সমললৈ যাওক

পৃষ্ঠা:জয়মতী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
জয়মতী

 অহ, যি ৰাজ্য উদ্ধাৰ অৰ্থে, প্ৰাণাধিকা
 কন্যা মোৰ, জয়াই ত্যজিলে দেহ, ঘোৰ
 নিৰ্য্যাতন সখি, সেই ৰাজ্য সুকলমে
 নকৰোঁ উদ্ধাৰ মানে, জানিবা নিশ্চয়,
 নাই শেষ কৰ্ত্তব্যৰ।

স: গো:।— সাজু আছোঁ আমি।

জা: গো:।— সষ্টম সবাৱো।

ব: ব:।— ৰ'ব কোন্ পিচ পৰি।
 সেই শেষলই!

ব: গো: ডা: দেশপ্ৰেম তোমাসাৰ।
 শলাগোঁ বিস্তৰ। মিলে যদি সহযোগ
 সবাৰো সমানে, পতিত অসম পুনু
 উঠিব ত্বৰিতে; অনতিপলমে আৰু
 উদিব অদম্য তেজে নাৰীজাগৰণ।
 চেতনা সুৰত;—জয়মতী নিৰ্য্যাতন
 সঞ্জীৱনী বাণী হব হৃদি-উদ্গনি।
 বাহ্যিক উদ্গতি যেনে,—ৰাজ্যৰ বিস্তাৰ,
 আন্তৰিক উৰ্দ্ধগতি সাধিব সিৰূপে।
 জীৱন্ত নৈতিক বল জয়া-পটন্তেৰে;—
 ধ্ৰুৱসত্য কথা।

স: গো:।— সুযোগ্যা জীয়াৰী জয়া
 যোগ্য জনকৰ!

জা: গো:।— বীৰজায়া গদাপ্ৰিয়া—

ব: ব:।— বীৰ-প্ৰসৱিনী।