পৃষ্ঠা:ভাষণ.djvu/৭৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৭২]

সৰ্বশেষ দশমগুৰু গোবিন্দ সিংহৰ শিখ ধৰ্মৰ প্ৰতি এইটিয়ে অপূৰ্ব্ব দান। এনে শিক্ষাৰ গুণত শিখ জাতি আজিও সংঙ্ঘবদ্ধ হৈ সংখ্যাত তাকৰ হৈয়ো পৃথিবীত লেখত লবলগীয়া হৈ আছে।

৮। আদি গ্ৰন্থ চাহেব।

 গুৰু গোবিন্দ সিংহৰ দ্বিতীয় দানটো হৈছে— শিখ ধৰ্ম আৰু জাতিক চিৰকাললৈ কোনো এজন মানুহৰ মতামতৰ অধীনতাৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ কৰি প্ৰকৃত জনমতৰ ওপৰত স্থাপন কৰা। গুৰু গোবিন্দ সিংহৰ অন্তিম কালত তেওঁক সোধা হল যে তেওঁৰ পাছত কোন গুৰু হব। তেওঁৰ উপদেশ হল যে তেওঁৰ পাছত আৰু কোনো মানুহ গুৰু হবৰ আৱশ্যক নাথাকিব, আদি গ্ৰন্থ চাহেবকে সকলোৱে গুৰু বুলি মানিব। এখন শাস্ত্ৰক দেৱতা আৰু গুৰুৰ স্থানত থাপনা কৰাৰ আৰু এটা উদাহৰণ আছে— সি হৈছে আমাৰ দেশত। কীৰ্ত্তন শাস্ত্ৰ বা ভাগবত শাস্ত্ৰ আজিকোপতি আমাৰ দেশত এইদৰে থাপনা কৰা হয়।

 গ্ৰন্থ চাহেব থাপনা কৰাৰ নিয়ম এনে। যেই সেই খোটালী বা ঘৰতে গ্ৰন্থ-চাহেব থাপনা কৰিব পাৰি; মুঠে ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্ন হব লাগে। তাক লেপি পুছিলৈ কঠ, পাট বা কাপোৰ পাৰিব লাগে। তাৰে একাষত এখন ছাল-পীৰাৰ ওপৰত এখন ঠগী বা তেনে পাত্ৰ থাকিব লাগে। তাতে গ্ৰন্থ চাহেবক থব লাগে। থওঁতে পাটৰ বা কিংখাপৰ