পৃষ্ঠা:পাঁচনি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পাঁচনি

পানী একলহ থৈছোঁ, তাকে গাত ঢলি গাটো তিয়াই আহাঁ, খাবৰ সময়ত আলহীক দেখিবলৈ ঠিক পাবা।

[ পাঁচনি উঠি গা ধুবলৈ যায়।

পাঁচনি—( গা ধোৱা ঠাইৰপৰা) হেৰ, নাম-ঘৰত বন্তি এগছ দিছ নে? নাই দিয়া যদি চাকি এটা দে।

ঘৈণীয়েক—দি থৈছোঁ, যোৱা তুমি বেগেতে নাম লৈ আহাঁ গৈ, ইফালে ভাত চেচা হব লগীয়া হল।

পঞ্চম দৰ্শন

পাঁচনি ভাতৰ পাতত

(আগতে মেকুৰীপোৱালী এটাই মিউ মিউ কৰে)

পাঁচনি—(ঘৈণীয়েকক) হেৰ, আলহী কতা?

ঘৈণীয়েক—সেইজন দেখোন তোমাৰ আগতে।

পাঁচনি—(আচৰিত মানি) কোনজন অ’? তই মোৰ সৈতে কিবা ঠেটা কৰিছ নে কি?

ঘৈণীয়েক— কেতিয়া নো মই ঠেটা কৰিবলৈ গলোঁ? সেইজন আলহী দেখা নাই নে?—মিউ মিউ কৰি দেখোন তোমাক ভাত খুজিব লাগিছে।

পাঁচনি—তই মোক কিবা উপহাস কৰিছ দেখিছোঁ।

ঘৈণীয়েক—তোমাক মই উপহাস কৰিবলৈ মোৰ কি হৈছে?