পৃষ্ঠা:জয়মতী.pdf/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বন্দীপাল।—খৰ্‌ কৰ্‌, বান্ধ্‌, ধৰ্‌। মই বিষয়াৰ ওচৰৰপৰা আহোঁ।
 আজি কি শাস্তি দিব লাগিব সুধি আহি কমহি।

(কেইটাই জয়মতীক খুটাত বান্ধে)

৩য়, চাউডাং।—ককাইহঁত, আজি লৰাধপৰাকৈ অহাত বৰ ভাগৰ লাগিছে;
 আগেয়ে অলপ জিৰাই লওঁ। কি বোল হঁক?

(ছদ্মবেশী গদাপাশিৰ প্ৰৱেশ)

১ম, চাউডাং।—আগৰ বাৰ আহি নাপাই ঘূৰিপকি ফুৰোঁতেই দুপৰ হল।
 আৰু যি হে টিকাফটা ৰ'দ!

২য়, চাউডাং।—এৰা, কাৰ দিন কাৰ ৰাতি; বহিবহে লাগিল। বিষয়াক
 অহা দেখিলেই উঠিমহঁক, কি বোল?

গদা।— (জয়মতীৰ কাষ চাপি) আমি দেখি হলে বৰ দুখ পাইছে।
 মানুহজনি! ঘৰৰ মানুহৰ কথা কৈ দিলে হলে ভাল আছে দেই!

জয়া।— (মনে মনে) কৰে দেখোঁ সৰ্ব্বনাশ!
 চাপিছে সঘনে কাষ, প্ৰাণেশ্বৰ মোৰ।
 চিনে যদি শত্ৰুপক্ষ কি হব উপায়!—
 (ফুটাই) ইসৱক ইয়ালই মাতিছে বা কোনে?
 গুচি বা নাযায় কিয়? নিদিলোঁ সন্ধান,
 স্বামী মোৰ আছে য’ত সোধোঁতে ৰজাই
 ভুঞ্জিলোঁ লাঞ্ছনা আৰু যন্ত্ৰণা অশেষ
 প্ৰতিজ্ঞা যি ৰাখোঁ বুলি, নোৱাৰোঁ ভাঙ্গিব
 পূৰণৰ মুহূৰ্ত্তত তাক! ভাগে যদি
 কিবা ৰূপে, ভাগিব ই হিয়া অকাৰণ,
 অতনা সাধনা-ফল,—দুখৰ মৰণ!