জয়মতী/চতুৰ্থ অঙ্ক
নগাপৰ্ব্বতৰ নামনি।
(দুটা পাণ-বেপাৰী।)
১ম, বেপাৰী।—ধৰম? তোৰ পাণ কি দৰে সলাবি?
২য়, বেপাৰী।—এৰা, সলাব লাগে এটা দৰত। তেও বুলি, গুছিত
একঠাকৈ চাউল নাপাম জানো?
১ম, বেপাৰী।—মই হলে কানিলৈ হে সলাম বুপাই! এই বছৰ আৰু
আফুখেতিত হাতকে লগাব নোৱাৰিলোঁ। লৰাটোৰ
নৰিয়া। ৰজাৰ ঘৰত দুটাৰ হৈ খাটিব লগা হল।
খেতিলৈ আৰু সময় পাওঁ কেতিয়া!
২য়, বে:।—এৰা, নৰিয়াৰ বাবটো এৰিব লাগিছিল।
১ম, বে:।— এ, নকবি, মোৰ কুটুম! আজি-কালি যিহে অইনাই-
অধৰমৰ দিন পৰিছে, জীৱন ধৰাই টান হৈছে।
২য়, বে:।— সঁচা কৈছ ককাইটি। গদাকোৱঁৰৰ ঘৈণী আইদেউ
লৈকে নাচাৱ কিয়? আমি কোন কুটা!
১ম, বে:।— নকবি, নকবি মোৰ বুপাই! মানুহ গৰাকীৰ বিলাই দেখি
পানীত হাঁহ নচৰা হৈছে ঐ!
২য় বে:।— ভাল সহিছে হয়! এ গোসাঁই, অতনা শান্তি! মতা
মানুহেও নোৱাৰে স'ব দেও!
গদ।— ক'ত যাব লাগে তহঁতি?
২য়, বে:।— আমি ভৈয়ামৰ মানুহ মিতা! কিবা-কিবি সলাবলৈ
আহিছিলোঁ। যাওঁগৈহে এতিয়া।
১ম, বে:।— এৰা, উঠ্, যাওঁগৈ। বাটতে ৰাতি হব আজি!
গদা।— তুমিখানে কি কথা কৈছিলে এতিয়া?
২য়, বে:।— এ, নুসুধিবা মিতা, আমাৰ দেশৰ কথা! সেই গদাপাণি
নামেৰে আমাৰ বৰ ভাল কোৱঁৰ এজনা আছিল। তেওঁ
ৰজাৰ ভয়ত পলাইছে। পিচে, সিফালে তেওঁৰ ঘৈণী-
আইদেউ গৰাকীক জেৰেঙা পথাৰত বান্ধিলৈ নথৈ শাস্তি
দিছে। তাকে হে কৈছে, বোলোঁ দেখিলে পানীত হাঁহ
নচৰা হৈছে। সাতশতুৰুৰো চকুৰ পানী ওলায়। যাওঁ
আমি এতিয়া, মিতা, থাকিবাঁ।
গদা।—(অকলে) সপোনত পালোঁ যেন
বাৰ্ত্তা দিঠকৰ;— প্ৰিয়া মোৰ অনাথিনী;
ভুঞ্জিছে যন্ত্ৰণা! দেখিছোঁ সপোন আৰু;—
ঘোৰ অত্যাচাৰে গ্ৰাসে যেন পিতৃ-ৰাজ্য!
নায়ক হইছে তাৰ, সেই লৰা-ৰজা।
পাষণ্ড, দুৰ্ম্মতি, কুমন্ত্ৰণাৰ বশ পাপী।
লভোক সি ৰাজভোগ; ঈৰ্ষাভাব মোৰ
লেশমাত্ৰ নাই তাত,—নাছিল সমুলি।
কিন্তু হাঁয়, পিতৃৰাজ্য ছাৰখাৰ কৰা
নসহে প্ৰাণত!—নোৱাৰোঁ থাকিব চাই
নিলগে নীৰলে, ভয়াতু জনৰ প্ৰায়!
দুৰ্ব্বলচিতীয়া লৰা, ৰজা পাতি লই,
দুৰ্ম্মতি মন্ত্ৰীৰ দলে বিষয়া সইতে
পক্ষাপক্ষ দলাদলি ঘটাই ৰাজ্যত,
হুলস্থূল হাহাকাৰ অশান্তি চৌপাশে
ঘটাইছে ৰাজ্যজুৰি!— হাটে-বাটে ঘাটে,
সবাৱৰে মুখে মাথোঁ অত্যাচাৰ কথা!
দুষ্টৰ দমন আৰু সন্তৰ পালন,
উলটিল ৰাজনীতি আহোম ৰাজ্যত!
অজ্ঞানত ৰতি আৰু জ্ঞানত বিৰক্তি,
পাপৰ উত্থান আৰু পুণ্যৰ পতন,
ৰাজ্যৰ লক্ষণ আজি ইন্দ্ৰ-বঙহৰ!
ধিক মোৰ জীৱনত,— ধিক! ধিক্!! ধিক!!!
—সহি অত অধৰম, অন্যায় শাসন,
আছোঁহি লুকায়! (মৌন)
অনাথ সন্তান দুটি
পৰিছে মনত আৰু। কাপুৰুষ মই;—
দিছোঁ এৰি, নিৰ্ব্বিবাদে পীড়িছে প্ৰিয়াক,
মোৰ হন্তে অবাবত! ৰাজ্য এৰি হাঁয়,
অকলে আহিলোঁ, অকলে পৰাণ মোৰ
বচাবৰ গুণে! ধিক্ এই জীৱনত,
ধিক্কাৰোঁ শতেক। ধিক্ এই বাহুবল,
ধিক্ আৰু বীৰ নাম লাঞ্ছনাৰ হেতু!
নসহে পৰাণে আৰু প্ৰিয়াৰ যন্ত্ৰণা,
শুনিলোঁ ষি বাটৰুৱা বেপাৰীৰ মুখে!
সৈন্যবল হয়মানে যুগুত ইয়াত,
পাকতে প্ৰিয়াক মোৰ বিপদৰপৰা
আহোঁ মুক্ত কৰি।
(বেগেৰে কেইখোজমান যাওঁতে জিনুৰে সৈতে ভেঁটাভেঁটি)
জিনু।— (উত্ৰাৱল ভাৱে) আক্কিতো! তুমি হ'লে ক’তে যাইছে?
গদা।—(ব্যগ্ৰভাৱে) জিনু! মই ভৈয়ামত যাম। বৰ ডাঙ্গৰ কাম
আছে। মই বাজে বাজে যাওঁ গৈ। তই ঘৰলৈ উলটি যাগৈ।
আমাৰ আজক কবি, মই আকৌ আহিমগৈ, দেই।
জিনু।—(বেচি উত্ৰাৱল হৈ) তুমি হলে ক’তে যাব, আমি ভি লগতে
যাব। আমি হলে গৰতে অকলে নবহে। (কান্দো-কান্দো!)
গদা।— আও! তই কেনেকৈ যাবি? ভৈয়ামৰ মানুহে তোক
কাটিব। ঘৰলৈ যাগৈ জিনু!
জিনু।—(কান্দিকান্দি) আমি হলে অকলে নবহে। তুমি লগতে
যালে হলে বাল আছে।
গদা।—মই আকৌ ঘূৰিম জিনু! ইয়াত মোৰ আৰু বহুত কাম
আছে। যাগৈ জিনু, ঘৰলৈ। মই আহিলোঁ, যাগৈ যা
জিনু, আহোঁ দেই—
(বেগেৰে গদাৰ প্ৰস্থান)
জিনু।—(বিমোৰ হৈ) আক্কিতো!—অহঃ!—হি গলে গৈ!! আমি
হলে অকলে নবহেঃ। আমি ভি তাৰ পাচতে পাচতে যাই টাকিব—
কলিয়াবৰ,—ৰণকোঁঠ।
⸻•⸻
(বৰগোহাঞি ডাঙ্গৰীয়া, সলালগোহাঞি, জাগিয়াল গোহাঞি, মহিয়াল
বৰুৱা, বৰা, শইকীয়া, হাজৰিকা ইত্যাদি)।
স: গো:।— ভীষণ বাতৰি অহ!
পৰিছে কাণত আহি, নগৰৰপৰা।
শুনি হিয়া বিদৰিছে হাঁয়!—কবলই
সত যোৱা নাই।
জা: গো:।— কিনো সি বাতৰি?
কিয় বা বিদৰে হিয়া?
ব: বৰুৱা।— দিয়াচোঁ আভাস,
নিদিয়াঁ যদিহে বাৰু আঁতিগুৰি মাৰি
পূৰ্ণ বিৱৰণ তাৰ।
হাজৰিকা।— সঁচা, উগুল-থুগুল
লাগিছে মনত, কিনো কথা কিনো বাৰ্ত্তা
শুনিবৰ হেতু।
শইকীয়া।— লাগিছে আমাৰো তেনে।
বৰা।— লাগিছে আমাৰো।
বৰ গো: ডা:।—ডালতকৈ চৰে দেখোঁ পাত!
কবলই ধৰোঁতেই অত অনা-গুণা;
কলে জানো বাঢ়ি যায় আৰু কুঁহিপাত?
ৰাজকাৰ্য্য পিচ কৰি বাজে-আলোচনা
আগ কৰা অযুগুত; এৰাঁ এবে, থোৱাঁ
পাচলই।
স: গো:।— নকলে নামানে প্ৰাণে;
নেদেখোঁ উপায়!
ব: গো: ডা:।—কোৱা তেন্তে গিৰিসাই;
নকৰাঁ পলম।
স: গো:।—ডাঙ্গৰীয়া!
উজনিত উত্পাত চৰিছে বিস্তৰ
গদাপাণি কোঁৱৰক লই। আৰু হাঁয়,
জয়মতী নিৰ্য্যাতন কথা!
ব: গো: ডা:।—জানোঁ আদ্যোপান্ত তাৰ।
জানোঁ আৰু জয়মতী নিৰ্য্যাতন কথা।
কিন্তু হাঁয়, নামনিৰ দুৰদশা আজি
দেখোঁ ততোধিক।
জা: গো:।— তথাপি, শুনোচোঁ বাৰু।
ৰ: ব:।— কোৱাচোঁ চপাই।
স: গো:।— অতনা লাঞ্ছনা হাঁয়,
সহিছে জয়াই! শুনিলে বিদৰে হিয়া
নসহে পৰাণে! পানীত নচৰে হাঁহ
দেখি হেনো জয়াৰ যাতনা! তথাপিতো
দিয়া নাই স্বামীৰ সন্ধান। দেখি সৱে
মানিছে বিস্ময়।
হাজৰিকা।— শুনোঁতেই লাগিছে বিস্ময়!
শইকীয়া।— আচৰিত!
বৰ গো: ডা:।— নামানে বিস্ময় এই
পিতৃৰ পৰাণে। ঈশ্বৰৰ অভিপ্ৰেত
কাৰ্য্য সমুদায়;— দেশৰ মঙ্গল হেতু
জয়মতী বলি বুলি জানিবাঁ নিশ্চয়।
—হব দেশোদ্ধাৰ।
স: গো:।— তথাপিতো ডাঙ্গৰীয়া!
বৰ গো: ডা:—এৰাঁ বাজেকথা।
হোৱাগই সাজু এবে, কালি ৰণলই।
লালুকসোলাৰপৰা আজমতৰাই
ললে দেশ সংগোপনে,—ললে গুৱাহাটী!
নকৰি উদ্ধাৰ মই সুৰাজ্য আগেয়ে
নধৰোঁ নাভাবোঁ একো আন কাৰ্য্য-চিন্তা;
আগে দেশ, পাচে ঘৰ-বাৰী। এতেকতে
যোৱাঁহঁক, যোৱাঁ দিহাদিহি, কৰাঁগই
যুগুতি যি হয়;—হব লাগে ৰণযাত্ৰা
কালি ঊষা-পুৱাতেই।
সকলোটি।— ভাল, ডাঙ্গৰীয়া! (বিষয়াসকলৰ দিহাদিহি প্ৰস্থান)।
গো: ডা:।—(অকলে) লালুকী লালুক সোলা
নহওঁ নিশ্চয় মই! আছে দুয়োপাৰী,
আছে মোৰ তীক্ষ্ণ দাঁত, কৰচনি হেতু,
বয়সৰ সীমাডেই আশী বছৰত।
আছে আৰু বাহুবল চম্ফল ডেকৰি।
দহজন সামৰিব পাৰোঁ অকলই।
জিনিম যৱন গই সমুখ ৰণত,
নিপাতি যতেকমানে শত্ৰুসেনাগণ,
স্বহাতে বধিম কালি আজমতৰাক;—
উদ্ধাৰিম দেশ মোৰ কামাখ্যাৰ থান্।
নতুবা সঁপিম ৰঙ্গমনে দেহা এই
শত্ৰুৰ হাতত, নোৱাৰোঁ জিনিব যদি
সামান্য যৱনদল।—জিনিম, জিনিম,
জিনিম যৱন। (উত্ৰাৱল হৈ, নিমিষতে মৌন )
অহ! যি দেশ উদ্ধাৰ হেতু জয়মতী,
প্ৰাণাধিকা কন্যা মোৰ,—আজি নাৰীবলি,—
সহিছে যি নিৰ্য্যাতন, যি দেশ কাৰণে,—
সেই দেশ সঁপি দিম শত্ৰুক অবাধে?—
অসম্ভৱ, অসম্ভৱ, এই জীৱনত।
(সবেগে প্ৰস্থান }
ৰজাৰ ভিতৰ-চৰা।
(ৰজা, বেজবৰুৱা, ন্যায়সোধা-গোহাঞি-ফুকন, বৰপাত্ৰ গোহাঞি ডাঙ্গৰীয়া)
ৰজা।— (নৰিয়া-শয্যাত চাটিফুটি) উঃ, আঃ, হাঃ!
বেজবৰুৱা।— বিষম বিকাৰ।
সাংঘাতিক বায়ুবৃদ্ধি। আপুনি বঢ়ালে
আগেয়ে নকৰি কাণ, থাকোতে সামান্য।
বৰপাত্ৰ।— নকলে আমাকে কেৱেঁ।
ৰজা।— (উন্মাদ হৈ শয্যাৰপৰা উঠি) অহ, ঘূৰিছে পৃথিবী!
ঘূৰে ঘৰ গছ তা দেখিছোঁ যতেক।
ৰাজমাও।— কি হল বাছাৰ হাঁয়।
কিয় এনে চাটিফুটি, কিন্তু দেখে ঘুৰা
স্থিৰ ঘৰ-বাৰী?
বেজবৰুৱা।— বকিছে প্ৰলাপ।
নহবাঁ অধীৰা মাও! নাই কোনো ভয়;
হব শীঘ্ৰে উপশম।
ৰজা।— ধৰ্, ধৰ্, ধৰ্, নিয়ে মোক উৰুৱাই?
ন্যায়-ফুকন।— চোৱাঁ হেৰা বেজদেৱ, দেখিছোঁ বিষম!
বৰপাত্ৰ।— ৰক্ষা কৰাঁ মহাপ্ৰভু!
পাপৰ নিকাৰ দেখোঁ ভূঞ্জে হাতে হাতে!
ন্যায়-ফুকন।— কি হব উপায়!
ৰাজমাও।— কিবা চাই আছা বেজ!
আতিকে বিষম গতি দেখিছোঁ লৰাৰ।
অতুল ঐশ্বৰ্য্য পাবাঁ মোৰ দান তুমি,
বঁচালে বাছাক।
বেজবৰুৱা।— স্থিৰ হোৱা ৰাজমাও।।
নকৰোঁ যত্নৰ ক্ৰটী, কৰা নাই লেশ।
ধনৰ আশাত। চিন্তাৰ বিকাৰ ঘোৰ,
অনুতাপ আৰু ৰোগৰ কাৰণ মূল।
প্ৰকৃত ঘটনা আৱশ্যক জানিবৰ,
ব্যৱস্থাৰ আগে।
ন্যায়-ফুকন।— জানা তো বৰুৱাদেৱ, চলিত ঘটনা;—
গদাপাণি নিৰুদ্দেশ, সতী জয়মতী
সভাত লাঞ্ছিত আৰু ঘোৰ পীড়নত,
সন্ধান নিদিয়ে দেখি; ৰজা হল জানাঁ
নায়ক প্ৰধান তাৰ। তৰোপৰি শুনাঁ,
বাঢ়িছে আশঙ্কা ঘোৰ গদাপাণিলই,
কাহানি ধৰেহি বুলি, ৰণবলে আহি;—
শুনিছোঁ ৰণৰ সজ্জা হইছে যুগুত
নগা পাহাৰত। এয়ে চিন্তামুল,
আৰু বিকাৰ-কাৰণ।
বেজবৰুৱা।— মানিলো প্ৰত্যেক।
ঔষধ সেৱন, আৰু ভাব পাহৰণ,
উভয় ব্যৱস্থা ধৰি, চলাঁ দিন চাৰি।
ৰজা।— নাই, নাই পৰিত্ৰাণ।
কঁপিছে হৃদয় মোৰ দেখি সমুখত,
যন্ত্ৰণাৰ ঘোৰ ৰূপ, নৰক কুণ্ডৰ!
আচৰিলোঁ মহাপাপ; শাপিছে সতীয়ে,
শাপিছে দিনকে হাঁয়, ঘোৰ পীড়ণত।
ধৰাঁ ধৰাঁ, মোক নিয়ে কিহে ভুকুৱাই
নৰকৰ ফালে!—(লালকাল দি নিটাল মাৰে)।
(আকৌ জঁকি উঠি) ইকি! ছি! ছি! ছি! ছি!
দুৰ্ব্বল চিন্তাত ভাহি, আহে অনুতাপ;
পাহৰায় পুৰ্ব্বভাব মোৰ! ছি! ছি! ছি! ছি!
ভাঙ্গিম প্ৰতিজ্ঞা মোৰ জিভা লুটিয়াই?
পাহৰিছোঁ দামিনীৰ অভিমান কথা?
পাহৰিম আৰু মোৰ প্ৰতিশোধ পণ?
নহব কাচিতো ইটো ৰাজযোগ্য কাজ;
নপৰোঁ পিছলি মই মাজমজিয়াত।
টলে যদি হিমাচল নটলিম মই;—
ইমানে হে মান মোৰ এই জীৱনত।
(বেগেৰে প্ৰস্থান)
দুৱৰী।— ধৰাঁ ধৰাঁ, আছা কোন, পৰিব ক’বাত।
(পিচে পিচ লৰ ধৰে)
ৰাজমাও।— বাঢ়িছে বিকাৰ হাঁয়,
কি হব উপায়!
বেজবৰুৱা।— নহবাঁ কাতৰ মাও।
দিছোঁ সজ উপদশ, পালিবাঁ যতনে,
নিজানত গই ৰোগী লভোক বিশ্ৰাম।
জিৰণিৰ পাচে দিবাঁ এপালি ঔষধ,
হব উপশম।
ন্যায়-ফুকন।— ময়ো কওঁ ৰাজমাও।
কুৱঁৰীয়ে লব লাগে শুশ্ৰূষাৰ ভাৰ।
বৰপাত্ৰ।— যুগুত ব্যৱস্থা ইটি;
নাথাকে বিকাৰ আৰু, এৰিলে চিন্তাই।
বেজবৰুৱা।— নকৰাঁ পলম।
ধৰাঁ গই ৰাজমাও! ব্যৱস্থা যুগুত।
ৰাজমাও।— যাওঁ, যি কৰে ঈশ্বৰে।
(ৰাজমাও প্ৰস্থান)
বৰপাত্ৰ।— অতি দুৰদশা হাঁয়।
বেজবৰুৱা।— ঘটিল কিমতে?
থাকোঁতে প্ৰবীণ মন্ত্ৰী তুমি হেন জন,
কিয় দিলা ডাঙ্গৰীয়া, পাপ-পথ এৰি।
ন্যায়-ফুকন।— নকবাঁ বৰুৱাদেৱ,
সমনীয়া মন্ত্ৰী হল বিঘিনি আমাৰ।
ধৰিলোঁ কতনা পন্থা ঘূৰাবৰ গুণে;
ৰাজমাও সমন্বিতে লৰিলোঁ বিস্তৰ,
নখণ্ডিল তথাপিতো, বিধিৰ লিখন।
—নুঘূৰিল ৰজা!
বেজবৰুৱা।— সৰ্ব্বদোষ আৰোপণ নকৰাঁ ৰজাত ,
কুমন্ত্ৰী অৱশ্যে হব পাপৰ গৰাকী।
ন্যায়-ফুকন।— ধৰিছাঁ স্বৰূপ;
এৰা নাই মহাপাপে কুমন্ত্ৰীক আজি।
হইছে উম্মত্ত তেওঁ, দিন তিনি-চাৰি;—
ভাবে কিবা, কিবা কয়, প্ৰলাপ সমূলি।
নাই ক্ষুধা, নাই তৃষ্ণা, নাযায় টোপনি।
দিঠকে সপোন দেখে।
ন্যায়-ফুকন।— আৰ্জিলে ভুঞ্জিব লাগে বিধিৰ বিধান।
ৰজা হই এই ৰীতি নোৱাৰে লঙ্ঘিব।
বেজবৰুৱা।— এৰোঁ পাপ কথা।
ন্যায়-ফুকন।— নাই পুণ্য কবলই!
এৰিছে সি পাপ-ৰাজ্য জয়মতী স’তে।
আছে মাথোঁ, পাপ-তাপ, শোক-দুখ, যত
কুমন্ত্ৰণাৰ ফল। লৰামতি লৰাৰজা
হাতৰ মুঠিত লই ঘটালে জঞ্জাল;
ৰাজ্য জুৰি বিয়পালে অশান্তিৰ ঢউ,
ঘাই-মন্ত্ৰী বাব লই দীঘলা আপই।
ভুঞ্জিছে নিকাৰ তাৰ ঘোৰ আশঙ্কাত,
গদাপাণি ঘূৰি অহা ভাবি। জানে তেওঁ,—
তেওঁতেই প্ৰথমতে পৰিব আক্ৰোশ,
পাপৰ প্ৰাশ্চিত্ত আৰু কৰিব আদায়;
সেই ভয়ে বিচলিত কৰিছে আপক,
কৰিব বিতত আৰু চাপেমানে কাষ
ভয়ংকৰ প্ৰতিশোধ দিন। ঠিক
দেখিছে সপোন, ঘোৰ বিভীষিকায়।
অনুতাপে মাজে দিছে উতলাই
প্ৰলয়ৰ তাপ তাৰ দেহ-মন ব্যাপি।
আৰু যত পাত্ৰ-মন্ত্ৰী আপৰ ফলীয়া,
সকলোৱে পাব তাৰ যথাযোগ্য ভাগ;
নহব অন্যথা।
বৰপাত্ৰ।— (ত্ৰস্তমান হৈ) আমাৰো ভাগত জানো
পৰে কিবা হাঁয়। উঠোহঁক সভাসদ,
যাওঁ ঘৰাঘৰি। লাভ নাই ভাবি আৰু
অতীতৰ কথা।
(দিহাদিহি প্ৰস্থান)
জয়া।— সহিলোঁ এপষ,
নিতে নৱ শাস্তি যত।
ভাবোঁ নিতে এৰোঁ দেহা সামৰি অপায়;
কিন্তু কিযে আশাধাৰী হুতাশীন প্ৰাণ,
নোৱাৰে ওলাব বাজ, দেহ-সজা এৰি!
সহিছোঁ যতেকমানে মনৰ বলত;
দেহাই ধৰিছে মাথোঁ শাস্তিৰ বিধান।
(উত্ৰাৱলভাৱে গদাপাণিৰ প্ৰৱেশ)
গদা।— (জয়মতীক সাবটি ধৰি) কিয় প্ৰাণেশ্বৰি।
নিদিয়াঁ সন্ধান মোৰ? কিয় অকাৰণ।
সহিছাঁ অতনা ক্লেশ। দিওঁ মোকলাই;
আহাঁ প্ৰিয়া, ঘুৰি যাওঁ নিজ ঘৰলই।
⸺অকলে জিনিম ৰজা। (জয়াৰ বান্ধ মেলাবলৈ ধৰে)
জয়া।—ইকি। প্ৰাণেশ্বৰ।
কিয় পাহৰিলা?— কিয় ভাঙ্গা আহি মোৰ,
জীৱনৰ মহাব্ৰত পাহৰি উদ্দেশ্য?
—পাহৰিলাঁঁ অনুৰোধ? পাহৰিছাঁ আৰু
জীৱনৰ মহাব্ৰত, —দেশোদ্ধাৰ পণ?
গদা।— নকবাঁ হে প্ৰিয়া, মোৰ, নকৰাঁ আক্ষেপ,
পাৰোঁতে দিছোঁহি ধৰা অনুৰোধ ভুলি,
নাভাবিবাঁ কদাচিত।
জয়া।—বুজিছোঁ বিশেষ।
কিন্তু, প্ৰাণনাথ। নবধিবাঁ আজি মোক
নিজ হাতে তুমি; নিদিবাঁ আপুনি ধৰা।
নুডুবাবাঁ ৰসাতলে পিতৃ-ৰাজ্য আৰু।
গদা।—কি কৰোঁ উপায়!
শক্তিয়ে এৰিছে মোক এৰোঁ কেনেকই?
জয়া।— দিছোঁ শক্তি প্ৰাণনাথ।
সতীৰ শক্তিৰে তৱ বাঢ়োক শকতি।
সাধাঁ গই নিজকাৰ্য্য ৰাজপুৰুষৰ,
নেৰিবাঁ কদাপি নাথ, বীৰ-ধৰ্ম্ম তৰ;
ভাৰ্য্যাৰ মায়াত মজি নকৰিবাঁ হেলা,
ৰজাৰ কোৱঁৰ তুমি, ৰাজকাজলই।
নাভাঙ্গিবাঁ নিজে, শান্তি স্থাপনৰ পণ।—
নকৰাঁ পলম আৰু আঁতৰা ত্বৰিতে;
কাউৰীয়ে দিলে আহি পুৱাৰ জাননী,
উঠিব এতিয়া হাঁয়, পালী-পহৰীয়া।
আঁতৰি বঁচোৱা মোক, কৰিছোঁ কাকূতিু;
ৰাখাঁ মোৰ কথা নাথ, শেষ অনুৰোধ।
গদা।— (ক্ষন্তেক নিটাল মাৰি) আঁতৰিলে বাঁচে প্ৰিয়া।
ৰক্ষা পৰে আৰু মোৰ দেশোদ্ধাৰ পণ।
—ৰাখোঁ অনুৰোধ।
( অনিচ্ছাত এখুজি-দুখুজিকৈ আঁতৰ হয়)
জয়া।— ৰক্ষা কৰাঁ, মহাপ্ৰভো।
—নিয়াঁ নিলগাই।
(বন্দীপালৰ প্ৰৱেশ)
বন্দীপাল।— “হেৰ, ধোদ্হঁত! তহঁতে ইমানপৰলৈ শুই আছ। এতিয়াও
একো দিহা হোৱা নাই! শাস্তিলৈ বন্দী কেতিয়া নিবিহঁক?
১ম, প্ৰহৰী।— (খক্মক্ কৈ উঠি) এৰা হয়, বেলি উঠিল। খৰ কৰিব
হে লাগিল।
২য়, প্ৰহৰী।— (লৰালৰিকৈ উঠি) বেলি উঠিল হে বুলিছ, দুপৰ হল।
ভাল হৈছে, আজি আৰু কপালত কি আছে কোনে কব?
বন্দীপাল।— মই হলে তহঁতক হে পেলাই দিম, মোৰ গাত দোষ নাই।
১ম, প্ৰহৰী।—(জয়মতীৰ কাষ চাপি) যি কৰে ঈশৰে! হেৰ, ককাইহঁত!
আহ, খৰ কৰ, দুৱাৰ মেল, উলিয়াওঁ, ধৰহঁক।
বন্দীপাল। —পলম নকৰিবি। সিটো বাটেদি পোনাই লৈ যাগৈ। মই
বিষয়াক জনাই আহি, পাচতে গৈছোঁ।
(বন্দীপালৰ প্ৰস্থান)