পৃষ্ঠা:পাঁচনি.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২২ পাচনি

ৈ * মই কলো “আলহী ভকত, আপুনি এইটো কি কথা

কৈছে । আমাৰ ঘৰত মাছ আছে; লাগে যদি হাঁহ ৰা পাৰ এটাও মাৰি দিব পাৰে আপুনি মেকুৰীপাের- লীটো খাব কেলৈ ? মেকুৰী পাৰ নেপায়। আমি জাননা কিবা অৰীতীয়া লালুং বহি, নগা, ডফলা মানুহ ? এনে জাত যােৱা পাপৰ কথা নকব। আমি হে মানুহ, কলিতা মানুহ। আমি ভকতীয়া মানুহ, আমাৰ গুৰুঘৰ গােসাইঘৰ আছে।” এই কথা শুনিয়েই আলহী উচাট মাৰি উঠি ভো ভো কৰে গুচি গল। মই নেষাবলৈ কত কলাে, মুশুনিলে। এনে আচৰিত কথা দেখা শুনা নাইনে। পাচনি-পঁচা নে ? পাচনিয়নী-মই নাে তােমাক মিছা কথাষাৰ কৈছো নে ? সেইটো মেকুৰিপপাৱালী নহয়, তাৰ গাত হাত দি নােচাৱা কেলৈ, তিতি আছে। পাচনি-(মেকুৰাপােৱালীটোৰ গাত হাত দি তিতা পাই) তেনেহলে গল ভালেই হল। কৰবাৰ অৰীতীয়া মানুহ। নগাই কি মিকি ৰেই কি আন কি তেনে জাতৰ আবৰী মানুহ হবলা। ৰৈণীয়েক --হৰ পায়, নহলে মেকুৰীপপাৱালীটো খাবলৈ কিয় ওলাব ? কথাষাৰ শুনিবৰেপৰা মােৰ কিবা বিচিনা লাগি আছে। ৰাম ৰাম এই দেখিহে মই কালি তােমাক কৈছিলাে, বােলাে এনেৰােৰ আলহী বিচাৰি মাৰ একো সকাম নাই। এনে আলহীতকৈ আমাৰ মেকুৰী কুকুৰ আলহীয়েই ভাল। এনে অচিনাকি আলহী অতিথি ফকিৰ ফকৰাৰু ঘৰত ঠাই দিয়াও ভাল নহয়; আমি পুই