আমাৰ সকলো প্ৰকাৰ অপায় অমঙ্গলৰ প্ৰতিবিধান কৰ্ত্তা আমি নিজে হব লাগে। আত্মবলেই হে পৰম বল। এতেকে অকল চৰকাৰ বা যাৰে তাৰে মুখলৈ নাচাই আমি নিজে নিজে যত্ন কৰিব লাগে যাতে আমাৰ মাজৰ পৰা অজ্ঞতা দোষ দূৰ হয়। কুৰি বছৰ আগলৈকে সৰ্ব্ব সাধাৰণৰ মাজত কানি খোৱা এটা দোষৰ বা পাপৰ কথা বুলি ভাৱ হোৱা নাছিল। এনেকি কানীয়া বিলাকে কানীয়া ভকত বুলি অনেকৰ পৰা দয়া মৰম পাইছিল আৰু মাজে মাজে মানুহে কানীয়া সেৱা পাতি ধৰ্ম্ম আৰ্জ্জিছে বুলি ভাবিছিলি। এই কুৰি বছৰৰ ভিতৰত কানি যে বৰ বিহ, আৰু সকলোৱে বৰ্জ্জন কৰিব লাগে এই কথা জনাজাত হল; আৰু গৱৰ্ণমেণ্টে সম্পূৰ্ণৰূপে কানি বন্ধ কৰিলে অজ্ঞতা, আখৰ নিচিনা এইবিলাক কথাতো আমাৰ তেনে জনমত হব লাগে। তেতিয়া আমাৰ মাজৰ পৰা এইদোষ আতঁৰ হব। সংস্কাৰ বিষয়ত গুৰু গোবিন্দ সিংহৰ আদৰ্শ, দৃঢ় সংকল্প, শিক্ষা, সাধনা আৰু সিদ্ধি আমাৰ উদাহৰণ হক। তেওঁৰ আৰু তেওঁৰ দৰে গুৰু সকলৰ আশীৰ্ব্বাদত আৰু ভগৱন্তৰ কৃপাত আমি অসমীয়া মানুহ প্ৰকৃততে এটা অসম জাতি হৈ উঠো— এই মোৰ একান্ত প্ৰাৰ্থনা।
নগাওঁ, চাপৰমুখত গুৰু গোবিন্দ সিংহৰ জন্মোৎসৱত সভাপতি ৰূপে দিয়া ভাষণ।
২৫।১২।৪১