জয়মতী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
জয়মতী
লেখক পদ্মনাথ গোহাঞিবৰুৱা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[ বকলা ]

জয়মতী।
(বুৰঞ্জীমূলক নাটক)
⸻●⸻

সাহিত্যিক পেঞ্চনাৰ,
শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা,
এম, আৰ, এ, এচ, ৰচিত।
⸻⸻⸻

তৃতীয় তাঙ্গৰণ।
১৮৫৩ শঁক।



তেজপুৰ,
লীলা-এজেঞ্চিৰপৰা
গ্ৰন্থকাৰৰ দ্বাৰাই প্ৰকাশিত।
⸺○⸺

    বেচ, ৸৹ তিনিসিকি।


All rights reserved by the Author.

[ মুদ্ৰণ তথ্য ]
 

কলিকতা, ২নং বেথুন ৰো,
“ভাৰতমিহিৰ” যন্ত্ৰত
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰাই মুদ্ৰিত।

 

[ উছৰ্গা ]
গদাধৰ (page 3 crop).jpg
উছৰ্গা।

স্বৰ্গাদপি গৰীয়সী
পৰম পূজনীয়া জননী
৺লম্ভী দেবী
আইতাৰ
দুখানি চৰণত
অভাজন পুত্ৰৰ
দুখানি চৰণত
অভাজন পুত্রৰ
ভক্তিপুষ্পাঞ্জলি।


  ৰচয়িতা।

[ পাতনি ১ ]
পাতনি।
⸺:○:⸺

 আহোম ৰাজবংশৰ তুংখুঙ্গীয়া ফৈদৰ মহাবীৰ গদাপাণি কোৱঁৰৰ বীৰাঙ্গনা ভাৰ্য্যা ‘জয়মতী কুৱঁৰী'ৰ চৰিত্ৰ-চিত্ৰ লৌকিক চিত্ৰ চৰিত্ৰৰপৰা ভালেমান খাপৰ ওপৰত,—ই অলৌকিক চিত্ৰৰ, সমকক্ষ। গতিকে, সেই অনুপম মহাসতীৰ চৰিত্ৰ অলৌকিক তুলিৰে সৈতে আঁচি, বুৰঞ্জীৰ ভেঁটিৰপৰা লৰচৰ নকৰাকৈ, তাৰপৰা নাটকৰ দৃশ্যাদি আঁকিবলৈ চল লাগি ৰৈছে। সেই সুচলতে, এই লেখকে তেওঁৰ ছাত্ৰকালৰ সংকল্পিত “জয়মতী” নাট এখনি ৰচিবলৈ সাহ কৰি ওলাইছে; দুঃসাহসৰ কাৰ্যফল যে নিঘুণী নহব, তাক কোৱাৰ সকাম নাই। কিন্তু, গুণগ্ৰাহী ৰাইজে ভালচকুৰে চালে, কালত এই বেয়াই ভাল হৈ উঠিবগৈও পাৰে; সেই আশ্বাস আপোনা-আপুনি পাঙ্গি লৈ, এই অপঁইতা ৰচয়িতাই বুৰঞ্জীমূলক নাটক ৰচনাৰ নিচিনা নিপুণ লেখকৰ সুকঠিন কামলৈ আগ বাঢ়িছে। এতেকে, ইয়াৰ ভয়াবহ ফলাফল কি হয়গৈ কব পৰা নাই এথোন। ইতি—

তেজপুৰ,
১৬ চ'ত, ১৮২২ শঁক।
বিনীত,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা
 
⸺○⸺
দ্বিতীয়বাৰৰ পাতনি।

 “জয়মতী” পোহৰলৈ ওলায়েই ৰাইজৰপৰা আশাতীত আদৰ পাই গ্ৰাহকৰ হাততে পমি যোৱাদি গল; আমাৰ হাত এতিয়া উদং। গতিকে, গুণগ্ৰহী ৰাইজৰ গুণ লৈ, ইয়াৰ নতুন তাঙ্গৰণ উলিয়াবলৈ লৰালৰিকৈ আগবঢ়া হৈছে। ইতি—

তেজপুৰ, অসম।
১৬ চ'ত, ১৮২৪ শঁক।
ৰচয়িতা।
 
⸺:○:⸺
[ পাতনি ২ ]
তৃতীয়বাৰৰ পাতনি।

 “জয়মতী” আকৌ গ্ৰাহকে হাত পাতি থকাতে নাইকিয়া হল। ইয়াৰ আদৰ আৰু প্ৰচলন ইমান বহুল হবগৈ বুলি আগধৰি ভাবিবলৈ নহল। গতিকে, অলপকালৰ ভিতৰতে আকৌ ইয়াৰ নতুন তাঙ্গৰণ উলিয়াব লগীয়া হল। কিন্তু, স্ব-প্ৰণীত ভালেমান পঢ়াশলীয়া পুথিৰ ন-ন তাঙ্গৰণ বছৰি উলিওৱা কাৰ্য্যৰ ভিৰত, আৰু কেইবাখনো বিবিধ বিষয়ক ন-ন পুথি লিখি প্ৰচাৰ কৰিব লগীয়া হোৱাত, যোৱা ভালেমান বছৰ গ্ৰাহকক “জয়মতী” যোগাব পৰা নাই। এতিয়াও, এই লেখকৰ স্কুলীয়া কিতাপত বাজে, অন্যান্য কিতাপ-পুথি কিছুমান একলগকৈ ছপাই এখনি গ্ৰন্থাৱলী উলিওৱাৰ দিহাকৰণৰ যোগতহে ই আকৌ পোহৰলৈ ওলাবলৈ এটা সু-ছেগ পাইছে। এই ছেগতে, নাটকখনি সৰ্ব্বাঙ্গতে এবাৰ হাতফুৰাই দি, ইয়াক বুৰঞ্জীৰ ভেঁটিত মট্‌মটীয়াকৈ থিয় কৰাবলৈ আৰু নাটমন্দিৰৰ বিশেষ উপযোগী কৰিবলৈ প্ৰয়াস পোৱা গৈছে। ইতি—

তেজপুৰ
১৬ চ'ত, ১৮৫২ শঁক।
ৰচয়িতা।
 
⸺○⸺

[ ভাওবিলাক ]
ভাওবিলাক।
মতা।
লাঙ্গি-গদাপাণি •••   •••  তুংখুঙ্গীয়া ফৈদৰ ৰাজকোঁৱৰ।
চুলিক্‌ফা—ওৰফে লৰা-ৰজা •••   •••  অসম দেশৰ ৰজা।
আতন—ওৰফে দীঘলা •••  •••  বুঢ়াগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লাইথেপেনা ••• •••  •••  বৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লাচামকলা ••• •••  •••  বৰপাত্ৰগোহাঞি ডাঙ্গৰীয়া মন্ত্ৰী।
লেচাই-ওৰফে ডেবেৰা (২য়) •••  •••  বৰবৰুৱা ঘাই বিচাৰক।
ধৰ্ম্মনাথ ••• •••  •••  ন্যায়সমাধাগোহাঞি ফুকন।
মুকুন্দ ••• •••  •••  সলাল বৰগোহাঞি।
চন্দ্ৰমল ••• •••  •••  জাগিয়াল গোহাঞি।
ৰমানন্দ ••• •••  •••   ৰহিয়াল বৰুৱা।
লাই আৰু লেচাই •••  •••  জয়মতী-গদাপাণিৰ পুত্ৰদ্বয়।
বেজবৰুৱা, চাওদাংবৰুৱা, চাওদাং, দূত, দুৱৰী, কটোৱাল, গুৱাল, গৰখীয়া, জালোৱা, হালোৱা, হাটৰুৱা, বাটৰুৱা, পাণবেপাৰী ইত্যাদি।

মাইকী।

জয়মতী •••  •••   •••  গদাপাণিৰ ভাৰ্য্যা
পদ্মাৱতী •••  •••  •••  জয়মতীৰ সখী।
আই-কুঁৱৰী •••  •••  •••  লৰা-ৰজাৰ জননী।
আহিনী •••  •••   •••  জয়মতীৰ বান্দী।
বগী ••• •••   •••   •••  বৰ-পোহাৰী।
চিনু ••• •••   •••  •••  নগাপৰ্ব্বতৰ নাগিনী।
জিনু ••• •••   •••   •••  চিনুৰ জীয়েক।
গঞানী, লিগিৰী, নাচনী ইত্যাদি।

[ - ]
 
জয়মতী (page 8 crop).jpg
 

[  ]
জয়মতী।
আৰম্ভণ।

(দুফালৰপৰা দুগৰাকী গায়িকাৰ প্ৰৱেশ)
গীত।


(বিহঙ্গৰা—জলদ একতালা।)
ভুলি গতি, আমি হেৰা আহিছোঁ অই।
স্বৰগ-দুৱৰী, আমি দুই কিন্নৰী,
শুনি বাঁহী, নামোঁ হাঁহি,
দুই প্ৰেমময়ী অপেচৰী।
উদ্যান উজ্বলি, ফুলি-আছে ফুলকলি,
আদৰেৰে তুলিমগই আমি।
সেউতী, মালতী, ফুলমাহী, যাতি-যুতী,
হালি-জালি হাঁহিছে পদুমী।
যাওঁ আমি, ঘূৰি ঘঁহি
হাঁহি হাঁহি নিলগ হই।
    (দুইৰো দুফালে প্ৰস্থান)।

⸻⸺
[  ]
১। অঙ্ক।


প্ৰথম গৰ্ভাঙ্ক।

মন্ত্ৰণা-চৰা।

(ৰজা আৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়া)

ডাঙ্গৰীয়া।— স্বৰ্গদেৱ!
 নোৱাৰিলোঁ নিৰাপদ কৰিব আমাক;—
 আজিও জীৱিত এক আপদ প্ৰধান।
 —নিশঙ্ক নহল সিংহাসন।

ৰজা।— কিবা কোৱাঁ!
 আছে আৰু, ডাঙৰীয়া, কালশত্ৰু মোৰ?—
 তুমি মোৰ পৰম বান্ধৱ; কৰাঁ ভাবি,
 যিবা ভাল বন্ধুজন মঙ্গল কাৰণ;
 —বিঘিনি নাশক তুমি মোৰ।

বু: গো:।— কৰা নাই ক্ৰটী লেশ; নকৰোঁ কাচিত।
 কতনা কোঁৱৰ বধ হল আশঙ্কাত,
 অঙ্গক্ষত কত জন কৰালোঁ গুপুতে,
 তৱ মঙ্গল কাৰণ

[  ]

ৰজা।—জানো সমুদায়।
 জানি তৱ হিতচিন্তা হিত অৰ্থে মোৰ,
 কৃতজ্ঞ অন্তৰে নিতে লওঁ তৱ গুণ।
 কিন্তু মন্ত্ৰি! কিহেতু চিন্তিত?—চিন্তাযুত
 দেখিলে তোমাক, চিন্তা-ভয় বাঢ়ে মোৰ।
 জানা তো পূৰ্ব্বৰ কথা,—জানি ভাগ্য হাঁয়,
 পূৰ্ব্বৰজাসকলৰ,—অকাল বিনাশ,—
 নেসাহিল প্ৰাণে মোৰ ৰাজ্য লাভলই।
 নাছিল সমূলি সিংহাসন বাঞ্ছা মোৰ।
 অবাবত প্ৰাণ দিয়া অতি অসহন;—
 সহেঁ তেও, হয় যদি দেশৰ কল্যাণ।
 তোমাৰ কথাত মাথোঁ পতিয়ন গই,
 উঠিলোঁহি কাৰেঙত; —কুক্ষণত হঁয়,
 লভিছিলোঁ আপদীয়া ৰাজপাট এই!—
 পিচে, ঘূৰি চিন্তা কিয়? কিবা অমঙ্গল
 দেখিছাঁ আগত তুমি? আপদ প্ৰধান
 বোলোঁ কাক? কোন সিটো প্ৰাণবৈৰী মোৰ?

বু: গো:।— নহয় সামান্য নৰ। নোৱাৰে চাপিব
 সাধাৰণে কাষ তাৰ।

ৰজা।—কিয় মন্ত্ৰীবৰ?

বু: গো:।—মহা বাহুবলী তেওঁ, লাঙ্গি-গদাপাণি।
 গোবৰ ৰজাৰ সুত, ফৈদ তুঙ্গ্‌‌ খুঙ্গ্‌‌।
 অঙ্গক্ষত কৰা তাৰ নহয় সম্ভৱ
 গুপ্তচৰ হতুৱাই।

[  ]

ৰজাক।— কি হব উপায়!

বু: গো:।— উপায় চিন্তিব লাগে।
 স্বৰ্গদেৱ, নহবাঁ অধীৰ; আছোঁমানে
 সহায় তোমাৰ,—ৰাখিম প্ৰতিজ্ঞা মোৰ।
 চাওঁ বাৰু, কি পাৰোঁ কৰিব যুক্তি-বুদ্ধি।
 —নহবাঁ বিমোৰ অতি।

ৰজা।—বাৰু, ডাঙ্গৰীয়া!
 প্ৰাণৰক্ষা মোৰ মাথোঁ, ৰাখিবাঁ মানত।

বু: গো:।—অৱশ্যে ৰাখিম। তাৰেহে ব্যৱস্থা হেতু
 যাওঁ এবে, কৰোগই সম্ভৱ যি হয়।

 (ডাঙ্গৰীয়াৰ প্ৰস্থান)

ৰজা— (আপোনাআপুনি) গদাপাণি!
 ভীষণ ই নাম! শুনি মোৰ কঁপে হিয়া।
 কান্দিছে অন্তৰে হাঁয়, কি জানো কি জানি!
 পৰিছে মনত আজি তাহানিতে দেখা,
 বীৰবাহু গদাপাণি ধেমালি-যুঁজত;—
 প্ৰকাণ্ড পুৰুষ আৰু “ভীম গদাধাৰী,
 অকলে শকত সিটো শত জনলই!
 অঙ্গক্ষতে নিৰাপদ নকৰিব মোক;
 নবধিলে গদাপাণি নুগুচে অপায়।
 আৰু এক ঈৰ্ষানলে দহিছে অন্তৰ;—
 জয়মতী পত্নীলাভ তাৰ! হিয়া উদঙ্গাই
 সঁপিছিলোঁ যাক ভালপোৱা। যাৰ হস্তে
 আজি সৰ্ব্বস্ব সঁপিব পাৰোঁ;—পাৰোঁ দিব

[  ]

অকাতৰে সিংহাসন এৰি! কিন্তু হাঁয়,
নুপূৰিল প্ৰেম-আশা, নাই প্ৰতিদান;
ঘিণ কৰি নিলগালে মোক! নিলগালে
যাচি দিয়া প্ৰেম মোৰ! অযাচিতে পালে
কিন্তু, সেই ভালপোৱা, গদাপাণি বীৰে।
সেই গদাপাণি! প্ৰেমত বিঘিনি মোৰ!—
যাৰ নামে ঈৰ্ষানল জ্বলি উঠে ঘনে!—
লম তাৰ প্ৰতিশোধ; লম এইবাৰ;
লই তাৰ প্ৰাণ আজি, বিৰহ-অনল
জ্বলাম, প্ৰতিজ্ঞা মোৰ, জয়াৰ বুকত!
 (প্ৰস্থান)


[  ]
দ্বিতীয় গৰ্ভাঙ্ক।

জয়মতীৰ শোৱাকোঠা।
(জয়মতী আৰু গদাপাণি)

জয়া।—প্ৰাণেশ্বৰ!
 পৰিছে মনত আজি, তাহানিৰ কথা—
 তাহানি নিলগে দেখাঁ, নিলগতে হঁহা
 পূৰ্ব্বৰাগে ওপচাই হিয়া।

গদা।—সঁচা প্ৰাণেশ্বৰি!
 পৰিছে মনত মোৰো পোনে দেখা পোৱা
 তোমাৰ লাৱণ্য প্ৰভা।

জয়া।—নোৱাৰোঁ ফুটাব
 সিদিনাৰ ভাব আজি। কিনো ভাৱে হাঁয়,
 নাচিছিল হিয়া মোৰ, কিবা উলাহত!—
 উগুল-থুগুল প্ৰাণ কিবা ৰহস্যত!
 নুবুজোঁ এতিয়া নিজে কিবা মোহনীত
 পৰিলোঁ প্ৰেমত তৱ।

গদা।—ধ্ৰুৱ অনুভৱ তৱ।—
 কৰিছিল মোকো তেনে; দুৰ্ব্বলৰ দৰে,
 ভাবত কঁপিলো মই তোমাকে ডৰাই!
 দেহাভাৰ সহিবৰ নাছিল শকতি।
 নাৰী হই নচুৱালাঁ ঠেকত পেলাই;—
 ৰণচণ্ডী তুমি!

[  ]

জয়া।—আৰু নাথ! সিদিনাৰেপৰা চাওঁ মই
 ধেমালি যুঁজত—থাকোঁ চাই নেদেখাত;—
 হিয়া মোৰ ওপচে আনন্দে, দেখি নিতে
 বিক্ৰম তোমাৰ।

গদা।—দেখা দিয়া হলে তুমি,
 নেদেখা বিক্ৰম মোৰ; দেখিলাহেঁতেন
 দুৰ্ব্বল কঁপনি মাথোঁ, জয়ঘামে ঘমা।

জয়া।—বিয়াত যিদিনা নাথ, দিলে লগ্নগাঁথি,
 —নহয় বেকত এবে সিক্ষণৰ ভাব।

গদা।— তেতিয়া আবেগ যেন বিৰিঙ্গি উঠিল,
 কপালত বিন্দু বিন্দু প্ৰেমৰস সাৰ।
 দেখা যেন লাগে মোৰ, তোমাৰো তেতিয়া,
 আবেগৰ চকু-লো আহোঁতে নিজৰি,
 ওৰণীৰ আগটিত লাগি।

জয়া।—প্ৰাণেশ্বৰ!
 সিদিনা যে পাতিছিলাঁ ৰোহ!

গদা।— প্ৰাণেশ্বৰি! ৰোহ নোহে,—
 আবেগেৰে হিয়া মোৰ উপচি আছিল,
 ভেটা লাগি প্ৰণয়-সোঁতত।

(লাই আৰু লেচাই লৰি আহি দেউতাক আৰু আইতাকৰ কোলাত উঠেহি)

লেচাই।—আইতা! আইতা!
 খোৰা-ৰজা কথা তুমি নকলাঁ দেখোন?
 পাহৰিলাঁ কম বোলা?

জয়া।—শুনাম সোণাই, আলি ভীমৰ কাহিনী।

[  ]

লাই।—দেউতা! দেউতা!
 থাকিল নহয় বাকী, হনুমন্ত কথা?—
 নপৰিল আধ্যা তাৰ।

গদা।—আছেনে মনত বাৰু, শুনিলাঁ যিখিনি?

জয়া।—হবাঁনে তুমিও পোনা, হনুমন্ত বীৰ?

লাই।—দেউতা-সমান হলে জিনিম ৰজাক।

গদা।—ৰাজদ্ৰোহ মহাপাপ, নকবাঁ সিকথা।

জয়া।—আপোন জীৱন-লক্ষ্য সুমৰিলে নাথ,
 'ৰাজদ্ৰোহ মহাপাপ’ নোবোলাঁ জানোচা?

গদা।—ৰাজ্যহিত ৰাজদ্ৰোহ কদাপি নহয়।
 পতন-উন্মুখী এই আহোম ৰাজ্যৰ
 উদ্ধাৰ সাধন, জীৱন ব্ৰতৰ মোৰ
 একমাত্ৰ ধ্ৰুৱতৰা; মন্ত্ৰী-ক্ষমতাই
 বাহুৰপে কৰে গ্ৰাস ৰাজশক্তি হাঁয়;
 পুনৰ্মুক্ত কৰা মোৰ পালিত বাসনা। (নীৰৱ)
 প্ৰিয়া, বাৰু আহোঁচো এতিয়া। (উদ্যত)

জয়া।— প্ৰাণনাথ!
 বেলি ভাটী দিলে আহি; ঘূৰিবা ত্বৰিতে। (গদাপাণিৰ প্ৰস্থান)

লেচাই।—আইতা!
 কওঁ-বোলা কোৱাঁ তেন্তে এতিয়া।

জয়া।—(লাই-লেচাই দুইকো দুহাতে ধৰি উঠি)
 বীৰৰ সন্তানে মোৰ বীৰৰ কাহিনী
 অৱশ্যে শুনিব লাগে। আহাঁ পোনাহঁত,
ফুলনিত কওঁগই ফুৰি ফুৰি ফুৰি। (প্ৰস্থান)

[  ]
তৃতীয় গৰ্ভাঙ্ক।
ৰজাৰ বৰচৰা।
(ৰজা, মন্ত্ৰীসকল আৰু সভাসদবৰ্গ।)

ন্যায়সোধা ফুকন।—কি বুলি বিহিবাঁ দণ্ড, নিৰ্দোষী জনক?
 গদাপাণি অপৰাধী নেদেখোঁ একোতে।

বু: গো:।—ৰাজাজ্ঞা পালন হেতু, দোষৰ বিচাৰ
 নালাগে হে হেৰা!

ফুকন।—কিবা কোৱাঁ ডাঙ্গৰীয়া।
 শাসন-বিধান এৰি, ৰাজাজ্ঞা কি বোলাঁ?

বৰবৰুৱা।— ৰজাৰ মঙ্গল হেতু, নহয় অবিধি;
 নাভাবোঁ অকৰ্ম্ম একো।

বৰপাত্ৰগোহাঞি।—মোৰো সেয়ে মত।
 ৰজাৰ মঙ্গলে জানাঁ, ৰাজ্যৰ মঙ্গল।

বু: গো:।—নামাতিবাঁ হেৰা আৰু; তোমাকে মাতিছোঁ।
 নুতুলিবাঁ আপত্তি বিশেষ। ভাবি-চিন্তি
 দিছোঁ মত, গদাপাণি অঙ্গক্ষত হেতু।

ফুকন।— নধৰিবাঁ মোক।
 নোৱাৰিছোঁ দিব মত। নিৰ্দ্দোষী জনৰ
 অবাবত অঙ্গক্ষত নহয় যুগুত;—
 তাতে গদাপাণি হেন পুৰুষ প্ৰধান,
 লভিছে জনম যি ঘোৰ সমস্যাত
 ৰাজ্যৰ মঙ্গল হেতু।

[ ১০ ]

ৰজা।— অবাবত?
 কিয় কোৱাঁ অযুগুত কথা?
 যি কাৰ্য্যে মঙ্গল মোৰ, ৰাজ্যত চৌপাশে
 শান্তি স্থাপনা হয় বাহিৰে ভিতৰে;
 কি বুলি অবিধি বোলাঁ, ৰাজনীতি মতে,
 তেনে শুভ কাৰ্য্য তুমি?

ফুকন।— নুবুজিলোঁ মই,
 নকৰিলে অঙ্গক্ষত গদাপাণি বীৰ।
 কিবা অমঙ্গল আছে ভিতৰি ৰজাৰ,
 কিয় বা অশান্তি বাঢ়ে ৰাজ্যত বাহিৰে।

ৰজা।— নকবাঁ বিস্তৰ।
 অঙ্গক্ষত উজু কথা। বধৰ উপায়
 আলচাঁ সভাত আজি। মহাশত্ৰু মোৰ
 ই ৰাজ্যত গদাপাণি। নবধিলে তাক,
 নুগুচে অশান্তি মোৰ।

বু: গো:।— ভাবি চোৱাঁ পুনৰপি,
 স্বৰূপ কইছে স্বৰ্গদেৱে। গমি চোৱাঁ
 অতীতৰ শোক-লগা কথা! অকালত
 হেৰুৱালোঁ, কত জনা যোগ্য স্বৰ্গদেৱ!
 ৰাজযোগ্য কোৱঁৰৰ পক্ষাপক্ষ হই,
 আমিও হইছোঁ সেই পাপকৰ্ম্মভাগী।
 সলোৱাঁ এতেকে, হেৰা, বিপৰীত ভাব
 আহাঁ বাটলই।

[ ১১ ]

ফুকন।— নহব ই কাৰ্য মোৰ;
 নোৱাৰোঁ ঘুৰিব মই তেনে বাটলই।
 অহ, গদাপাণি হেন বৰ অন্ত হেতু,
 —বৰগোহাঞি ডাঙ্গৰীয়াৰ অবিহনে,—
 ই হেন মন্ত্ৰণা-জাল! সাধাঁ তোমাসৱে
 উদ্দেশ্য যি হয়! নোৱাৰোঁ থাকিব চাই
 ইহেন ব্যৱস্থা।
 (ন্যায়সোধা-গোহাঞি-ফুকনৰ প্ৰস্থান।)

ৰজা।— ই কি আচৰণ!

বুঢ়াগোহাঞি।— ভাল হল, স্বৰ্গদেৱ!
 এৰিছে আপদে ভাল। যুগুত মীমাংসা
 মিলিব এতিয়া ভালে।

বৰবৰুৱা।— মিলিছে সুযোগ।
 আলচোঁ এতিয়া ধৰাঁ গদাৰ মৰণ।

বৰপাত্ৰ।— সঁচাকে' লাগিছে চল এতিয়াহে হয়।

ৰজা।— সেয়ে স্থিৰ।
 কৰাঁ ভাল যিবা হব পাৰে।
 গদাপাণি নাম যেন নালাগে শুনিব।
 শুনোঁ যেন কালি তাৰ মৰণ-বাতৰি।
 “শুভস্য শীঘ্ৰম্” মন্ত্ৰি, কৰিবাঁ স্মৰণ;
 নানিবাঁ অশুভ মাতি নকৰাঁ পলম।

বু: গো:।— নকৰোঁ পলম।
 চিন্তা নাই স্বৰ্গদেৱ।

[ ১২ ]

 গুপ্তভাৱে কৰিম যুগুতি যিবা হয়
 সভাসদে মিলি। ফলিব সুফল জানাঁ
 সাদিনৰ পাচে।

ৰজা।—মানিছোঁ আশ্বাস।
 উঠো তেন্তে আজিলই; যোৱাঁ ঘৰাঘৰি।
 সাদিনত কাৰ্য্য সিদ্ধি হয় যেন ভালে,
 ৰাখিব মনত সৱে।
 (প্ৰস্থান)


⸻⸻
[ ১৩ ]
চতুৰ্থ গৰ্ভাঙ্ক।
(জয়মতীৰ বুলনি)
(জয়মতী আৰু পদ্মাৱতী )


জয়া।—কিয় সখি,
 আছাঁ মন মাৰি?

পদ্মা।—এৰা সখি,
 আছোঁ হে এনেই।

জয়া।—নুগুচে লগৰ এটা;
 চিন্তা-লগৰীয়া দেহি, চিন্তাময়ী সখী।

পদ্মা।—দুশ্চিন্তা লগৰী আজি।
 অমঙ্গল ফল তাৰ গাতে ফলিয়ায়;—
 কবলই সত যোৱা নাই।

জয়া।—অমঙ্গল!
 কিবা অমঙ্গল সখি, ভাবিছাঁ মনত?
 কোৱা ভাঙ্গি ততালিকে, গুচোৱাঁ মনৰ
 উগুল-খুগুল ভাব।

পদ্মা।—স্থিৰ হোৱাঁ সখি।
 বিপদ বাতৰি শুনাঁ, ধৈৰ্য্য ধৰি আগে।
 শুনিলোঁ বিষম কথা দেউতাৰ মুখে;—
 আপদে মেৰায় দেখোঁ তৱ পতিধন!
 ৰাজাজ্ঞা হইছে বাজ, লাঙ্গি-কোৱঁৰক
 নিবহি আটক কৰি অক্ষত হেতু।

[ ১৪ ]

জয়া।— বিষম বাতৰি দিলাঁ।
 কোৱঁৰৰ অমঙ্গল, অশুভ আশঙ্কা,
 বাজিছে বুকুত যেন বজ্ৰসম শেল!
 কিন্তু সখি, বীৰবাহু পতিধন মোৰ;
 অকলই নিপাতিব শত শত্ৰুজন।
 কোৱাচোঁ তথাপি, অঙ্গক্ষত কৰি স্বামী,
 কাৰ কিবা হব উপকাৰ?

পদ্মা।— জানোঁ সখি,
 বিক্ৰম গদাৰ। ঘূৰিছিল গুপ্তচৰ;
 নোৱাৰিলে কোঁৱৰৰ ছয়াঁকো পৰ্শিব।
 কিন্তু, এবে আন বল,—প্ৰকাশ্যে আহিব
 ৰাজ-সেনাদল; সহজে কৰিব বন্দী,
 বিনাশিব প্ৰাণ নতু।—গদা-বিনাশনে
 হেনো ৰজাৰ মঙ্গল।

জয়া।— কি হব উপায় সখি।
 কোৱঁৰৰ প্ৰাণে মাথোঁ আছোঁ প্ৰাণ ধৰি,
 সেই প্ৰাণ অবিহনে জীও কেনে কৰি?—
 নেকাটি আগেয়ে লতা, কাটে কিয় গছ?
 নেভাঙ্গি দেহাক আগে বধে প্ৰাণপখী,
 কাৰ এনে মতি!

পদ্মা।— নহবাঁ উতলা।
 বিপদত ধৈৰ্য্য ধৰা বীৰপত্নী-চিন্।
 শুনা মোৰ যুগুত মন্ত্ৰণা;—ছদ্মবেশে
 কোঁৱৰক বাজ কৰাঁ ৰাজ্যহন্তে ৰাতি।

[ ১৫ ]

 থাকোক অজ্ঞাত ভাৱে, ঘূৰি কিছুকাল।
 ঘূৰিব পুনৰ ভাগ্য, ঘটনা-চক্ৰত।
 ‘দিনে ক্ষণ, ক্ষণে কৰে অজৰ অমৰ'
 —কালৰ কুটীলা গতি!

জয়া।— সাৰুৱা তোমাৰ যুক্তি; পালিম যতনে।
 কিন্তু সখি! সংসাৰত নাই আৰু মায়া।
 স্বামীৰ বিহনে মোৰ নৰব জীৱন;
 বাঞ্ছা নাই তাত। উছৰ্গা কৰিছোঁ প্ৰাণ,
 পতিৰ মঙ্গল হেতু, দিম পূৰ্ণাহুতি।
 অনাথ সন্তান দুটি গতালোঁ তোমাক,
 মাতৃৱত স্নেহিবাঁ দুটিক।

পদ্মা।— থোৱাঁ সখি!
 নোবোৱাবাঁ মো ৰা হাঁয় শোকৰ নিজৰা।
 পাহৰিছাঁ হিতাহিত উত্ৰাৱল হই,
 কৰিছাঁ উতলা মোকো। জানাঁ সখি, নোহে
 ইটো শোকৰ সময়। চিন্তোঁ এবে আহাঁ,
 ধীৰ ভাৱে কোঁৱৰৰ উদ্ধাৰ উপায়;—
 ঈশ্বৰ সহায় আছে।—মঙ্গল-আৰতি
 ধৰোঁ সখাৰ কুশলে।

জয়া।— ধৰাঁ সখি।
 সুপ্ৰসন্ন হয় যেন বিধি।—

[ ১৬ ]

গীত।
(বেহাগ)

 প্ৰভো! দিয়াঁ দৰিশন।
মেলিছোঁ যতনে আমি, হৃদয়-দাপোন॥
অৱলা পৰাণ জুৰি, কৰিছোঁ কাকুতি হৰি,
এফেৰি কৰুণা প্ৰভো! কৰাঁ বিতৰণ॥
অনাথিনী নাৰী আমি, জানি নাথ অন্তৰ্য্যামী,
দিয়া নাথে কৃপা কৰি অভয়চৰণ॥
নৰ-শত্ৰু হাত সাৰি, হব স্বামী বনচাৰী,
ৰাখিবাঁ অপায় নাশি বিপদতাৰণ।

⸻⸺
[ ১৭ ]
পঞ্চম গর্ভাঙ্ক।
⸻⸻
(গদাপাণি অকলে)

গদা।— মিলিছে সুযােগ অহ,
 মিলিব যুঁজাৰু এবে মনৰ জোখায় !
 পাৰ হল অতকাল ধেমালি যুঁজত,
 নিমিলিল ছেগ ক’তো সঁচা যুঁজলই ;—
 মিছা হল বাহুবল, মিছা গদানাম !
 মিলিছে সুযােগ এবে, অতকাল পিচে,
 সমুখ সংগ্রাম হেতু ৰাজসেনা সতে;⸺
 নিপাতি যতেক বীৰ, সেনা সেনাপতি,
 ৰাজ্য উদ্ধাৰিম।
 ( নীৰৱ )
 মিলিছে সুছেগ অহ,
 পতিত আহােম ৰাজ্য পুনু উখানৰ ।
 পিতৃৰাজ্য ৰসাতলে যায়-যায় আজি!
 স্বার্থপৰ কুলাঙ্গাৰ পাত্ৰ-মন্ত্রী সৱে
 ক্রমাগত নিছে তললই। অৰাজক
 ৰাজ্য আজি হল স্বৰূপত ! নামে মাথোঁ
 ৰাখি ৰজা অপাত্ৰ জনক, যতমানে
 দুৰাচাৰে পাঙ্গি লই দুৰ-অভিসন্ধি,

[ ১৮ ]

 লুটিছে পীড়িছে কৰি দেশ ছাৰখাৰ।
 কতজন বংশধৰ হল বিনাশন
 অকালত অবাবত সামান্য স্বাৰ্থত; —
 দহে মোৰ দেহ-মন পৰিলে মনত!
 জীৱনৰ ব্ৰত মোৰ আছে অন্তৰত,
 ইসৱ উদ্ধাৰ কৰা বিনাশি অপায়।
 নিৰ্জ্জীৱ অতনা দিন জীৱন্ত বাসনা
 অন্তৰৰ অন্তস্থল আছিল বিয়াপি,
 ছায়ে ঢাকা অগ্নিশিখা প্ৰায় । আছোঁ ময়ো
 মৰাপ্ৰায়, মনোবেগ মনেতে সামৰি,
 জীৱনৰ মহাব্ৰত হানি হয় বুলি।
 সুমৰিছোঁ সৰ্ব্বক্ষণ হিত উপদেশ
 ন্যায়সোধা ফুকনৰ; জন্ম মোৰ,
 শিক্ষা, দীক্ষা, লক্ষ্য আৰু ৰণ-আখৰাৰ
 স্বাধীন উদ্দেশ্য মাথোঁ জাতিৰ উদ্ধাৰ।
 মিলিছে এতিয়া তাৰে সোণালি সুযোগ;—
 কাৰ্য্যৰ ক্ষেত্ৰত, মিলিব দুদিন বাজে,
 সম্মুখ সংগ্ৰাম।
 (জয়মতীৰ প্ৰৱেশ )

জয়া।— দুখত আনন্দ।
 সদানন্দ সদাশয় প্ৰাণেশ্বৰ মোৰ।
 গ্ৰাসেহি বিপদে; তথাপি নহল হাঁয়,
 চেতনা তোমাৰ । —নাই এৱে অন্যোপায়।

[ ১৯ ]

গদা।— নডৰাওঁ প্ৰিয়া হেৰা, নধৰিবাঁ মোক।
 নপলাওঁ কদাচিতো কাপুৰুষ হই।
 বীৰৰ শোভন কাৰ্য্য নহয় পলোৱা;
 নোশোভে সি অযাচিতে গদাপাণিলই।
 আহক যতেক আহে ৰাজ-সেনাদল;
 জিনিম অকলে মই শতেক যুঁজাৰু।
 আগে যুদ্ধ, পাছে মৃত্যু,—বীৰৰ কৰ্ত্তব্য
 অৱশ্যে পালিম নই।

জয়া।— সঁচা প্ৰাণেশ্বৰ।
 জানো মই বিক্ৰম তোমাৰ। জানোঁ আৰু
 বীৰৰ কৰ্ত্তব্য যিবা। অৱলা যদিবা,
 নডৰোঁ মৃত্যুক ময়ো,—নাথাকে উপায়,
 নাথাকে ভৰসা যেৱে। কিন্তু, প্ৰাণনাথ,
 ভাগ্যৰ চকৰি সদা লাগিছে ঘূৰিব;
 নুঘূৰিব তৱ ভাগ্য কোনে কব পাৰে?
 দুদিন অজ্ঞাতবাস কৰাঁ তুমি গই,
 মিলিব সুযোগ পুনু; উদিব নিশ্চয়
 সুখৰ সূৰুয পূবে।

গদা।— নামানে বুজনি, প্ৰিয়া,
 নুবুজে পৰাণে আজি। আতিকে ঘিণাওঁ
 মই ভয়াতু জনক;—নিন্দো ততোধিক,
 পুৰুষালি নাই যাৰ। জানে সকলোৱে
 মনোভাব মোৰ। আপোন পালত এৱে
 কৰোঁ কিনো মতে, পুৰুষে নকৰা কাম?

[ ২০ ]

 আৰু এটি কথা;—তোমাক অনাথ কৰি,
 এৰি লাই, সোণাই লেচাই, যাম মই
 প্ৰাণ লই অকলে পলাই! —অসম্ভৱ—
 প্ৰিয়া, মোক, নধৰিবাঁ টানি। তৰোপৰি,
 ৰাহুৰ গ্ৰাসত এৰি পিতৃৰাজ্য মোৰ,
 নকৰি প্ৰাণক পণ পলাম অকলে!—
 ইও এক অসম্ভৱ কথা।

জয়া।— জানাঁ নাথ।
 তাতে হে ধৰিছোঁ টানি। নকৰিবাঁ মোক
 চিৰ-অনাথিনী; অকালত পিতৃহীন
 নকৰাঁ সন্তান। পতনমুখীয়া ৰাজ্য
 নকৰাঁ উচ্ছেদ। ঘুৰিলে ভাগ্য চাক,
 ঘুৰিব সুদিন; উদ্দেশ্য সফল হব,
 থাকিলে কুশলে তুমি।

গদা।— বান্ধনি কথাৰ।
 নাবান্ধিবাঁ, প্ৰিয়া, মোক যুক্তিৰে মেৰাই।

জয়া।— নহয় কথাৰ বান্ধ;
 হিয়াৰ আবেগ আৰু পত্নী-অনুৰোধ;—
 নুবুজিলাঁ প্ৰাণেশ্বৰ!

গদা।— বুজোঁ প্ৰাণেশ্বৰি।
 বুজিছোঁ কতনা আগে ব্যাখ্যান তোমাৰ।
 কৰা নাই অৱহেলা তৱ অনুৰোধ;
 নকৰোঁ কাচিত, এৰাঁ যদি আজিলই।

[ ২১ ]

জয়া।—নিচিন্তাঁ মঙ্গল তেন্তে আমি তিনটিৰ?
 দিবাঁ যদি ধৰা নাথ, ঠেলি অনুৰোধ,
 বাকী তিনি প্ৰাণ তৱ, ৰাখাঁ ক’ত আজি?
 —ডুবিব দুখত দিনে। আৰু, চোৱাঁ নাথ,
 দিয়াঁ যদি প্ৰাণ তৱ, অযথা যুঁজত,
 —অকলে সমুখ হই অলেখৰ সতে—
 জীৱনৰ লক্ষ্য তৱ ৰাজ্য উদ্ধাৰৰ
 হেৰুৱাবাঁ তুমি।

গদা।—কি আছে উত্তৰ।
 জীৱনৰ লক্ষ্য মোৰ স্বদেশ উদ্ধাৰ
 নোৱাৰোঁ ভুলিব, আছেমানে দেহে প্ৰাণ।
 যি লক্ষ্য ধ্ৰুৱতৰা এই জীৱনৰ,—
 পতন-উন্মুখী ৰাজ্য ইন্দ্ৰ-বঙহৰ
 উদ্ধাৰ সাধন,—কৰি তাক শঙ্কাযুত,—
 ডাৱৰমুখীয়া —নহব যুগুত সঁচা
 অযথা যুঁজত ধৰা মৰসাহ কৰি।
 পূৰ্ণ হোক ইচ্ছা তৱ; কৰিম অকাৰ্য,
 পলৰীয়া হই অজি! কিন্তু, গদাপাণি
 নাথাকে নিশ্চিন্তে শুই কৰ্ত্তব্য পাহৰি।
 যাম মই ৰণ-বল গোটাবৰ গুণে।
 জিনিম পাষণ্ড ৰজা, দিম সমুচিত,
 পাপৰ শোধন আহি; বঢ়ালে বিপদ,
 গুপ্তসিংহ জগোৱাই নিজে। থাকাঁ প্ৰিয়া,

[ ২২ ]

 পোন দুটি বুকত শুৱাই। চিন্তা নাই
 মোৰ হন্তে, হব দেখা দুদিনৰ পাচে।
 কিন্তু, প্ৰিয়া, ছদ্মবেশ?—

জয়া।— ৰাখিছোঁ যুগুত।
 প্ৰাণনাথ! আহাঁ এৱে, ধৰাঁহি সি বেশ।

গদা।— আগ হোৱা, প্ৰিয়া, তুমি; গইছোঁ পাচত।
 ( জয়মতীৰ প্ৰস্থান)

গদা।—( আপোনা-আপুনি ) ছদ্মবেশ পৰিধান।
 নোশোভে সি মন মোৰ, শোভে যদি দেহা।
 সম্মুখ সংগ্ৰাম প্ৰাণে বিচাৰে আগত,
 বহুযুদ্ধ হেতু। অন্যায় শাসনে কিয়
 পাব ভেটা-ভঙ্গা?—দহৰ অধিক বল
 ধৰিছোঁ দেহাত; মুহুৰ্ত্তে উপাৰি কিয়
 নকৰোঁ নতুন দুৰ্জ্জন-কঠীয়া যত?
 কিন্তু, অন্ত কৰা অকলই শত্ৰু অগণন
 নহব সম্ভৱ; নহব সাধন মোৰ
 জীৱন-উদ্দেশ্য। এতেকতে, যোৱা ভাল
 নগা দেশলই, সৈন্যবল গোটাবৰ
 গুপুত উদ্দেশে।
  ( প্ৰস্থান )

অঙ্কপাত
[ ২৩ ]
২। অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।
(বগী পোহাৰী অকলে)

বগী।— দেহি ঐ, এনে হেন পুৰুষটি ৰজাই ঘুণীয়া কৰিবলৈ বিচাৰিছে।
 কিনো কাঠচিতীয়া ৰজা ঐ? অহ, কিনো থুলন্তৰ ল-নী পুৰুষটি
 একা! দেখিলেই ভোক-পিয়াহ হৰে! সঁচাকৈয়ে, গদাকোৱঁৰৰ দৰে
 মানুহ এই পিথপীত নাই। যেনে মুনিহ, তেনে খাওন; আৰু যেনে
 খাওন, তনে শকতি। অকলৈ দহজনক লব নহয়! পিচে,
 গোটেইখন ৰাইজে ধেৰিলেনো বাৰু কেনেকৈ! সেই দেখিহে
 কোৱঁৰে ভেশছন ধৰি গুচি আহিছে। পিচে, এনেকৈ নো কিমান
 দিন ঘূৰিব দেহি—কোনে খুৱাব?মই দুখুনীৰ ঘৰত ৰাখিব পৰা
 হলে যেনিবা বেটী-বৈ হলেও খুৱালোহেঁতেন। পিচে, কেনেকৈ
 থাকিব,নগৰৰ পৰা নিচেই ওচৰ। ইয়াতে ৰজাৰ ৰণুৱাই পাইহি
 যদি তেওঁৰ ফালে যে টানেই, আমাৰ ফালেও পটং! সেই হে এক
 মনে বোলোঁ থাওক ইয়াতে দিনকেকে, আকৌ এক মনে বোলোঁ
 সোনকালে গলেই হে ভাল। এই দোধোৰ-মোৰতে মোৰ টোপনি
 নাহেঁ!কোৱঁৰে যেনিবা কৈছে, কাইলৈ দখিনৰ ফালে যামগৈ বুলি
 পিচে, ঘপৰাই ওলায়হি বুলিছে! এঃ, যেই হওক,—মাৰেও মাৰক,
 কাটেও কাটক,—মই হলে যা বুলিব নোৱাৰোঁ আই! দেহি ঐ!
 জীয়াই থাকে যদি, কেতিয়াবা কি জানি এওঁৱেই বা ৰজা হয়?
 তেনেহলে, মোৰ হক-নহওক, ৰাইজখন তৰিব। দৌতাটি ঐ!

[ ২৪ ]

 কতনা নাে অইনাই সহিবাঁ ! আজিকালি আৰু ৰজা নামত হে, বিষয়া
 হে ৰজা। গদা কোৱঁৰৰ দৰে ৰজা এগৰাকী হোৱা হলে যেনিবা দুখৰ
 অন্ত পৰিলহেঁতেন—আইঔ ! এতিয়া হে মৰিলোঁ! কওঁতেই
 ওলালেহি ।
 (বগী গহীন হৈ বহে।)
 (গােটাচেৰেক ৰাজসেনাৰ বেগেৰে প্রবেশ)

১ম, সেনা।— হেই বুঢ়ী, হেইটো বাৰীচুকেদি কোন গল?

বগী।— এ, বােপাই, সেইটো পাণ-সলােৱা নগা। কালিৰেপৰা আছেহি।
 ভাতমুঠি দি বাৰীৰ বন কেডাল কটাই লৈছোঁ। বাঁৰী-দুখুনী মানুহ,
 মােক নো এখন কোনে কৰি দিয়ে বোপাই !—বৰকৈ ফোঁপাইছ
 দহােন ?—বহিবি নে ?

২য়, সেনা।— এৰা, তােৰ ইয়াত বহি মৰোঁ !

বগী।— এ, আই, মােক নাে ডাইনী দেখিলিনে বােপাই ঐ ! বােপাইহঁত,
 তহঁত ৰজাৰ মানুহ নে কি ? —কি বিচাৰিছ ?

৩য়, সেনা।— নহয় নো কি আকৌ ; দেখিও দেখা নাই নে ধেন্দেলী ? গদা-
 কোঁৱৰক বিচাৰি ফুৰা কথা এই জনীয়ে কবই নােৱাৰে হবলা!

বগী।— এ, কেলৈ নাে খং কৰ বােপাইটি। জানি নাে সুধিবলৈ ৰং লাগিছে
 নে? বাৰু, তেনেহলে নালাগে বহিব, নকওঁ। এৰা, এখনমান
 তামােল খােৱাৰ পৰৰ আগতে শকত-আৱত মানুহ এটা চুচুক-
 চামাককৈ সৌ ফালে দি গৈছেগৈ। নিলগৰপৰা আৰজাতটো্‌ত
 গদা কোৱঁৰ যেন লাগিল।

কেইটাই।—কেনি, কেনি, কেনি? কেতিয়া গল ? কিমান পালেগৈ ?

বগী।— (আঙ্গুলিয়াই) সউ ফালে। বেগেৰে গৈছেগৈ। লৰি গলে লগ
 ধৰিব পাৰিবিগৈহঁক।

[ ২৫ ] সেনাদল।— বল, বল, লৰি বলহঁক। পামগৈ লগ।

(সেনাদলৰ বেগেৰে প্ৰস্থান)

বগী।—(অকলে) ভাল আজি ঈস্পৰেহে ৰইখা কৰিলে! অতবোৰ ৰণুৱাৰ আগত কোঁৱৰে অকলে কি কৰিলেহেঁতেন! দেহিঐ, কোন্ বিধতাই নো ৰইখা কৰিব আকৌ? ইয়াত সৰহ দিন থকাটো হলে মই ভাল নেদেখিছোঁ। কোনোবা-এদিন আহি আন এজাক ৰজাৰ ৰণুৱাই আকৌ পাবহি। ইয়াৰপৰা সোনকালে পঠিয়াই দিয়াই ভাল। পিছে, ভাললৈ চাওঁতে বেয়াটো হে হবগৈ। যাও, দিনে-পোহৰে ৰান্ধি, কোঁৱৰক এসাঁজ ভোক গুচাই খুৱাওঁগৈ। দিনত ওলাবই নোৱাৰে; আজি ৰাতিয়েই গলে হে যোবা।

(প্ৰস্থান)


[ ২৬ ]
দ্বিতীয় গৰ্ভাঙ্ক।
মন্ত্ৰণা-চ’ৰা।
( ৰজা আৰু বুঢ়াগোহাঞি ডাঙ্গৰীয়া )

ৰজা।— সাদিনৰ অন্ত মন্ত্ৰি, চাপিল ওচৰ।

বু: গো:।— চাপিছে আমাৰো কাম;
 আজি-কালিতেই হব ফলোদয়।

ৰজা।—কিবা হল আয়োজন?

বু: গো:।— গইছে এদল সেনা, আজি পুৱাতেই।
 ঘূৰিব আবেলি।

ৰজা।—ঘূৰিব গদাক সই?
 (দুৱৰীৰ প্ৰৱেশ)

দুৱৰী।— স্বৰ্গদেৱ।
 দুৱাৰত দূত উপস্থিত।

বু: গো:।— ঘুৰি গই,
 মাতি আন সত্বৰে ইঠাঁই।

দুৱৰী।— যিবা আজ্ঞা, দেউতা ঈশ্বৰ।
 ( দুৱৰীৰ প্ৰস্থান)

ৰজা।— কিবা অৰ্থে?

বু: গো:।— আনিছে বাতৰি জানো,
 আলচা কথাৰ।

[ ২৭ ]

ৰজা।— শুভ নে অশুভ!
 কিবা ভাব পালাঁ তাৰ?
 (দূতে সৈতে দুৱৰীৰ পুনঃ প্ৰৱেশ।

বুঃ গোঃ।— কিবা বাৰ্ত্তা দূত?

দূত।— উলটিল সেনাপতি।
 নাপালে সন্ধান কতো গদা কোঁৱৰৰ।

ৰজা।— নাপালে সন্ধান কতো!

দূত।— হৈছে স্বৰ্গদেৱ!
 নিৰুদ্দেশ গদাপাণি, দিন চাৰি আজি।
 নকয় ঘৰত কেৱে, নাজানে অপৰে।
 উলটিল ৰাজসেনা, নাপাই বিচাৰি।

ৰজা।— সৰ্ব্বনাশ ডাঙ্গৰীয়া!
 কি হব উপায়? জোকাই খেদিলাঁ দেখোঁ
 বিষধৰ সৰ্প আজি!—নিৰুত্তৰ হাঁয়,
 হলাঁ দেখোঁ তুমি?

বুঃ গোঃ।— ভাবিছোঁ উপায় আন।— স্বৰ্গদেৱ,
 জানে সি সন্ধান, পত্নীয়ে অৱশ্যে তাৰ।
 ৰাজাজ্ঞাত জয়মতী ডৰিব নিশ্চয়;
 দুনাই সুধিলে টানি দিব জানো কই
 পতিৰ উদ্দেশ।
  (দূতৰ প্ৰতি) পুনৰপি গই দূত,
 সুধি আহ গদা-প্ৰিয়া। স্থিৰ বাৰ্ত্তা লই
 ঘূৰিবি ত্বৰিতে।

[ ২৮ ]

দূত।—যিবা আজ্ঞা ডাঙ্গৰীয়া!
 (প্ৰস্থান।)

ৰজা।— মানিছোঁ আশ্বাস।
 কিন্তু, ডাঙ্গৰীয়া, বাঢ়িছে আশঙ্কা ঘোৰ:
 নাভাবিবাঁ জয়মতী সামান্য তিৰোতা,
 জানো মই মনোবান্ধ সেই ৰমনীৰ।
 দিব যে সহজে তেওঁ পতিৰ সন্ধান,
 বিশ্বাস নহয় মোৰ।

বু: গো:।— চিন্তা নাই স্বৰ্গদেৱ!
 জানো মই নাৰীপ্ৰাণ, জানো ভালোপায়।
 নিদিয়ে সন্ধান যদি দূতৰ আগত,
 সভাত কৰিলে থিয় দিবহি সম্ভেদ্,
 লাঞ্ছনা ভয়ত।

ৰজা।—লাগিছে মনত মোৰো।
 কিন্তু, জানাঁ, সৰ্ব্বভাৰ ৰাখিলোঁ তোমাত;
 তোমাতে আশ্বাস মানি পুৱাম ৰাতিটো;
 পুৱাতে মিলিম পুনু। (আসন এৰে।)

বু: গো:।— ভাল স্বৰ্গদেৱ।
 যাওঁ ময়ো, আলচোঁ উপায় আৰু গই।
 (প্ৰস্থান।)

⸻⸻
[ ২৯ ]
তৃতীয় গৰ্ভাঙ্ক।
নগা-পৰ্ব্বত।

চিনু নাগিনীৰ পঁজা।
(চিনু আৰু গদাপাণি)

চিনু।—ন, কি-বা-মা?

গদা।—নুবুজোঁ তোমাৰ কথা।

চিনু।— তুমি হলে টিঙ্গিমা নহয় না কি?

গদা।—একো বুজা নাই; মই ভৈয়ামৰ মানুহ।

চিনু।— আমি জানিলে, তুমি হলে টিফিমা আছে। টিঙ্গিমা কাপৰ তুমি
 কেলে’ পিনিছে?

গদা।—মই টিঙ্গিমা টিফিমা একো বুজা নাই, মিতিনী।

চিনু।—অঃ, তুমি হলে টিক্ টিফিমা টাকিছে। টিঙ্গিমা হলে আমি-
মানুহকে কয়। টিফিমা হলে ভৈয়াম-মানুহকে কয়। জানিলে?

গদা।—ওঁ, জানিলোঁ, বুঢ়ী মিতিনী।

চিনু।—তুমি হলে বৈয়াম পৰা কেলে' আহিলে?

গদা।—ৰজাই মোক কাটিবলৈ বিচৰাইছে। সেই দেখি মই নগা সাজি
 ফুৰিছে, মিতিনি।

চিনু।—আয়ু কেনে ডেকাটো। তোকে অলে কেলে' কাটিব?

গদা।—আৰু, মিতিনি। ৰজাৰ মানুহে মোক বিচাৰি ফুৰিছে। তই কাকো
 নকবি দেই।

[ ৩০ ]

চিনু।— উঁঃ, নকয়। আমি হলে তোকে লুকাই টব। আয়ু, ইমান বাল
 ডেকাটো! কেলে’ কাটিব? তুমি অলে বৈয়ামত নেযাবি দেই?

গদা।—নহয়, আই, মই যাব লাগিব। মই এটা ডাঙ্গৰ কথাৰেহে ইয়ালৈ
 আহিছোঁ। সেই কাম হলেই মই আকৌ ভৈয়ামলৈ যামগৈ।

চিনু।—বাৰু, বাৰু, তুমি অলে যিনি দিন টাকিবি, হিমান দিন টাকিবি
 দেই। আমি হলে এতিয়া বুঁই দেকিব যাইছে। তুমি হলে গৰতে
 বহিবি। আমি-জীয়েক জিনু ভি ইয়াতে বহিছে। ৰজা-মানু আহিব
 হলে জিমু তোকে কৈ দিব। তুমি হলে পলাই টাকিবি দেই।

(চিনুৰ প্ৰস্থান।)


গদা।— মহান উদ্দেশ্য মোৰ
 সাধোঁ কিনো মতে। নাজানো নগাৰ কথা;
 বুজাওঁ কিমতে মোৰ গুপুত বাসনা?
 গোটাওঁ কিৰূপে , ৰণ-বল মোৰ।
 নালাগে অধিক মোক; ক্ষুদ্ৰ এটি দল,
 পাওঁ যদি আশে-পাশে বাছনি নগাৰে,
 হব সেয়ে যোগ্য বল শত্ৰু জিনিবৰ।
 অহ, বুঢ়ীটিৰ কি যে স্নেহ!—হয় যদি
 সিদ্ধি কিবা, হব পাৰে বুঢ়ীটিৰ গুণে।
 দেখোঁ কিবা হয়।

(জিনুৰ প্ৰৱেশ)

জি।—আ-কি-ত! তুমি অকলে টাকিছে।

গদা।— লগ হেৰুৱালোঁ; অকলে নাথাকি কি কৰিম।

জিনু।—কেলে, আমি হলে তুমি লগতে টাকিছে নহয় না? তুমি
 নকৰিব দেই। আমি তোকে ৰাকি টাকিছে।

[ ৩১ ]

গদা।—ভয় নকৰিও ভয়াতুৰৰ কাম কৰি আহিছোঁ; আৰু নো কি ভয়
 নকৰিম!—বাৰু, ভয় নকৰোঁ।

জিনু।—আমি তোকে হলে পাঁচদিনপৰা ডেকিছে দেই। তুমি হলে
 আমিথানৰ পামতে বহিছিলে নহয় না?—হেই ডাঙ্গাৰ পাথৰ ওচ্‌ৰতে?

গদা।—হয়, তাতে কেদিনমান আছিলোঁ।

জিনু।—তুমি হলে বাগি আহিছে দেই। আমি জানিছে।

গদা।—কেনেকৈ জানিলি? মই দোখান ইয়াৰ আগেয়ে তোক চিনাকি
 দিয়া নাই। দুইৰো কেতিয়াও দেখাদেখিও হোৱা নাইচোন।

জিনু।—তেনেক' জানিলে। ৰজা-মানু' হলে তোক বিচাৰিছে নহয়?
 আমি ডেকি টাকিছে। হেঁই দিতে হৰ মানু’ আহিছে। তোকে
 হলে মানুখান ডেকিছে দেই। আমি হলে তেতিয়া হেই ডাঙ্গাৰ
 পাথৰ-ওপৰ্‌তে উঠিলে। আমি হলে ধান বুকিবলে কাপৰা লগতে
 এটা দুলি হাজিছিলে দেই। আমি ওপৰ্‌ পৰা হেই দুলি লহং কৰি
 মেলি দিলে। তুমি হলে তাতে লুকালে। টিফিমা মানু’ হলে দেও
 আছে জানিলে। হিটোখান বয় কৰিলে। পলাই গলে।

গদা।—অহ, দয়াময়ি! তুমিহে ৰাখিলাঁ সেই দিনা? জিনু, কিয়নো
 কৰিলি দয়া?

জিনু।—আমি হলে তোকে বাল্‌ পায়।

গদা।—কিয়নো ভাল পাৱ জিনু?

জিনু।—এনেয়ে বাল্‌ পায়। তোকে হলে আমি মৰম লাগে।

গদা।—এদিনতে দুৰ্ভগীয়ালৈ তোৰ কিয় মৰম লাগিল? তুমি দেবী, তুমি
 মোক বিপদত তাৰিলাঁ।

জিনু।—তুমি ইয়াতে নাই আহাতে, জানি হলে দিন-দিন ডেকিব যাইছে।

[ ৩২ ]

দিন-দিন তোকে হলে আমি বাল্ ডেকিছে। তুমি হলে বৈয়ামতে
 নাযাব দেই?

গদা।— (মনতে) ওখপাহাৰত বাস, আজলী নাগিনী, নাজান কুটীল ভাব
 নীচ ভৈয়ামৰ। ( ফুটাই ) লাগিব যাব জিনু!

জিনু।— তুমি লগতে হলে আমি ভি যাব দেই?

গদা।— কি কৰিবি, তই গৈ জিনু?

জিনু।— তাকে হলে আমি ডেকি টাকিব।

গদা।— দুখ পাবি মোৰ লগত ফুৰি, জিনু!

জিনু।— আমি হলে হৰ ফুৰিব পাৰে। তুমি লগতে যালে দুক্‌ নাপায়।

গদা।— বাৰু, পাচে দেখা যাব, জিনু।

জিনু।— বাৰু, তুমি হলে বুঁই ডেকিব যাব না।

গদা।— ওঁ, যাব পাৰোঁ৷ কিমান দূৰৈ?

জিনু।— হৰ দুৰতে নাযায়। আহিবি। আমি পিছে পিচে আহি টাকিবি।
 (প্ৰস্থান।)

[ ৩৩ ]
চতুৰ্থ গৰ্ভাঙ্ক।
জয়মতীৰ বুলনী।
(জয়মতী)
জয়া।—
বিৰহ-বিলাপ।

(ৰাগিনী ভৈৰৱী—তাল কাওয়ালী।)

 কিয়নো জীয়াই আছোঁ, আৰু কিবা আশা ধৰি।
 আজিও ধৰিছোঁ দেহ, প্ৰাণ মোৰ গল এৰি॥
 যি গছৰ হই ছাঁয়া, ধৰিলোঁ সংসাৰ মায়া;
 নাই আজি সেই তৰু, ধৰোঁ কায়া কেনে কৰি॥
 বেলাটো বিৰহ যাৰ, অসহনী লাগে ভাৰ;
 নাই তেওঁ দিন চাৰি, আছো মই দেহ ধৰি॥
 বহুভোগী প্ৰাণধন, নুবুজে অপৰে মন,
 কি ভোগ মিলিছে আজি ভিখাৰী বেশেৰে ঘূৰি॥
 ৰাখোঁ প্ৰভো! বিশ্বেশ্বৰ, ৰাখাঁ মোৰ প্ৰাণেশ্বৰ,
 অন্নপূৰ্ণা দিবাঁ ভোগ, য’তে ত’তে অৱতৰি॥
 নগাৰ নগৰা বান্ধ, দিলোঁ আঁটি আতি টান,
 সহিছে কনা জানো, কুৰূপ সাজেৰে ফুৰি॥

(নীৰৱ)


 আছা কত কিবা ভাৱে,
 প্ৰাণেশ্বৰ মোৰ? সঙ্কেতে মনৰ ভাব
 বুজি কোনে আজি, তুষিছে বিৰহী প্ৰাণ?—

[ ৩৪ ]

বুজে কোনে মন তৱ, অভাগিনী বিনে!
কিননা বেশ ধৰি হাঁয়, গঁলা প্ৰাণধন;—
সুকোমল শৰীৰত বেতৰ নগৰা !
দেহ-মন-প্ৰাণ পৰিছে মলিন জানো
অজ্ঞাতবাসত!—

(নীৰৱ)


(প্ৰাৰ্থনা।)

হে নাথ, অনাথ নাথ, ক্ষেমিবাঁ ই দায়,
তৱ আগে স্বামীপদ স্মৰোঁ এটিবাৰ।
পতিগতি, পতিমুক্তি, পতিপদসেবা,
সতীৰ প্ৰথম কাম, বিধিৰ বিধান।
নিচিন্তি পৰি পদ, আন দেৱ-দেবী
পুজা বিধি নাই; এতেকেসে অন্তৰ্য্যামী,
ক্ষেমিবা বেটীৰ দায়!—সৰল গোহাৰি
আৰু দুখুনীৰ,—ৰাখাঁ মোৰ স্বামী,
নিৰাশ্ৰয়, নিঃসহায়, নিজগুণে প্ৰভো!
চুলি ছিঙ্গি কৰিছোঁ কাতৰ,—কৰাঁ দূৰ
শতেক অপায় দেৱ, পতি-দেৱতাৰ।
শুনিছিলোঁ, সাবিত্ৰীয়ে পতি-প্ৰাণ-দান,
লভিছিল হাতে-হাতে, পুজি ধৰ্ম্মৰাজে;
পালে আৰু বহু দান স্বামীৰ কাৰণে।
পুজিছোঁ বেটীয়ে ময়ো, হোৱাঁ তুষ্ট দেৱ,
দিয়াঁ আজি মোক স্বামীৰ মঙ্গল দান।

[ ৩৫ ]

 আছেমানে ক্লেশৰাশি পতিধনসই,
 দিয়াঁ মোক ভোগ তাৰ, খণ্ডেক অপায়। (নীৰৱ)

(আহিনীৰ প্ৰৱেশ)

আহিনী।— আইদেও!
 ৰাজ-দূতে কৰে নিবেদন।

জয়া।— (অবিচলিত ভাৱে) ঘূৰিগই আন মাতি;
সোধোঁ প্ৰয়োজন।

আহিনী।— আনো মাতি আইদেও! (প্ৰস্থান)

জয়া।—(স্তৱ) আৰু, প্ৰভো! দুটি পুত্ৰ, বীৰৰ সন্তান
 ৰাখিছোঁ ৰখীয়া হই। দিয়াঁ তযু কৃপা,
 হোক দুয়ে পিতৃতুল্য বীৰবাহু; পিতৃৱত
 বাঢ়ে যেন দিনে। স্বামীৰ গৌৰৱ আৰু,
 বাঢ় যেন পুত্ৰ হন্তে মোৰ।

(দূতে সৈতে আহিনীৰ পুনঃ প্ৰৱেশ)

দূত।—(সেৱা জনাই) আইদেও!
 পাচিলে দুনাই মোক, জানিবৰ হেতু
 পতিৰ সন্ধান তৱ।

জয়া।—দিছোঁ সমিধান,—
 নিদিও সন্ধান মোৰ পতিদেৱতাৰ!
 আছেমানে দেহে প্ৰাণ, নিদিওঁ চাপিব
 স্বামীৰ বিপদ, নিজে বাতৰি যোগাই।

দূত।—মন্ত্ৰীসৱে অনুৰোধ কৰিছে বিস্তৰ,
 আপোন অপায় তৱ খণ্ডাবৰ হেতু,
 পতিৰ সন্ধান কই।

[ ৩৬ ]

জয়া।—বৃথা অনুৰোধ। নলৰে বচন মোৰ
 লৰিলেও হিমালয়; পূবৰ সূৰুজ।
 আৰু পছিমে উদয় যদি। কবি গই
 বৃথা চেষ্টা ৰাজক্ষমতাৰ।

দূত।—আৰু, দেৰি!
 নিবেদোঁ চৰণে তৱ;—নিদিলে সন্ধান,
 হব লাগে চ’ৰালই তৱ আগমন।

জয়া।—কি কলি পাষণ্ড!
 আছে কিবা প্ৰয়োজন, পূৰ-মহিলাৰ
 ৰজাৰ চ'ৰাত গই?—কাৰ আজ্ঞা ইটো?
 কোন্‌ দুৰাচাৰে কৰে এনে অবিচাৰ,
 অৱহেলি ৰাজনীতি? কিবা অপৰাধ
 কৰিছোঁ ৰজাক মই?

দূত।—কিবা অপৰাধ মোৰ? আজ্ঞাবহ দূত!

জয়া।—নাই দোষ তোৰ।
 দোষী তোৰ আজ্ঞাকাৰী। ।—ইকি অবিচাৰ!
 নিৰ্দোষী নাৰীক মাতি ভূঞ্জায় লাঞ্ছনা!
 সাহিছে অৱলা জানি, তাতে অনাথিনী।
 কিন্তু কি জানে সি,—সতীৰ ৰখীয়া পতি,
 অনাথিনী-নাথ আছে পৰম-ঈশ্বৰ!—
 নামানোঁ লাঞ্ছনা ভয়, নডৰোঁ ৰজাক,
 শুনাম উচিত কথা চ’ৰালই গই।
 যাবি দূত, কবিগই, গইছে পাচত,
 আপোন ইচ্ছাৰে মই।

[ ৩৭ ]

দূত।—শিৰে ধৰোঁ বাণী;
 জনাম চ’ৰাত গই।

(প্ৰস্থান)


জয়া।—(চিন্তাযুত) যাব লাগে চ’ৰালই।
 পতিযোগ্য সম্মানৰ আহিলা-পাতিৰে
 বাহন যুগুত লাগে। ৰাখোঁ গই আৰু,
 পোনা দুটি যতনেৰে সখীৰ বুকুত।
 অপত্য চেনেহে মাথোঁ কৰিছে দুৰ্ব্বল,
 কঁপিছে মাতৃৰ প্ৰাণ।

(প্ৰস্থান)

[ ৩৮ ]
পঞ্চম গৰ্ভাঙ্ক।

ৰাজমাও-টোল—ভিতৰ-চ’ৰা।
(ৰাজমাও আৰু ন্যায়সোধা গোহাঞি ফুকন)

ৰাজমাও।— পিছে, ডাঙ্গৰীয়া!
সতীৰ উদ্ধাৰ হেতু যুগুত উপায়
পালাঁ নে বিচাৰি কিবা?

ন্যায়সোধা ফুকন।— নেদেখোঁ উপায়!
মন্ত্ৰণাত মত্ত ৰজা; নামানে আমাক!
মাতৃৰ বুজনি বুলি, তৱ উপদেশে
জানোবা ধৰায় গুণ।

ৰাজমাও।— অৱশ্যে বুজাম মই।
কিন্তু, ডাঙ্গৰীয়া, নামানিলে কথা মোৰ
কি হব উপায়?

ন্যায়-ফুকন।— নিৰুপায় ৰাজমাও!
তথাপি এষাৰ চোৱাঁ কিবা ফলোদয়।
বুজাবাঁ বিশেষকই,—নীতিবিগৰ্হিত
নাৰী-অত্যাচাৰ কথা। তাতে জয়মতী
অতি পতিপ্ৰাণা;—পীড়ে যদি মহাসতী,
ৰাজলক্ষ্মী নৰব নিশ্চয়, ইন্দ্ৰবংশী
আহোম কুলত।

ৰাজমাও।—বুজাম তদ্ৰূপ।

[ ৩৯ ]

ন্যায়-ফুকন।— আৰু এটি কব লাগে,—
 নিৰাপদ এবে ৰজা; নাই গদাপাণি,
 গল তেওঁ ৰাজ্য এৰি। আৰু যতমানে
 আছিল কোৱঁৰ যোগ্য, হল অঙ্গক্ষত;
 নাই আন ভয় আৰু, আছোঁমানে আমি।
 কিন্তু, পীড়ে যদি সতী, বাঢ়িব বিপদ,
 ধ্ৰুৱসত্য কথা; নৰ'ম সহায় আমি
 নৰব সহায় কেওঁ কু-মন্ত্ৰীত বাজে।

ৰাজমাও।—স্বৰূপ কইছা তুমি।
 যিমতে বুজাব পাৰোঁ, বুজাম নিশ্চয়,
 সাধ্য যতমানে। কিন্তু, তুমি ন্যায়-মন্ত্ৰী,
 নহবাঁ বিতুষ্ট। লৰামতি লৰা-ৰজা
 ঘূৰিব আমাৰ বাটে। ঘূৰিব নিশ্চয়,
 তোমাৰ সহায় পালে। মাতিছোঁ লৰাক
 আজি দুপৰত।

ন্যায়-ফুকন।— কৰাঁ মাও, যিবা হয়, মাতৃৰ উচিত।
 ফলে যেন আশা মোৰ ৰাজ্যৰ মঙ্গল;
 পৰে যেন ৰক্ষা আৰু সতীৰ সম্মান।
 —মাগিছোঁ বিদায় এবে। (ফুকনৰ প্ৰস্থান)

ৰাজমাও।— যোৱাঁ ডাঙ্গৰীয়া! (নীৰৱ)
 নেৰিবাঁ মন্ত্ৰণা তৱ, নহবাঁ হতাশ।
 বুজাওঁ কিমতে হয়, অবুজ সন্তান!
 নামানি বন্ধুৰ কথা, হিত উপদেশ,
 হইছে উন্মত্ত আজি শতুৰু লগত।

[ ৪০ ]

 কিৰূপে ৰখাওঁ আজি সতীৰ সন্মান,
 ৰক্ষা পৰে কিনো মতে জয়মতী প্ৰাণ।

(ৰজাৰ প্ৰৱেশ)

 আহাঁ মোৰ পুত্ৰধন, আহাঁ কাষলই;
 দেখিছোঁ মলিন দেখোঁ মুখনি তোমাৰ?

ৰজা।—গুৰুতৰ ৰাজকাৰ্যে কৰিছে কাতৰ।—
 কিবা অৰ্থে আজি মোক মাতিলাঁ জননি।

ৰাজমাও।—আছে অৰ্থ; কম পাচে।
 আগে বাছা দেখোঁ তোৰ মন হৰষিত ।

ৰজা।—চাপি তৱ কাষ,
 পাহৰিছোঁ কাৰ্য্যচিন্তা; লভিছোঁ জিৰণি;
 শান্তিৰ এফেৰি ছাঁয়া পৰিছে প্ৰাণত।
 কোৱাঁ মাতৃ, কিবা কাৰ্য্যে মাতিলাঁ সেৱকে?

ৰাজমাও।—শুনা মোৰ উপদেশ।
 কুমন্ত্ৰণা শুনি তুমি নহবাঁ উতলা,
 নুশুনিবা কথা আৰু পৰৰ অহিতে।
 নানিবাঁঁ কলঙ্ক বাছা, আপোন কুলৰ,
 নেখেদিবাঁ ৰাজলক্ষ্মী, নিজে নিলগাই
 —অজ্ঞানৰ দৰে।

ৰজা।—কিবা কোৱাঁ মাতৃ মোৰ!
 নুবুজোঁ কথাৰ পাক, তৰিছাঁ যি ভাৱে
 অপায় সূচাই।

[ ৪১ ]

ৰাজমাও।—সতীৰ পীড়ন বাছা, নানিবাঁ মনত;
 নিদিবা লাঞ্ছনা তুমি বোৱাৰী জয়াক।
 অবাবত অলাভত, অবলাক তুমি,
 পীড়িবাঁ কি বুলি!

ৰজা।—নহয় পীড়ন মাতৃ!
 ৰাজ্যৰ মঙ্গল হেতু লাগিছে সন্ধান
 গদাপাণি কোৱঁৰৰ; নিদিয়ে বাতৰি
 গৰবিনী ভাৰ্য্যা তাৰ। কি দোষ আমাৰ?

ৰাজমাও।—নালাগে সন্ধান বাছা।
 নাই আৰু ই ৰাজ্যত গদাপাণি বীৰ;
 মৰিল কঠীয়া আন যোগ্য কোৱঁৰৰ।
 কি ভয় তোমাৰ? আছোঁ মই, আছে আৰু
 বিজ্ঞ মন্ত্ৰী সহায় তোমাৰ।

ৰজা।—নধৰিবাঁ মাতৃ মোক, কৰিছোঁ মিনতি;
 নবধিলে গদাপাণি নুগুচে অপায়।
 স্বৰূপ বাতৰি দিলে এৰোঁ জয়মতী;
 শাস্তিৰ বিধান নতু নখণ্ডে কাচিত।
 নধৰিবাঁ টানি মোক।—আহোঁ, মাতৃ, এবে;
 আছে বহু ৰাজকাৰ্য্য কৰিবলগীয়া।

(বেগেৰ প্ৰস্থান)


ৰাজমাও।—নিৰুপায়।
 নুঘূৰিল লৰা মোৰ বাটে।
 স্বৰূপ ধৰিছে কথা বিজ্ঞ মন্ত্ৰীবৰে,
 মন্ত্ৰণাত বশ আজি লৰা-ৰাজা মোৰ।

[ ৪২ ]

কোনোদিনা কৰা নাই, অৱহেলি মোক,
মাতৃৰ অপ্ৰিয় কাম; আজি মাথোঁ হআঁয়,
দেখিলোঁ অবাধ্য মোৰ বুকুৰ সন্তান!—
নেৰোঁ কিন্তু পিচ ময়ো। চাওঁ চিন্তি আৰু,
পাওঁ যদি ঘূৰাবৰ আন কিবা বাট।
 (প্ৰস্থান)


[ ৪৩ ]
ষষ্ঠ গৰ্ভাঙ্গ।

ৰজাৰ বৰচৰা।

(বুঢ়াগোহাঞি ভাঙ্গৰীয়া অকলে)

বু: গো:।—নৰজিল কথা মোৰ;
 নাপালোঁ সন্ধান। কিন্তু, তাৰ প্ৰতিফল
 পাব হাতে-হাতে; নেৰিছোঁ প্ৰতিজ্ঞা ময়ো,
 নেৰিম প্ৰাণান্তে। অন্ত কৰি গদাশক্তি,
 নিষ্কন্টক সিংহাসন নকৰি নপৰোঁ।
 মই জিৰণি পাটীত। আৰু মোৰ পণ,—
 জিনিম বিপক্ষদল মন্ত্ৰণ-ফেৰত;
 নৰজিব কথা কৰো বিজ্ঞমন্ত্ৰী বুলি।
 ৰাখিছোঁ মুঠিত ৰজা; আৰু সভাসদ
 আছে মোৰ সহায় বিশেষ; আছে আৰু
 সেনাপতি বাহুবল মোৰ। ইচ্ছা কৰি
 পাৰোঁ আজি, ভাঙ্গিব পাতিব সিংহাসন।—
 ইচ্ছা মোৰ, এই ৰাজে কৰে ৰাজভোগ
 অখণ্ড প্ৰতাপে আজি; নৰব জীবিত

[ ৪৪ ]

 অন্যজন ৰাজপাটলই। সিদ্ধি হব
 গুপুত বাসনা মোৰ, উদ্দেশ্য মহান্;—
 ৰাজ্যৰ ধৰণী নাম লম এইবাৰ,
 ঘাই-মন্ত্ৰী নামে।
 (সভাসদসকলৰ প্ৰৱেশ আৰু আসন গ্ৰহণ )

বৰপাত্ৰ।— আপ, দেখোঁ অকলই।
 দেখিছো ভাবত আৰু, অতি নিমগন।

বুঢ়াগোহাঞি।—নৰজিল অনুৰোধ,
 নিদিয়ে সন্ধান; দিলে কাঠ-সমিধান।
 জয়াই উত্তৰ দিলে,—“নিদিওঁ সন্ধান
 মোৰ পতি দেৱতাৰ; নলৰে বচন,
 লৰে যদি হিমাচল!”-এনে গৰবিনী
 গৃহিণী গদাৰ!

বৰবৰুৱা।—অতি অসহন কথা।
 ৰজাৰ আজ্ঞাত এনে অৱজ্ঞা প্ৰকাশ
 সহে কোন প্ৰাণে।

(ৰজাৰ প্ৰৱেশ)

ৰজা।— ( সিংহাসনত বহি) কিবা হল ডাঙ্গৰীয়া!
 কিবা সমিধান আনিলে উলটি দূতে?

বু: গো:।—কাঠ-সমিধান
 আনিলে উলটি দূতে;— নিদিয়ে সন্ধান।
 সগৰ্ব্বে শুনালে কথা,'নলৰে বচন'।
 শুনা নাই জীৱনত নাৰী বচনেৰে,
 এনে সমিধান দান ৰাজাজ্ঞা উৰাই!

[ ৪৫ ]

ৰজা।—নানিলাঁঁ ধৰাই কিয়
 তেতিক্ষণে গৰবিনী নাৰী?—মন্ত্ৰী তুমি,
 কিয় হলাঁ ৰাজকাৰ্য্যত এনুৱা নত!

বু: গো:।— ৰখা নাই বাকী।
 আছিল আদেশ মোৰ, ধৰি আনিবৰ,
 নিদিয়ে সন্ধান যদি।

ৰাজখোৱা।— দূতৰে হে ত্ৰুটী তেন্তে?

ৰজা।— কত দূত, আন বান্ধি।
 তুৰন্তে শালত তাক দিব লাগেগই,
 আজ্ঞা হল মোৰ।

বন্দাপাল।— যিবা আজ্ঞা স্বৰ্গদেৱ।

(হাতপিচলৈ কৰি দূতক বান্ধে।)

দূত।—স্বৰ্গদেৱ, অপৰাধ—
ৰজা।—তুৰন্তে শালত, তুৰন্তে শালত।

(দূতক লৈ বলীপালৰ প্ৰস্থান)


 আন বান্ধি অপৰাধী, আছে কোন্ আৰু;
 হালে-হালে পঠিয়াওঁ যমপূৰী আজি।

(কটোৱালৰ প্ৰৱেশ)

কটোৱাল।— (আঁঠু লৈ) স্বৰ্গদেৱ!
 দুৱাৰত উপস্থিত মহিলা বাহন।

বু গো:।—- হব পায় জয়মতী!
 আনগই যথাসমাদৰে; আন জন
 নাহিব লগত।

[ ৪৬ ]

কটোৱাল।— যিবা আজ্ঞা, দেউতা ঈশ্বৰ!

(প্ৰস্থান)


ৰজা।— আহে কোন্ ভাঙ্গৰীয়া!

বু: গো:।—দেখোঁ আহে কোন্‌,
 জয়মতী স্বইচ্ছায় আহিবৰ কথা।

ৰজা।—আনিছে সন্ধান জানে!

বু: গো:।— নোৱাৰিছোঁ কব।

(কটোৱালৰে সৈতে জয়মতীৰ প্ৰৱেশ)

জয়া।—নিবেদিছোঁ ৰাজভক্তি সিংহাসনলই।

ৰজা।— কোন তুমি, কিবা প্ৰয়োজন?

জয়া।—প্ৰয়োজন?
 প্ৰয়োজন, ৰজাদেৱ, নাই একো মোৰ;
 থাকে যদি আছে তোমাৰেসে। জয়মতী
 নাম মোৰ,—ৰজাৰ বোৱাৰী।

ৰজা।—(বুঢ়াগোহাঞিলৈ চাই নিৰুত্তৰ)

বু: গো:।—(বৰবৰুৱালৈ চাই নিমাত)

বৰবৰুৱা।—(তলমূৰ কৰি নিমাত)

সভাসদ।—(আচৰিত ভাৱে তৱধ)

ন্যায়ফুকন।—(বিৰক্তিৰ হাঁহিৰে মুৰদুপিয়নি)

জয়মতী।—কিবা দৃশ্য ইটো!
 কিয় হেন নিৰুত্তৰ, ৰজা-মন্ত্ৰীসভা?
 গুপুত ৰহস্য কিবা?

[ ৪৭ ]

ন্যায়ফুকন।— ৰহস্য উপাৰোঁ মই।
 নাই মোৰ তুলমূৰ, চকু-লাজ-ভয়,
 নডৰোঁ জয়াক।—পতি তৱ আজি ক'ত?
 দিব লাগে সন্ধান চৰাত। সেই অৰ্থে
 ৰাজাজ্ঞাত আগমন তোমাৰ ই ঠাই।
 —দিয়াঁ সমিধান।

জয়া।—সমিধান, ডাঙ্গৰীয়া,
 দিছোঁ মই যিবা হয়, দূতৰ আগত,
 নাই আৰু কবলই; নলৰে বচন।

ৰজা।—দিব লাগে পতিৰ উদ্দেশ।

বু: গো:।— নহলে ভূঞ্জিবাঁ জানা, লাঞ্ছনা অশেষ?

বৰবৰুৱা।— ৰাজাজ্ঞা হেলন তৱ নহয় উচিত।
 সমুচিত দণ্ড নতু, লাগিব ভূঞ্জিব।

জয়া।— ৰজাৰ অধীন প্ৰজা;—নোহে তাৰ হিয়া।
 আজ্ঞাধীনা বুলি আজি আহিছোঁ ইঁঁঠাই
 ৰাজাজ্ঞা পালন হেতু, পালিম যি পাৰোঁ;—
 অহা নাই হিয়া মোৰ বলি দিবলই।
 নিদিওঁ বুলিছোঁ মই স্বামীৰ সন্ধান,
 নিদিম প্ৰাণান্তে। নডৰাই জয়মতী;
 নেদেখাবাঁ নীচ বিভীষিকা! ৰখা নাই
 বাকী আৰু লাঞ্ছনাৰ,—ৰজাৰ বোৱাৰী
 হলোঁহি চৰাত থিয়; আহিল কুখ্যাতি
 ইন্দ্ৰবংশী আহোমৰ আজি!—আছে নে কি
 বাকী কিবা আৰু?

[ ৪৮ ]

ন্যায়ফুকন।—নাই! নাই! নাই!

বৰবৰুৱা।—নকলে এৰণ কিন্তু, নেদেখোঁ তোমাৰ।

বু: গো:।— অশেষ যন্ত্ৰণা আৰু লাগিব ভূঞ্জিব।

ৰজা।— নকলে অৱশ্যে হব শাস্তিৰ বিধান।

জয়া।— কিয় এনে হীনবল দেখোঁ সিংহাসন।
 কিয় অকাৰণ বিচাৰে কাতৰ ভাৱে,
 সুদৃঢ় প্ৰতিজ্ঞ মোৰ পাবলই লৰ!
 কিয় ভয় প্ৰদৰ্শন, শাস্তিৰ বিধান
 ধৰিছে আগত মোৰ?—জনা আছে মোৰ,
 লাগিব সহিব ক্লেশ নশ্বৰ দেহাত;
 জানি-বুজি কৰিছোঁ যি হয়। নোহে মোৰ
 মন বিচলিত; নহব কাচিত জানাঁ।
 দেহাৰ পতন সতে মনৰ মৰণ,
 নেদেখাঁ নিশ্চয় এই নাৰী জীৱনত।
 কৰা ৰ্যিবা বুজা ভাল;— নিদিওঁ সন্ধান।

বু: গো:।— আতিকে দাম্ভিকা বাৰু, নহবাঁচো হেৰা।
 দেখিলোঁ চকুৰে এই তোমা হেন তিৰী,—
 দেখিছোঁ বিস্তৰ! কৰা নাই কেৱে এনে
 ৰাজাজ্ঞা হেলন!—আপুনি মাতিজা যম,
 কি দোষ আমাৰ?

ৰজা।— নোৱাৰি সহিব আৰু!
 বন্দীপাল। বাজ কৰ, এই গৰবিনী।
 নিতে নৱ শান্তি দিবি, কৰিবি জীয়াতু,
 যদ্যপি নিদিব তাই পতিৰ বাতৰি।

[ ৪৯ ]

 (বন্দীপাল জয়মতীৰ পাচত সভয়ে থিয় দিয়ে।)

জয়া।— নোবোলাঁ অবাচ্য ৰজা, ‘তাই’ বচনেৰে;
 প্ৰতিশোধ সমুচিত দিবহি কালত,
 বীৰবাহু পতি মোৰ ঘূৰিব যেতিয়া।
 আতিকে দুৰ্বল তুমি; নাই বীৰ তেজ।
 নেদেখোঁ বীৰৰ চিন্ সমূলি তোমাত।
 পতিৰ অজ্ঞাতে কোনে সতী পীড়নত
 দেখায় মতালি! ধিক্ তৱ পুৰুষালি!
 মহাপাপী তুমি, নাচাওঁ তোমাক আৰু!
 ধাৰ্ম্মিকে তোমাৰ সঙ্গ নলব কাচিত।
 বন্দীপাল! বল, যাওঁ, শান্তি-থানলই।
 ( বন্দীপালে সৈতে জয়মতীৰ প্ৰস্থান, —সভা নীৰৱ )

ৰজা।— কিবা ভাব অকস্মাৎ।
 ছাতিলেহি চাঁত্‌কৰে ঘোৰ অন্ধকাৰে!
 ভয়ঙ্কৰ ভবিষ্যত উদিছে আগত যেন।
 নোৱাৰে বহিব স্থিৰে, লাগিছে বিষম।
 সভা ভঙ্গ আজিলই, নাই আন কাজ।
 জ্বলিছে সৰ্বাঙ্গ মোৰ, পোৰে জানো কিহে।
  (ৰজা বিতত্‌ হৈ প্ৰস্থান)

বুঃ গোঃ।— দেখা নাই গতি ভাল। হব যে সফল
 মোৰ প্ৰাণৰ উদ্দেশ্য, নাই তাৰ আশা;
 প্ৰতিজ্ঞাত স্থিৰ জয়মতী—। নাই আশা;
 মিছা হল সকলো যতন! ভয়ঙ্কৰ

[ ৫০ ]

 পৰিণাম দেখিছোঁ আগত;—কিবা জানি
 উটি সকলো দায় পৰে আহি গাত;
 লাগে বা ভুঞ্জিব নিজে পাপৰ নিকাৰ।
 বাজিছে বুকুত মোৰ, আশঙ্কাৰ শেল,
 বজ্ৰসম কোব তাৰ! উঠাঁ সভাসদ,
 যাওঁ ঘৰাঘৰি; ভগা-সভা ধৰি আৰু
 নাই প্ৰয়োজন।

ন্যায়ফুকন।— যত অনৰ্থৰ গুৰি
 একমাত্ৰ তুমি! পাপৰ প্ৰায়শ্চিত্ত এবে
 এৰাবাঁ কিমতে?

(প্ৰস্থান)

অঙ্কপাত।
[ ৫১ ]
৩। অংক।
প্ৰথম গৰ্ভাঙ্ক।
বন্দীশালৰ দুৱাৰমুখ।
(চাওদাং-বৰুৱা)

বৰুৱা।— পমিছে কঠুৱা মন,
 কিয় আজি মোৰ? কিয় হেন কান্দে প্ৰাণে,—
 বিদৰে ই হিয়া? পীড়িছিলোঁ কত জনা
 নিকৰুণ ভাৱে, বধিলোঁ কতনা আৰু;
 টলা নাই মই কদাপি ইদৰে আগে,
 কৰ্ত্তব্য পাহৰি!
 (পদ্মা, আহিনী, লাই-লেচাইৰ প্ৰৱেশ )

পদ্মা।— সম্ভাষোঁ বৰুৱাদেৱ!

বৰুৱা।— কোন বা গাভৰু?

পদ্মা।— গোহাঞি-গাভৰু মই,
 পদ্মাৱতী নাম। মন্ত্ৰীৰ জীয়াৰী, আৰু
 জয়মতী-প্ৰাণসখী।

[ ৫২ ]

বৰুৱা।— কিমতে পশিলাঁ আহি এই বন্দীশাল?
 —কিবা প্ৰয়োজন?

পদ্মা।— সন্তাপে লগালে বাট;
 উদ্বেগে সবল কৰি আনিছে ই ঠাই।
 কৰাঁ যদি দয়া তুমি, কৰোঁ নিবেদন
 যিবা অভিপ্ৰায়।

বৰুৱা।— শক্তিয়ে আটিলে মোৰ
 ৰাখিম খাটনি।

পদ্মা।— শক্তিৰ নাটনি নাই।

আহিনী।—ইচ্ছা মাথোঁ লাগে।

বৰুৱা।— ইচ্ছাৰ অভাৱ নাই,
 নাপাওঁ যদিহে বাট, কি আছে উপায়!

পদ্মা।— ৰাখাঁ যদি অনুৰোধ, দিয়াঁ অনুমতি,
 সখী দৰশন লাভ কৰোঁ এটি বাৰ।

বৰুৱা।— জীৱন্তে অসাধ্য কাম
 নাই আতপৰ; অসৰ অনুৰোধ
 নকৰাঁ গাভৰু!

পদ্ম।— দৰশন লাভ মাধ্যে।
 নাই আন অভিপ্ৰায়; নকৰাঁ সন্দেহ।

বৰুৱা।— নকৰোঁ সন্দেহ।
 কৰ্ত্তব্যত বন্ধা মই; কি আছে উপায়!

লেচাই।—আনি দিয়াঁ আইতাক মোৰ।

আহিনী।— নিৰুপায়!

লাই।— আছে কত আইতা লুকাই?

[ ৫৩ ]

পদ্মা।—কিনো কওঁ।
 দেখিছাঁ বৰুৱাদেৱ, কি কৰোঁ উপায়।

বৰুৱা।— কি দিম উপায়।
 দিব পাৰোঁ প্ৰাণ মোৰ, হলে উপকাৰ।
 কিন্তু হাঁয়, অনুৰোধ নোৱাৰোঁ ৰাখিব; —
 এনুৱা কৰ্ত্তব্য মোৰ।

আহিনী।— নাজানে অপৰে কেৱেঁ।

বৰুৱা।— নকবাঁ সি কথা।
 প্ৰাণৰ মমতা ৰাখি হোৱা নাই মই,
 অটল ইৰূপ। হব মোৰ প্ৰাণদণ্ড,
 নাই তাৰ ভয়; কিন্তু সদা লাগে ভয়
 কৰ্তব্য পাহৰোঁ বুলি।

পদ্মা।— নিলগে এবাৰ দেখা?

বৰুৱা।— নধৰৰিবাঁ টানি।
 বিদৰিছে হিয়া মোৰ, পাষাণ যদিও,
 মহাসতী পীড়নত। পমিছে হৃদয়,
 অবুজন বালকৰ দেখি শোক-দুখ!
 নাভাবিবাঁ ৰখা নাই তৱ অনুৰোধ,
 প্ৰাণৰ মমতা ৰাখি।

পদ্মা।— কুশল বাতৰি তেনে দিয়াঁ তুমিয়েই।

বৰুৱা।— সখী তৱ বন্দী এবে।
 নোপোৱাঁ বাতৰি, নোপোৱাঁ সন্ধান একো
 ৰাজ-আজ্ঞা বিনে।

[ ৫৪ ]

পদ্মা।—নোহোৱাঁ সদয় তেন্তে?

বৰুৱা।— বুজিও, নুবুজি
 অবুজ গাভৰুদেৱ, কিয় হোৱাঁ তুমি।

পদ্মা।— বুজিছোঁ বৰুৱাদেৱ,
 —নামানে পৰাণে!

বৰুৱা।—নকৰাঁ আমনি আৰু;
 তোমাকে মাতিছোঁ।

পদ্মা।—( চকুলো টুকি) নকৰোঁ আমনি।
 বলাঁ ঘুৰি পোনাহঁত নিমিলে সাক্ষাৎ!
 আহিনী লগত দুয়ে যোৱাঁ ঘৰলই।
 ৰাজমাও-টোল মই ঘূৰি আহোঁগই,
 ৰাজ-আজ্ঞা দিহা কৰি।  (পদ্মাৰ প্ৰস্থান)

আহিনী।— (কান্দি কান্দি) আহাঁ, পোনাহঁত!

লেচা।— নেদেখিলোঁ আইতাক?  (কান্দে)

আহিনী।— আহ, পোনা দুটি অই।
 দেখিবাঁ পাচত।  (প্ৰস্থান)

বৰুৱা।— ( ক্ষন্তেক নিটাল মাৰি) যাওঁ ময়ো,
 কৰোঁগই শস্তিৰ বিধান।
 ভাগ্যত পৰিছে এনে নিদাৰুণ কাম! (প্ৰস্থান)

[ ৫৫ ]
দ্বিতীয় গৰ্ভাঙ্ক।
জেৰেঙা পথাৰ।
( জয়মতী আৰু চাওদাংবৰ্গ)

জয়মতী।- (বন্ধা অৱস্থাত) শক্তিদাতা ভগৱন্ত!
 অসহন নিৰ্য্যাতন সহিবৰ গুণে,
 দিছাঁ শক্তি শৰীৰত;- দিয়াঁ একে শক্তি
 এবে এই হৃদয়ত সহোঁ একে দৰে
 লাঞ্ছনা অশেষ। ভাবিছে দুৰ্ম্মতি ৰাজে,
 পাশৱ পীড়ন কৰিব দুৰ্ব্বল মোক,
 বলেৰে কৰাব মান্তি, সই লবলই,
 নাজনি সতীৰ প্ৰাণ পতিপ্ৰাণা বুলি!—
 জনা নাই, হিয়া এই সবল কিমান।
 সহনৰ শক্তি যে কিমান।— শক্তি নাই
 ভাবিবৰ তাৰ।

১ম, চাওদাং।—সেইবোৰ যে বলকিব পাৰাঁ, আমি সোধা কথানো কেলেই
 কব নোৱাৰাঁ। তাকে কৈ দিলেইচোন ৰইখা পোৱাঁ।

২য়, চাওদাং।—ওঁ , ময়ো তাকে কওঁ। এওঁ কিন্তু নিজৰ কথাটোকে হে
 ধৰি থাকে।

[ ৫৬ ]

জয়া।—নাথ মোৰ, সুখে থাকাঁ, যতে আছ তুমি,
 নোপোৱা বাতৰি যেন ইফালে যি হয়।

৩য়, চাওদাং।— হেৰ, ই কথাই কথা নহয়। এওঁ খালি নাথকে হে পাইছে;
 আমাৰ কথালৈ কাণ নকৰে।,

২য়, চাওদাং।—এৰা, আকৌ শাস্তি হে ধৰিব লাগিল। এওঁৰ পম-ঘোষাই
 আমাৰ গা নাৰাখে, জানিছ।

১ম, চাওদাং।— নহয় নো কি, পৰৰ লগত পৰে কোন্ মৰে অ’? নেদেখিলি
 দূতৰ গতি! ধৰ, চোৰাত লগাঁওহঁক।

৩য়, চাওদাং।—ৰবি, ৰবিচোন ককাইহঁত, আকৌ কিবা এবকলা গাব
 খুজিছেচোন। কথাৰ মাজত কেনেবাকৈ কথাটো ওলায়েই
 বা? (কেইওটাই কাণ পাতি শুনে)

জয়া।— নেৰিবাঁ শক্তিয়ে মোক।
 বাঢ়ে যেন ধৈৰ্য্যবল, বাঢ়ি চতুৰ্গুণে,
 বাঢ়েমানে নৰৰূপী দানৱৰ বল।
 এৰিম ইয়াতে দেহা, শেষ-পীড়নত,
 নাই তাত খেদ মোৰ। কিন্তু যদি ভাগে
 যত্নৰ প্ৰতিজ্ঞা মোৰ, কিবা স্বৰূপত
 বিষম যন্ত্ৰণা হাঁয়,বাজিব প্ৰাণত।
 ইঘোৰ সমস্যা বেলা নাৰী জীৱনত,
 দেহ-মন দুয়ে ধৰিবি সহন টানি,
 নহবি অৱশ।

২য়, চাওদাং।— হেৰ, তহঁতে মুখলৈ চাই থাকোতে বলকনি বাঢ়িছে হে।

১ম, চাওদআং।— এৰা ধৰিব হে লাগিল। কিন্তু আমনি লাগিল দেখোন,
 কিমান নো শাস্তি দিম।

[ ৫৭ ]

৩য়, চাওডাং।— ৰবিচোন, শুনচোন, কয় কি,—তাল শুনি।

জয়া।— লাগিছে বিষম বোধ, মৰা-শৰীৰত,
 অমৰণ মন মোৰ নহয় কাতৰ।

২য় চাউডাং।—হেৰ, আমৰলি মেলোহঁক। কাতৰ হোৱা নাই বোলে।

৩য়, চাউডাং।— হয়, তাতে পানী ঢালি দিব লাগে। কিমান পৰ নো সহে
 চাওঁ।

২য়, চাউডাং।—উঃ! আতি টান পালো হয়! ভাগৰিলোঁ আৰু!

৩য় চাউডাং।—ভাগৰ লাগিলগৈ হয় দেও! ককাইহঁত বহ, অলপ জিৰাওঁ।
 ৰবিচোন, অলপ পদকে শুনোঁ। তিনিও এফলীয়া হৈ বহে)

জয়া।— বসুমতি! আছে যদি ধৰম তোমাত,
 ৰাখিবাঁ ধৰম মোৰ;—দিবাঁ শক্তি তযু,
 সহনৰ পূৰ্ণগুণ আজি। ক্ষমা গুণ আৰু
 দিয়া মোক পূৰ্ণভাৱে, ক্ষমোঁ অজ্ঞানক।
 নিবিচাৰোঁ প্ৰতিশোধ; পাব প্ৰতিফল,
 ফলিৰ কালত সি, কৰ্ম্ম অনুসৰি।
 কিন্তু ভিক্ষা এই, পায় যেন প্ৰাণনাথে,
 মঙ্গল আশ্ৰয়, অপায়-অশান্তি মাজে।
 আৰু মোৰ দুটি পোনা এৰিছোঁ পাচত,—
 দুটি সিংহৰ পোৱালি; থাকে যেন দুয়ো,
 আপদ এৰাই। পতিত ই ৰাজবংশ
 স্বামীয়ে উদ্ধাৰা পাচে, কৰিব উজ্জ্বল,
 অদ্বিতীয় ৰজা হই। বাঞ্ছা আৰু নাই;—
 স্বামীৰ চৰণ যেন ভাগ্যে পাওঁ দেখা,
 এৰোঁতে মাটিৰ দেহ মাটিক গতাই।

[ ৫৮ ]

৩য়, চাউডাং।— সাঁজ লাগিল। ককাইহঁত কি কৰ? ৰাইজো লাহে লাহে
 ভাগিছে। আগবেলাৰ শাস্তিয়েই আটিছে। ইমানতে
 আজিলৈ আধ্যা পেলাওঁহঁক, কি বোল?

১ম, চাউডাং।—এৰা, আজিলৈ ইমানতে এৰোঁহঁক।

২য়, চাউডাং।— হয়, এৰাই ভাল। শুনিছানে প্ৰহৰী ককাই। ৰাতিটোলৈ
 তোমাক হে গতালোঁ। আমি আহোঁ হে এতিয়া। ব’ল
 ব’ল যাওঁ ব’ল, খৰ কৰ, ককাইহঁত, ৰাতি হয়।
 চাউডাংবৰ্গৰ প্ৰস্থান)

(সমুখত ৰাজবাটৰ পট পৰে)
[ ৫৯ ]
তৃতীয় গৰ্ভাঙ্ক।
ৰাজবাট।
(ভোগাই, নদাই, আৰু গঙ্গাই।)

ভোগাই।— (কানৰপৰা খৰিভাৰ পেলাই) উঃ, হৰি-গুৰু-বান্ধৱ-কৃষ্ণ-
 গোবিন্দ। ৰাম ৰাম ৰাম ৰাম। (বহে)
(জালৰ ভাৰ লৈ নদাইৰ প্ৰৱেশ)

নদাই।— অ’ কি কৰিছ ককাই?

ভোগাই।— এ, ছাঁতে বহি অসন্তক জিৰাই উৱাহটো লৈছোঁ বোপাই।
 ৰাম ৰাম ৰাম ৰাম!

নদাই।— ময়ো অসন্তক বহোঁ ককাইটি। কঁকালটো পোনাই লওঁ।
 (জাল-জৰিৰ ভাৰখন থৈ) ইঃ ইঃ ইঃ ঠৰ হলোঁ পায়।
 (কঁকালত হাত দি মেচা হৈ বহে)
(কানত টোকোন লৈ গঙ্গাইৰ প্ৰৱেশ)

গঙ্গাই।— ভাল লগ পালোঁহি ককাইহঁত ঔ! ভাল ৰইখা পৰিলোঁ।
 উঃ, আজি মহ-যখ এটাই বেয়াকৈ পিচ লাগিছিল, বুপাই।
 ইঃ ইঃ ইঃ, ভাল সাৰিলোঁ। ককাইহঁত, বোলোঁ কৰিছ কি?

ভাগাই।— তইনো দেখিছ কি? চকু দুটা পিচপিনে পিন্ধিলি নে কি?
 পিচে, গৈছিলি নো কলৈ?

গঙ্গাই।— এ, কিনো হব কলে ককাইটি। কালিৰেপৰা মোৰ মহজনী
 নাই; দিনটো বিচাৰি বিচাৰি মিছাতে হাইৰাণ হলোঁ।
 ককাই হেৰ, আছে যদি ছালি এখন দে। গাঁঠিটো মেলচোন।

[ ৬০ ]

 মুখ ভেঁকুৰিল! (টোকোনত ভেজনি লৈ থিয় দিয়ে)
 অঃ মোৰ স্বোৱামীগুৰু!

নদাই।— বৰকৈ নাম ললিচোন? মৰিব গোনাইছ নে? অ, যসে
 পালেই নে কি?

গঙ্গাই।— মৰ তয়ে অধৰমী। পাব তোকে এদিন যখে।

নদাই।— ইঃ ধৰমীটো নেদেসিছাঁ? ই নমৰে, ভাৰস্তৰ নিকাৰ মসা
 সাই ইয়াতে থাকিব।

ভোগাই।— এ, কিনো মৰা-জীয়াত লাগিলিহঁত ঐ! বোলোঁ, জীয়াত
 নো সকাম কি, মৰাত নো নিকাম কি? কেনি নো
 আহিলি? বাটত দেখি অহা নাই নে? এনেকৈ হলে জীয়াই
 থাকিব নো লাগিছে কেলৈ ঐ!

নদাই।— ভাল মনত পেলালি ককাই! কিনো কম ককাই ঐ, মানুহ
 জনীৰ বিলাইসন!

গঙ্গাই।— এৰা, তথাপি তাই গিৰিয়েকৰ কথাটোকে কৈ দিছে জানো।
 বেতৰ কোব, চমটা, চোঁৰাত, আমৰলি,—আইও, মোৰ
 গাটো জিকাৰি উঠে।

ভোগাই।—হেই পাষণ্ড! তাই চাই নুবুলিবি। তই নেজান নে, সেই
 গৰাকী আমাৰ গদাকোৱঁৰৰ ঘৈণী-আইদেউ বুলি?

নদাই।—এৰা, সওঁতে সয়। কথাটো তেনে যেন পালোঁ সয়। কি,
 ককাই, কিহৰপৰা নো কিটো হল কচোন?

ভোগাই।—ক’ৰ নো চুকত সোমাই আছিলি অ’? কেদিনমান হল,
 গদাকোঁৱৰ পলাইছে নেজান? ৰজাই বিচৰাই পিটাপিট্‌
 কৰাইছে।

গঙ্গাই।— পিচে, পিচে,—

[ ৬১ ]

ভােগাই।— পিচে আৰু পিচে। পিচে, তেওঁনো কলৈ গল তাকে ৰজাই
 জয়মতী আইদেউত সুধিছে, আইদেৱে নকয়। এই কথা।

নদাই।— ঔ গােখাঁই! ইমান ছেপাসূন্দাতাে নকয় ঔ।

গঙ্গাই।— এৰা, তােৰ বৰপোহাৰীৰ দৰে দেখিছ নহয়?

নদাই।- এ, নগপাবি অ’, তােৰ বৰঘৈণী জনী নাে কেনে জনী ? বৰকে
 নগপাবি সেৰ, সং উঠি যায়।

গঙ্গাই।— এৰা, ঘাটিলোঁ পায়! তেও, তোৰ জনীৰ দৰে পােনেই
 টেঁটুতে নধৰেহি পায়।

নদাই।— সয়। তােৰ জনীৰ দৰে মােৰ ওপৰত সনে-সনে মকতমা
 চলাইছিলগৈ নহয় ? মই অমুকা সাখী নােলােৱাগৈ হলে
 তােৰ বৰঘৈণীয়েৰে বগাঘৰত ভাত সুৱালেহেঁতেন। তেও
 গুণ হে নাই।

ভােগাই।— এঃ থ, থ, তহঁতৰ চুপতিখন, বুপাইহঁত। মন্‌-চন্‌ বেয়া
 লাগিছে। মেনে মেনে থাকহঁক।

গঙ্গাই।— অ, হয়, পিচে ককাই, পিচে?

ভােগাই।— পিচে, দন্দ পাত; পিচডোখৰ লাগিছে কেলেই।

গঙ্গাই।— নহয় ককাই, ক বাৰু, ক চোন।

ভােগাই।— পিচে, জয়মতী আইদেৱে গৃহস্থৰ কথা নকয়। সেই গুণে
 এনে অইনাই শাস্তি দিছে।

নদাই।— ভাল কৈছ, ককাইটি ঐ, এনে অইনাই দেসা নাই।

গঙ্গাই।— নকবি আৰু ককাই, এই ৰাজ্যত থাকিব নােৱৰা হল। দিন-
 কাল উলটিল।

ভােগাই।— উলটিল হে হয়। এই চকুৰেই কেবাজনাও হর্কদেৱ দেখিলোঁ ;
 এনে অইনাই; কৰা দেখা নাই বুপাই!

[ ৬২ ]

নদাই ।— আৰু ককাই! কিবা বােলেনে ৰজাৰ ভাইগেহে ৰাইজৰ ভাগ।
 নেদেসিছ, সেতি-পথাৰৰ ফালে ! কিন্তু অইনাই কৰাৰ পােটক
 পাইছে বােলে। কেদিনমানৰপৰা সেনাে ৰজাৰ গাত গােখাঁই
 নাইকিয়া হৈছে।

ভোগাই।— এৰা, শুনিলোঁ হয়; ৰজা হেনাে অলপ বিভ্ৰমৰ দৰে হৈছে।
 ভুতেই পালেনে কোনােবাই জাদুৱেই কৰিলে জানাে ?

নদাই।— এৰা, সিবিলাকে আক, জৰা-ফুকা কৰি জৰি-ফটি এগছ
 দিয়ক ছাৰি পাৰেমানে দৰৱ মসাহে সুৱাইছে !!

ভােগাই।— যি হব নােৱাৰিছে, আমাৰ মেনে মেনে থাক। বুঢ়াগােহাঁই
 ডাঙ্গৰীয়াকো বােলে কোনােবা এজন ডাঙ্গৰীয়া-ভকতে পাইছে
 হেনো।

নদাই।— পাই থক। দৰবমসা সুৱাই ঘাটি লগাই থক।
গঙ্গাই।— এঃ, তহঁতে বহু ককাইহঁত। মই যাওঁ হে আৰু। ছালি-
 এডােখৰো নিদিলি। (গঙ্গাইৰ প্ৰস্থান)

ভােগাই।—আমিও যাওঁ। আমিনো কি ৰাজপাটখন খাবলৈ বহিছোঁ।
 (উঠি কানত ভাৰ লয়) নদাই নুঠ নে?

নদাই ।— এৰা উঠোঁ ককাই। (ডিঙ্গিত হাত ফুৰাই) অ! ককাই,
 মৰিলোঁ। মােৰ ডিঙ্গিৰ বৰখীটো নাই! ককাইটি ঐ।
 নেৰিবি, মােক আগ কৰ, (লৰি আগ হয়)। উঃ, (টকালি
 পাৰি) বৰখীটো মৰিয়াৰ সতুৱাইনে শনিবাৰে গঢ়োৱাই লৈ
 পিন্ধিছিলোঁ বুপাই। ইঃ ইঃ ভাল কথাসন হল! পৰহিলৈ
 মঙ্গলবাৰে আকৌ এটা গঢ়াই লৈ নিপিন্ধোনেমানে ওলাবই
 নােৱৰা হলোঁ। ইস্‌! ইস্‌। ইস্‌! (প্ৰস্থান)

[ ৬৩ ]
চতুৰ্থ গৰ্ভাঙ্ক।
বন্দীশাল।

জয়া।— অহ, মোৰ পোনা দুটি!
 এৰিলো অনাথ কৰি;—কতনা বিলাই
 হইছে পাচত জানো! সখীক গতাই।
 একেৰি নিশ্চিন্ত মাথোঁ; কিন্তু হাঁয়, মোৰ
 মাতৃহীন পোনাহঁতে খলকি লগাই
 কান্দিছে নথৈ জানো, নামানি বুজনি।
 লেচাই সোণায়ে মোৰ নামানে আনক;
 লাই সোণে পাকেপতি বিচাৰে আইতা!
 সখীৰ সন্তাপ জানো বাঢ়িছে দিনকে,
 আমনিত আৰু চতুৰ্গুণে। আৰু দেহি,
 আহিনীটি! —মোৰ হন্তে প্ৰাণ দিয়ে তাই?
 চুবুৰীয়া সৱলই পৰিছে মনত;—
 পাতিছে সবাৱে জানো মোৰেই হে কথা।
 নমৰি জীয়াই আছোঁ, ভূঞ্জিবৰ গুণে,
 ই ঘোৰ সন্তাপ।।
 (ৰাজমাও আৰু পদ্মাৱতীৰ প্ৰৱেশ।)

পদ্মা।— দেহি ঐ, সখী মোৰ
  কিনে অৱস্থাত! (লৰি গৈ সাবটি ধৰে)

জয়া।— ই কি। প্ৰাণসখী মোৰ।
 {দুই উন্মাদিনীৰ সাবটাসাবটি)

[ ৬৪ ]

পদ্মা।— (কান্দি কান্দি) আছিলোঁ জীয়াই,
 তোমাৰ এনুৱা দশা দেখিবৰ গুণে!

জয়া।— (কান্দি কান্দি) আজিও জীয়াই আছোঁ,
 তোমাসাৰ শোক-তাপ বঢ়াবৰ গুণে!
 (ৰাজমাওৱে চকুলো টুকি টুকি কাষ চাপে)

ৰাজমাও।— (কান্দি কান্দি) কোন সতে চাওঁ আজি
 বোৱাৰী জয়াক!

জয়া।— (বাউলী হৈ ভৰিত পৰি) কিনো ভাগ্য মোৰ,
 আইচু-দেউতা আহি দিলে দৰশন।

ৰাজমাও।— (কান্দি কান্দি) কণ্ঠৰোধ বাছা মোৰ;
 কি দিম উত্তৰ! নহল সাধনা সিদ্ধি;
 বৃথা হল যত্ন আৰু উদ্ধাৰ মন্ত্ৰণা
{{gap|3emযতমানে মোৰ।

জয়া।— সকলো দশাৰ ফল;
 বিধিৰ লিখন মাতৃ, নাযায় খণ্ডন;
 নাই দোষ কাৰো।

ৰাজমাও।— বিধিৰ লিখন সঁচা
 নলৰে দেখিছোঁ!

জয়া।— সখী ঐ, পোনা দুটি মোৰ?
 (আকৌ উন্মাদিনী হৈ পদ্মাৰ ডিঙিত ধৰে)

পদ্মা।— (কান্দি কান্দি) ৰাখিছে ঈশ্বৰে ভালে।
 উমলি ফুৰিছে দুয়ো, আহিনী লগত
 পাহৰি ক্ষন্তেক।

[ ৬৫ ]

জয়া।— (কান্দি কান্দি) নেদেখিলোঁ পোন দুটি!

পদ্মা।— (বৰকৈ কান্দি) আহিছিল দুয়ো;
 ৰাজ-অনুমতি বিনে নাপালে প্ৰৱেশ।

জয়া।— দেহি, ঐ, নাপালে প্ৰৱেশ!
 (হিয়াত ভুকুমাৰি লুটি খাই পৰে, ৰাজমাও
 আৰু পদ্মা দুয়ো ধৰি তোলে)।

ৰাজমাও।— উঠাঁ বাছা মোৰ।
 নকৰিবাঁ খেদ আৰু কি হব কান্দিলে।
 নিজে তুমি জ্ঞানৱতী, কি দিম বুজনি।—
 তোমাৰ যশস্যাৰাশি, বাটে-ঘাটে কত
 গাইছে ৰাইজে আজি।

পদ্মা।— দেখা দি বঢ়ালোঁ খেদ,
 মই অভাগিনী! ক্ষন্তেক মিলন সুখ
 লভিবৰ গুণে, নুমুৱা অগনি আহি
 জ্বলালোঁ প্ৰাণত।

জয়া।— নকৰাঁ আক্ষেপ সখি!
 নুদুষিবাঁ ভাগ্য তৱ, অভাগিনী হেতু।
 শোকৰ নিজৰ মোৰ বোৱাই ক্ষন্তেক,
 হইছোঁ সুস্থিৰ।

ৰাজমাও।—বিপদত ধৈৰ্য্য ধৰা
 তোমাৰে সুগুণ; বইছে যশস্যা তাৰ
 ৰাজ্য জুৰি আজি। ঘৰে ঘৰে পটন্তৰ,
 হলাঁ তুমি বাছা!

[ ৬৬ ]

জয়া।— জনাবাঁ সম্ভাষা মোৰ চুবুৰীয়া সৱে,
 ৰাখিবাঁ মনত সখি, অভাগিনী কথা।
 ৰাখিবা যতনে আৰু, পোনা দুটি মোৰ।

পদ্মা।— নিশ্চিন্তে থাকিবাঁ সখি,
 পোনা দুটি লই। প্ৰাণ মোৰ ত্যাগ কৰি
 পালিম দুটিক।

ৰাজমাও।— থাকিলোঁ সহায় ময়ো,
 নহবাঁ চিন্তিত।

পদ্মা।—আৰু এটি কথা সখি,
 কব খোজোঁ মই, নোপোৱাঁ বিষম যদি।

জয়া।— কিবা কথা সখি?
 তোমাৰ কথাত মোৰ কাহানি বেজাৰ?

পদ্মা।— শুনা তেন্তে প্ৰাণসখি!—
 দিলে নো এতিয়া বাৰু, পতিৰ সন্ধান,
 কিবা অমঙ্গল হব পাৰে কোৱঁৰৰ?
 উলটিল ৰাজসেনা নাপাই বিচাৰি,
 কদাপি নাপাব ঘূৰি; নাই ভয় আৰু;
 পাইছে কোৱঁৰে জানো গুপুত আশ্ৰয়।
 দিবাঁ নে সন্ধান?

জয়া।— নকবাঁ সি কথা সখি।
 স্বামীৰ সন্ধান নোলায় মুখত মোৰ
 থাকেমানে প্ৰাণ! নাভাঙ্গো প্ৰতিজ্ঞা আৰু
 জানিবাঁ ধুৰুপ। প্ৰাণ মোৰ উছৰ্গিছোঁ
 স্বামীৰ কুশলে।

[ ৬৭ ]

ৰাজমাও।— এটা কথা কই বাছা,
 পোৱাঁ পৰিত্ৰাণ, সাৰাঁ ঘোৰ নিৰ্য্যাতন;—
 নাভাগে প্ৰতিজ্ঞা।

জয়া।—আইচু-দেউতা মোৰ।
 নেদেখাব সিটো বাট, নুবুজাব মোক
 সই লবলই। বাকী নাই লাঞ্ছনাৰ
 আৰু নিৰ্য্যাতন।

পদ্মা।—তাতে হে কইছোঁ সখি,
 ৰক্ষা পৰাঁ বিপদ এৰাই। দিবাঁ কই
 যথা তথা স্থান।

জয়া।—মৰণ অধিক বাঞ্ছোঁ,
 কব লগা হয় যদি মিছা কথা কিবা।
 ততোধিক মৰ্ম্মাহত, যত্নৰ প্ৰতিজ্ঞা।
 ভাগে যদি মোৰ।

ৰাজমাও।— ধন্য, ধন্য
 মহাসতী জ্ঞানৱতী জয়া!! (প্ৰহৰীৰ প্ৰৱেশ )

প্ৰহৰী।— বেলা হল ঘূৰিবৰ;
 নিবেদোঁ চৰণে।

ৰাজমাও।— নহয় পলম আৰু।

প্ৰহৰী।— শিৰে ধৰোঁ বাণী। (প্ৰহৰীৰ প্ৰস্থান)

জয়ান্দিছে।— বন্দিছোঁ চৰণ মাতৃ, এই শেষ বাৰ। (সেৱা কৰে।)

ৰাজমাও।—আশীছোঁ অন্তৰে বাছা।
 নহবাঁ অধীৰা; এৰা নাই যত্ন মই,
 উদ্ধাৰৰ হেতু।

[ ৬৮ ]

পদ্মা।— (উতলা হৈ) সখি, মোৰ ৰাখাঁ প্ৰাণ
 যাওঁ ভেলা ঘূৰি!

জয়া।— (ডিঙ্গিত ধৰি কান্দি) নিয়া প্ৰাণ, সখি মোৰ,
 নামমাত্ৰ থাকোঁ পৰি মাটি-দেহা মাথোঁ
 বাগৰি মাটিত।

ৰাজমাও।— নহবাঁ উতলা দুয়ে,
 বিপদ বঢ়াই। আহোঁ বাছা, হোৱাঁ স্থিৰ,
 নকৰিবাঁ খেদ। সহিবাঁ পৃথিবী হই।

জয়া।— সখি মোৰ!⸺ (কণ্ঠৰোধ)।

পদ্মা।—প্ৰাণসখি!⸺ (কণ্ঠৰোধ)

(চকুলো টুকি টুকি ৰাজমাও আৰু পদ্মাৰ প্ৰস্থান)
(জয়মতীৰ মূৰ্ছা)

অঙ্কপাত।
[ ৬৯ ]
৪। অঙ্ক।
প্ৰথম গৰ্ভাঙ্ক।

নগাপৰ্ব্বতৰ নামনি।
(দুটা পাণ-বেপাৰী।)

১ম, বেপাৰী।—ধৰম? তোৰ পাণ কি দৰে সলাবি?

২য়, বেপাৰী।—এৰা, সলাব লাগে এটা দৰত। তেও বুলি, গুছিত
 একঠাকৈ চাউল নাপাম জানো?

১ম, বেপাৰী।—মই হলে কানিলৈ হে সলাম বুপাই! এই বছৰ আৰু
 আফুখেতিত হাতকে লগাব নোৱাৰিলোঁ। লৰাটোৰ
 নৰিয়া। ৰজাৰ ঘৰত দুটাৰ হৈ খাটিব লগা হল।
 খেতিলৈ আৰু সময় পাওঁ কেতিয়া!

২য়, বে:।—এৰা, নৰিয়াৰ বাবটো এৰিব লাগিছিল।

১ম, বে:।— এ, নকবি, মোৰ কুটুম! আজি-কালি যিহে অইনাই-
 অধৰমৰ দিন পৰিছে, জীৱন ধৰাই টান হৈছে।

২য়, বে:।— সঁচা কৈছ ককাইটি। গদাকোৱঁৰৰ ঘৈণী আইদেউ
 লৈকে নাচাৱ কিয়? আমি কোন কুটা!

(নগাবেশী গদাপাণি লাহে লাহে ওচৰ চাপে)

১ম, বে:।— নকবি, নকবি মোৰ বুপাই! মানুহ গৰাকীৰ বিলাই দেখি
 পানীত হাঁহ নচৰা হৈছে ঐ!

[ ৭০ ]

২য় বে:।— ভাল সহিছে হয়! এ গোসাঁই, অতনা শান্তি! মতা
 মানুহেও নোৱাৰে স'ব দেও!

গদ।— ক'ত যাব লাগে তহঁতি?

২য়, বে:।— আমি ভৈয়ামৰ মানুহ মিতা! কিবা-কিবি সলাবলৈ
 আহিছিলোঁ। যাওঁগৈহে এতিয়া।

১ম, বে:।— এৰা, উঠ্‌, যাওঁগৈ। বাটতে ৰাতি হব আজি!

গদা।— তুমিখানে কি কথা কৈছিলে এতিয়া?

২য়, বে:।— এ, নুসুধিবা মিতা, আমাৰ দেশৰ কথা! সেই গদাপাণি
 নামেৰে আমাৰ বৰ ভাল কোৱঁৰ এজনা আছিল। তেওঁ
 ৰজাৰ ভয়ত পলাইছে। পিচে, সিফালে তেওঁৰ ঘৈণী-
 আইদেউ গৰাকীক জেৰেঙা পথাৰত বান্ধিলৈ নথৈ শাস্তি
 দিছে। তাকে হে কৈছে, বোলোঁ দেখিলে পানীত হাঁহ
 নচৰা হৈছে। সাতশতুৰুৰো চকুৰ পানী ওলায়। যাওঁ
 আমি এতিয়া, মিতা, থাকিবাঁ।

(পাণ-বেপাৰীৰ প্ৰস্থান)

গদা।—(অকলে) সপোনত পালোঁ যেন
 বাৰ্ত্তা দিঠকৰ;— প্ৰিয়া মোৰ অনাথিনী;
 ভুঞ্জিছে যন্ত্ৰণা! দেখিছোঁ সপোন আৰু;—
 ঘোৰ অত্যাচাৰে গ্ৰাসে যেন পিতৃ-ৰাজ্য!
 নায়ক হইছে তাৰ, সেই লৰা-ৰজা।
 পাষণ্ড, দুৰ্ম্মতি, কুমন্ত্ৰণাৰ বশ পাপী।
 লভোক সি ৰাজভোগ; ঈৰ্ষাভাব মোৰ
 লেশমাত্ৰ নাই তাত,—নাছিল সমুলি।
 কিন্তু হাঁয়, পিতৃৰাজ্য ছাৰখাৰ কৰা

[ ৭১ ]

নসহে প্ৰাণত!—নোৱাৰোঁ থাকিব চাই
নিলগে নীৰলে, ভয়াতু জনৰ প্ৰায়!
দুৰ্ব্বলচিতীয়া লৰা, ৰজা পাতি লই,
দুৰ্ম্মতি মন্ত্ৰীৰ দলে বিষয়া সইতে
পক্ষাপক্ষ দলাদলি ঘটাই ৰাজ্যত,
হুলস্থূল হাহাকাৰ অশান্তি চৌপাশে
ঘটাইছে ৰাজ্যজুৰি!— হাটে-বাটে ঘাটে,
সবাৱৰে মুখে মাথোঁ অত্যাচাৰ কথা!
দুষ্টৰ দমন আৰু সন্তৰ পালন,
উলটিল ৰাজনীতি আহোম ৰাজ্যত!
অজ্ঞানত ৰতি আৰু জ্ঞানত বিৰক্তি,
পাপৰ উত্থান আৰু পুণ্যৰ পতন,
ৰাজ্যৰ লক্ষণ আজি ইন্দ্ৰ-বঙহৰ!
ধিক মোৰ জীৱনত,— ধিক! ধিক্!! ধিক!!!
—সহি অত অধৰম, অন্যায় শাসন,
আছোঁহি লুকায়! (মৌন)
অনাথ সন্তান দুটি
পৰিছে মনত আৰু। কাপুৰুষ মই;—
দিছোঁ এৰি, নিৰ্ব্বিবাদে পীড়িছে প্ৰিয়াক,
মোৰ হন্তে অবাবত! ৰাজ্য এৰি হাঁয়,
অকলে আহিলোঁ, অকলে পৰাণ মোৰ
বচাবৰ গুণে! ধিক্‌ এই জীৱনত,
ধিক্কাৰোঁ শতেক। ধিক্ এই বাহুবল,
ধিক্ আৰু বীৰ নাম লাঞ্ছনাৰ হেতু!

[ ৭২ ]

 নসহে পৰাণে আৰু প্ৰিয়াৰ যন্ত্ৰণা,
 শুনিলোঁ ষি বাটৰুৱা বেপাৰীৰ মুখে!
 সৈন্যবল হয়মানে যুগুত ইয়াত,
 পাকতে প্ৰিয়াক মোৰ বিপদৰপৰা
 আহোঁ মুক্ত কৰি।
(বেগেৰে কেইখোজমান যাওঁতে জিনুৰে সৈতে ভেঁটাভেঁটি)

জিনু।— (উত্ৰাৱল ভাৱে) আক্কিতো! তুমি হ'লে ক’তে যাইছে?

গদা।—(ব্যগ্ৰভাৱে) জিনু! মই ভৈয়ামত যাম। বৰ ডাঙ্গৰ কাম
 আছে। মই বাজে বাজে যাওঁ গৈ। তই ঘৰলৈ উলটি যাগৈ।
 আমাৰ আজক কবি, মই আকৌ আহিমগৈ, দেই।

জিনু।—(বেচি উত্ৰাৱল হৈ) তুমি হলে ক’তে যাব, আমি ভি লগতে
 যাব। আমি হলে গৰতে অকলে নবহে। (কান্দো-কান্দো!)

গদা।— আও! তই কেনেকৈ যাবি? ভৈয়ামৰ মানুহে তোক
 কাটিব। ঘৰলৈ যাগৈ জিনু!

জিনু।—(কান্দিকান্দি) আমি হলে অকলে নবহে। তুমি লগতে
 যালে হলে বাল আছে।

গদা।—মই আকৌ ঘূৰিম জিনু! ইয়াত মোৰ আৰু বহুত কাম
 আছে। যাগৈ জিনু, ঘৰলৈ। মই আহিলোঁ, যাগৈ যা
 জিনু, আহোঁ দেই—

(বেগেৰে গদাৰ প্ৰস্থান)


জিনু।—(বিমোৰ হৈ) আক্কিতো!—অহঃ!—হি গলে গৈ!! আমি
 হলে অকলে নবহেঃ। আমি ভি তাৰ পাচতে পাচতে যাই টাকিব—

(বাউলী হৈ জিনুৱে গদাপাণিৰ পিচে-পিচে লৰ ধৰে)
[ ৭৩ ]
দ্বিতীয় গৰ্ভাঙ্ক।

কলিয়াবৰ,—ৰণকোঁঠ।
⸻•⸻
(বৰগোহাঞি ডাঙ্গৰীয়া, সলালগোহাঞি, জাগিয়াল গোহাঞি, মহিয়াল
বৰুৱা, বৰা, শইকীয়া, হাজৰিকা ইত্যাদি)।

স: গো:।— ভীষণ বাতৰি অহ!
 পৰিছে কাণত আহি, নগৰৰপৰা।
 শুনি হিয়া বিদৰিছে হাঁয়!—কবলই
 সত যোৱা নাই।

জা: গো:।— কিনো সি বাতৰি?
 কিয় বা বিদৰে হিয়া?

ব: বৰুৱা।— দিয়াচোঁ আভাস,
 নিদিয়াঁ যদিহে বাৰু আঁতিগুৰি মাৰি
 পূৰ্ণ বিৱৰণ তাৰ।

হাজৰিকা।— সঁচা, উগুল-থুগুল
 লাগিছে মনত, কিনো কথা কিনো বাৰ্ত্তা
 শুনিবৰ হেতু।

শইকীয়া।— লাগিছে আমাৰো তেনে।

বৰা।— লাগিছে আমাৰো।

বৰ গো: ডা:।—ডালতকৈ চৰে দেখোঁ পাত!
 কবলই ধৰোঁতেই অত অনা-গুণা;
 কলে জানো বাঢ়ি যায় আৰু কুঁহিপাত?

[ ৭৪ ]

 ৰাজকাৰ্য্য পিচ কৰি বাজে-আলোচনা
 আগ কৰা অযুগুত; এৰাঁ এবে, থোৱাঁ
 পাচলই।

স: গো:।— নকলে নামানে প্ৰাণে;
 নেদেখোঁ উপায়!

ব: গো: ডা:।—কোৱা তেন্তে গিৰিসাই;
 নকৰাঁ পলম।

স: গো:।—ডাঙ্গৰীয়া!
 উজনিত উত্‌‌‌‌পাত চৰিছে বিস্তৰ
 গদাপাণি কোঁৱৰক লই। আৰু হাঁয়,
 জয়মতী নিৰ্য্যাতন কথা!

ব: গো: ডা:।—জানোঁ আদ্যোপান্ত তাৰ।
 জানোঁ আৰু জয়মতী নিৰ্য্যাতন কথা।
 কিন্তু হাঁয়, নামনিৰ দুৰদশা আজি
 দেখোঁ ততোধিক।

জা: গো:।— তথাপি, শুনোচোঁ বাৰু।

ৰ: ব:।— কোৱাচোঁ চপাই।

স: গো:।— অতনা লাঞ্ছনা হাঁয়,
 সহিছে জয়াই! শুনিলে বিদৰে হিয়া
 নসহে পৰাণে! পানীত নচৰে হাঁহ
 দেখি হেনো জয়াৰ যাতনা! তথাপিতো
 দিয়া নাই স্বামীৰ সন্ধান। দেখি সৱে
 মানিছে বিস্ময়।

[ ৭৫ ]

হাজৰিকা।— শুনোঁতেই লাগিছে বিস্ময়!

শইকীয়া।— আচৰিত!

বৰ গো: ডা:।— নামানে বিস্ময় এই
 পিতৃৰ পৰাণে। ঈশ্বৰৰ অভিপ্ৰেত
 কাৰ্য্য সমুদায়;— দেশৰ মঙ্গল হেতু
 জয়মতী বলি বুলি জানিবাঁ নিশ্চয়।
 —হব দেশোদ্ধাৰ।

স: গো:।— তথাপিতো ডাঙ্গৰীয়া!

বৰ গো: ডা:—এৰাঁ বাজেকথা।
 হোৱাগই সাজু এবে, কালি ৰণলই।
 লালুকসোলাৰপৰা আজমতৰাই
 ললে দেশ সংগোপনে,—ললে গুৱাহাটী!
 নকৰি উদ্ধাৰ মই সুৰাজ্য আগেয়ে
 নধৰোঁ নাভাবোঁ একো আন কাৰ্য্য-চিন্তা;
 আগে দেশ, পাচে ঘৰ-বাৰী। এতেকতে
 যোৱাঁহঁক, যোৱাঁ দিহাদিহি, কৰাঁগই
 যুগুতি যি হয়;—হব লাগে ৰণযাত্ৰা
 কালি ঊষা-পুৱাতেই।

সকলোটি।— ভাল, ডাঙ্গৰীয়া! (বিষয়াসকলৰ দিহাদিহি প্ৰস্থান)।

গো: ডা:।—(অকলে) লালুকী লালুক সোলা
 নহওঁ নিশ্চয় মই! আছে দুয়োপাৰী,
 আছে মোৰ তীক্ষ্ণ দাঁত, কৰচনি হেতু,
 বয়সৰ সীমাডেই আশী বছৰত।

[ ৭৬ ]

 আছে আৰু বাহুবল চম্ফল ডেকৰি।
 দহজন সামৰিব পাৰোঁ অকলই।
 জিনিম যৱন গই সমুখ ৰণত,
 নিপাতি যতেকমানে শত্ৰুসেনাগণ,
 স্বহাতে বধিম কালি আজমতৰাক;—
 উদ্ধাৰিম দেশ মোৰ কামাখ্যাৰ থান্।
 নতুবা সঁপিম ৰঙ্গমনে দেহা এই
 শত্ৰুৰ হাতত, নোৱাৰোঁ জিনিব যদি
 সামান্য যৱনদল।—জিনিম, জিনিম,
 জিনিম যৱন। (উত্ৰাৱল হৈ, নিমিষতে মৌন )
 অহ! যি দেশ উদ্ধাৰ হেতু জয়মতী,
 প্ৰাণাধিকা কন্যা মোৰ,—আজি নাৰীবলি,—
 সহিছে যি নিৰ্য্যাতন, যি দেশ কাৰণে,—
 সেই দেশ সঁপি দিম শত্ৰুক অবাধে?—
 অসম্ভৱ, অসম্ভৱ, এই জীৱনত।
 (সবেগে প্ৰস্থান }

[ ৭৭ ]
তৃতীয় গৰ্ভাঙ্ক।

ৰজাৰ ভিতৰ-চৰা।
(ৰজা, বেজবৰুৱা, ন্যায়সোধা-গোহাঞি-ফুকন, বৰপাত্ৰ গোহাঞি ডাঙ্গৰীয়া)

ৰজা।— (নৰিয়া-শয্যাত চাটিফুটি) উঃ, আঃ, হাঃ!

বেজবৰুৱা।— বিষম বিকাৰ।
 সাংঘাতিক বায়ুবৃদ্ধি। আপুনি বঢ়ালে
 আগেয়ে নকৰি কাণ, থাকোতে সামান্য।

বৰপাত্ৰ।— নকলে আমাকে কেৱেঁ।

ৰজা।— (উন্মাদ হৈ শয্যাৰপৰা উঠি) অহ, ঘূৰিছে পৃথিবী!
 ঘূৰে ঘৰ গছ তা দেখিছোঁ যতেক।

(ৰাজমাওৰ প্ৰৱেশ)

ৰাজমাও।— কি হল বাছাৰ হাঁয়।
 কিয় এনে চাটিফুটি, কিন্তু দেখে ঘুৰা
 স্থিৰ ঘৰ-বাৰী?

বেজবৰুৱা।— বকিছে প্ৰলাপ।
 নহবাঁ অধীৰা মাও! নাই কোনো ভয়;
 হব শীঘ্ৰে উপশম।

ৰজা।— ধৰ্‌, ধৰ্‌, ধৰ্‌, নিয়ে মোক উৰুৱাই?

ন্যায়-ফুকন।— চোৱাঁ হেৰা বেজদেৱ, দেখিছোঁ বিষম!

বৰপাত্ৰ।— ৰক্ষা কৰাঁ মহাপ্ৰভু!
 পাপৰ নিকাৰ দেখোঁ ভূঞ্জে হাতে হাতে!

[ ৭৮ ]

ন্যায়-ফুকন।— কি হব উপায়!

ৰাজমাও।— কিবা চাই আছা বেজ!
 আতিকে বিষম গতি দেখিছোঁ লৰাৰ।
 অতুল ঐশ্বৰ্য্য পাবাঁ মোৰ দান তুমি,
 বঁচালে বাছাক।

বেজবৰুৱা।— স্থিৰ হোৱা ৰাজমাও।।
 নকৰোঁ যত্নৰ ক্ৰটী, কৰা নাই লেশ।
 ধনৰ আশাত। চিন্তাৰ বিকাৰ ঘোৰ,
 অনুতাপ আৰু ৰোগৰ কাৰণ মূল।
 প্ৰকৃত ঘটনা আৱশ্যক জানিবৰ,
 ব্যৱস্থাৰ আগে।

ন্যায়-ফুকন।— জানা তো বৰুৱাদেৱ, চলিত ঘটনা;—
 গদাপাণি নিৰুদ্দেশ, সতী জয়মতী
 সভাত লাঞ্ছিত আৰু ঘোৰ পীড়নত,
 সন্ধান নিদিয়ে দেখি; ৰজা হল জানাঁ
 নায়ক প্ৰধান তাৰ। তৰোপৰি শুনাঁ,
 বাঢ়িছে আশঙ্কা ঘোৰ গদাপাণিলই,
 কাহানি ধৰেহি বুলি, ৰণবলে আহি;—
 শুনিছোঁ ৰণৰ সজ্জা হইছে যুগুত
 নগা পাহাৰত। এয়ে চিন্তামুল,
 আৰু বিকাৰ-কাৰণ।

বেজবৰুৱা।— মানিলো প্ৰত্যেক।
 ঔষধ সেৱন, আৰু ভাব পাহৰণ,
 উভয় ব্যৱস্থা ধৰি, চলাঁ দিন চাৰি।

[ ৭৯ ]

ৰজা।— নাই, নাই পৰিত্ৰাণ।
 কঁপিছে হৃদয় মোৰ দেখি সমুখত,
 যন্ত্ৰণাৰ ঘোৰ ৰূপ, নৰক কুণ্ডৰ!
 আচৰিলোঁ মহাপাপ; শাপিছে সতীয়ে,
 শাপিছে দিনকে হাঁয়, ঘোৰ পীড়ণত।
 ধৰাঁ ধৰাঁ, মোক নিয়ে কিহে ভুকুৱাই
 নৰকৰ ফালে!—(লালকাল দি নিটাল মাৰে)।
 (আকৌ জঁকি উঠি) ইকি! ছি! ছি! ছি! ছি!
 দুৰ্ব্বল চিন্তাত ভাহি, আহে অনুতাপ;
 পাহৰায় পুৰ্ব্বভাব মোৰ! ছি! ছি! ছি! ছি!
 ভাঙ্গিম প্ৰতিজ্ঞা মোৰ জিভা লুটিয়াই?
 পাহৰিছোঁ দামিনীৰ অভিমান কথা?
 পাহৰিম আৰু মোৰ প্ৰতিশোধ পণ?
 নহব কাচিতো ইটো ৰাজযোগ্য কাজ;
 নপৰোঁ পিছলি মই মাজমজিয়াত।
 টলে যদি হিমাচল নটলিম মই;—
 ইমানে হে মান মোৰ এই জীৱনত।

(বেগেৰে প্ৰস্থান)


দুৱৰী।— ধৰাঁ ধৰাঁ, আছা কোন, পৰিব ক’বাত।

(পিচে পিচ লৰ ধৰে)


ৰাজমাও।— বাঢ়িছে বিকাৰ হাঁয়,
 কি হব উপায়!

বেজবৰুৱা।— নহবাঁ কাতৰ মাও।
 দিছোঁ সজ উপদশ, পালিবাঁ যতনে,

[ ৮০ ]

 নিজানত গই ৰোগী লভোক বিশ্ৰাম।
 জিৰণিৰ পাচে দিবাঁ এপালি ঔষধ,
 হব উপশম।

ন্যায়-ফুকন।— ময়ো কওঁ ৰাজমাও।
 কুৱঁৰীয়ে লব লাগে শুশ্ৰূষাৰ ভাৰ।

বৰপাত্ৰ।— যুগুত ব্যৱস্থা ইটি;
 নাথাকে বিকাৰ আৰু, এৰিলে চিন্তাই।

বেজবৰুৱা।— নকৰাঁ পলম।
 ধৰাঁ গই ৰাজমাও! ব্যৱস্থা যুগুত।

ৰাজমাও।— যাওঁ, যি কৰে ঈশ্বৰে।
  (ৰাজমাও প্ৰস্থান)

বৰপাত্ৰ।— অতি দুৰদশা হাঁয়।

বেজবৰুৱা।— ঘটিল কিমতে?
 থাকোঁতে প্ৰবীণ মন্ত্ৰী তুমি হেন জন,
 কিয় দিলা ডাঙ্গৰীয়া, পাপ-পথ এৰি।

ন্যায়-ফুকন।— নকবাঁ বৰুৱাদেৱ,
 সমনীয়া মন্ত্ৰী হল বিঘিনি আমাৰ।
 ধৰিলোঁ কতনা পন্থা ঘূৰাবৰ গুণে;
 ৰাজমাও সমন্বিতে লৰিলোঁ বিস্তৰ,
 নখণ্ডিল তথাপিতো, বিধিৰ লিখন।
 —নুঘূৰিল ৰজা!

বেজবৰুৱা।— সৰ্ব্বদোষ আৰোপণ নকৰাঁ ৰজাত ,
 কুমন্ত্ৰী অৱশ্যে হব পাপৰ গৰাকী।

[ ৮১ ]

ন্যায়-ফুকন।— ধৰিছাঁ স্বৰূপ;
 এৰা নাই মহাপাপে কুমন্ত্ৰীক আজি।
 হইছে উম্মত্ত তেওঁ, দিন তিনি-চাৰি;—
 ভাবে কিবা, কিবা কয়, প্ৰলাপ সমূলি।
 নাই ক্ষুধা, নাই তৃষ্ণা, নাযায় টোপনি।
 দিঠকে সপোন দেখে।

ন্যায়-ফুকন।— আৰ্জিলে ভুঞ্জিব লাগে বিধিৰ বিধান।
 ৰজা হই এই ৰীতি নোৱাৰে লঙ্ঘিব।

বেজবৰুৱা।— এৰোঁ পাপ কথা।

ন্যায়-ফুকন।— নাই পুণ্য কবলই!
 এৰিছে সি পাপ-ৰাজ্য জয়মতী স’তে।
 আছে মাথোঁ, পাপ-তাপ, শোক-দুখ, যত
 কুমন্ত্ৰণাৰ ফল। লৰামতি লৰাৰজা
 হাতৰ মুঠিত লই ঘটালে জঞ্জাল;
 ৰাজ্য জুৰি বিয়পালে অশান্তিৰ ঢউ,
 ঘাই-মন্ত্ৰী বাব লই দীঘলা আপই।
 ভুঞ্জিছে নিকাৰ তাৰ ঘোৰ আশঙ্কাত,
 গদাপাণি ঘূৰি অহা ভাবি। জানে তেওঁ,—
 তেওঁতেই প্ৰথমতে পৰিব আক্ৰোশ,
 পাপৰ প্ৰাশ্চিত্ত আৰু কৰিব আদায়;
 সেই ভয়ে বিচলিত কৰিছে আপক,
 কৰিব বিতত আৰু চাপেমানে কাষ
 ভয়ংকৰ প্ৰতিশোধ দিন। ঠিক
 দেখিছে সপোন, ঘোৰ বিভীষিকায়।

[ ৮২ ]

 অনুতাপে মাজে দিছে উতলাই
 প্ৰলয়ৰ তাপ তাৰ দেহ-মন ব্যাপি।
 আৰু যত পাত্ৰ-মন্ত্ৰী আপৰ ফলীয়া,
 সকলোৱে পাব তাৰ যথাযোগ্য ভাগ;
 নহব অন্যথা।

বৰপাত্ৰ।— (ত্ৰস্তমান হৈ) আমাৰো ভাগত জানো
 পৰে কিবা হাঁয়। উঠোহঁক সভাসদ,
 যাওঁ ঘৰাঘৰি। লাভ নাই ভাবি আৰু
 অতীতৰ কথা।
 (দিহাদিহি প্ৰস্থান)

[ ৮৩ ]
চতুৰ্থ গৰ্ভাঙ্ক।
বন্দীশাল।
(জয়মতী বন্দী-অৱস্থাত; পালী-পহৰীয়াৰ টোপনি )

জয়া।— সহিলোঁ এপষ,
 নিতে নৱ শাস্তি যত।
 ভাবোঁ নিতে এৰোঁ দেহা সামৰি অপায়;
 কিন্তু কিযে আশাধাৰী হুতাশীন প্ৰাণ,
 নোৱাৰে ওলাব বাজ, দেহ-সজা এৰি!
 সহিছোঁ যতেকমানে মনৰ বলত;
 দেহাই ধৰিছে মাথোঁ শাস্তিৰ বিধান।
 (উত্ৰাৱলভাৱে গদাপাণিৰ প্ৰৱেশ)

গদা।— (জয়মতীক সাবটি ধৰি) কিয় প্ৰাণেশ্বৰি।
 নিদিয়াঁ সন্ধান মোৰ? কিয় অকাৰণ।
 সহিছাঁ অতনা ক্লেশ। দিওঁ মোকলাই;
 আহাঁ প্ৰিয়া, ঘুৰি যাওঁ নিজ ঘৰলই।
 ⸺অকলে জিনিম ৰজা। (জয়াৰ বান্ধ মেলাবলৈ ধৰে)

জয়া।—ইকি। প্ৰাণেশ্বৰ।
 কিয় পাহৰিলা?— কিয় ভাঙ্গা আহি মোৰ,
 জীৱনৰ মহাব্ৰত পাহৰি উদ্দেশ্য?

[ ৮৪ ]

 —পাহৰিলাঁঁ অনুৰোধ? পাহৰিছাঁ আৰু
 জীৱনৰ মহাব্ৰত, —দেশোদ্ধাৰ পণ?

গদা।— নকবাঁ হে প্ৰিয়া, মোৰ, নকৰাঁ আক্ষেপ,
 পাৰোঁতে দিছোঁহি ধৰা অনুৰোধ ভুলি,
 নাভাবিবাঁ কদাচিত।

জয়া।—বুজিছোঁ বিশেষ।
 কিন্তু, প্ৰাণনাথ। নবধিবাঁ আজি মোক
 নিজ হাতে তুমি; নিদিবাঁ আপুনি ধৰা।
 নুডুবাবাঁ ৰসাতলে পিতৃ-ৰাজ্য আৰু।

গদা।—কি কৰোঁ উপায়!
 শক্তিয়ে এৰিছে মোক এৰোঁ কেনেকই?

জয়া।— দিছোঁ শক্তি প্ৰাণনাথ।
 সতীৰ শক্তিৰে তৱ বাঢ়োক শকতি।
 সাধাঁ গই নিজকাৰ্য্য ৰাজপুৰুষৰ,
 নেৰিবাঁ কদাপি নাথ, বীৰ-ধৰ্ম্ম তৰ;
 ভাৰ্য্যাৰ মায়াত মজি নকৰিবাঁ হেলা,
 ৰজাৰ কোৱঁৰ তুমি, ৰাজকাজলই।
 নাভাঙ্গিবাঁ নিজে, শান্তি স্থাপনৰ পণ।—
 নকৰাঁ পলম আৰু আঁতৰা ত্বৰিতে;
 কাউৰীয়ে দিলে আহি পুৱাৰ জাননী,
 উঠিব এতিয়া হাঁয়, পালী-পহৰীয়া।
 আঁতৰি বঁচোৱা মোক, কৰিছোঁ কাকূতিু;
 ৰাখাঁ মোৰ কথা নাথ, শেষ অনুৰোধ।

[ ৮৫ ]

গদা।— (ক্ষন্তেক নিটাল মাৰি) আঁতৰিলে বাঁচে প্ৰিয়া।
 ৰক্ষা পৰে আৰু মোৰ দেশোদ্ধাৰ পণ।
 —ৰাখোঁ অনুৰোধ।
 ( অনিচ্ছাত এখুজি-দুখুজিকৈ আঁতৰ হয়)

জয়া।— ৰক্ষা কৰাঁ, মহাপ্ৰভো।
 —নিয়াঁ নিলগাই।
 (বন্দীপালৰ প্ৰৱেশ)

বন্দীপাল।— “হেৰ, ধোদ্‌হঁত! তহঁতে ইমানপৰলৈ শুই আছ। এতিয়াও
 একো দিহা হোৱা নাই! শাস্তিলৈ বন্দী কেতিয়া নিবিহঁক?

১ম, প্ৰহৰী।— (খক্‌মক্‌ কৈ উঠি) এৰা হয়, বেলি উঠিল। খৰ কৰিব
 হে লাগিল।

২য়, প্ৰহৰী।— (লৰালৰিকৈ উঠি) বেলি উঠিল হে বুলিছ, দুপৰ হল।
 ভাল হৈছে, আজি আৰু কপালত কি আছে কোনে কব?

বন্দীপাল।— মই হলে তহঁতক হে পেলাই দিম, মোৰ গাত দোষ নাই।

১ম, প্ৰহৰী।—(জয়মতীৰ কাষ চাপি) যি কৰে ঈশৰে! হেৰ, ককাইহঁত!
 আহ, খৰ কৰ, দুৱাৰ মেল, উলিয়াওঁ, ধৰহঁক।

বন্দীপাল। —পলম নকৰিবি। সিটো বাটেদি পোনাই লৈ যাগৈ। মই
 বিষয়াক জনাই আহি, পাচতে গৈছোঁ।
 (বন্দীপালৰ প্ৰস্থান)

অঙ্কপাত।
[ ৮৬ ]
৫। অঙ্ক ।
প্ৰথম গৰ্ভাঙ্ক।
জেৰেঙা পথাৰ।
( গদাপাণি অকলশৰে)

জয়া।—এয়ে সেই শান্তিস্থল।
 পীড়িছে প্ৰিয়াক মোৰ বান্ধি ইয়াতেই!
 আৰু সেই বন্দীশাল, বিৰতিৰ স্থল;
 সজাৰ পখীটি হই থাকে পৰি তাতে,
 মনোদুখে প্ৰিয়া!—পতি বৰ্তমানে হাঁয়,
 পত্নীৰ যন্ত্ৰণা নিৰ্ব্বিবাদে আছোঁ চাই;
 হোৱা নাই উদ্ধাৰৰ অদ্যাপি উদ্যম!
 আবেগত বাঢ়োঁ আগ, পুনু পিচুৱাওঁ
 জীৱনৰ উদ্দেশ্য সুমৰি। আগ-পাচ,
 হিতাহিত গুণাগঁথা কৰি, আছোঁ মই
 এতিয়াও আত্ম-গোপনত;—পোৱা নাই
 পাৰ মই ঘোৰ সবস্যাৰ। তাতে হাঁয় ,
 প্ৰিয়া-অনুৰোধ সাধ্য নাই এৰাবৰ।
 ভাবিব লগীয়া আৰু;— নহয় যদিহে,

[ ৮৭ ]

উদ্দেশ্য সফল মোৰ, আত্ম-প্ৰকাশত,
নহব পাপীৰ শাস্তি, নহব উদ্ধাৰ
পতিত আহোম-কুল, ইন্দ্ৰ-বঙহৰ।
মায়া নাই প্ৰাণলই; কিন্তু নিদোঁ প্ৰাণ,
তৰ্পণ নকৰোঁমানে পাপীৰ তেজেৰে
প্ৰিয়-অপমান। প্ৰাণৰ গৰাকী মই
নহওঁ এতিয়া,—উছৰ্গিছোঁ প্ৰাণ মোৰ
দেশৰ মঙ্গল হেতু কোন্‌-কাহানিয়ে,—
মৰোঁ বাচোঁ পৰ-ইচ্ছাধীন; নাই মোত,
অধিকাৰ তাৰ। ইচ্ছাধীন আজি মই
দেশ-হিতৈষীৰ, চিন্তা যেয়ে দেশ-হিত,
ৰাজ্যৰ উদ্ধাৰ। নাৰাখি প্ৰিয়াৰ কথা,
মাজতে বিঘিনি হোৱা নহব উচিত।
নহব উচিত আৰু নমোৱা প্ৰিয়াক
উচ্চব্ৰত এৰুৱাই। আছে বাহুবল;
লাগে মনোবল মোক ই হেন সময়। (মৌন)
তথাপি, নামানে প্ৰাণে!—যাওঁ ঘূৰিবাৰ,
চাই আহোঁ প্ৰিয়া। (প্ৰস্থান)

(চাউডাংবৰ্গৰ প্ৰৱেশ)

১ চাউডাং।— ইয়ে? ক'তা, আজি দেখোন এতে পৰলৈকে নাই?

৩য়, চাউডাং।—এৰা, আজি কিবা এটা হৈছে দেই! (জয়মতীক লৈ বন্দীপাল আৰু প্ৰহৰীৰ প্ৰৱেশ)।

২য়, চাউডাং।—হেৰ কটাযোৱাঁহঁত, বহুত দিন জীবি; নাম লওঁতেই

ওলালিহি! [ ৮৮ ]

বন্দীপাল।—খৰ্‌ কৰ্‌, বান্ধ্‌, ধৰ্‌। মই বিষয়াৰ ওচৰৰপৰা আহোঁ।
 আজি কি শাস্তি দিব লাগিব সুধি আহি কমহি।

(কেইটাই জয়মতীক খুটাত বান্ধে)

৩য়, চাউডাং।—ককাইহঁত, আজি লৰাধপৰাকৈ অহাত বৰ ভাগৰ লাগিছে;
 আগেয়ে অলপ জিৰাই লওঁ। কি বোল হঁক?

(ছদ্মবেশী গদাপাশিৰ প্ৰৱেশ)

১ম, চাউডাং।—আগৰ বাৰ আহি নাপাই ঘূৰিপকি ফুৰোঁতেই দুপৰ হল।
 আৰু যি হে টিকাফটা ৰ'দ!

২য়, চাউডাং।—এৰা, কাৰ দিন কাৰ ৰাতি; বহিবহে লাগিল। বিষয়াক
 অহা দেখিলেই উঠিমহঁক, কি বোল?

গদা।— (জয়মতীৰ কাষ চাপি) আমি দেখি হলে বৰ দুখ পাইছে।
 মানুহজনি! ঘৰৰ মানুহৰ কথা কৈ দিলে হলে ভাল আছে দেই!

জয়া।— (মনে মনে) কৰে দেখোঁ সৰ্ব্বনাশ!
 চাপিছে সঘনে কাষ, প্ৰাণেশ্বৰ মোৰ।
 চিনে যদি শত্ৰুপক্ষ কি হব উপায়!—
 (ফুটাই) ইসৱক ইয়ালই মাতিছে বা কোনে?
 গুচি বা নাযায় কিয়? নিদিলোঁ সন্ধান,
 স্বামী মোৰ আছে য’ত সোধোঁতে ৰজাই
 ভুঞ্জিলোঁ লাঞ্ছনা আৰু যন্ত্ৰণা অশেষ
 প্ৰতিজ্ঞা যি ৰাখোঁ বুলি, নোৱাৰোঁ ভাঙ্গিব
 পূৰণৰ মুহূৰ্ত্তত তাক! ভাগে যদি
 কিবা ৰূপে, ভাগিব ই হিয়া অকাৰণ,
 অতনা সাধনা-ফল,—দুখৰ মৰণ!

[ ৮৯ ]

 বন্ধুৰ বুজনি যেন নালাগে মনত,
 যাৰ এনে নিকৰুণ চিত্‌‌‌‌; কয় যেয়ে
 ই হেন সাধনা অথলে যোৱাৰ কথা!
 বতাহে বিতৰি দয়া নিয়ে বাৰ্ত্তা যদি,
 দিছোঁ হিয়া উদিয়াই সৰল প্ৰাৰ্থনা
 পতিধনলই;— ৰাখে যেন কথা মোৰ,
 থাকি আত্মগোপনত; নাপাহৰে যেন,
 কদাপিও জীৱনৰ উদ্দেশ্য মহান্;—
 এয়ে মোৰ অন্তিমত গোহাৰি প্ৰাণৰ।

 (চাউডাহঁতে জপৰ-পৰকৈ টোপনিয়ায়)

৩য়, চাউডাং।—ককাইহঁত, বৰশীত মাছে বৰকৈ খুটিছে!

১ম, চাউডাং।—এৰা, ভাগৰত চকু মুদাই নিছে, বুপাই।

গদা।— বুজিছে অন্তৰে মোৰ সঙ্কেত প্ৰিয়াৰ।
 কিন্তু হাঁয়, এৰি যাওঁ কোন্‌ সতে থই
 প্ৰিয় মোৰ এনুৱা দশাত! আন হাতে,
 অন্তিমৰ অনুৰোধ, এৰাওঁ কিমতে!
 বাৰম্বাৰ কয় প্ৰিয়া, টানতো নুভুলোঁ
 যেন, মোৰ জীৱনৰ উদ্দেশ্য মহান্।
 সাৰুৱা প্ৰিয়াৰ যুক্তি নোৱাৰি খণ্ডাব,
 আছোঁ মই অত দিন আত্ম-গোপনত,
 জীৱনৰ ব্ৰত মোৰ পালি অন্তৰত।
 যি ব্ৰত ৰক্ষাৰ হেতু সহি অত ক্লেশ,
 পাইছেহি পাৰ তাৰ পণ্ডিতা প্ৰিয়াই,
 কি সতে ভাঙ্গিম তাৰ পূৰ্ণ হোৱা বেলা।

[ ৯০ ]

 তথাপি নেৰিছোঁ পণ প্ৰিয়া উদ্ধাৰৰ
 আহোঁগই ততালিকে দল-বল লই,
 যতে যিবা পাওঁ। (কেইখোজমান যায়)।
 (উলটি) অহ, এৰি মোৰ প্ৰিয়া।
 উলটি আহিছে মন, নোৱাৰোঁ ভিৰাব;
 নোৱাৰোঁ বঢ়াব খোজ দেহাভাৰ লই,
 প্ৰাণ মোৰ প্ৰিয়া সতে ৰাখি ইয়াতেই! (ক্ষন্তেক মৌন )
 কিন্তু হাঁয়, জীৱন উদ্দেশ্য পৰে জঁয়!
 —নকৰোঁ পলম আৰু কৰি বৃথা খেদ?
 যাওঁ, ঘূৰি আহোঁ গই দলবল লই।
 (গদাপাণিৰ সবেগে প্ৰস্থান)

১ম, চাউডাং।— হেৰ, উঠচোনহঁক। চাচোনহঁক মানুহ গৰাকীলৈ;সময়
 চাপিল যেন পাইছোঁ।

জয়া।— (ঘিণভাৱে চাই) লাগিছে ভাগৰ?

১ম, চাউডাং।— ( আছাৰ খাই পৰি ) ঔ, গোসাঁই। চকু নে জুই ঔ! এওঁ
 কোনোবা দেবী ঔ! মেলি দে, মেলি দে। হেৰ, এতিয়া
 হলেও মৰিম, পাচে হলেও মৰিম। মাৰেও মাৰক, কাটেও
 কাটক। এৰি দিওঁহঁক।

২য়, চাউডাং।— খেমা কৰাঁ মাতৃ। চিনা নাই আমি অভাজনে।
 (জয়মতীক মোকলাই দিয়ে।)

৩য়, চাউডাং।— হে, মোৰ কথাও কবি ঔ ককাই! মই চাবই পৰা নাই।

জয়া।- ভাগৰিলি নৰঘাটি!
 পালি দুখ ভালেমান; নকৰিবি খেদ।
 চাপিছে ওচৰ, প্ৰতিজ্ঞা পূৰণ-ক্ষণ;
 এৰিম মই দেহাভাৰ ক্ষন্তেক পাচত। (মৌন)

[ ৯১ ]

 জানিবাঁ সন্তাষা মোৰ, দৰ্শক মণ্ডলি।
 এৰিবাঁ যতেক গায়, বিলায় কালত।
 হৰিব্ অন্তৰে যাওঁ পুণ্য ৰাজ্যলই,
 পালি মোৰ মহাব্ৰত, ইহ জনমৰ।
 পালোঁ দেখা অন্তিমত স্বামীৰ চৰণ;
 জানিছোঁ সজ্ঞানে মোৰ সফল কামনা,—
 স্বামী মোৰ আছে নিৰাপদে। নাই আৰু
 জীৱনৰ প্ৰৱল কামনা;—আছে মাথোঁ,
 সংসাৰত ৰল দুটি পোনা। আশীৰ্বাদ
 কৰিছোঁ দুটিক; দুপৰ-সুৰুজ দৰে,
 উঠি দুয়োটিয়ে বঢ়াব গৌৰৱৰাশি
 ইন্দ্ৰবংশী ৰজাসকলৰ। নাভাবিবাঁ,
 নাই অৰ্থ এই পীড়নৰ। দোষ নাই
 পীড়ক ৰজাৰ; অস্ত্ৰ মাথোঁ তেওঁ হাঁয়,
 বিধিৰ হাতত।— আৰু মোত্ কথা নাই।
 হৰিষ্‌, অন্তৰে মাগোঁ, বিদায় সবাকে;
 মাগিছোঁ বিদায় আৰু, ইহ জনমৰ,
 স্বামী চ-ৰ-ণ-ত। (মুৰ্চ্ছা)

৩য়, চাউডাং।—উঠ, ককাইহঁত, আমি কাম সাধিলোঁ!

২য় চাউডাং।—হয়, লোকে নাম ললেই।

১ম, চাউডাং।-ললে নে? ৰ,জীৱটো ধিপ্‌ধিপাইছে দেখোন
 এঃ,আকৌ কেৰ্‌মেৰাইছে! হেৰঔ, নাচাপিৰিঔ,নাচাপিবি
 পুৰি নমৰিবি। দহিব, দধিব। চকু চাঁত্‌মাৰি
 ধৰিছে। (কেইওটা মাটিত চেপেটাখাই পৰে।)

[ ৯২ ]

জয়া।— অহ, পোনা লাই, —লেচাই সোণাই,
 মা-উ-ৰা জীবন ধৰাঁ, —আজি হন্তে দুয়ে!
 আঃ —কিযে কৰে প্ৰাণ— নোৱাৰি—ওলাব
 দেহা--সজা—এৰি! —জনম যাতনা—হাঁয়,
 নপৰে মনত; ম-ৰ-ণ যাতনা বোধ
 লাগিছে প-ৰা-ণ ভেজি,—চে-ত-নাৰ সতে।
 উঃ, অ-স-হন অস-হন যুঁজে—প্ৰা-ণে!
 ভয়—ঙ্কৰ মৃত্যু-মুৰ্ত্তি,—ই-খি-নি—পৰত!
 নহলে-জানি-ছোঁ,মৃত্যু পৰিত্ৰাণ-পথ।
 দু-ৱাৰ ৰ-খী-য়া—কোন্? দিয়াঁ—মো-ক-লা-ই,
 দিয়াঁ—মুক্তি—যাওঁ—উৰি; নধ—ৰাঁ জঁ-পা-ই
 দেহাৰ-দু-ৱা-ৰ আৰু!—নাথ!—এই-যাওঁ,
 এ-ই নাও—এই—পা-লোঁ পাৰ।—প্ৰা-ণ-না-থ!
 আহোঁ দা-সী—ৰা-খি সে-ৱা—শ্ৰী-চ-ৰ-ণ-ত।

(মৃত্যু)
সমুখত ৰণ-চাপৰিৰ পট-পতন।
[ ৯৩ ]
দ্বিতীয় গৰ্ভাঙ্ক।
গুৱাহাটী,—খাৰঘুলি।

(নেপথ্যত ৰণোল্লাহ, হিলৈ-ধৰতোপৰ ধ্বনি)
তেজেৰে ৰাঙলি হৈ লাইথেপেনা বৰগোহাঞি ডাঙ্গৰীয়া লগৰীয়া
বিষয়াবৰ্গৰে সৈতে উত্ৰাৱলভাৱে প্ৰৱেশ।

সলাল গোহাঞি।— ধন্য ডাঙ্গৰীয়া!
 ধন্য তৱ বাহুবল, ধন্য বীতেজ,
 ধন্য ৰণ-ৰীতি-বুদ্ধি।

জাগিয়াল গোহাঞি।— নেদেখি আছিলোঁ,
 অহ, অতকাল এনুৱা বীৰত্ব! ভাগ্যে
 আজি দেখিলোঁ সাক্ষাতে।

বহিয়াল বৰুৱা।— শুনিছিলোঁ লোকমুখে।
 ডাঙ্গৰীয়া ৰণঞ্জয় বুলি; পালোঁ আজি
 প্ৰত্যক্ষ প্ৰমাণ।

বৰগোহাঞি ডাঙ্গৰীয়া।— নহওঁ শলাগভাগী
 অকলই মই তোমাসৱ অবিহনে,
 আজিৰ ৰণত, জয়লাভ অৱলাৰ
 নাছিল সম্ভৱ, এনে অনতিপলমে।
 —ধন্য তোমাসৱ।

[ ৯৪ ]

স: গো:।— জানিলে যৱনে আজি
 অসমীয়া বীৰতেজ তপত কিমান,
 —কি যে বাহুবল!

জা: গো:।— মানিলে অসম বুলি
 বীৰ-ডাঙ্গৰীয়া।

বৰ গো: ডা:।— বিপক্ষী যদ্যপি,
 শালাগোঁ বীৰত্ব মই আজমতৰাৰ,
 খুঁজিলে সি বীৰবৰে অমিততেজেৰে
 যদৱধি ৰণবল নপৰিল ক্ষয়!
 মিলিছিল আজি মোৰ মনৰ জোখায়
 সমান যুঁজাৰু এটি।

স: গো:।— তথাপিতো নোৱাৰিলে
 ঠাৱৰিব তেওঁ; নহটিল উজীয়া
 এপদো ৰণত!

ব: ব:।—ছঁয়া জুখি গছ জোখা
 প্ৰচলিত ধাৰা ধৰি বুজাঁ এবে, কেনে
 বীৰ ডাঙ্গৰীয়া।

বৰ গো: ডা:।— এৰাঁ ইমানতে
 আত্মগৰিমাৰ কথা। আছে আৰু জানাঁ
 সাধিবলগীয়া পণ আতপৰ বহু!
 লক্ষ মাথোঁ গুৱাহাটী নোহে আমাসাৰ;
 আছে আৰু ভাটীলই কামৰূপ সীমা।
 যদৱধি নুদ্ধাৰিম সমস্ত অসম,
 তদৱধি কৰ্ত্তব্যৰ নপৰিব শেষ।—

[ ৯৫ ]

 অহ, যি ৰাজ্য উদ্ধাৰ অৰ্থে, প্ৰাণাধিকা
 কন্যা মোৰ, জয়াই ত্যজিলে দেহ, ঘোৰ
 নিৰ্য্যাতন সখি, সেই ৰাজ্য সুকলমে
 নকৰোঁ উদ্ধাৰ মানে, জানিবা নিশ্চয়,
 নাই শেষ কৰ্ত্তব্যৰ।

স: গো:।— সাজু আছোঁ আমি।

জা: গো:।— সষ্টম সবাৱো।

ব: ব:।— ৰ'ব কোন্ পিচ পৰি।
 সেই শেষলই!

ব: গো: ডা: দেশপ্ৰেম তোমাসাৰ।
 শলাগোঁ বিস্তৰ। মিলে যদি সহযোগ
 সবাৰো সমানে, পতিত অসম পুনু
 উঠিব ত্বৰিতে; অনতিপলমে আৰু
 উদিব অদম্য তেজে নাৰীজাগৰণ।
 চেতনা সুৰত;—জয়মতী নিৰ্য্যাতন
 সঞ্জীৱনী বাণী হব হৃদি-উদ্গনি।
 বাহ্যিক উদ্গতি যেনে,—ৰাজ্যৰ বিস্তাৰ,
 আন্তৰিক উৰ্দ্ধগতি সাধিব সিৰূপে।
 জীৱন্ত নৈতিক বল জয়া-পটন্তেৰে;—
 ধ্ৰুৱসত্য কথা।

স: গো:।— সুযোগ্যা জীয়াৰী জয়া
 যোগ্য জনকৰ!

জা: গো:।— বীৰজায়া গদাপ্ৰিয়া—

ব: ব:।— বীৰ-প্ৰসৱিনী।

[ ৯৬ ]

ব: গো: ডা:।— অহ, দুটি নাতি-কোৱঁৰ,
 —লাই-লেচাই—দুটি সিংহৰ পোৱালি—
 মাতৃহীন আজি!

স: গো:।— হৃদয় বিদৰি যায়।
 আহিলে মনত সেই অযাচিতে অহা
 দুৰ্ভাগ্যৰ কথা!

ব: গো: ডা:।— নোবোলাঁ দুৰ্ভাগ্য।
 উদিব সৌভাগ্য জানাঁ, উঠিব যেতিয়া
 সেই সৌভাগী গজালি দুটি, গুৰি যাৰ
 দুৰ্ভাগ্য এতিয়া;—আপদে সম্পদ মাতে
 মানিবাঁ ধুৰুপ্‌। উঠন, পতন আৰু
 পুনৰ উত্থান সৰ্ব্বতিকালত লগা
 অলঙ্ঘ্য সৃষ্টিৰ নীতি। পতিত আহোম-
 কুল, ইন্দ্ৰবঙহৰ, উঠি পুনৰপি,
 হক দীপ্তিমান, দুপৰ-সূৰুজ যেন;
 পতিত অসম ঘূৰি উধাব ফালত
 চাবাঁ, জয়যুক্তা হই।

ব: ব:।— মানিছোঁ প্ৰত্যেক।
 যি লাই বাঢ়িব তাৰ চিন্‌ দুপতীয়া,
 প্ৰত্যক্ষ সৃষ্টি-ৰীতি;—লাই-লেচাই—
 তাৰ নিভাঁজ চানেকী।

জা: গো:।— মানিছোঁ ধুৰুপ;—
 অসম জননী আজি জননী ধৰাৰ?
 অসমত সতীতীৰ্থ হব প্ৰতিষ্ঠিত

[ ৯৭ ]

 জয়যুক্তা মহাসতী জয়মতী নামে;
 নোহে অন্যথা ইয়াৰ।

স: গো:।— নাৰীজাগৰণ আৰু
 অযাচিত ফল তাৰ অৱশ্যে ফলিব;
 ধৰ্ম্ম-কৰ্ম্ম হই একঠাই জিলিকিব
 জননী অসম।

ব: গো: ডা:।—আলচিছোঁ বহুপৰ
 বাজেকথা আমি, আচল কৰ্ত্তব্য ভুলি!
 ভাৰ্য্যা-গৃহ, পুত্ৰ কন্যা, জ্ঞাতি-পৰিয়াল,
 সজাতি-সমাজ আৰু সংসাৰ-ভাবনা;
 সমস্তকে পিচ কৰি, স্বদেশ উদ্ধাৰ--
 ব্ৰত আগ কৰি আমি আগুৱাব লাগে।
 স্বদেশৰ হিতচিন্তা, স্বদেশ উন্নতি।
 আমাসাৰ মহাব্ৰত নাসাধি নাভাবোঁ
 জানাঁ, অন্য কোনো কথা। আংশিক মাথোন
 সাধিছোঁ অদ্যাপি,—উদ্ধাৰিছো গুৱাহাটী;
 যাব লাগে ভটিয়াই যৱন ঢঙ্কাই।—
 "কামৰূপ বাজ কৰি নেখেদি নোলটোঁ"
 ধৰাঁ প্ৰতিজ্ঞা আমাৰ। যোৱাঁ দিহাদিহি,
 আহাঁগই সাজু হই, একে উলাহতে;—
 ছেগ নাই জিৰাবৰ!

(সকলোৰে দিহাদিহি প্ৰস্থান)।
[ ৯৮ ]
তৃতীয় গৰ্ভাঙ্ক।
পৰ্বত-প্ৰান্ত,—নৈ-দাঁতি।
(বৈৰাগী গদাপাণি )

বৈৰাগী।— ভ্ৰমিছোঁ বিস্তৰ!
 কিবা উদ্দেশ্যত ফুৰোঁ,
 নুবুজোঁ আপুনি।— নুবুজোঁ মনৰ গতি!
 শূন্য! শূন্য। শূন্য হাঁয়, জগত-সংসাৰ!
 (মৌন)
 (ভঞ্জনগীত গাই২ এজন তপসীৰ প্ৰৱেশ)

কীৰ্ত্তন।
ঝিঁঝিট খাম্বাজ—একতালা।
ভঞ্জা হে মন নাৰায়ণ অনাদি পাতন কাৰণ।
শঙ্খ-চক্ৰ-গদা-পদ্ম কমল-কৰত ধাৰণ।
অপাৰ কৰুণা বিতৰি আগে, ব্ৰহ্মাণ্ড পালন একহি ভাগে,
সৃজন পালন নিধন কাৰণ জগত জন তাৰণ।
অনন্তশয্যাত জগতস্বামী, লক্ষ্মীপতি হৰি অন্তৰ্য্যামী,
কটাক্ষে অপাৰ অপায় খণ্ডন প্ৰমাদ ভয় ভঞ্জন।
ব্ৰহ্মা-হৰে বন্দি নপাৱে মন, নিত্যানন্দ জগতকাৰণ,
নমোঁ নিৰঞ্জন দানৱ গঞ্জন ভকত বান্ধৱ ৰঞ্জন।
 (ভজনান্তত ক্ষন্তেক নীৰৱে বৈৰাগীলৈ চাই থাকে)।

[ ৯৯ ]

তপসী।—কোন্ তুমি? কিবা অৰ্থে ভ্ৰমিছাঁ ই বেশে?
 কিয় বা এনুৱা তৱ উদাস পৰাণ?

বৈৰাগী।—ৰজাৰ কোৱঁৰ মই, নাম গদাপাণি।
 ভ্ৰমিছোঁ বিৰহী আজি, প্ৰিয়া হেৰুৱাই।

তপসী।— কোন তৱ প্ৰিয়া সিটি?
 —হেৰাল কিমতে?

বৈৰাগী।—জয়মতী প্ৰিয়া মোৰ।
 পীড়িছিলে লৰা-ৰাজে, পাশৱ পীড়নে,
 অবাবত মোৰ হন্তে প্ৰিয়া। নেদেখিলোঁ,
 ঘূৰি গই উদ্ধাৰৰ হেতু, গল কেনি
 প্ৰিয়া মোৰ বান্ধোন এৰাই। ভ্ৰমি বহু
 ফুৰিছোঁ বিচাৰি। নাপালে এবাৰ দেখা,
 নামানে পৰাণে!

তপসী।—বুজিলোঁ বিকাৰ তৱ।
 নহবাঁ অধীৰ হেৰা, তুমি মহাবীৰ।
 মহাসতী ভাৰ্য্যা তৱ, লইছে জিৰণি,
 গোলোকধামত গই!

বৈৰাপী।—নেদেখি নৰয় প্ৰাণ!

তপসী।—ধ্যানত বিচাৰি চোৱাঁ, ক্ষন্তেক নীৰৱে;
 পাৰাঁ যদি জোতি বীৰ, মানিবাঁ প্ৰত্যেক,
 সাবিত্ৰী সখীৰ স'তে দেখি তৱ প্ৰিয়া।

বৈৰাগী।—নাজানোঁ ধ্যানৰ বিধি।
 নাজানোঁ ব্যৱস্থা আৰু মূৰ্ত্তি-ধাৰণাৰ।

[ ১০০ ]

তপসী।— মায়া-চকু মুদি
 হবাঁ একচিত; তন্ময় ভাবত তেবে
 দেখিবাঁ স্বৰূপ ৰূপ, জ্ঞান-চকু মেলি।

বৈৰাগী।— (চকু মুদি) চকু মুদি দেখোঁ কিন্তু
 আন্ধাৰ জগত!

তপসী।—শুনাঁঁ, হেৰা বীৰবাহু!
 নহয় মানৱী এবে সতী জয়মতী;
 নাপায় তেৰাঁক দেখা মায়াযুত নৰে।
 নহবাঁ উদাস তুমি, নেৰিবাঁ সংসাৰ,
 জীৱনৰ মহাব্ৰত নেপেলাবাঁ জঁয়;—
 সাধি তৱ বাকী কাৰ্য্য মৰ্ত্ত্যজগতৰ,
 মিলিবাঁ স্বৰ্গত গই মহাসতী স'তে।
 পূৰ্ণ হব মনোৰথ, আশীছোঁ তোমাক।

(তপসীৰ প্ৰস্থান, বৈৰাগী তধৱ;

এজন অনুসন্ধান কটকীৰ প্ৰৱেশ)

ৰাৈগী।— (ধ্যানচকু মেলি) অহ, আহে মোৰ প্ৰিয়া!

আহাঁ, আহাঁ, আহাঁ!


(দুই হাত মেলি আবাহন কৰে)।


কটকী।— (মনতে) হব পায় এৱেঁ সেই
 বীৰ গদাপাণি।
 (ফুটাই) কোন্‌ তুমি মহাজন?
 কি হেতু ভ্ৰমিছাঁ বীৰ, বৈৰাগী বেশেৰে?

[ ১০১ ]

বৈৰাগী।—কোন্ তুমি?
 কিয় লাগে পৰিচয় মোৰ?

কটকী।— গদা-বন্ধু মই, দেৱ।
 আনিছোঁ বাতৰি এটি নগৰৰপৰা।

বৈৰাগী।—নগৰৰপৰা!
 কি বাৰ্ত্তা আনিছা তুমি গদাপাণিলই?
 ময়ে সেই দুৰ্ভগীয়া; দিয়াঁ মোক বাৰ্ত্তা সেই,
 বন্ধুৰ যদিহে হয়।

কটকী।—বন্ধুৰ বাতৰি।
 উপদেশ বৰগোহাঞি ডাঙ্গৰীয়াৰ
 আনিছোঁ তোমাৰ হেতু।

বৈৰাগী।—কেনে আছে ডাঙ্গৰীয়া?
 কিবা উপদেশ?

কটকী।— নিবেদোঁ কুশল।
 নিবেদিছোঁ উপদেশই,— হব লাগে গই
 নগৰত আগমন তৱ; বিতোপন
 মিলিছে সুযোগ এবে।

বৈৰাগী।— নাই প্ৰয়োজন,
 নিবিচাৰোঁ ৰাজভোগ, নামাতোঁ জঞ্জাল।

কটকী।—কিবা কোৱা বীৰবৰ!

বৈৰাগী।— নহবাঁ বিস্মিত।
 নপশো সংসাৰ আৰু নাই মায়া তাত,
 দেখিছোঁ অসাৰ সৱ, প্ৰিয়া-অবিহনে!

[ ১০২ ]

কটকী।—অশোভন এনে ভাব
 গদাপাণিলই। জন্ম যাৰ সংসাৰত,
 স্বদেশ কাৰণে; লক্ষ্য যাৰ দেশোদ্ধাৰ,
 দুষ্টৰ দমন আৰু সন্তৰ পালন;—
 সেই বীৰবাহু সংসাৰ-বৈৰাগী হোৱা
 নহয় শোভন।

বৈৰাগী।— সঁচা, কিন্তু কিনো কম!
 লাগিছে উদাস; পৰি গৈছে মন; অন্ত
 উছাহ, উদ্যম, প্ৰিয়াৰ বিয়োগ স’তে!

কটকী।— নকবাঁ সি কথা!
 নেৰিবাঁ জীৱন-ব্ৰত।
 জয়মতী-আত্মদান বৃথা নকৰিবাঁ।

বৈৰাগী।—তাকে হে উলটি চাওঁ।
 পৰিলে মনত মোৰ জীৱনৰ পণ,—
 আত্ম-গোপনৰ যি প্ৰধান কাৰণ,
 আৰু অনুৰোধ মোৰ স্বৰ্গীয়া প্ৰিয়াৰ,
 পাহৰোঁ সকলো হঁয়, হওঁ উত্ৰাৱল
 ৰণ-সজ্জা হেতু।

কটকী।— বীৰেচিত মনোভাব।
 মিলিছে সুযোগ;—শত্ৰুৰ নায়ক আজি
 পৰিছে উভলি; কূট্‌মন্ত্ৰী আৰু ৰজা
 উভয়ে উন্মাদ! ৰাজ্যৰ চম্ভালিছে
 বৰগোহাঞি ডাঙ্গৰীয়াই ঘাইমন্ত্ৰী
 বাব লই এবে।

[ ১০৩ ]

বৈৰাগী।—সুযোগ অৱশ্যে সঁচা।
 কবাঁ ঘূৰি গই, শিৰোধাৰ্য্য উপদেশ।

কটকী।—ধন্য বীৰবৰ!
 মাগিছোঁ বিদায় এবে।
 (কটকীৰ প্ৰস্থান)

গদা।—মানিলোঁ প্ৰত্যেক।
 সাক্ষী ৰবাঁ চন্দ্ৰ-সূৰ্য্য,
 নাই দোষ মোৰ; জ্ঞাতিদ্ৰোহ পাপে যেন
 নপৰশে মোক। কৰিলোঁ প্ৰতিজ্ঞা আজি
 ধৰ্ম্ম সাক্ষী কৰি,—সতীৰ সন্মান হেতু,—
 আপোন কুটুম্ব ৰজা নাশিম আপুনি।
 হব বহু উৎপাত ৰাজ্যত সম্প্ৰতি।—
 বিনাশি কুমন্ত্ৰীদল, নিপাতি পাপীক,
 পাপীৰ কঠীয়া মাৰি, আশে-পাশে যত,
 শান্তিৰ ৰাজত্ব পুনু কৰিম বিস্তাৰ।
 এৰিছে প্ৰিয়াই দেহা, থই সোৱঁৰণী,
 ৰব মোৰ জীৱনে-মৰণ; ৰব আৰু
 অভগন কীৰ্ত্তিৰাশি। কৰিব অমৰ
 মহাসতী প্ৰিয়া "জয়াতীৰ্থস্নান” নামে,
 “জয়সাগৰ-দ'ল" স’তে কীৰ্ত্তিচিন্‌ ৰই।
 হব এই শান্তিস্থল মহা শান্তিস্থল,
 যুগ-যুগান্তৰ। যাওঁ ঘূৰি কৰোঁগই
 যথা আয়োজন। হব লাগে ৰণ-সজ্জা
 যথাৱত ৰূপে। নতুনা অকলে গ‌ই

[ ১০৪ ]

পশিম নগৰ;—দিব পাৰে যোগদান
মিত্ৰপক্ষে আহি। প্ৰিয়া-চিন্তা লগে লগে;
দেশ-চিন্তা ললোঁ এবে কৰি সাৰোগত;—
ৰাজ্যৰ উদ্ধাৰ আৰু শত্ৰুৰ বিমাশ
কৰিম ইবাৰ। পূৰ্ণ হব আশা মোৰ,
প্ৰাণৰ বাসনা;—নহলে গদাৰ ভাৰ,—
অত ভাব-ভাৰী!—নোৱাৰে সহিব আৰু
জননী ধৰাই!  (গোৰোহনি মাৰি বেগেৰে প্ৰস্থান!)

(গীত গাই গাই দুফালৰপৰা দুগৰাকী অপেশ্বৰীৰ প্ৰৱেশ)

বেহাগ—আড়া।

চলে সতী জয়মতী,  দিলেহি কই মহামতি।
 নীৰৱে নিৰখোঁ আহাঁ, হব এবে দেখা সতী॥
স্বৰ্গলই গইছেমানে,  যোৱা নাই ইদৰে আনে,
 আলোকি বিমানপথ ধন্য কৰি প্ৰাণপতি।
স্বৰ্গৰ যতেক সখী,  গল যেন উৰি পখী,
 নিলেহি আদৰি সৱে পৃথিৱীৰ আৰু এটি॥
আকাশী কটকী গই,  কাণে কাণে দিলে কই,
 সামৰি সংসাৰ মায়া চলে সতী জয়মতী।
সীতা, সাবি, দময়ন্তী,  বিযুৰীয়া তিনি সতী,
 মিলিব এতিয়া যোৰা-যোৰা হব সতী॥

সামৰণি-পট পতন।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)