পৃষ্ঠা:পাঁচনি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় দৰ্শন
পাঁচনিৰ ঘৰৰ আগ-চোতাল

পাঁচনি—(ঘৈণীযেক) শুনিছানে, বোলে আজি মোৰ কপাল মন্দ। ইমান পুৰুষাৰ্থ কৰিও আলহী-অতিথি কাকো নেপালো কি কৰিবি! কপাল! যা, গা-পা ধূই ভাত-পানী এগালকে ৰান্ধিবৰ দিহা কৰগৈ, গাহৰিৰ দৰে তাৰে এসোপা মোনাত সুমাই থওঁ।

পাঁচনীয়নী— (পেটে পেটে সন্তোষ পাই) কি কৰিবা; আলহী নেপালা নেপালা। আলহী নাহিলে নো কৰপৰা চৰ্জি উলিয়াই আনিবা? বোলোঁ ধান নাবানিলে অজি ভাতলৈ চাউলেই নাই। ঠোৰাটো বুটি হৈ গল, তাৰে ধান বানিব নোৱাৰি, এধা বনাকৈ খুবলিতে এৰি থৈ আহিছোঁ। ন ঠোৰা এটাকে চাছি দিয়া পাৰা যদি।

পাঁচনি— দিও চাছি, তই হাতোৱাহখন মোক উলিয়াই দে।

[ ঘৈণীয়েকে হাতোৱাহ এখন উলিয়াই দিয়ে আৰু পাঁচনিয়ে ঠোৰা চাছে।

(দুজন আলীৰ প্ৰবেশ )

১ম জন আলহী — গিৰিহঁত কোন আছে? কিবাস্বৰূপে ৰাতিটোলৈ আমাক পৰি থাকিবলৈ আপোনাৰ ঘৰৰ আগচালিতে ঠাই এচিকটা দিব পাৰিব নে? আমি বহুত দূৰৈৰ পৰা আহিছেঁ। আমি কলিতা মানুহ; লখীমপুৰৰ কলাবাৰীত ঘৰ। আমি কেইবা ঘৰতো থাকিবলৈ ঠাই বিচাৰি নেপাই হে আহিছোঁ।