পাঁচনি

ৱিকিউৎসৰ পৰা
[  ]

পাঁচনি
(ধেমেলীয়া নাট)

 

লক্ষ্মীনাথ বেজবৰুৱা প্রণীত


বেচ ৷৷৹ অনা

[  ]

পাঁচনি
[ধেমেলীয়া নাট]

 

লক্ষ্মীনাথ বেজবৰুৱা প্ৰণীত।

 

প্ৰকাশক⸺
সাহিত্য প্ৰকাশ
ট্ৰিবিউন পোঃ
গুৱাহাটী।

[  ]
 

শ্ৰীমতী ৰত্নাৱলী বৰুৱাৰ
দ্বাৰা
সৰ্ব্বস্বত্ব সংৰক্ষিত

 

[  ]

অর্পণ

 

সুহৃদবৰ অনবেবোল শ্ৰীযুক্ত ঘনশ্যাম বৰুৱাৰ

 

হাতত।

 

পাঁচনি

 

দিলোঁ‌।

 

গ্রন্থকাৰ।

[  ]

 

পাঁ‌চনি।

প্ৰথম দৰ্শন

পাঁচনিৰ ঘৰৰ পদূলিমুৰ।

ধৰ্ম্মাই পাঁচনি — (ৰাজবাটলৈ চাই, অপোনাআপুনি} অস্, অস্! মোৰ প্ৰভু। আজি মোক গধুলি ভাতমুঠি অকলৈ খাব লগীয়া কৰিলা! এজন আলহীভকতকো নাপালো! হায়! হায়! মই আলহী অতিথিক নিদি নিজৰ পেটলৈ ভাত সুমাই শূকৰৰ সদৃশ কাম কৰিব লগীয়া হলো।

“অতিথিক নিদি যিটো কৰয় ভোজন।
সিজয় পতক তাৰ অগম্যাগমন॥”

 হৰি, হৰি, আজি মই কি কামটো কৰিব লগীয়াত পৰিলো৷ যদিও হৰিয়ে মোক লৰা-ছোৱালী সন্তান-সন্ততি একো নিদিলে তথাপি মোক ভৰালত ভাত, বাৰীত শাক-পাচলি, পুখুৰীত মাছ, গোহালিত গাই দিছে। গৃহস্থ-বস্তুৱে মোক যি দিছে সেয়ে মোৰ অনেক, সেয়ে মোৰ পক্ষে উভৈনদী অস্ অস্! আজি কি কথাটো হল! বেলি পৰোঁ, পৰোঁ, তথাপি কাকো

নেপালো! [  ]

(এটা মানুহে আলিৰ ইফালে চাই
পাঁচনিৰ আগেদি যায়)

 হেৰি ভকত! আপুনি কৰপৰা আহিছে? কলৈ বা যায়? আপোনাক বিদেশী মানুহ যেন দেখিছো; আহক, মোৰ ঘৰত ভৰিৰ ধূলা দি ৰাতিটো থাকি চাউল-সিজোৱা এমুঠি লৈ যাব!

মানুহ —ককাই, মোৰ ঘৰ পিতনি গাৱঁত। আজি তিন দিন হল মোৰ কলী গৰু এজনী হেৰাল; বিচাৰি পোৱা নাই। তাকে বিচাৰি ফুৰিছো, আপুনি কিবাজুতিৰে গাইজনী। আপোনাসকলৰ এইফালে অহা দেখিছে নে?

পাঁচনি — নাই দেখা মোৰ কুটুম। গধুলি হব লগীয়া হল, এতিয়া নো কত আপুনি আপোনাৰ গাই বিচাৰি পাব? আহক আজি মোৰ বহাতে থাককহি, কাইলৈ পুৱা দিনে পোহৰেও গৰু-গাইৰ বিচাৰ-খোচাৰ কৰিব।

মানুহ — নহয় ককাই, এতিয়াই যি পাৰে বিচাৰোঁ, এন্ধাৰ হবলৈ এতিয়াও কিছুমান সময় আছে আৰু মোৰ ঘৰ বৰ দূৰত নহয় ককাই, পোতনি গাওঁ সৌৱা, আপোনাসকলৰ গাঁৱৰ ওচৰতে, আপুনি নেজানে নে?

[ মানুহটোৰ প্ৰস্থান।

পচনি —নাই! নাই। আজি মোৰ কপালত আলহী-অতিথি নাই। কাকো নেপাওঁ।

( আন এটা মানুহ পাঁচনিৰ আগেদি বেগাই যায়)।

[  ]

হেৰি বাটৰুৱা ভকত। কলৈ বা যায়? আহকচোন আহক, আজি আমাৰ ঘৰতে ভৰিৰ ধূলি পেলাই এসাজ খাই-বৈ যাওকহি আজি আমি অকলৈ ভাতমুঠি খাব লগীয়াত পৰিছোঁ! হৰি ভগৱন্তৰ নিগ্ৰহ!

২য় মানুহটো — ককাই, মই ইয়াৰে মানুহ; আমাৰ ঘৰৰ ঘৈণীৰ প্ৰসৱৰ পীড়া হৈছে, সেইবাবে লৰি বেজিনী আনিবলৈ যাওঁ

[ বেগাই প্ৰস্থান।

পাঁচনি — আজি আৰু আশা নাই! আজি আমাৰ দুৰ্দ্দিন!

( জাত লগাই গায়)।

“সেহিসে দিনক ভাই, দুৰ্দ্দিন বুলিয়া মানো,
 মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
হৰিকথা অমৃতৰ সম্যকে-অমৃত পান,
 যিটো দিন হোৱয় বিহীন॥”

মোৰ প্ৰভু! অজি ভাল দুৰ্দ্দিনটো মোলৈ সঁচি থৈছিলা?

( এটা চকু মুদা কানীয়াৰ প্ৰবেশ। দুৰ্দ্দিনৰ কথা ভাবি ভোঁ হৈ পাচনিৰ গাত কানীয়াই আওবাটে আহি উজুটি খাই পৰি, চকু মেলি ভয় খাই চিয়ৰে।)

কানীয়া — মাৰিলে ঔ মাৰিলে! মাৰিলে ঔ মাৰিলে। ৰাজআলিত দিন দুপৰত ডকাইত ঔ! ডকাইত!

পাঁচনি— (উচাপ খাই) এইটো কি!! ককাই, তোমাক [ ১০ ]  কোনে মাৰিলে। চিয়ৰিছা কিয়? কোন ডাকাইত? কত ডাকাইত? থিৰ হোৱা। কঁপিছা কিয়?

কানীয়া —(ভয়ত কঁপি কঁপি) মোৰ হাতত পাই-পইচা একো নাই ঐ! (মেৰ তলিৰপৰা উলিয়াই) এই চৰতীয়াটো হে মোৰ চুৰিয়াৰ খোচোনাত আছিল; কানীৰ টিকিৰা এটা আনিবলৈ বুলি লৈ আহিছিলো৷ তাকে লাগে যদি লোৱাঁ ঐ। তেওঁ মোক নামাৰিবা ঐ! (হাত যোৰ কৰি) মই বৰ দুখীয়া মানুহ।

পাঁচনি — কানীয়া ককাই, তোমাৰ ভ্ৰম হৈছে , মই ডকাইত নহওঁ। মই পদূলিমূৰত আলহী ভকতলৈ বাটচাই আছোঁহি। তুমিয়েই যদি আজি ৰাতি থাকি মোৰ ঘৰত ভাত এমুঠি খাই যোৱা, মই বৰ সন্তোষ পাম।

কানীয়া— ( হাতযোৰ কৈ) হে দেউতা ঈশ্বৰ, মোক এৰি দিয়ক, মই যাওঁ। মোক ঘৰলৈ ধৰি নি নেমাৰিব, মই কাকুতি কৰি চৰণত ধৰি মাতিছোঁ। মোৰ এই চৰতীয়টিকে লওক। মোৰ ঘৰত লৰা-তিৰোতা এজোপা আছে, মই মৰিলে সিহঁত অনাথিতি হব।

[ চকুৰ পানী টোকে

পাঁচনি। যোৱা, যোৱা, তুমি মিছাতে ভয় খাইছা।

কানীয়াৰ প্ৰস্থান।

[ ১১ ]

দ্বিতীয় দৰ্শন
পাঁচনিৰ ঘৰৰ আগ-চোতাল

পাঁচনি—(ঘৈণীযেক) শুনিছানে, বোলে আজি মোৰ কপাল মন্দ। ইমান পুৰুষাৰ্থ কৰিও আলহী-অতিথি কাকো নেপালো কি কৰিবি! কপাল! যা, গা-পা ধূই ভাত-পানী এগালকে ৰান্ধিবৰ দিহা কৰগৈ, গাহৰিৰ দৰে তাৰে এসোপা মোনাত সুমাই থওঁ।

পাঁচনীয়নী— (পেটে পেটে সন্তোষ পাই) কি কৰিবা; আলহী নেপালা নেপালা। আলহী নাহিলে নো কৰপৰা চৰ্জি উলিয়াই আনিবা? বোলোঁ ধান নাবানিলে অজি ভাতলৈ চাউলেই নাই। ঠোৰাটো বুটি হৈ গল, তাৰে ধান বানিব নোৱাৰি, এধা বনাকৈ খুবলিতে এৰি থৈ আহিছোঁ। ন ঠোৰা এটাকে চাছি দিয়া পাৰা যদি।

পাঁচনি— দিও চাছি, তই হাতোৱাহখন মোক উলিয়াই দে।

[ ঘৈণীয়েকে হাতোৱাহ এখন উলিয়াই দিয়ে আৰু পাঁচনিয়ে ঠোৰা চাছে।

(দুজন আলীৰ প্ৰবেশ )

১ম জন আলহী — গিৰিহঁত কোন আছে? কিবাস্বৰূপে ৰাতিটোলৈ আমাক পৰি থাকিবলৈ আপোনাৰ ঘৰৰ আগচালিতে ঠাই এচিকটা দিব পাৰিব নে? আমি বহুত দূৰৈৰ পৰা আহিছেঁ। আমি কলিতা মানুহ; লখীমপুৰৰ কলাবাৰীত ঘৰ। আমি কেইবা ঘৰতো থাকিবলৈ ঠাই বিচাৰি নেপাই হে আহিছোঁ। [ ১২ ] এঘৰৰ ভৰালৰ আগতে বুৰুলিখেৰ এটাকে পাৰি ৰাতিটোলৈ কোনোমতে আমি পাৰি থাকিব খুজিছিলো, তাতো সেই গৃহস্থ জনে আমাক থাকিবলৈ নিদিলে। কলৈ যাওঁ, কি কৰোহঁক বুলি আমি দুয়ো গলাগপা কৰি ভাবি থাকোঁতেই, বাটৰ গৰখীয়া লৰা এটাই আপোনালোকৰ ঘৰ দেখুৱাই দি ইয়ালৈ আহিবলৈ কলে; সেইদেখি আহিলো। কৃপা কৰি আমাক ৰাতিটোলৈ ইয়াতে পৰি থাকিবলৈ দিয়ক, ধৰম হব।

পাঁচনি— ( উঠি বৰ অগ্ৰহ প্ৰকাশ কৰি) নিচয়, নিচয়, আপোনাসকলক মই থাকিবলৈ দিম। মোৰ প্ৰভুৰ বৰ অনুগ্ৰহ যে আপোনাসকলে আজি মোৰ ঘৰত ভৰিৰ ধূলা দিবলৈ আহিছে। আপোনাসকল “গধুলিৰ অথিতি সাক্ষাৎ দামোদৰ।” আহক বহক। (ঘৈণীয়েকলৈ চাই) হেৰ আন, আন, চটাই ঢৰাখন আন৷ আলহীক বহিবলৈ পাৰি দে। ভৰি ধুবলৈ দুইকো দুলোটা পানী আনি দে। মোৰ প্ৰভুৰ কৃপা। অন্তত ঈশ্বৰে মোক কৃপা কৰিলে। মইতো আজি আলহীৰ আশাকে এৰি দিছিলোঁ। যা, যা, বেগতে বহিবলৈ দে, ঢৰাখন আন! পানী আন! অনি!

 [ ঘৈণীয়েকে আলহীলৈ ঢৰা এখন আৰু দুলোটা পানী আনি দিয়ে। আলিহীয়ে ভৰি ধুই ঢৰাত বহে।)

পাঁচনিয়নী— (গিৰিয়েকক) কোনোমতে জোৰাফন্দা মাৰি চাউলৰ দিহা হলেও লোণ তেল হলে একো নাই।

পাঁচনি—মোক তই তেলৰ চুপিটো দে, মই পোহাৰলৈ গৈ এতিয়াই তেল-লোণ লৈ আহোঁ গৈ। তই আলহীলৈ আনবোৰ দিহা [ ১৩ ] কৰ। গোসাঁইঘৰৰ চুকতে খুটি মাৰি চাউল সিজাবৰ দিহা কৰি দে, পাত চৰু মই আনি দিওঁ। (আলহীলৈ চাই) ভকতসকল, মই এতিয়াই লৰি আহিম, আপেনাসকলে অলপ জিৰাই শতাই লৈ গা তিয়াবৰ কাৰবাৰ কৰক। ঘৰৰ আগতে সৌটো পুখুৰী। মই লোণ তেল আনি থৈ লৰালৰিকৈ মাছ দুটামান বিচাৰি আনি দিম।

লৰালৰিকৈ পাঁচনিৰ প্ৰস্থান।

পাঁচনিয়নী— (অপোনাআপুনি ভোৰ্ ভোৰাই) বাৰু, মাৰতিয়েৰে আজি তহঁতক ভোজ-ভাত খুৱাম। মই বান্দীয় কৰি মেলি যতনাই থৈছো তহঁতে আহি খাবলৈ? ইস্ নেদেখিছা, আলহী নহলে টেটুলৈ ভাত নেযায়! আজি ময়ে নে তুমিয়েই চাম। (আলহীলৈ চাই) ভকতসকল কৰপৰা বা আহিছে, কলৈ বা যায়?

১ম জন — আমি কলাবাৰীৰপৰা আহিছো জিলালৈ যাবলৈ বুলি।

পাঁচনিয়নী — আগেয়ে এইফালে আহিছিল নে?

১ম জন — আগেয়ে অহা নাই আই। আমি এইফালে এই বেলিহে আহিছোঁ। আমি একেবাৰে আচহুৱা মানুহ।

পাঁচনিয়নী— দেহি ঐ। কোনে নো আপোনাসকলক আমাৰ ঘৰলৈ আহিবলৈ কৈ দিলে?

১ম জন— আমি কেবাঘৰতো থাকিবলৈ ঠাই নেপাই বিমোৰ হৈ আছিলো, এনেতে বাটৰ গৰখীয়া লৰা এটিয়ে আমাক অপোনাসকলৰ ঘৰলৈ আহিবলৈ কৈ বাট দেখুৱাই দিলে। [ ১৪ ] পাঁচনিয়নী— (হুমুনিয়াহ কাঢ়ি) দেহি ঐ! ললাটত লেখা কথা কোনে খণ্ডাব সোণাইহঁত!

দুইজন আলহী (বিস্ময় মানি) কি কথা? কি ললাটত লেখা কথা আই! কি হৈছে, আমাক কওকচোন আই? আমি আচহুৱা মানুহ, এই দেশৰ আও-ভাও একোকে বুজ নাপাওঁ।

পাঁচনিয়নী — ( আকৌ দীঘলকৈ হুমুনিয়াহ কাঢ়ি, লাহে লাহে মূৰ জোকাৰি) এ সোণাইহঁত কিনো কম, কিনো শুনিবা। বোলে “বোকাত কোব মাৰে, গাত চিটিকণি পৰে।” কাৰ নো কথা কাক কম, কি কম কিনো শুনিবা মোৰ কুটুমহঁত? যি কপালত আছে সি ঘটিবই। শনি গৰহৰ কাম। আজি কিজানি শনিগৰহৰ এৰাবৰে সময় পৰিছে।

দুইজনে — (ভয় খাই, হাত যোৰ কৈ) আই, অপোনাৰ ভৰিত ধৰি মাতিছোঁ, কওকচোন কি কথা কি বতৰা? আমি আচহুৱা মানুহ, ধৰম হব, কওক আই?

পাঁচনিয়নী —এ সেইদেখিয়েই হে তো মই নকৈ থাকিব পৰা নাই, হাঁ-হুমুনিয়াহ কাঢ়ি উচ্ পিচাই আছোঁ। কওঁ শুনহঁক,— কব লাগে যদি, তোমালাকে আজি বৰ বেয়া ঠাইলৈ আহিলা; বৰ বেয়া মানুহৰ হাতত পৰিলাহি মোৰ কুটুমহঁত। তেওঁ যদিও মোৰ গিৰিহঁত, কিন্তু কি কৰিম, পাপৰ কাম দেখি নিজৰ মনতে নিজেই পুৰি-ডেই মৰি থাকোঁ। সঁচা কথা কবলৈ গলে, এইটো মহা অধৰমী মানুহ মোৰ বোপাইহঁত! মহা নৰকী! মহা পপীয়া! আলহী আহিলে তেওঁ আলহীক যেনেকৈ হে [ ১৫ ] আস্তবেস্ত কৰিব, যেনেকৈ হে আতৌপুতৌ কৰি ৰাখিব, কি চাবা! যেন আলহীজন তেওঁৰ কোনোবা কালৰ আইৰ ফালৰ কুটম হে আছিল৷ পিছে আলহীক যেতিয়া ৰাতি খুৱাই-বুৱাই শুৱাই লব,—এ নকওঁ দেওহে, কেনেবাকৈ এই কথা ওলালে মই কেচা কিলখন খাই মৰিব লাগিব।

আলহী — (ভয়ত কঁপি) নহয় আই, কওক, কওক, আমি দুখীয়া নিঃকিন প্ৰাণী, আই! আপোনাৰ পেটৰ পোৱালীৰ নিচিনা। আমাক কওক আই, নেভাবিব।

পাঁচনিয়নী— এ কিনো কম আৰু কিনো শুনিবা। তেওঁ এই দৰে আতোপুতৌকৈ খুৱাই-বুৱাই ৰাখি, ৰাতি আলহীৰ টোপনি আহিলে মাজনিশা তেওঁৰ ধৰমবোৰ ঢেকীঠোৰাৰ আগত সোপাসোপে ওলাই পৰে। অধৰমীয়ে আলহীক এই ঢেকীঠোৰাৰেই কিলাই মৰিয়াই আলহীৰ বয়-বস্তু কপোৰ; কানি ৰূপ-বান যি পায় সোপাকে কাঢ়িলৈ লুৰ্ব্বূং লুঠুং কৰি খেদি দিয়ে। এই যে ঢেকীঠোৰাটো চাছিছে দেখিছা, সেইটোৰেই তেওঁ ৰাতিকৈ সেই কাম কৰিব। মইনো কি কম?—দিনৰে দিনটো তেওঁৰ কাম হৈছে ঢেকীঠোৰা চছা, আৰু ৰাতি তাৰে আলহীক কোবোৱা আমাৰ ঘৰৰ ভিতৰত কত ঢেকীঠোৰা আছে, এবাৰ উঠি ভিতৰ সোমাই চাই লবাহঁক নে? এইটোৱেই কথা, মোৰ বোপইহঁত, আৰু নো কি শুনিবা? ইয়াৰনো কথা কি কম মোৰ কুটুমহঁত। ই মানুহ নে পিশাচ মই কবই নোৱাৰোঁ।

আলহী (ঠক্ ঠক্ কৰে কঁপি) আই মাতৃ, এতিয়া আমি কি [ ১৬ ] কৰোঁ কলৈ যাওঁহক? আমাক ৰাখক! দহোকুৰি আমাক ৰাখক! আমি কি কৰিম, কলৈ যাম, কেনেকৈ সাৰিম আমাক কওক আই মাতৃ? আপোনাৰ চৰণত পৰিছোঁ।

পাচনিয়নী—আৰু কি বুধি দিম, বুধি ওলাই আছে; —তেওঁ ঘূৰি অহাৰ আগেয়ে তোমালোক উঠি লৰি পলাই সাৰি যোৱাঁহঁক। তেওঁ উভতি আহি তোমালোকক পালেহি আৰু ৰোৱা টান হব।

দুইজন আলহী—(উঠি) তেন্তে আই আমি যাওঁহে।

পাঁচনিয়নী—যোৱা, যোৱা, বেগেতে যোৱাঁহঁক। কিন্তু তেওঁ উভতি আহি তোমালোকক ঘৰত নেদেখি পিছতে, খেদা দিব। যদি কিবাৰূপে তেওঁ তোমালোকক লগ পায়হে গৈ, তেন্তে বৰ দুৰ্ঘটনা ঘটিব। এতেকে খৰকৈ যোৱাহঁক মোৰ সোণাইহঁত এঃ দেহি।

[ দুইজন আলহী উঠি বেগাই গুচি যায়।

(পাঁচনিৰ প্ৰবেশ)।

পাঁচনি—(ঘৈণীয়েকক) বোলো আলহী ভকত দুজন কলৈ গল?

পাঁচনিয়নী — আৰু নুশুধিবা, যি লাগে হল! তুমি যোৱাৰ পিছতে, তেওঁলোকে মোক সেই তুমি চাছি কাটি থোৱা ঢেকীঠোৰাটো খুজিছিল মই কলো আমাৰ তেওঁ ওৰেদিনটো বহি বৰ হাউচ কৰি ঢেকীঠোৰাটো চাছি থৈছে, সেইটো মই তেওঁক নোশোধাকৈ নো অপোনাসকলক কেনেকৈ দিও? লাগে যদি তেওঁ আহিলে আপোনাসকলে তেওঁক খুজি লব; মই দিবলৈ গলে কিজানি তেওঁ আহি মোক খঙকে কৰে। অলপ ৰওক, তেওঁ এতিয়াই আহিব নহয়। মই এই বুলি কলতে, দুয়ো খং কৰি উঠি গুচি [ ১৭ ] গল:— বোলে “সামাইন বস্তু ঢেকীঠোৰা এটাকে আমাক নিদিলে যেতিয়া আমাক নো আৰু কি খাবলৈ থাকিবলৈ দিব।” মই কত বুজালো, কিমান কাকুতি কৰিলোঁ কলো বোলাঁ, আপোনাসকল নেযাব, তেওঁ এতিয়াই আহি পাবহি, পালে ঢেকীঠোৰাহে নেলাগে অপোনাসকলে যিহকে খোজে তাকে দিব। আমাৰ তেওঁ আলহী নহলে ভাতকে নেখায়। অমাৰ পৰম ভাইগৰ গুণেহে আপোনালোক ওলাইছেহি, নেযাব দেওসকল। অপোনাসকল গলে, তেওঁ আহি মোকো শুদাই নেৰে। ইমান। কলো—মেলিলো তথাপি তেওঁলোকে মোৰ কথালৈ কাণকে নিদি উখৰামুৱা হৈ উচাট মাৰি উঠি গুচি গল। আৰু তুমি পোৱাঁহি বুলি ভো-ভো কৰে লৰ হে দিলে।

পাঁচনি —( মূৰে কপালে হাত দি) হৰি হৰি, ভাল কথাটো হল! হেৰ তই ঢেকীঠোৰাটো দি নিদিলি কিয়? মই তোক কি খং কৰিলোহেঁতেন? ভকততকৈ মোৰ ঢেকীঠোৰাটোহে টান হল?

ঘৈণীয়েক—এৰা ময়ো এনেতো হবগৈ বুলি বৰকৈ গমিবলৈ নহল। ভাবিলো, কিজানি তুমি খঙকে কৰা। আৰু ভাবিলো, তুমি তো এতিয়াই পাবাহি, পাই যি কৰা কৰিবা। কিন্তু তেওঁলোক সেই ফেৰাতে উচাট মাৰি গুচি যাব, মই নো কেনেকৈ জানিম বাৰু?

পাঁচনি—হেৰ মোৰ মুৰখাতী, তই যি লাগে কিৰিলি। কি কপাল! কি মোৰ মৰিবৰ চিন হল। হাততে আলহীক পায়ো [ ১৮ ] মই হেৰুৱালো! হেৰ তেওঁলোক গৈ কিমানখিনি পালেগৈ?

ঘৈণীয়েক —এতিয়াই অলপৰ আগতে গৈছে, সৰহ বাট পোৱা গৈ নাই।

পাঁচনি—দে, দে, মোক ঢেকীঠোৰাটো দে, মই তাকে দি তেওঁলোকক কিজানি ওভোতাই আনিব পাৰোঁৱেই বেগতে দে।

  (ঘৈণীয়েকে ঢেকীঠোৰাটো তুলি আনি দিয়ে, পাঁচনিয়ে লৈ লৰ ধৰে।)

[ প্ৰস্থান।

ঘৈণীযেক— (আপোনাআপুনি ) যোৱাঁ, যোঁৱা, আৰু লৰি যোঁৱা; আলহীক অমুকীয়ে যি পালি দৰব দিছোঁ, সিহঁত এতিয়াই উভতি আহিল আৰু কি! দিনৌ মোৰ ওপৰত বৰ মতা ওলাই দেখৰ মানুহ মাতি আনি ঘৰত আলহী চপাব, আৰু মই গোলামীয়ে ধান বানি পানী কঢ়িয়াই সেইবোৰক খুৱাব লাগে। ভাল নিকিনা গোলামীজনী পাইছিলা নহয় নে? ইস, আলহী নহলে মুনিহৰ টেটুত ভাতকে নোসোমায়! মই বান্দীয়ে শাকৰপৰা পাতলৈকে চাউলৰপৰা চৰুলৈকে গোটেইখন সংসাৰ গোটাই আনিব লাগে; ধান বানোতে বানোতে মোৰ ভৰি বুটি হল, আৰু তেওঁ “গধূলিৰ অথিতি সাইখাত দামোদৰ” বুলি চোলোখ এফাকি মাতিয়েই মোৰ ওপৰত দপালি ভাৰখন পেলাই দি পুইণ কৰি স্বৰ্গলৈ, লৰ ধৰিবলৈ ওলাইছে। মোৰ লৰা নাই, [ ১৯ ] ছোৱালী নাই, আই নাই, বোপাই নাই, ভাই নাই, ককাই নাই, বাটৰ বাটৰুৱা কেলেহুৱা খোদ আলহী-মালহীক মই তিনি তেলনি মাৰি, এদিন নহয়, দুদিন নহয়, নিতৌ খুৱাই মোৰ হাৰ মূৰ ভাঙি, সেই কেলেহুৱাখনক ৰজাক আওধলাদি আওধালিব লাগে। কিহৰ বাবে? মোৰ গিৰিহঁতে পুইণ-পুইণ কৰিছে সেইবাবে। নেলাগে, মোক পুইণখন, মই পুইণ নকৰোঁ, সেইবাবে মোৰ যি হয় হওক। স্বৰ্গলৈ যাব নোৱাৰোঁ যদি সৌ আমাৰ বৰঘৰৰ চাটটোৰ ওপৰতে মই উঠি থাকিম। মই নেবান্ধো পুইণৰ টোপোলাটো দেওহে, মোক নেলাগে পুইণখন। গোহাঁয়ে মোক একোতে বঞ্চিত কৰা নাই, —খাব পিন্ধিবলৈ দিছে, ভৰালত ভাত বাৰীত শাক, পুখুৰীত আৰু বিলত মাছ দিছে, কাৰো ওচৰত হাত পাতিব লগীয়া কৰা নাই। নিজ হাতে বৈ-কাটি এডোখৰ পিন্ধিছোঁ, কাকো মাগিবলৈ যোৱা নাই, কাৰো কাটিহা সহিবলগীয়া মোক গোহাঁয়ে কৰা নাই। শুদাতে, শুদাতে, এইখন বাহদঙুৱা আলহীৰ লেদেনা উকতি মই মৰোঁ কিহৰ সতি হেঁ? মই নোৱাৰোঁ বুলি মুখেৰে কলৈও তো কোনেও নুশুনে, কিলাবলৈ উঠে। সেইদেখি একোকে, একোকে, মই একোকে নামাতোঁ, তেওঁ যি কৰে কৰি থাওক। মইও যদি বগাই হাজৰিকাৰ জীয়েক হওঁ, মই বাঘকে ছাগকে একে ঘাটতে পানী খুৱাম। তোমাক নাকত থৈ চাকত ঘুৰাম। মোক তুমি বলে নোৱাৰা বুলিছোঁ।

[ ২০ ]

তৃতীয় দৰ্শন
[ ৰাজআলি ]

( আলহী দুজন বেগাবেগিকৈ যায়, আৰু পাঁচনিয়ে হাতত ঢেকীঠোৰাটো লৈ তৰানৰা ছিঙি পিছে পিছে লৰে।)

পাঁচনি—(দেখা পাই দূৰৰপৰা ৰিঙিয়াই) হেৰি ভকতসকল! নেযাব, নেযাব, ৰব, ৰব! আহক, আহক মোৰ ঈশ্বৰ। উভতি আহক! ঢেকীঠোৰাটো লৈ যাওক! নেলাগে যাব। ভকততকৈ মোৰ ঢেকীঠোৰাটো ডাঙৰ নহয়।

( আলহী দুজনে উভতি চাই, হাতত ঢেকীঠোৰাৰে পাঁচনিক লৰি অহা দেখে।)

১ম আলহী—(দ্বিতীয় আলহীক) সৰ্ব্বনাশ! সেই গিৰিহঁতনীয়ে কোৱা কথা সচা! আজি আমাৰ ফালে পতং! সৌটো বুঢ়াই ঢেকীঠোৰাটো হাতত লৈ লৰি খেদি আহিছে। পলোৱাঁ! পলোৱাঁ! ধৰিব পাৰিলে আজি আমি গলোঁ।

[ উধাতু খাই দুয়ো প্ৰাণ-কাতৰে লৰে।

(আলহী দুজন লৰি গৈ চকুৰে নেদেখা হয়। পাঁচনিক ৰবাঁ ৰবাঁ কৰি চিয়ঁৰি গগন ফালি অন্তত হেলাই হেপাই ভাগৰি বাটতে বহে।)

পাঁচনি—(অপোনাআপুনি) ইয়াকে বোলে ফুটা কপাল, দেওহে ফুটা কপাল। ফুটা কপাল ফুটা লোটা। তাত পানী ভৰালেও [ ২১ ] ফুটাইদি ওলাই যায়। হাততে এজন নহয়, বোলো। দুজনকৈ আলহীক পাইও হেৰুৱালোঁ। (ঢেকীঠোৰাটো দূৰলৈ দলিয়াই পেলাই) কটা কুকুৰ-ধূলি ঢেকীঠোৰা! যা কত হয় মৰ গৈ। যেতিয়া মোৰ আলহী ভকতত তই লাগিবলৈকে নেপালি, তোক নো লৈ মই কি পুইণ কি যইগোঁ সাধিম? বাঁহৰ ঢেকীঠোৰা পচ! পচি ভচম্ উঠি পলু পোক কিৰ্ মি-কীটৰ আহাৰ হ গৈ। বাৰু তাইনো মোলৈ বাট চাই ঢেকীঠোৰাটো নিদি ভকত দুজনক খেদিব পায়নে? কিয়, কি ডাঙৰ বস্তুটো যে তাই মোক নুশুধিলে ভকতক দিব নোৱাৰে? অ ভকতত কৈ মোৰ ঢেকীটোৰা টোহে টান হল? কি বুধি! কি আকল! কি গিয়ান!-ইয়াকে বোলে তিৰোতা! তিৰোতা!! তিৰোতা নে মিৰুতা। ইহঁত হেনো কিবা বোলে-নে ভাৰ্যা! ভাৰ্ ষা নে ভাৰ জোৰোৱা। শাস্ত্ৰত কৈছে “তিৰীয়ে-পুৰুষে হবা একেমতি। তেহে সিজিব হৰিত ভকতি॥” আমি তিৰী পুৰুষৰ মতি দুটা কেনেকৈ একে হৈ পিঠাসোপা হৈ পৰিছোঁ চাই লোৱাহঁক। বাৰু তাই ঠোৰাটো আলহী ভকতক দিয়াহেঁতেন নো মই তাইক কি কাটি মাৰি নৈত উটাই দিলোহেঁতেন? নাইবা কুন্দাত দি ছেপিলোঁহেঁতেন হেঁ, তোমালোক ৰাইজে মোক কোৱাহঁকচোন? তাইৰ নো এনেটো বুধি কি বুলি হল?—মিছা, মিছা, এই সংসাৰ, এই তিৰী পুত্ৰ, এটাইবোৰ জঞ্জাল। এটাইবোৰ মিছা, গুৰুজনে ঠিক কৈ গৈছে—;

“যত দেখা ভাৰ্য্যা–পুত্ৰ সবে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
বিষয়ৰ আশা এক তিলে কৰি চুৰ।

[ ২২ ]

 যমৰ কিঙ্কৰে ধৰি নিব যমপুৰ॥
 যমৰ মূৰ্ত্তিক দেখি হুৰাইব চেতনা॥
 দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইব যাতনা॥

যাওঁ আৰু, যি হল হল!—পৰি থাকোঁগৈ॥

 

চতুৰ্থ দৰ্শন
পাঁচনি ৰাতি শোৱাপাটীত

ঘৈণীয়েক —শুনিছা নে? উঠি আহাঁ; ভাত হৈছে, ভাত খোৱাঁহি। ৰাতি এপৰ হ'ল।

পাঁচনি— গুচি যা, মই ভাত নেখাওঁ। মই আজি যিটো মনত বেজাই পাইছোঁ, আৰু ভাত খাম।

ঘৈণীয়েক —আহাঁ, আহাঁ, বেজাৰ পালে আৰু কি হব? গোঁসায়ে যি কৰিব সিহে হব, তুমি আমি কৰিবলৈ যোৱাটো নহয়? এই পুহ- মহীয়া ৰাতি ভাত এমুঠি নেখালে জাৰত দুখ পাবা। বোলো মই তোমলৈ আলহী এটি আনি থৈছোঁ, উঠি আহাঁ।

পাঁচনি—(আলহীৰ নাম শুনি গিৰিসকৰে পাটীৰপৰা উঠি) সঁচা নে? ক’ত পালি? ক’ত আছে?

ঘৈণীয়েক—ৰবা তুমি বিতত নহব। পাছ-ছোতালতে তপত [ ২৩ ] পানী একলহ থৈছোঁ, তাকে গাত ঢলি গাটো তিয়াই আহাঁ, খাবৰ সময়ত আলহীক দেখিবলৈ ঠিক পাবা।

[ পাঁচনি উঠি গা ধুবলৈ যায়।

পাঁচনি—( গা ধোৱা ঠাইৰপৰা) হেৰ, নাম-ঘৰত বন্তি এগছ দিছ নে? নাই দিয়া যদি চাকি এটা দে।

ঘৈণীয়েক—দি থৈছোঁ, যোৱা তুমি বেগেতে নাম লৈ আহাঁ গৈ, ইফালে ভাত চেচা হব লগীয়া হল।

পঞ্চম দৰ্শন

পাঁচনি ভাতৰ পাতত

(আগতে মেকুৰীপোৱালী এটাই মিউ মিউ কৰে)

পাঁচনি—(ঘৈণীয়েকক) হেৰ, আলহী কতা?

ঘৈণীয়েক—সেইজন দেখোন তোমাৰ আগতে।

পাঁচনি—(আচৰিত মানি) কোনজন অ’? তই মোৰ সৈতে কিবা ঠেটা কৰিছ নে কি?

ঘৈণীয়েক— কেতিয়া নো মই ঠেটা কৰিবলৈ গলোঁ? সেইজন আলহী দেখা নাই নে?—মিউ মিউ কৰি দেখোন তোমাক ভাত খুজিব লাগিছে।

পাঁচনি—তই মোক কিবা উপহাস কৰিছ দেখিছোঁ।

ঘৈণীয়েক—তোমাক মই উপহাস কৰিবলৈ মোৰ কি হৈছে? [ ২৪ ] মই জানো কিবা বলিয়া হৈছো? মানুহৰ ৰিদয়ত যেনেকৈ ভগৱন্ত আছে, মেকুৰীৰ ৰিদয়ৰ ভিতৰতো সেইদৰে ভগৱন্ত নাই নে, মোক কোৱাঁচোন? যদি আছে, মানুহক খুৱালেও গোসাঁয়ে পাব; মেকুৰী কুকুৰ শিয়ালক খুৱালেও গোসাঁয়ে পাব। এই কথা দেখোন তুমিয়েই মোক কত দিন কৈছা। মানুহক খুউৱাতকৈ মেকুৰী কুকুৰক খুৱাতো ভাল নহয় নে? মোৰ মনেৰে ভাল হে; কাৰণ মেকুৰী কুকুৰ অজান জীৱ, খাই সিহঁতে তোমাক পেটে পেটে শলাগিব, যদিও মুখেৰে মাতিব নোৱাৰে। আৰু মুখেৰে মাতিব পৰা মানুহে দবনি পিটি তোমাৰ খাব, আগতে দুষাৰ চাৰি আষাৰ তোমাৰ শলাগ লৈ তোমাক উচটাব, আৰু তুমি পিঠি দিলেই সিহঁতে খোৱা পাতখনকে ফালি তোমাক গালি পাৰি গুচি যাব। আৰু কব,—“ইয়াৰ আৰু সৰহ দিন নাই, ই উছন হয় হে লাগে।” এনে খাই-পাত-ফলা অগুণকাৰী মানুহতকৈ মেকুৰী কুকুৰক এমুঠি ভাত খুৱাটো বেয়ানে? তুমিয়েই দেখোন “কীৰ্ত্তন” শাস্ত্ৰৰ বাইক
 মানা, বোলে—

“কুকুৰ চিৰ্কাল গাধৰো আত্ মা ৰাম।
জানি জানি সকলোকে কৰিবা পৰ্ণাম॥

মোৰ মনেৰে খাই-পাত-ফলা মানুহ আলহীতকৈ আমাৰ মেকুৰী কুকুৰক হে এমুঠি খুৱা ভাল। মেকুৰী কুকুৰে খাইও অলপ, গুণও লয় সৰহ; মানুহে খাইও সৰহ, গুণ ও লয় যদি, লয় অলপ; সৰহখিনি সময়ত নলৈ গালি হে পাৰে।


[পাঁচনিয়ে ঘৈণীয়েকৰ দীঘল বক্তৃতা শুনি, তবধ মানি, একোকে নেমাতি ভাত খায়, আৰুমেকুৰী পোৱালীটোক ভাত এগৰাহ দিয়ে।] [ ২৫ ]

ষষ্ঠ দৰ্শন

পাঁচনিৰ ঘৰ
গধুলি হল অলপ আগতে
(পাঁচনিয়ে চোতালতে বহি খৰাহি এটা সাজিছে)

পাঁচনি— [আপোনাআপুনি] কালিও ৰাতিটো বৃথাতে গল, আজিও যাব দেখিছো। আলহী আহিব আলহী আহিব বুলি বাটলৈ চাই থকাই সাৰ, আলহী আৰু নাই। ভগৱন্ত বস্তুৰ কিবাস্বৰূপে সেৱা চুৰ কৰিছো, সেইদেখি তেখেত মোৰ ওপৰত ৰুষ্ট।

(এজন আলহীৰ প্ৰবেশ)

আলহী—ককাই, মোক আজি ৰাতিটো থাকিবলৈ এফেৰি ঠাইদিব পৰা হব নে?

পাঁচনি—(আলহীক দেখি আনন্দ পাই) আহক, আহক, মোৰ প্ৰভু, মোৰ ঘৰত ঠাই দিব কিয় নোৱাৰিম? পাৰিম আহক বহকতে। ( ঘৈণীয়কক মাতে) হেৰ ঢৰাখনকে বা কঠ এটাকে বেগতে লৈ আহ আলহী আহিছে।

[ ঘৈণীয়েকে কঠ লৈ প্ৰবেশ আৰু আলহীক দেখি কপালৰ গাঁঠি থোপা কৰে।]

আলহীক ভৰি ধুবলৈ পানী এলোটাও আনি দে।(আলহীলৈ চাই) আপুনি নো কৰপৰা আহিছে, আৰু কলৈ যাব?

আলহী—আমি চাওখাটৰ পৰা অহা হৈছে, নগৰলৈ যোৱা হব। নগৰত গোচৰ এটা আছে।

পাঁচনি—ভাল, ভাল সজ, সজ, আজি যেতিয়া দুখীয়াৰ ঘৰত [ ২৬ ] ভৰিৰ ধুলি পেলাইছে, ৰাতিটো ইয়াতে খাই বৈ শুই থাকি কাইলৈ যাব। (উঠি গৈ ঘৈণীয়েকক লাহে লাহে শোধে) হেৰ, লোণ তেল আছে নে? নাই যদি ক, পোহাৰৰ পৰা লৰি গৈ আহোঁ গৈ।

পাঁচনিয়নী—আনাগৈ যোৱা, ঘৰত একো নাই।

পাঁচনি—যাওঁ তেন্তে, চুপিটো দে। মই এতিয়াই উভতি আহিম। চাবি যেন আলহীয়ে কোনো কথাত বিষম নাপায়। আকৌ কালিৰ দৰে যেন নহয়। কিবা বস্তু খুজিলে-মেলিলে তেতিয়াই দিবি, মোলৈ বাট চাব নেলাগে।

পাঁচনিয়নী—দিম, তুমি ভয় কৰিব নেলাগে যোৱাঁ।

[ পাঁচনিৰ প্ৰস্থান। ঘৈণীয়েকে মেকুৰী পোৱালীটো আনি আলহীৰ আগতে বহি, তাৰ গাত পানী ঢালি গা ধুৱায়।]

আলহী—আই, মেকুৰী পোৱালীটোৰ গাত গধূলি বেলিকা পানী ঢালিছে নো কেলৈ? জাৰত সি ঠেৰেঙা লাগিব।

পাঁচনিয়নী — লাগিব নোৱাৰিছে, এতিয়াই তাক মৈদাত কুটি বাছি পেলাম।

আলহী—(আচৰিত মানি) কি কৰিব আই?

পাঁচনিয়নী—কুটিবাছি ৰান্ধিবলৈ নিম।

আলহী —আই কি কৈছে? মেকুৰীপোৱালীটো ৰান্ধিবলৈ নিব কিয়?

পাঁচনিয়নী— নিনিলে আলহী শুধিমহঁক কিহেৰে? মাছ পহু হাঁহ পাৰ একো নাই; লৰালৰিকৈ পোৱাও নেযায়। আলহীক কিহেৰে ভাত এমুঠি খাবলৈ দিয়া হব? সেইদেখি আমাৰ বুঢ়াই মোক কৈ গৈছে, লৰালৰিকৈ মেকুৰীপোৱালীটোকে কুটি বাছি দিবলৈ। [ ২৭ ] আলহী—আই, কি কয়। আপোনাসকলে মেকুৰীৰ মঙহ খাই নে?

পাঁচনিয়নী—আমি খাম, আপুনিও খাব। মাছ কাছ নেপালে নো কি কৰিব?

আলহী— (লাহেকৈ উঠি) ইস ৰাম ৰাম! কি সৰ্ব্বনশীয়া কথা। এনেধৰনৰ মানুহৰ ঘৰলৈকে মই থাকিবলৈ বুলি আহিছিলোঁ! হৰি হৰি। আমাৰ আৰু ইয়াত থকা নহয়, গছৰ তলতে পৰি থাকিম, সিয়ো ভাল।

[আলহী উঠি ইস্ ইস্ কৰি গুচি যায়। পাঁচনিৰ ঘৈণীয়েকে মিচিকীয়াই মেকুৰী পোৱালীটোৰ গাটো গামোছাৰে মছি শুকায়।]

পাঁচনিয়নী—হেৰি ভকত, আপুনি নেযাব, গলে তেওঁ আহি মোক খং কৰিবহি।

[ আলহীয়ে নুশুনি বেগেৰে যায়।

(পাঁচনিৰ প্ৰবেশ)

পাঁচনি—(ব্যস্তভাৱে) হেৰ আলহী ভকতজন কলৈ গল?

পাঁচনিয়নী —আৰু আলহী ভকতৰ কথা নুশুধিবা দেওহে, যি লাগে হল। তুমি ভাবিবা আকৌ মই হে খেদালো বুলি। আমাৰ মেকুৰী পোৱালীটো চোতালতে ফুৰিছিল; তাক দেখি তেওঁ ধৰি নি, ভৰি ধুবলৈ দিয়া পানীলোটা তাৰ গাত ঢালি দি, মোক কলে “এই মেকুৰীটোৰ ছালখন বখলিয়াই দিয়া, তাক আজি ভাতত দি খাম। আজি ভালে দিনৰে পৰা মোৰ মেকুৰী পোৱালী ভাতত দি এখাজ ভাত খাবৰ মন [ ২৮ ] গৈছে৷’’ মই কলো “আলহী ভকত, আপুনি এইটো কি কথা কৈছে। আমাৰ ঘৰত মাছ আছে; লাগে যদি হাঁহ বা পাৰ এটাও মাৰি দিব পাৰোঁ ;আপুনি মেকুৰীপোৱালীটো খাব কেলৈ? মেকুৰী খাব নেপায়। আমি জানো কিবা অৰীতীয়া লালুং বৰাহি, নগা, ডফলা মানুহ? এনে জাত যোৱা পাপৰ কথা নকব। আমি হেন্দু মানুহ, কলিতা মানুহ৷ আমি ভকতীয়া মানুহ, আমাৰ গুৰুঘৰ গোসাইঘৰ আছে।” এই কথা শুনিয়েই আলহী উচাট মাৰি উঠি ভোঁ ভোঁ কৰে গুচি গল। মই নেযাবলৈ কত কলো, নুশুনিলে। এনে আচৰিত কথা দেখা শুনা নাইনে।

পাচনি—সঁচা নে?

পাচনিয়নী—মই নো তোমাক মিছা কথাষাৰ কৈছো নে? সেইটো মেকুৰিপোৱালী নহয়, তাৰ গাত হাত দি নোচাৱা কেলৈ, তিতি আছে।

পাচনি—(মেকুৰীপোৱালীটোৰ গাত হাত দি তিতা পাই) তেনেহলে গল ভালেই হল। কৰবাৰ অৰীতীয়া মানুহ। নগাই কি মিকিৰেই কি আন কি তেনে জাতৰ আবৰী মানুহ হবলা।

ঘৈণীয়েক --হব পায়, নহলে মেকুৰীপোৱালীটো খাবলৈ কিয় ওলাব? কথাষাৰ শুনিবৰেপৰা মোৰ কিবা বিকচিনা লাগি আছে। ৰাম ৰাম এই দেখিহে মই কালি তোমাক কৈছিলো, বোলো এনেবোৰ আলহী বিচাৰি ফুৰাৰ একো সকাম নাই। এনে আলহীতকৈ আমাৰ মেকুৰী কুকুৰ আলহীয়েই ভাল। এনে অচিনাকি আলহী অতিথি ফকিৰ ফকৰাৰু ঘৰত ঠাই দিয়াও ভাল নহয়; আমি পুইণ [ ২৯ ] কৰিবলৈ যাওঁতে কেতিয়াবা মতা তিৰুতা হালৰে ডিঙিতে কোনোবা ফকৰা আলহীয়ে ৰেপ দি, আমাৰ বইবস্ত সোপাকে লৈ সাং কৰি পলাব। বোলোঁ মই এই মেকুৰীপোৱালীটো আনিছোঁৱেই; কাইলৈ তোমাক ভাল কুকুৰ-পোৱালি এটাও আনি দিম; সিহঁতকে পুহি খুৱাই-বুৱাই ডাঙৰ দীঘল কৰাঁ; মেকুৰীয়ে ডাঙৰ হলে নিগনি-শলিয়া মাৰিব। কুকুৰে চোৰ খেদাব শিয়াল খেদাব আৰু দিনে ৰাতিয়ে আমাৰ ঘৰত পহৰা দিব; আৰু খাবও কম।



আঁৰ-কাপোৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )