তৃতীয় দৰ্শন
[ ৰাজআলি ]
( আলহী দুজন বেগাবেগিকৈ যায়, আৰু পাঁচনিয়ে হাতত ঢেকীঠোৰাটো লৈ তৰানৰা ছিঙি পিছে পিছে লৰে।)
পাঁচনি—(দেখা পাই দূৰৰপৰা ৰিঙিয়াই) হেৰি ভকতসকল! নেযাব, নেযাব, ৰব, ৰব! আহক, আহক মোৰ ঈশ্বৰ। উভতি আহক! ঢেকীঠোৰাটো লৈ যাওক! নেলাগে যাব। ভকততকৈ মোৰ ঢেকীঠোৰাটো ডাঙৰ নহয়।
( আলহী দুজনে উভতি চাই, হাতত ঢেকীঠোৰাৰে পাঁচনিক লৰি অহা দেখে।)
১ম আলহী—(দ্বিতীয় আলহীক) সৰ্ব্বনাশ! সেই গিৰিহঁতনীয়ে কোৱা কথা সচা! আজি আমাৰ ফালে পতং! সৌটো বুঢ়াই ঢেকীঠোৰাটো হাতত লৈ লৰি খেদি আহিছে। পলোৱাঁ! পলোৱাঁ! ধৰিব পাৰিলে আজি আমি গলোঁ।
[ উধাতু খাই দুয়ো প্ৰাণ-কাতৰে লৰে।
(আলহী দুজন লৰি গৈ চকুৰে নেদেখা হয়। পাঁচনিক ৰবাঁ ৰবাঁ কৰি চিয়ঁৰি গগন ফালি অন্তত হেলাই হেপাই ভাগৰি বাটতে বহে।)
পাঁচনি—(অপোনাআপুনি) ইয়াকে বোলে ফুটা কপাল, দেওহে ফুটা কপাল। ফুটা কপাল ফুটা লোটা। তাত পানী ভৰালেও