পৃষ্ঠা:পাঁচনি.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাঁচনি


কৰ। গোসাঁইঘৰৰ চুকতে খুটি মাৰি চাউল সিজাবৰ দিহা কৰি দে, পাত চৰু মই আনি দিওঁ। (আলহীলৈ চাই) ভকতসকল, মই এতিয়াই লৰি আহিম, আপেনাসকলে অলপ জিৰাই শতাই লৈ গা তিয়াবৰ কাৰবাৰ কৰক। ঘৰৰ আগতে সৌটো পুখুৰী। মই লোণ তেল আনি থৈ লৰালৰিকৈ মাছ দুটামান বিচাৰি আনি দিম।

লৰালৰিকৈ পাঁচনিৰ প্ৰস্থান।

পাঁচনিয়নী— (অপোনাআপুনি ভোৰ্ ভোৰাই) বাৰু, মাৰতিয়েৰে আজি তহঁতক ভোজ-ভাত খুৱাম। মই বান্দীয় কৰি মেলি যতনাই থৈছো তহঁতে আহি খাবলৈ? ইস্ নেদেখিছা, আলহী নহলে টেটুলৈ ভাত নেযায়! আজি ময়ে নে তুমিয়েই চাম। (আলহীলৈ চাই) ভকতসকল কৰপৰা বা আহিছে, কলৈ বা যায়?

১ম জন — আমি কলাবাৰীৰপৰা আহিছো জিলালৈ যাবলৈ বুলি।

পাঁচনিয়নী — আগেয়ে এইফালে আহিছিল নে?

১ম জন — আগেয়ে অহা নাই আই। আমি এইফালে এই বেলিহে আহিছোঁ। আমি একেবাৰে আচহুৱা মানুহ।

পাঁচনিয়নী— দেহি ঐ। কোনে নো আপোনাসকলক আমাৰ ঘৰলৈ আহিবলৈ কৈ দিলে?

১ম জন— আমি কেবাঘৰতো থাকিবলৈ ঠাই নেপাই বিমোৰ হৈ আছিলো, এনেতে বাটৰ গৰখীয়া লৰা এটিয়ে আমাক অপোনাসকলৰ ঘৰলৈ আহিবলৈ কৈ বাট দেখুৱাই দিলে।