সমললৈ যাওক

পৃষ্ঠা:পাঁচনি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাঁচনি


পাঁচনিয়নী— (হুমুনিয়াহ কাঢ়ি) দেহি ঐ! ললাটত লেখা কথা কোনে খণ্ডাব সোণাইহঁত!

দুইজন আলহী (বিস্ময় মানি) কি কথা? কি ললাটত লেখা কথা আই! কি হৈছে, আমাক কওকচোন আই? আমি আচহুৱা মানুহ, এই দেশৰ আও-ভাও একোকে বুজ নাপাওঁ।

পাঁচনিয়নী — ( আকৌ দীঘলকৈ হুমুনিয়াহ কাঢ়ি, লাহে লাহে মূৰ জোকাৰি) এ সোণাইহঁত কিনো কম, কিনো শুনিবা। বোলে “বোকাত কোব মাৰে, গাত চিটিকণি পৰে।” কাৰ নো কথা কাক কম, কি কম কিনো শুনিবা মোৰ কুটুমহঁত? যি কপালত আছে সি ঘটিবই। শনি গৰহৰ কাম। আজি কিজানি শনিগৰহৰ এৰাবৰে সময় পৰিছে।

দুইজনে — (ভয় খাই, হাত যোৰ কৈ) আই, অপোনাৰ ভৰিত ধৰি মাতিছোঁ, কওকচোন কি কথা কি বতৰা? আমি আচহুৱা মানুহ, ধৰম হব, কওক আই?

পাঁচনিয়নী —এ সেইদেখিয়েই হে তো মই নকৈ থাকিব পৰা নাই, হাঁ-হুমুনিয়াহ কাঢ়ি উচ্ পিচাই আছোঁ। কওঁ শুনহঁক,— কব লাগে যদি, তোমালাকে আজি বৰ বেয়া ঠাইলৈ আহিলা; বৰ বেয়া মানুহৰ হাতত পৰিলাহি মোৰ কুটুমহঁত। তেওঁ যদিও মোৰ গিৰিহঁত, কিন্তু কি কৰিম, পাপৰ কাম দেখি নিজৰ মনতে নিজেই পুৰি-ডেই মৰি থাকোঁ। সঁচা কথা কবলৈ গলে, এইটো মহা অধৰমী মানুহ মোৰ বোপাইহঁত! মহা নৰকী! মহা পপীয়া! আলহী আহিলে তেওঁ আলহীক যেনেকৈ হে