পৃষ্ঠা:পাঁচনি.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাঁচনি ভৰিৰ ধুলি পেলাইছে, ৰাতিটো ইয়াতে খাই ৰৈ শুই থাকি কাইলৈ যাব। (উঠি গৈ ঘৈণীয়েকক লাহে লাহে শোধে) হে, লোক তেল আছে নে ? নাই যদি ক, পােহাৰৰ পৰা লৰি গৈ আহে গৈ। পাঁচনিয়নী-আগৈ যােৱা, ঘৰত একো নাই। পাঁচনি-যাওঁ তেন্তে, চুপিটো দে। মই এতিয়াই উভতি আহিম। চাবি যেন আলহীয়ে কোনাে কথাত বিষম নাপায় । আকৌ কালিৰ দৰে যেন নহয় । কিবা বস্তু খুজিলে-মেলিলে তেতিয়াই দিবি, মােলৈ বাট চাব নেলাগে। পাঁচনিয়নী—দিম, তুমি ভয় কৰিব নেলাগে যােৱা। | [ পাঁচনিৰ প্ৰস্থান। ঘৈণীয়েকে মেকুৰী পােৱালীটো আনি আলহীৰ আগতে বহি, তাৰ গাত পী ঢালি | গা ধুৱায় । আলহী-আই, মেকুৰী পােৱালীটোৰ গাত গধূলি বেলিকা পানী ঢালিছে নো কেলৈ ? জাৰত সি ঠেৰেঙা লাগিব। পাঁচনিয়নী - লাগিব নােৱাৰিছে, এতিয়াই তাক মৈদাত কুটি বাছি পেলাম। আলহী-(আচৰিত মানি) কি কৰিব আই ? পাঁচনিয়নী-কুটিবাছি ৰান্ধিবলৈ নিম। আলহী -আই কি কৈছে? মেকুৰীপােৱালীটো ৰান্ধিবলৈ নিব কিয়? পাঁচনিয়নী- নিনিলে আলহী শুধিমহঁক কিহেৰে ? মাছ পহু হাঁহ পাৰ একো নাই; লৰালৰিকৈ পােৱাও নেয় । আলহীক কিহেৰে ভাত এমুঠি খাবলৈ দিয়া হব ? সেইদেখি আমাৰ বুঢ়াই মােক কৈ গৈছে, লৰালৰিকৈ মেকুৰীপপাৱালীটোকে কুটি বাছি দিবলৈ।