[৭৪]
অতীতৰ বুৰঞ্জী আলোচনা কৰিলে দেখা যায় যে বৈদিক যুগতো এই দেশখন সভ্য দেশ আছিল, ইয়াৰ এটা সংস্কৃতি আছিল। ৰামায়ণ মহাভাৰতৰ দিনত এই খ্যাতি গোটাই ভাৰত বিয়পি পৰিছিল। বৌদ্ধ যুগৰ অসমৰ বিষয়ে বৰ বেছি আলোচনা এতিয়াও হোৱা নাই। তথাপিতে এইটো সিদ্ধান্ত হৈছে যে সেই দিনতো এই দেশ শিক্ষা-শিল্প ধৰ্মালোচনাত এখন উন্নত দেশ আছিল। ভাস্কৰবৰ্মা আৰু তেওঁৰ পূৰ্ব পুৰুষৰ দিনত এই দেশৰ সভ্যতা আৰু সংস্কৃতি ভাৰতবৰ্ষৰ কোনো ঠাইতকৈ কম নাছিল। তাৰ পাচত ৰজাসকলৰ দিনতো এই দেশৰ সভ্যতা-বৈভৱ কম বেছি হৈ আছিল যদিও কেতিয়াও লোপ পোৱা নাছিল।
এই প্ৰায় আঢ়ৈ হাজাৰ বছৰ একে মানুহেই বা একে জাতিৰ মানুহেই এই দেশত বাস কৰি থাকা নাই। যুগে যুগে নতুন নতুন মানুহ আহি আছে; আৰু এই দেশত বসবাস কৰি থাকিছে। ৬০/৭০/১০০ বছৰ আগেয়েও আন ঠাইৰ পৰা এই দেশলৈ মানুহ আহি সম্পূৰ্ণৰূপে অসমীয়া মানুহ হৈ যোৱাৰ লেখ আমাৰ চকুত আৰু মনত অনেক পৰিব। প্ৰৱাদ আছে বোলে কামৰূপ কামাখ্যাৰ দেশ। ইয়ালৈ আহিলে ইয়াৰ প্ৰাকৃতিক সম্পদত মানুহ ইমান মুগ্ধ হৈ যায়, যে সি ইয়াতে থাকিয়েই যায়, নিজৰ আগৰ ঠাইলৈ পাহৰে।
আমাৰ শিখ ভাইসকলো ইয়াৰে এটা উদাহৰণ। তেওঁলোক নানা প্ৰকাৰ ব্যৱসায় উপলক্ষ কৰি আমাৰ