পৃষ্ঠা:পাঁচনি.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| পাচনি পাচনি ছােৱালী নাই, অাই নাই, বােপাই নাই, ভাই নাই, ককাই নাই, বাটৰ বাটৰুৱা কেলেহুৱা খােদ আলহী-মালহীক মই তিনি তেলনি মাৰি, এদিন নহয়, দুদিন নহয়, নিতৌ খুৱাই মােৰ হাৰ মূৰ ভাঙি, সেই কেলেহুৱাখনক ৰজাক আওধলাদি আও বালিব লাগে। কিহৰ বাবে? মােৰ গিৰিহঁতে পুইণ-পুইণ কৰিছে সেইবাবে। নেলাগে, মেক পুইণখন, মই পুইণ নকৰে, সেইবাবে মােৰ যি হয় হংক। স্বৰ্গলৈ যাব নােৱাৰে। যদি * আমাৰ বৰঘৰৰ চাটটোৰ ওপৰতে মই উঠি থাকিম। মই নেবান্ধো পুইণৰ টোপােলাটো দেওহে, মােক নেলাগে পুইণখন। গােয়ে মােক একোতে বঞ্চিত কৰা নাই, -খাব পিন্ধিবলৈ দিছে, ভৰালত ভাত বাৰীত শাক, পুখুৰীত আৰু বিলত মাছ দিছে, কাৰো ওচৰত হাত পাতিব লগীয়া কৰা নাই। নিজ হাতে বৈকাটি এডােখৰ পিন্ধিছে, কাকো মাগিবলৈ যােৱা নাই, কাৰো কাটিহ। সহিব লগীয়া মােক গোয়ে কৰা নাই। শুতে, শুদাতে, এইখন বাহ দঙৱা আলহীৰ লেদেন। উকতি মই মৰে কিহৰ সতি হেঁ ? মই নােৱাৰো বুলি মুখেৰে কলৈও তো কোনেও শুনে, কিলাবলৈ উঠে। সেইদেখি একোকে, একোকে, মই একোকে নামাতো, তেওঁ যি কৰে কৰি থাওক। মইও যদি বগাই হাজৰিকাৰ জীয়েক হওঁ, মই বাঘকে ছাগকে একে ঘটতে পানী খুৱাম। তােমাক নাকত থৈ চাকত ঘুৰাম। মােক তুমি বলে নােৱাৰা বুলিহেঁ।