পৃষ্ঠা:ভাষণ.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৩]

৩। শিখ ধৰ্মৰ মতে জীৱাত্মা আৰু পৰমাত্মা একে বস্তু। পৰমাত্মাৰ সন্ধান পালে জীৱ মুক্ত হয়। কিন্তু যেতিয়ালৈ জীবাত্মাই নিজক কৰ্মৰ কৰ্ত্তা বুলি জ্ঞান কৰি থাকে তেতিয়ালৈ জীৱাত্মাৰ পুনৰ্জন্ম হয়। মহাপুৰুষ মাধবদেৱৰ নাম ঘোষাৰ শিক্ষাও এনে।

“তিনি গুণময় যত জ্ঞান কৰ্ম
 কেৱল বদ্ধকাৰণ
জানি তাক ত্যজি একান্ত ভকতি
 ভজিয়ো কৃষ্ণ চৰণ। ২১২

কৰ্ম্মত বিশ্বাস যাৰ
 হিয়াত থাকন্তে হৰি
 অতিশয় দূৰহোন্ত তাৰ।
অহঙ্কাৰ থাকন্তেও
 সাক্ষাতে কৃষ্ণক পাৱে
 শ্ৰৱণ কীৰ্ত্তণ ধৰ্ম যাৰ।”

 ৪। শিখ ধৰ্মও মায়াবাদী। সৃষ্টি ঈশ্বৰৰ লীলা, এটা ছায়া মাত্ৰ, অস্থায়ী। ই মায়াৰ পৰা জন্মে। সত্ব, ৰজঃ আৰু তমঃ এই ত্ৰিগুণেৰে সৃষ্টি প্ৰকাশ পায়। গুৰু নানকে কৈছে—

 “বিশ্ব ব্ৰহ্মাণ্ড ঈশ্বৰৰ ছায়া মাত্ৰ; ত্ৰিগুণান্বিত মায়াৰ মাজত সৃষ্টিৰ প্ৰকাশ পাইছে। এই সৃষ্টি জন্ম-মৃত্যুৰ অধীন।”