পৃষ্ঠা:জয়মতী.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮৮
জয়মতী

 তথাপি নেৰিছোঁ পণ প্ৰিয়া উদ্ধাৰৰ
 আহোঁগই ততালিকে দল-বল লই,
 যতে যিবা পাওঁ। (কেইখোজমান যায়)।
 (উলটি) অহ, এৰি মোৰ প্ৰিয়া।
 উলটি আহিছে মন, নোৱাৰোঁ ভিৰাব;
 নোৱাৰোঁ বঢ়াব খোজ দেহাভাৰ লই,
 প্ৰাণ মোৰ প্ৰিয়া সতে ৰাখি ইয়াতেই! (ক্ষন্তেক মৌন )
 কিন্তু হাঁয়, জীৱন উদ্দেশ্য পৰে জঁয়!
 —নকৰোঁ পলম আৰু কৰি বৃথা খেদ?
 যাওঁ, ঘূৰি আহোঁ গই দলবল লই।
 (গদাপাণিৰ সবেগে প্ৰস্থান)

১ম, চাউডাং।— হেৰ, উঠচোনহঁক। চাচোনহঁক মানুহ গৰাকীলৈ;সময়
 চাপিল যেন পাইছোঁ।

জয়া।— (ঘিণভাৱে চাই) লাগিছে ভাগৰ?

১ম, চাউডাং।— ( আছাৰ খাই পৰি ) ঔ, গোসাঁই। চকু নে জুই ঔ! এওঁ
 কোনোবা দেবী ঔ! মেলি দে, মেলি দে। হেৰ, এতিয়া
 হলেও মৰিম, পাচে হলেও মৰিম। মাৰেও মাৰক, কাটেও
 কাটক। এৰি দিওঁহঁক।

২য়, চাউডাং।— খেমা কৰাঁ মাতৃ। চিনা নাই আমি অভাজনে।
 (জয়মতীক মোকলাই দিয়ে।)

৩য়, চাউডাং।— হে, মোৰ কথাও কবি ঔ ককাই! মই চাবই পৰা নাই।

জয়া।- ভাগৰিলি নৰঘাটি!
 পালি দুখ ভালেমান; নকৰিবি খেদ।
 চাপিছে ওচৰ, প্ৰতিজ্ঞা পূৰণ-ক্ষণ;
 এৰিম মই দেহাভাৰ ক্ষন্তেক পাচত। (মৌন)