰ্বেদীয় চিকিৎসাৰ পৰা নিবৃত্ত কৰি— আয়ুৰ্বেদৰ কলঙ্ক দূৰ কৰাৰ ব্যৱস্থা কৰিছে। বৰ্ত্তমান এই ব্যৱস্থা মধ্য প্ৰাদেশ, বম্বেতো প্ৰবৰ্তন কৰা হৈছে। অইন প্ৰদেশ বোৰতো এনে ব্যৱস্থা কৰাৰ আয়োজন হব ধৰিছে।

 অইন ঠাইৰ দৰে আমাৰ দেশতো লব্ধ প্ৰতিষ্ঠ ডাক্তৰ কবিৰাজ সকলে, গন্য মান্য লোক সকলে আৰু ৰাইজে মন কৰিলে তেনে বিলাক অনুষ্ঠান আৰু ব্যৱস্থা হব পাৰে। অইন ঠাইত কি হৈছে দেখুৱাই দিলে, আমাৰ গবৰ্ণমেণ্ট আৰু বোৰ্ড বোৰেও তেনেবোৰ কাম হাতত লবলৈ বাধ্য। আমাৰ বোৰ্ডবোৰ আৰু গবৰ্ণমেণ্টে অইন প্ৰদেশৰ নিচিনা চহকী নহলেও, অইন প্ৰদেশে আয়ুৰ্বেদ চৰ্চ্ছাৰ বাবে যিমান খৰছ কৰে তাৰ দহভাগৰ এভাগ খৰছ কৰিব পাৰে।

 আমাৰ ইয়াত অন্তঃত এখন, কাশীহিন্দু বিশ্ববিদ্যালয়, নিচিনা আয়ুৰ্বেদ কলেজ বা মাদ্ৰাজৰ Govt. School of Indian medicine ৰ নিচিনা বিদ্যালয় হোৱা আৱশ্যক। অন্ততঃ প্ৰতি নগৰতে এখন আৰু প্ৰতি মৌজাতে এখনকৈ [ ৮৬ ] আয়ুৰ্ব্বেদীয় দাতব্য ঔষধালয় লাগে। ডাক্তৰ সকলৰ ৰেজিষ্ট্ৰেচন কৰাৰ দৰে কবিৰাজৰো ৰেজিষ্ট্ৰেচনৰ ব্যৱস্থা হব লাগে। আৰু আইন কৰি অশিক্ষিত লোকক এই ব্যৱসায়ৰ পৰা বিৰত ৰাখিব লাগে।

 কিন্তু এইবোৰ একোৱেই নহয়, অইন ঠাইতো আপোনা আপুনি হোৱা নাই। যদি সচাকৈয়ে আমি আয়ুৰ্ব্বেদৰ পূৰ্ব্ব গৌৰৱ ঘুৰাই আনিব খোজো তেনে হলে মনৰ সংকীৰ্ণতা এৰি, ত্যাগ স্বীকাৰ কৰি চেষ্টা কৰিব লাগিব। অইন ঠাই লোকে উপলব্ধি কৰক, অসমতো আয়ুৰ্ব্বেদৰ উন্নত চৰ্চ্ছাৰ ব্যৱস্থা আছে।

 

——× ——

 

 নলবাৰীত অনুষ্ঠিত “অসম আয়ুৰ্ব্বেদ মহাসভাৰ” দ্বিতীয় অধিবেশনত সভাপতিৰূপে দিয়া ভাষণ।

২৬।১২।৩৯

 

 * বৰ্তমান অসম চৰকাৰে গুৱাহাটীতে “অসম আয়ুৰ্ব্বেদ কলেজ স্থাপনৰ যো জা কৰিছে। আৰু অইন প্ৰদেশৰ আয়ুৰ্ব্বেদ কলেজবোৰ চাই অভিজ্ঞ লোকৰ দ্বাৰা আঁচনি প্ৰস্তুত কৰিছে। আয়ুৰ্ব্বেদ কলেজৰ অধক্ষও নিযুক্ত হৈছে।

১৪।৩।৪৮