আস্তবেস্ত কৰিব, যেনেকৈ হে আতৌপুতৌ কৰি ৰাখিব, কি চাবা! যেন আলহীজন তেওঁৰ কোনোবা কালৰ আইৰ ফালৰ কুটম হে আছিল৷ পিছে আলহীক যেতিয়া ৰাতি খুৱাই-বুৱাই শুৱাই লব,—এ নকওঁ দেওহে, কেনেবাকৈ এই কথা ওলালে মই কেচা কিলখন খাই মৰিব লাগিব।
আলহী — (ভয়ত কঁপি) নহয় আই, কওক, কওক, আমি দুখীয়া নিঃকিন প্ৰাণী, আই! আপোনাৰ পেটৰ পোৱালীৰ নিচিনা। আমাক কওক আই, নেভাবিব।
পাঁচনিয়নী— এ কিনো কম আৰু কিনো শুনিবা। তেওঁ এই দৰে আতোপুতৌকৈ খুৱাই-বুৱাই ৰাখি, ৰাতি আলহীৰ টোপনি আহিলে মাজনিশা তেওঁৰ ধৰমবোৰ ঢেকীঠোৰাৰ আগত সোপাসোপে ওলাই পৰে। অধৰমীয়ে আলহীক এই ঢেকীঠোৰাৰেই কিলাই মৰিয়াই আলহীৰ বয়-বস্তু কপোৰ; কানি ৰূপ-বান যি পায় সোপাকে কাঢ়িলৈ লুৰ্ব্বূং লুঠুং কৰি খেদি দিয়ে। এই যে ঢেকীঠোৰাটো চাছিছে দেখিছা, সেইটোৰেই তেওঁ ৰাতিকৈ সেই কাম কৰিব। মইনো কি কম?—দিনৰে দিনটো তেওঁৰ কাম হৈছে ঢেকীঠোৰা চছা, আৰু ৰাতি তাৰে আলহীক কোবোৱা আমাৰ ঘৰৰ ভিতৰত কত ঢেকীঠোৰা আছে, এবাৰ উঠি ভিতৰ সোমাই চাই লবাহঁক নে? এইটোৱেই কথা, মোৰ বোপইহঁত, আৰু নো কি শুনিবা? ইয়াৰনো কথা কি কম মোৰ কুটুমহঁত। ই মানুহ নে পিশাচ মই কবই নোৱাৰোঁ।
আলহী (ঠক্ ঠক্ কৰে কঁপি) আই মাতৃ, এতিয়া আমি কি