জয়মতী/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
[ ৮৬ ]
৫। অঙ্ক ।
প্ৰথম গৰ্ভাঙ্ক।
জেৰেঙা পথাৰ।
( গদাপাণি অকলশৰে)

জয়া।—এয়ে সেই শান্তিস্থল।
 পীড়িছে প্ৰিয়াক মোৰ বান্ধি ইয়াতেই!
 আৰু সেই বন্দীশাল, বিৰতিৰ স্থল;
 সজাৰ পখীটি হই থাকে পৰি তাতে,
 মনোদুখে প্ৰিয়া!—পতি বৰ্তমানে হাঁয়,
 পত্নীৰ যন্ত্ৰণা নিৰ্ব্বিবাদে আছোঁ চাই;
 হোৱা নাই উদ্ধাৰৰ অদ্যাপি উদ্যম!
 আবেগত বাঢ়োঁ আগ, পুনু পিচুৱাওঁ
 জীৱনৰ উদ্দেশ্য সুমৰি। আগ-পাচ,
 হিতাহিত গুণাগঁথা কৰি, আছোঁ মই
 এতিয়াও আত্ম-গোপনত;—পোৱা নাই
 পাৰ মই ঘোৰ সবস্যাৰ। তাতে হাঁয় ,
 প্ৰিয়া-অনুৰোধ সাধ্য নাই এৰাবৰ।
 ভাবিব লগীয়া আৰু;— নহয় যদিহে,

[ ৮৭ ]

উদ্দেশ্য সফল মোৰ, আত্ম-প্ৰকাশত,
নহব পাপীৰ শাস্তি, নহব উদ্ধাৰ
পতিত আহোম-কুল, ইন্দ্ৰ-বঙহৰ।
মায়া নাই প্ৰাণলই; কিন্তু নিদোঁ প্ৰাণ,
তৰ্পণ নকৰোঁমানে পাপীৰ তেজেৰে
প্ৰিয়-অপমান। প্ৰাণৰ গৰাকী মই
নহওঁ এতিয়া,—উছৰ্গিছোঁ প্ৰাণ মোৰ
দেশৰ মঙ্গল হেতু কোন্‌-কাহানিয়ে,—
মৰোঁ বাচোঁ পৰ-ইচ্ছাধীন; নাই মোত,
অধিকাৰ তাৰ। ইচ্ছাধীন আজি মই
দেশ-হিতৈষীৰ, চিন্তা যেয়ে দেশ-হিত,
ৰাজ্যৰ উদ্ধাৰ। নাৰাখি প্ৰিয়াৰ কথা,
মাজতে বিঘিনি হোৱা নহব উচিত।
নহব উচিত আৰু নমোৱা প্ৰিয়াক
উচ্চব্ৰত এৰুৱাই। আছে বাহুবল;
লাগে মনোবল মোক ই হেন সময়। (মৌন)
তথাপি, নামানে প্ৰাণে!—যাওঁ ঘূৰিবাৰ,
চাই আহোঁ প্ৰিয়া। (প্ৰস্থান)

(চাউডাংবৰ্গৰ প্ৰৱেশ)

১ চাউডাং।— ইয়ে? ক'তা, আজি দেখোন এতে পৰলৈকে নাই?

৩য়, চাউডাং।—এৰা, আজি কিবা এটা হৈছে দেই! (জয়মতীক লৈ বন্দীপাল আৰু প্ৰহৰীৰ প্ৰৱেশ)।

২য়, চাউডাং।—হেৰ কটাযোৱাঁহঁত, বহুত দিন জীবি; নাম লওঁতেই

ওলালিহি! [ ৮৮ ]

বন্দীপাল।—খৰ্‌ কৰ্‌, বান্ধ্‌, ধৰ্‌। মই বিষয়াৰ ওচৰৰপৰা আহোঁ।
 আজি কি শাস্তি দিব লাগিব সুধি আহি কমহি।

(কেইটাই জয়মতীক খুটাত বান্ধে)

৩য়, চাউডাং।—ককাইহঁত, আজি লৰাধপৰাকৈ অহাত বৰ ভাগৰ লাগিছে;
 আগেয়ে অলপ জিৰাই লওঁ। কি বোল হঁক?

(ছদ্মবেশী গদাপাশিৰ প্ৰৱেশ)

১ম, চাউডাং।—আগৰ বাৰ আহি নাপাই ঘূৰিপকি ফুৰোঁতেই দুপৰ হল।
 আৰু যি হে টিকাফটা ৰ'দ!

২য়, চাউডাং।—এৰা, কাৰ দিন কাৰ ৰাতি; বহিবহে লাগিল। বিষয়াক
 অহা দেখিলেই উঠিমহঁক, কি বোল?

গদা।— (জয়মতীৰ কাষ চাপি) আমি দেখি হলে বৰ দুখ পাইছে।
 মানুহজনি! ঘৰৰ মানুহৰ কথা কৈ দিলে হলে ভাল আছে দেই!

জয়া।— (মনে মনে) কৰে দেখোঁ সৰ্ব্বনাশ!
 চাপিছে সঘনে কাষ, প্ৰাণেশ্বৰ মোৰ।
 চিনে যদি শত্ৰুপক্ষ কি হব উপায়!—
 (ফুটাই) ইসৱক ইয়ালই মাতিছে বা কোনে?
 গুচি বা নাযায় কিয়? নিদিলোঁ সন্ধান,
 স্বামী মোৰ আছে য’ত সোধোঁতে ৰজাই
 ভুঞ্জিলোঁ লাঞ্ছনা আৰু যন্ত্ৰণা অশেষ
 প্ৰতিজ্ঞা যি ৰাখোঁ বুলি, নোৱাৰোঁ ভাঙ্গিব
 পূৰণৰ মুহূৰ্ত্তত তাক! ভাগে যদি
 কিবা ৰূপে, ভাগিব ই হিয়া অকাৰণ,
 অতনা সাধনা-ফল,—দুখৰ মৰণ!

[ ৮৯ ]

 বন্ধুৰ বুজনি যেন নালাগে মনত,
 যাৰ এনে নিকৰুণ চিত্‌‌‌‌; কয় যেয়ে
 ই হেন সাধনা অথলে যোৱাৰ কথা!
 বতাহে বিতৰি দয়া নিয়ে বাৰ্ত্তা যদি,
 দিছোঁ হিয়া উদিয়াই সৰল প্ৰাৰ্থনা
 পতিধনলই;— ৰাখে যেন কথা মোৰ,
 থাকি আত্মগোপনত; নাপাহৰে যেন,
 কদাপিও জীৱনৰ উদ্দেশ্য মহান্;—
 এয়ে মোৰ অন্তিমত গোহাৰি প্ৰাণৰ।

 (চাউডাহঁতে জপৰ-পৰকৈ টোপনিয়ায়)

৩য়, চাউডাং।—ককাইহঁত, বৰশীত মাছে বৰকৈ খুটিছে!

১ম, চাউডাং।—এৰা, ভাগৰত চকু মুদাই নিছে, বুপাই।

গদা।— বুজিছে অন্তৰে মোৰ সঙ্কেত প্ৰিয়াৰ।
 কিন্তু হাঁয়, এৰি যাওঁ কোন্‌ সতে থই
 প্ৰিয় মোৰ এনুৱা দশাত! আন হাতে,
 অন্তিমৰ অনুৰোধ, এৰাওঁ কিমতে!
 বাৰম্বাৰ কয় প্ৰিয়া, টানতো নুভুলোঁ
 যেন, মোৰ জীৱনৰ উদ্দেশ্য মহান্।
 সাৰুৱা প্ৰিয়াৰ যুক্তি নোৱাৰি খণ্ডাব,
 আছোঁ মই অত দিন আত্ম-গোপনত,
 জীৱনৰ ব্ৰত মোৰ পালি অন্তৰত।
 যি ব্ৰত ৰক্ষাৰ হেতু সহি অত ক্লেশ,
 পাইছেহি পাৰ তাৰ পণ্ডিতা প্ৰিয়াই,
 কি সতে ভাঙ্গিম তাৰ পূৰ্ণ হোৱা বেলা।

[ ৯০ ]

 তথাপি নেৰিছোঁ পণ প্ৰিয়া উদ্ধাৰৰ
 আহোঁগই ততালিকে দল-বল লই,
 যতে যিবা পাওঁ। (কেইখোজমান যায়)।
 (উলটি) অহ, এৰি মোৰ প্ৰিয়া।
 উলটি আহিছে মন, নোৱাৰোঁ ভিৰাব;
 নোৱাৰোঁ বঢ়াব খোজ দেহাভাৰ লই,
 প্ৰাণ মোৰ প্ৰিয়া সতে ৰাখি ইয়াতেই! (ক্ষন্তেক মৌন )
 কিন্তু হাঁয়, জীৱন উদ্দেশ্য পৰে জঁয়!
 —নকৰোঁ পলম আৰু কৰি বৃথা খেদ?
 যাওঁ, ঘূৰি আহোঁ গই দলবল লই।
 (গদাপাণিৰ সবেগে প্ৰস্থান)

১ম, চাউডাং।— হেৰ, উঠচোনহঁক। চাচোনহঁক মানুহ গৰাকীলৈ;সময়
 চাপিল যেন পাইছোঁ।

জয়া।— (ঘিণভাৱে চাই) লাগিছে ভাগৰ?

১ম, চাউডাং।— ( আছাৰ খাই পৰি ) ঔ, গোসাঁই। চকু নে জুই ঔ! এওঁ
 কোনোবা দেবী ঔ! মেলি দে, মেলি দে। হেৰ, এতিয়া
 হলেও মৰিম, পাচে হলেও মৰিম। মাৰেও মাৰক, কাটেও
 কাটক। এৰি দিওঁহঁক।

২য়, চাউডাং।— খেমা কৰাঁ মাতৃ। চিনা নাই আমি অভাজনে।
 (জয়মতীক মোকলাই দিয়ে।)

৩য়, চাউডাং।— হে, মোৰ কথাও কবি ঔ ককাই! মই চাবই পৰা নাই।

জয়া।- ভাগৰিলি নৰঘাটি!
 পালি দুখ ভালেমান; নকৰিবি খেদ।
 চাপিছে ওচৰ, প্ৰতিজ্ঞা পূৰণ-ক্ষণ;
 এৰিম মই দেহাভাৰ ক্ষন্তেক পাচত। (মৌন)

[ ৯১ ]

 জানিবাঁ সন্তাষা মোৰ, দৰ্শক মণ্ডলি।
 এৰিবাঁ যতেক গায়, বিলায় কালত।
 হৰিব্ অন্তৰে যাওঁ পুণ্য ৰাজ্যলই,
 পালি মোৰ মহাব্ৰত, ইহ জনমৰ।
 পালোঁ দেখা অন্তিমত স্বামীৰ চৰণ;
 জানিছোঁ সজ্ঞানে মোৰ সফল কামনা,—
 স্বামী মোৰ আছে নিৰাপদে। নাই আৰু
 জীৱনৰ প্ৰৱল কামনা;—আছে মাথোঁ,
 সংসাৰত ৰল দুটি পোনা। আশীৰ্বাদ
 কৰিছোঁ দুটিক; দুপৰ-সুৰুজ দৰে,
 উঠি দুয়োটিয়ে বঢ়াব গৌৰৱৰাশি
 ইন্দ্ৰবংশী ৰজাসকলৰ। নাভাবিবাঁ,
 নাই অৰ্থ এই পীড়নৰ। দোষ নাই
 পীড়ক ৰজাৰ; অস্ত্ৰ মাথোঁ তেওঁ হাঁয়,
 বিধিৰ হাতত।— আৰু মোত্ কথা নাই।
 হৰিষ্‌, অন্তৰে মাগোঁ, বিদায় সবাকে;
 মাগিছোঁ বিদায় আৰু, ইহ জনমৰ,
 স্বামী চ-ৰ-ণ-ত। (মুৰ্চ্ছা)

৩য়, চাউডাং।—উঠ, ককাইহঁত, আমি কাম সাধিলোঁ!

২য় চাউডাং।—হয়, লোকে নাম ললেই।

১ম, চাউডাং।-ললে নে? ৰ,জীৱটো ধিপ্‌ধিপাইছে দেখোন
 এঃ,আকৌ কেৰ্‌মেৰাইছে! হেৰঔ, নাচাপিৰিঔ,নাচাপিবি
 পুৰি নমৰিবি। দহিব, দধিব। চকু চাঁত্‌মাৰি
 ধৰিছে। (কেইওটা মাটিত চেপেটাখাই পৰে।)

[ ৯২ ]

জয়া।— অহ, পোনা লাই, —লেচাই সোণাই,
 মা-উ-ৰা জীবন ধৰাঁ, —আজি হন্তে দুয়ে!
 আঃ —কিযে কৰে প্ৰাণ— নোৱাৰি—ওলাব
 দেহা--সজা—এৰি! —জনম যাতনা—হাঁয়,
 নপৰে মনত; ম-ৰ-ণ যাতনা বোধ
 লাগিছে প-ৰা-ণ ভেজি,—চে-ত-নাৰ সতে।
 উঃ, অ-স-হন অস-হন যুঁজে—প্ৰা-ণে!
 ভয়—ঙ্কৰ মৃত্যু-মুৰ্ত্তি,—ই-খি-নি—পৰত!
 নহলে-জানি-ছোঁ,মৃত্যু পৰিত্ৰাণ-পথ।
 দু-ৱাৰ ৰ-খী-য়া—কোন্? দিয়াঁ—মো-ক-লা-ই,
 দিয়াঁ—মুক্তি—যাওঁ—উৰি; নধ—ৰাঁ জঁ-পা-ই
 দেহাৰ-দু-ৱা-ৰ আৰু!—নাথ!—এই-যাওঁ,
 এ-ই নাও—এই—পা-লোঁ পাৰ।—প্ৰা-ণ-না-থ!
 আহোঁ দা-সী—ৰা-খি সে-ৱা—শ্ৰী-চ-ৰ-ণ-ত।

(মৃত্যু)
সমুখত ৰণ-চাপৰিৰ পট-পতন।
[ ৯৩ ]
দ্বিতীয় গৰ্ভাঙ্ক।
গুৱাহাটী,—খাৰঘুলি।

(নেপথ্যত ৰণোল্লাহ, হিলৈ-ধৰতোপৰ ধ্বনি)
তেজেৰে ৰাঙলি হৈ লাইথেপেনা বৰগোহাঞি ডাঙ্গৰীয়া লগৰীয়া
বিষয়াবৰ্গৰে সৈতে উত্ৰাৱলভাৱে প্ৰৱেশ।

সলাল গোহাঞি।— ধন্য ডাঙ্গৰীয়া!
 ধন্য তৱ বাহুবল, ধন্য বীতেজ,
 ধন্য ৰণ-ৰীতি-বুদ্ধি।

জাগিয়াল গোহাঞি।— নেদেখি আছিলোঁ,
 অহ, অতকাল এনুৱা বীৰত্ব! ভাগ্যে
 আজি দেখিলোঁ সাক্ষাতে।

বহিয়াল বৰুৱা।— শুনিছিলোঁ লোকমুখে।
 ডাঙ্গৰীয়া ৰণঞ্জয় বুলি; পালোঁ আজি
 প্ৰত্যক্ষ প্ৰমাণ।

বৰগোহাঞি ডাঙ্গৰীয়া।— নহওঁ শলাগভাগী
 অকলই মই তোমাসৱ অবিহনে,
 আজিৰ ৰণত, জয়লাভ অৱলাৰ
 নাছিল সম্ভৱ, এনে অনতিপলমে।
 —ধন্য তোমাসৱ।

[ ৯৪ ]

স: গো:।— জানিলে যৱনে আজি
 অসমীয়া বীৰতেজ তপত কিমান,
 —কি যে বাহুবল!

জা: গো:।— মানিলে অসম বুলি
 বীৰ-ডাঙ্গৰীয়া।

বৰ গো: ডা:।— বিপক্ষী যদ্যপি,
 শালাগোঁ বীৰত্ব মই আজমতৰাৰ,
 খুঁজিলে সি বীৰবৰে অমিততেজেৰে
 যদৱধি ৰণবল নপৰিল ক্ষয়!
 মিলিছিল আজি মোৰ মনৰ জোখায়
 সমান যুঁজাৰু এটি।

স: গো:।— তথাপিতো নোৱাৰিলে
 ঠাৱৰিব তেওঁ; নহটিল উজীয়া
 এপদো ৰণত!

ব: ব:।—ছঁয়া জুখি গছ জোখা
 প্ৰচলিত ধাৰা ধৰি বুজাঁ এবে, কেনে
 বীৰ ডাঙ্গৰীয়া।

বৰ গো: ডা:।— এৰাঁ ইমানতে
 আত্মগৰিমাৰ কথা। আছে আৰু জানাঁ
 সাধিবলগীয়া পণ আতপৰ বহু!
 লক্ষ মাথোঁ গুৱাহাটী নোহে আমাসাৰ;
 আছে আৰু ভাটীলই কামৰূপ সীমা।
 যদৱধি নুদ্ধাৰিম সমস্ত অসম,
 তদৱধি কৰ্ত্তব্যৰ নপৰিব শেষ।—

[ ৯৫ ]

 অহ, যি ৰাজ্য উদ্ধাৰ অৰ্থে, প্ৰাণাধিকা
 কন্যা মোৰ, জয়াই ত্যজিলে দেহ, ঘোৰ
 নিৰ্য্যাতন সখি, সেই ৰাজ্য সুকলমে
 নকৰোঁ উদ্ধাৰ মানে, জানিবা নিশ্চয়,
 নাই শেষ কৰ্ত্তব্যৰ।

স: গো:।— সাজু আছোঁ আমি।

জা: গো:।— সষ্টম সবাৱো।

ব: ব:।— ৰ'ব কোন্ পিচ পৰি।
 সেই শেষলই!

ব: গো: ডা: দেশপ্ৰেম তোমাসাৰ।
 শলাগোঁ বিস্তৰ। মিলে যদি সহযোগ
 সবাৰো সমানে, পতিত অসম পুনু
 উঠিব ত্বৰিতে; অনতিপলমে আৰু
 উদিব অদম্য তেজে নাৰীজাগৰণ।
 চেতনা সুৰত;—জয়মতী নিৰ্য্যাতন
 সঞ্জীৱনী বাণী হব হৃদি-উদ্গনি।
 বাহ্যিক উদ্গতি যেনে,—ৰাজ্যৰ বিস্তাৰ,
 আন্তৰিক উৰ্দ্ধগতি সাধিব সিৰূপে।
 জীৱন্ত নৈতিক বল জয়া-পটন্তেৰে;—
 ধ্ৰুৱসত্য কথা।

স: গো:।— সুযোগ্যা জীয়াৰী জয়া
 যোগ্য জনকৰ!

জা: গো:।— বীৰজায়া গদাপ্ৰিয়া—

ব: ব:।— বীৰ-প্ৰসৱিনী।

[ ৯৬ ]

ব: গো: ডা:।— অহ, দুটি নাতি-কোৱঁৰ,
 —লাই-লেচাই—দুটি সিংহৰ পোৱালি—
 মাতৃহীন আজি!

স: গো:।— হৃদয় বিদৰি যায়।
 আহিলে মনত সেই অযাচিতে অহা
 দুৰ্ভাগ্যৰ কথা!

ব: গো: ডা:।— নোবোলাঁ দুৰ্ভাগ্য।
 উদিব সৌভাগ্য জানাঁ, উঠিব যেতিয়া
 সেই সৌভাগী গজালি দুটি, গুৰি যাৰ
 দুৰ্ভাগ্য এতিয়া;—আপদে সম্পদ মাতে
 মানিবাঁ ধুৰুপ্‌। উঠন, পতন আৰু
 পুনৰ উত্থান সৰ্ব্বতিকালত লগা
 অলঙ্ঘ্য সৃষ্টিৰ নীতি। পতিত আহোম-
 কুল, ইন্দ্ৰবঙহৰ, উঠি পুনৰপি,
 হক দীপ্তিমান, দুপৰ-সূৰুজ যেন;
 পতিত অসম ঘূৰি উধাব ফালত
 চাবাঁ, জয়যুক্তা হই।

ব: ব:।— মানিছোঁ প্ৰত্যেক।
 যি লাই বাঢ়িব তাৰ চিন্‌ দুপতীয়া,
 প্ৰত্যক্ষ সৃষ্টি-ৰীতি;—লাই-লেচাই—
 তাৰ নিভাঁজ চানেকী।

জা: গো:।— মানিছোঁ ধুৰুপ;—
 অসম জননী আজি জননী ধৰাৰ?
 অসমত সতীতীৰ্থ হব প্ৰতিষ্ঠিত

[ ৯৭ ]

 জয়যুক্তা মহাসতী জয়মতী নামে;
 নোহে অন্যথা ইয়াৰ।

স: গো:।— নাৰীজাগৰণ আৰু
 অযাচিত ফল তাৰ অৱশ্যে ফলিব;
 ধৰ্ম্ম-কৰ্ম্ম হই একঠাই জিলিকিব
 জননী অসম।

ব: গো: ডা:।—আলচিছোঁ বহুপৰ
 বাজেকথা আমি, আচল কৰ্ত্তব্য ভুলি!
 ভাৰ্য্যা-গৃহ, পুত্ৰ কন্যা, জ্ঞাতি-পৰিয়াল,
 সজাতি-সমাজ আৰু সংসাৰ-ভাবনা;
 সমস্তকে পিচ কৰি, স্বদেশ উদ্ধাৰ--
 ব্ৰত আগ কৰি আমি আগুৱাব লাগে।
 স্বদেশৰ হিতচিন্তা, স্বদেশ উন্নতি।
 আমাসাৰ মহাব্ৰত নাসাধি নাভাবোঁ
 জানাঁ, অন্য কোনো কথা। আংশিক মাথোন
 সাধিছোঁ অদ্যাপি,—উদ্ধাৰিছো গুৱাহাটী;
 যাব লাগে ভটিয়াই যৱন ঢঙ্কাই।—
 "কামৰূপ বাজ কৰি নেখেদি নোলটোঁ"
 ধৰাঁ প্ৰতিজ্ঞা আমাৰ। যোৱাঁ দিহাদিহি,
 আহাঁগই সাজু হই, একে উলাহতে;—
 ছেগ নাই জিৰাবৰ!

(সকলোৰে দিহাদিহি প্ৰস্থান)।
[ ৯৮ ]
তৃতীয় গৰ্ভাঙ্ক।
পৰ্বত-প্ৰান্ত,—নৈ-দাঁতি।
(বৈৰাগী গদাপাণি )

বৈৰাগী।— ভ্ৰমিছোঁ বিস্তৰ!
 কিবা উদ্দেশ্যত ফুৰোঁ,
 নুবুজোঁ আপুনি।— নুবুজোঁ মনৰ গতি!
 শূন্য! শূন্য। শূন্য হাঁয়, জগত-সংসাৰ!
 (মৌন)
 (ভঞ্জনগীত গাই২ এজন তপসীৰ প্ৰৱেশ)

কীৰ্ত্তন।
ঝিঁঝিট খাম্বাজ—একতালা।
ভঞ্জা হে মন নাৰায়ণ অনাদি পাতন কাৰণ।
শঙ্খ-চক্ৰ-গদা-পদ্ম কমল-কৰত ধাৰণ।
অপাৰ কৰুণা বিতৰি আগে, ব্ৰহ্মাণ্ড পালন একহি ভাগে,
সৃজন পালন নিধন কাৰণ জগত জন তাৰণ।
অনন্তশয্যাত জগতস্বামী, লক্ষ্মীপতি হৰি অন্তৰ্য্যামী,
কটাক্ষে অপাৰ অপায় খণ্ডন প্ৰমাদ ভয় ভঞ্জন।
ব্ৰহ্মা-হৰে বন্দি নপাৱে মন, নিত্যানন্দ জগতকাৰণ,
নমোঁ নিৰঞ্জন দানৱ গঞ্জন ভকত বান্ধৱ ৰঞ্জন।
 (ভজনান্তত ক্ষন্তেক নীৰৱে বৈৰাগীলৈ চাই থাকে)।

[ ৯৯ ]

তপসী।—কোন্ তুমি? কিবা অৰ্থে ভ্ৰমিছাঁ ই বেশে?
 কিয় বা এনুৱা তৱ উদাস পৰাণ?

বৈৰাগী।—ৰজাৰ কোৱঁৰ মই, নাম গদাপাণি।
 ভ্ৰমিছোঁ বিৰহী আজি, প্ৰিয়া হেৰুৱাই।

তপসী।— কোন তৱ প্ৰিয়া সিটি?
 —হেৰাল কিমতে?

বৈৰাগী।—জয়মতী প্ৰিয়া মোৰ।
 পীড়িছিলে লৰা-ৰাজে, পাশৱ পীড়নে,
 অবাবত মোৰ হন্তে প্ৰিয়া। নেদেখিলোঁ,
 ঘূৰি গই উদ্ধাৰৰ হেতু, গল কেনি
 প্ৰিয়া মোৰ বান্ধোন এৰাই। ভ্ৰমি বহু
 ফুৰিছোঁ বিচাৰি। নাপালে এবাৰ দেখা,
 নামানে পৰাণে!

তপসী।—বুজিলোঁ বিকাৰ তৱ।
 নহবাঁ অধীৰ হেৰা, তুমি মহাবীৰ।
 মহাসতী ভাৰ্য্যা তৱ, লইছে জিৰণি,
 গোলোকধামত গই!

বৈৰাপী।—নেদেখি নৰয় প্ৰাণ!

তপসী।—ধ্যানত বিচাৰি চোৱাঁ, ক্ষন্তেক নীৰৱে;
 পাৰাঁ যদি জোতি বীৰ, মানিবাঁ প্ৰত্যেক,
 সাবিত্ৰী সখীৰ স'তে দেখি তৱ প্ৰিয়া।

বৈৰাগী।—নাজানোঁ ধ্যানৰ বিধি।
 নাজানোঁ ব্যৱস্থা আৰু মূৰ্ত্তি-ধাৰণাৰ।

[ ১০০ ]

তপসী।— মায়া-চকু মুদি
 হবাঁ একচিত; তন্ময় ভাবত তেবে
 দেখিবাঁ স্বৰূপ ৰূপ, জ্ঞান-চকু মেলি।

বৈৰাগী।— (চকু মুদি) চকু মুদি দেখোঁ কিন্তু
 আন্ধাৰ জগত!

তপসী।—শুনাঁঁ, হেৰা বীৰবাহু!
 নহয় মানৱী এবে সতী জয়মতী;
 নাপায় তেৰাঁক দেখা মায়াযুত নৰে।
 নহবাঁ উদাস তুমি, নেৰিবাঁ সংসাৰ,
 জীৱনৰ মহাব্ৰত নেপেলাবাঁ জঁয়;—
 সাধি তৱ বাকী কাৰ্য্য মৰ্ত্ত্যজগতৰ,
 মিলিবাঁ স্বৰ্গত গই মহাসতী স'তে।
 পূৰ্ণ হব মনোৰথ, আশীছোঁ তোমাক।

(তপসীৰ প্ৰস্থান, বৈৰাগী তধৱ;

এজন অনুসন্ধান কটকীৰ প্ৰৱেশ)

ৰাৈগী।— (ধ্যানচকু মেলি) অহ, আহে মোৰ প্ৰিয়া!

আহাঁ, আহাঁ, আহাঁ!


(দুই হাত মেলি আবাহন কৰে)।


কটকী।— (মনতে) হব পায় এৱেঁ সেই
 বীৰ গদাপাণি।
 (ফুটাই) কোন্‌ তুমি মহাজন?
 কি হেতু ভ্ৰমিছাঁ বীৰ, বৈৰাগী বেশেৰে?

[ ১০১ ]

বৈৰাগী।—কোন্ তুমি?
 কিয় লাগে পৰিচয় মোৰ?

কটকী।— গদা-বন্ধু মই, দেৱ।
 আনিছোঁ বাতৰি এটি নগৰৰপৰা।

বৈৰাগী।—নগৰৰপৰা!
 কি বাৰ্ত্তা আনিছা তুমি গদাপাণিলই?
 ময়ে সেই দুৰ্ভগীয়া; দিয়াঁ মোক বাৰ্ত্তা সেই,
 বন্ধুৰ যদিহে হয়।

কটকী।—বন্ধুৰ বাতৰি।
 উপদেশ বৰগোহাঞি ডাঙ্গৰীয়াৰ
 আনিছোঁ তোমাৰ হেতু।

বৈৰাগী।—কেনে আছে ডাঙ্গৰীয়া?
 কিবা উপদেশ?

কটকী।— নিবেদোঁ কুশল।
 নিবেদিছোঁ উপদেশই,— হব লাগে গই
 নগৰত আগমন তৱ; বিতোপন
 মিলিছে সুযোগ এবে।

বৈৰাগী।— নাই প্ৰয়োজন,
 নিবিচাৰোঁ ৰাজভোগ, নামাতোঁ জঞ্জাল।

কটকী।—কিবা কোৱা বীৰবৰ!

বৈৰাগী।— নহবাঁ বিস্মিত।
 নপশো সংসাৰ আৰু নাই মায়া তাত,
 দেখিছোঁ অসাৰ সৱ, প্ৰিয়া-অবিহনে!

[ ১০২ ]

কটকী।—অশোভন এনে ভাব
 গদাপাণিলই। জন্ম যাৰ সংসাৰত,
 স্বদেশ কাৰণে; লক্ষ্য যাৰ দেশোদ্ধাৰ,
 দুষ্টৰ দমন আৰু সন্তৰ পালন;—
 সেই বীৰবাহু সংসাৰ-বৈৰাগী হোৱা
 নহয় শোভন।

বৈৰাগী।— সঁচা, কিন্তু কিনো কম!
 লাগিছে উদাস; পৰি গৈছে মন; অন্ত
 উছাহ, উদ্যম, প্ৰিয়াৰ বিয়োগ স’তে!

কটকী।— নকবাঁ সি কথা!
 নেৰিবাঁ জীৱন-ব্ৰত।
 জয়মতী-আত্মদান বৃথা নকৰিবাঁ।

বৈৰাগী।—তাকে হে উলটি চাওঁ।
 পৰিলে মনত মোৰ জীৱনৰ পণ,—
 আত্ম-গোপনৰ যি প্ৰধান কাৰণ,
 আৰু অনুৰোধ মোৰ স্বৰ্গীয়া প্ৰিয়াৰ,
 পাহৰোঁ সকলো হঁয়, হওঁ উত্ৰাৱল
 ৰণ-সজ্জা হেতু।

কটকী।— বীৰেচিত মনোভাব।
 মিলিছে সুযোগ;—শত্ৰুৰ নায়ক আজি
 পৰিছে উভলি; কূট্‌মন্ত্ৰী আৰু ৰজা
 উভয়ে উন্মাদ! ৰাজ্যৰ চম্ভালিছে
 বৰগোহাঞি ডাঙ্গৰীয়াই ঘাইমন্ত্ৰী
 বাব লই এবে।

[ ১০৩ ]

বৈৰাগী।—সুযোগ অৱশ্যে সঁচা।
 কবাঁ ঘূৰি গই, শিৰোধাৰ্য্য উপদেশ।

কটকী।—ধন্য বীৰবৰ!
 মাগিছোঁ বিদায় এবে।
 (কটকীৰ প্ৰস্থান)

গদা।—মানিলোঁ প্ৰত্যেক।
 সাক্ষী ৰবাঁ চন্দ্ৰ-সূৰ্য্য,
 নাই দোষ মোৰ; জ্ঞাতিদ্ৰোহ পাপে যেন
 নপৰশে মোক। কৰিলোঁ প্ৰতিজ্ঞা আজি
 ধৰ্ম্ম সাক্ষী কৰি,—সতীৰ সন্মান হেতু,—
 আপোন কুটুম্ব ৰজা নাশিম আপুনি।
 হব বহু উৎপাত ৰাজ্যত সম্প্ৰতি।—
 বিনাশি কুমন্ত্ৰীদল, নিপাতি পাপীক,
 পাপীৰ কঠীয়া মাৰি, আশে-পাশে যত,
 শান্তিৰ ৰাজত্ব পুনু কৰিম বিস্তাৰ।
 এৰিছে প্ৰিয়াই দেহা, থই সোৱঁৰণী,
 ৰব মোৰ জীৱনে-মৰণ; ৰব আৰু
 অভগন কীৰ্ত্তিৰাশি। কৰিব অমৰ
 মহাসতী প্ৰিয়া "জয়াতীৰ্থস্নান” নামে,
 “জয়সাগৰ-দ'ল" স’তে কীৰ্ত্তিচিন্‌ ৰই।
 হব এই শান্তিস্থল মহা শান্তিস্থল,
 যুগ-যুগান্তৰ। যাওঁ ঘূৰি কৰোঁগই
 যথা আয়োজন। হব লাগে ৰণ-সজ্জা
 যথাৱত ৰূপে। নতুনা অকলে গ‌ই

[ ১০৪ ]

পশিম নগৰ;—দিব পাৰে যোগদান
মিত্ৰপক্ষে আহি। প্ৰিয়া-চিন্তা লগে লগে;
দেশ-চিন্তা ললোঁ এবে কৰি সাৰোগত;—
ৰাজ্যৰ উদ্ধাৰ আৰু শত্ৰুৰ বিমাশ
কৰিম ইবাৰ। পূৰ্ণ হব আশা মোৰ,
প্ৰাণৰ বাসনা;—নহলে গদাৰ ভাৰ,—
অত ভাব-ভাৰী!—নোৱাৰে সহিব আৰু
জননী ধৰাই!  (গোৰোহনি মাৰি বেগেৰে প্ৰস্থান!)

(গীত গাই গাই দুফালৰপৰা দুগৰাকী অপেশ্বৰীৰ প্ৰৱেশ)

বেহাগ—আড়া।

চলে সতী জয়মতী,  দিলেহি কই মহামতি।
 নীৰৱে নিৰখোঁ আহাঁ, হব এবে দেখা সতী॥
স্বৰ্গলই গইছেমানে,  যোৱা নাই ইদৰে আনে,
 আলোকি বিমানপথ ধন্য কৰি প্ৰাণপতি।
স্বৰ্গৰ যতেক সখী,  গল যেন উৰি পখী,
 নিলেহি আদৰি সৱে পৃথিৱীৰ আৰু এটি॥
আকাশী কটকী গই,  কাণে কাণে দিলে কই,
 সামৰি সংসাৰ মায়া চলে সতী জয়মতী।
সীতা, সাবি, দময়ন্তী,  বিযুৰীয়া তিনি সতী,
 মিলিব এতিয়া যোৰা-যোৰা হব সতী॥

সামৰণি-পট পতন।