সমললৈ যাওক

পৃষ্ঠা:জয়মতী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পশিম নগৰ;—দিব পাৰে যোগদান
মিত্ৰপক্ষে আহি। প্ৰিয়া-চিন্তা লগে লগে;
দেশ-চিন্তা ললোঁ এবে কৰি সাৰোগত;—
ৰাজ্যৰ উদ্ধাৰ আৰু শত্ৰুৰ বিমাশ
কৰিম ইবাৰ। পূৰ্ণ হব আশা মোৰ,
প্ৰাণৰ বাসনা;—নহলে গদাৰ ভাৰ,—
অত ভাব-ভাৰী!—নোৱাৰে সহিব আৰু
জননী ধৰাই!  (গোৰোহনি মাৰি বেগেৰে প্ৰস্থান!)

(গীত গাই গাই দুফালৰপৰা দুগৰাকী অপেশ্বৰীৰ প্ৰৱেশ)

বেহাগ—আড়া।

চলে সতী জয়মতী,  দিলেহি কই মহামতি।
 নীৰৱে নিৰখোঁ আহাঁ, হব এবে দেখা সতী॥
স্বৰ্গলই গইছেমানে,  যোৱা নাই ইদৰে আনে,
 আলোকি বিমানপথ ধন্য কৰি প্ৰাণপতি।
স্বৰ্গৰ যতেক সখী,  গল যেন উৰি পখী,
 নিলেহি আদৰি সৱে পৃথিৱীৰ আৰু এটি॥
আকাশী কটকী গই,  কাণে কাণে দিলে কই,
 সামৰি সংসাৰ মায়া চলে সতী জয়মতী।
সীতা, সাবি, দময়ন্তী,  বিযুৰীয়া তিনি সতী,
 মিলিব এতিয়া যোৰা-যোৰা হব সতী॥

সামৰণি-পট পতন।