পৃষ্ঠা:পাঁচনি.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পাঁচনি


মই জানো কিবা বলিয়া হৈছো? মানুহৰ ৰিদয়ত যেনেকৈ ভগৱন্ত আছে, মেকুৰীৰ ৰিদয়ৰ ভিতৰতো সেইদৰে ভগৱন্ত নাই নে, মোক কোৱাঁচোন? যদি আছে, মানুহক খুৱালেও গোসাঁয়ে পাব; মেকুৰী কুকুৰ শিয়ালক খুৱালেও গোসাঁয়ে পাব। এই কথা দেখোন তুমিয়েই মোক কত দিন কৈছা। মানুহক খুউৱাতকৈ মেকুৰী কুকুৰক খুৱাতো ভাল নহয় নে? মোৰ মনেৰে ভাল হে; কাৰণ মেকুৰী কুকুৰ অজান জীৱ, খাই সিহঁতে তোমাক পেটে পেটে শলাগিব, যদিও মুখেৰে মাতিব নোৱাৰে। আৰু মুখেৰে মাতিব পৰা মানুহে দবনি পিটি তোমাৰ খাব, আগতে দুষাৰ চাৰি আষাৰ তোমাৰ শলাগ লৈ তোমাক উচটাব, আৰু তুমি পিঠি দিলেই সিহঁতে খোৱা পাতখনকে ফালি তোমাক গালি পাৰি গুচি যাব। আৰু কব,—“ইয়াৰ আৰু সৰহ দিন নাই, ই উছন হয় হে লাগে।” এনে খাই-পাত-ফলা অগুণকাৰী মানুহতকৈ মেকুৰী কুকুৰক এমুঠি ভাত খুৱাটো বেয়ানে? তুমিয়েই দেখোন “কীৰ্ত্তন” শাস্ত্ৰৰ বাইক
 মানা, বোলে—

“কুকুৰ চিৰ্কাল গাধৰো আত্ মা ৰাম।
জানি জানি সকলোকে কৰিবা পৰ্ণাম॥

মোৰ মনেৰে খাই-পাত-ফলা মানুহ আলহীতকৈ আমাৰ মেকুৰী কুকুৰক হে এমুঠি খুৱা ভাল। মেকুৰী কুকুৰে খাইও অলপ, গুণও লয় সৰহ; মানুহে খাইও সৰহ, গুণ ও লয় যদি, লয় অলপ; সৰহখিনি সময়ত নলৈ গালি হে পাৰে।


[পাঁচনিয়ে ঘৈণীয়েকৰ দীঘল বক্তৃতা শুনি, তবধ মানি, একোকে নেমাতি ভাত খায়, আৰুমেকুৰী পোৱালীটোক ভাত এগৰাহ দিয়ে।]