পৃষ্ঠা:পাঁচনি.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাঁ‌চনি।

প্ৰথম দৰ্শন

পাঁচনিৰ ঘৰৰ পদূলিমুৰ।

ধৰ্ম্মাই পাঁচনি — (ৰাজবাটলৈ চাই, অপোনাআপুনি} অস্, অস্! মোৰ প্ৰভু। আজি মোক গধুলি ভাতমুঠি অকলৈ খাব লগীয়া কৰিলা! এজন আলহীভকতকো নাপালো! হায়! হায়! মই আলহী অতিথিক নিদি নিজৰ পেটলৈ ভাত সুমাই শূকৰৰ সদৃশ কাম কৰিব লগীয়া হলো।

“অতিথিক নিদি যিটো কৰয় ভোজন।
সিজয় পতক তাৰ অগম্যাগমন॥”

 হৰি, হৰি, আজি মই কি কামটো কৰিব লগীয়াত পৰিলো৷ যদিও হৰিয়ে মোক লৰা-ছোৱালী সন্তান-সন্ততি একো নিদিলে তথাপি মোক ভৰালত ভাত, বাৰীত শাক-পাচলি, পুখুৰীত মাছ, গোহালিত গাই দিছে। গৃহস্থ-বস্তুৱে মোক যি দিছে সেয়ে মোৰ অনেক, সেয়ে মোৰ পক্ষে উভৈনদী অস্ অস্! আজি কি কথাটো হল! বেলি পৰোঁ, পৰোঁ, তথাপি কাকো নেপালো!