কৰোঁ কলৈ যাওঁহক? আমাক ৰাখক! দহোকুৰি আমাক ৰাখক! আমি কি কৰিম, কলৈ যাম, কেনেকৈ সাৰিম আমাক কওক আই মাতৃ? আপোনাৰ চৰণত পৰিছোঁ।
পাচনিয়নী—আৰু কি বুধি দিম, বুধি ওলাই আছে; —তেওঁ ঘূৰি অহাৰ আগেয়ে তোমালোক উঠি লৰি পলাই সাৰি যোৱাঁহঁক। তেওঁ উভতি আহি তোমালোকক পালেহি আৰু ৰোৱা টান হব।
দুইজন আলহী—(উঠি) তেন্তে আই আমি যাওঁহে।
পাঁচনিয়নী—যোৱা, যোৱা, বেগেতে যোৱাঁহঁক। কিন্তু তেওঁ উভতি আহি তোমালোকক ঘৰত নেদেখি পিছতে, খেদা দিব। যদি কিবাৰূপে তেওঁ তোমালোকক লগ পায়হে গৈ, তেন্তে বৰ দুৰ্ঘটনা ঘটিব। এতেকে খৰকৈ যোৱাহঁক মোৰ সোণাইহঁত এঃ দেহি।
[ দুইজন আলহী উঠি বেগাই গুচি যায়।
(পাঁচনিৰ প্ৰবেশ)।
পাঁচনি—(ঘৈণীয়েকক) বোলো আলহী ভকত দুজন কলৈ গল?
পাঁচনিয়নী — আৰু নুশুধিবা, যি লাগে হল! তুমি যোৱাৰ পিছতে, তেওঁলোকে মোক সেই তুমি চাছি কাটি থোৱা ঢেকীঠোৰাটো খুজিছিল মই কলো আমাৰ তেওঁ ওৰেদিনটো বহি বৰ হাউচ কৰি ঢেকীঠোৰাটো চাছি থৈছে, সেইটো মই তেওঁক নোশোধাকৈ নো অপোনাসকলক কেনেকৈ দিও? লাগে যদি তেওঁ আহিলে আপোনাসকলে তেওঁক খুজি লব; মই দিবলৈ গলে কিজানি তেওঁ আহি মোক খঙকে কৰে। অলপ ৰওক, তেওঁ এতিয়াই আহিব নহয়। মই এই বুলি কলতে, দুয়ো খং কৰি উঠি গুচি