পৃষ্ঠা:পাঁচনি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
পাঁচনি

কৰিবলৈ যাওঁতে কেতিয়াবা মতা তিৰুতা হালৰে ডিঙিতে কোনোবা ফকৰা আলহীয়ে ৰেপ দি, আমাৰ বইবস্ত সোপাকে লৈ সাং কৰি পলাব। বোলোঁ মই এই মেকুৰীপোৱালীটো আনিছোঁৱেই; কাইলৈ তোমাক ভাল কুকুৰ-পোৱালি এটাও আনি দিম; সিহঁতকে পুহি খুৱাই-বুৱাই ডাঙৰ দীঘল কৰাঁ; মেকুৰীয়ে ডাঙৰ হলে নিগনি-শলিয়া মাৰিব। কুকুৰে চোৰ খেদাব শিয়াল খেদাব আৰু দিনে ৰাতিয়ে আমাৰ ঘৰত পহৰা দিব; আৰু খাবও কম।



আঁৰ-কাপোৰ