পৃষ্ঠা:পাঁচনি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পাঁচনি

গল:— বোলে “সামাইন বস্তু ঢেকীঠোৰা এটাকে আমাক নিদিলে যেতিয়া আমাক নো আৰু কি খাবলৈ থাকিবলৈ দিব।” মই কত বুজালো, কিমান কাকুতি কৰিলোঁ কলো বোলাঁ, আপোনাসকল নেযাব, তেওঁ এতিয়াই আহি পাবহি, পালে ঢেকীঠোৰাহে নেলাগে অপোনাসকলে যিহকে খোজে তাকে দিব। আমাৰ তেওঁ আলহী নহলে ভাতকে নেখায়। অমাৰ পৰম ভাইগৰ গুণেহে আপোনালোক ওলাইছেহি, নেযাব দেওসকল। অপোনাসকল গলে, তেওঁ আহি মোকো শুদাই নেৰে। ইমান। কলো—মেলিলো তথাপি তেওঁলোকে মোৰ কথালৈ কাণকে নিদি উখৰামুৱা হৈ উচাট মাৰি উঠি গুচি গল। আৰু তুমি পোৱাঁহি বুলি ভো-ভো কৰে লৰ হে দিলে।

পাঁচনি —( মূৰে কপালে হাত দি) হৰি হৰি, ভাল কথাটো হল! হেৰ তই ঢেকীঠোৰাটো দি নিদিলি কিয়? মই তোক কি খং কৰিলোহেঁতেন? ভকততকৈ মোৰ ঢেকীঠোৰাটোহে টান হল?

ঘৈণীয়েক—এৰা ময়ো এনেতো হবগৈ বুলি বৰকৈ গমিবলৈ নহল। ভাবিলো, কিজানি তুমি খঙকে কৰা। আৰু ভাবিলো, তুমি তো এতিয়াই পাবাহি, পাই যি কৰা কৰিবা। কিন্তু তেওঁলোক সেই ফেৰাতে উচাট মাৰি গুচি যাব, মই নো কেনেকৈ জানিম বাৰু?

পাঁচনি—হেৰ মোৰ মুৰখাতী, তই যি লাগে কিৰিলি। কি কপাল! কি মোৰ মৰিবৰ চিন হল। হাততে আলহীক পায়ো