পৃষ্ঠা:জয়মতী.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 বন্ধুৰ বুজনি যেন নালাগে মনত,
 যাৰ এনে নিকৰুণ চিত্‌‌‌‌; কয় যেয়ে
 ই হেন সাধনা অথলে যোৱাৰ কথা!
 বতাহে বিতৰি দয়া নিয়ে বাৰ্ত্তা যদি,
 দিছোঁ হিয়া উদিয়াই সৰল প্ৰাৰ্থনা
 পতিধনলই;— ৰাখে যেন কথা মোৰ,
 থাকি আত্মগোপনত; নাপাহৰে যেন,
 কদাপিও জীৱনৰ উদ্দেশ্য মহান্;—
 এয়ে মোৰ অন্তিমত গোহাৰি প্ৰাণৰ।

 (চাউডাহঁতে জপৰ-পৰকৈ টোপনিয়ায়)

৩য়, চাউডাং।—ককাইহঁত, বৰশীত মাছে বৰকৈ খুটিছে!

১ম, চাউডাং।—এৰা, ভাগৰত চকু মুদাই নিছে, বুপাই।

গদা।— বুজিছে অন্তৰে মোৰ সঙ্কেত প্ৰিয়াৰ।
 কিন্তু হাঁয়, এৰি যাওঁ কোন্‌ সতে থই
 প্ৰিয় মোৰ এনুৱা দশাত! আন হাতে,
 অন্তিমৰ অনুৰোধ, এৰাওঁ কিমতে!
 বাৰম্বাৰ কয় প্ৰিয়া, টানতো নুভুলোঁ
 যেন, মোৰ জীৱনৰ উদ্দেশ্য মহান্।
 সাৰুৱা প্ৰিয়াৰ যুক্তি নোৱাৰি খণ্ডাব,
 আছোঁ মই অত দিন আত্ম-গোপনত,
 জীৱনৰ ব্ৰত মোৰ পালি অন্তৰত।
 যি ব্ৰত ৰক্ষাৰ হেতু সহি অত ক্লেশ,
 পাইছেহি পাৰ তাৰ পণ্ডিতা প্ৰিয়াই,
 কি সতে ভাঙ্গিম তাৰ পূৰ্ণ হোৱা বেলা।