আলহী—আই, কি কয়। আপোনাসকলে মেকুৰীৰ মঙহ খাই নে?
পাঁচনিয়নী—আমি খাম, আপুনিও খাব। মাছ কাছ নেপালে নো কি কৰিব?
আলহী— (লাহেকৈ উঠি) ইস ৰাম ৰাম! কি সৰ্ব্বনশীয়া কথা। এনেধৰনৰ মানুহৰ ঘৰলৈকে মই থাকিবলৈ বুলি আহিছিলোঁ! হৰি হৰি। আমাৰ আৰু ইয়াত থকা নহয়, গছৰ তলতে পৰি থাকিম, সিয়ো ভাল।
[আলহী উঠি ইস্ ইস্ কৰি গুচি যায়। পাঁচনিৰ ঘৈণীয়েকে মিচিকীয়াই মেকুৰী পোৱালীটোৰ গাটো গামোছাৰে মছি শুকায়।]
পাঁচনিয়নী—হেৰি ভকত, আপুনি নেযাব, গলে তেওঁ আহি মোক খং কৰিবহি।
[ আলহীয়ে নুশুনি বেগেৰে যায়।
(পাঁচনিৰ প্ৰবেশ)
পাঁচনি—(ব্যস্তভাৱে) হেৰ আলহী ভকতজন কলৈ গল?
পাঁচনিয়নী —আৰু আলহী ভকতৰ কথা নুশুধিবা দেওহে, যি লাগে হল। তুমি ভাবিবা আকৌ মই হে খেদালো বুলি। আমাৰ মেকুৰী পোৱালীটো চোতালতে ফুৰিছিল; তাক দেখি তেওঁ ধৰি নি, ভৰি ধুবলৈ দিয়া পানীলোটা তাৰ গাত ঢালি দি, মোক কলে “এই মেকুৰীটোৰ ছালখন বখলিয়াই দিয়া, তাক আজি ভাতত দি খাম। আজি ভালে দিনৰে পৰা মোৰ মেকুৰী পোৱালী ভাতত দি এখাজ ভাত খাবৰ মন