পৃষ্ঠা:জয়মতী.pdf/১১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২০০
জয়মতী।

কটকী।—অশোভন এনে ভাব
 গদাপাণিলই। জন্ম যাৰ সংসাৰত,
 স্বদেশ কাৰণে; লক্ষ্য যাৰ দেশোদ্ধাৰ,
 দুষ্টৰ দমন আৰু সন্তৰ পালন;—
 সেই বীৰবাহু সংসাৰ-বৈৰাগী হোৱা
 নহয় শোভন।

বৈৰাগী।— সঁচা, কিন্তু কিনো কম!
 লাগিছে উদাস; পৰি গৈছে মন; অন্ত
 উছাহ, উদ্যম, প্ৰিয়াৰ বিয়োগ স’তে!

কটকী।— নকবাঁ সি কথা!
 নেৰিবাঁ জীৱন-ব্ৰত।
 জয়মতী-আত্মদান বৃথা নকৰিবাঁ।

বৈৰাগী।—তাকে হে উলটি চাওঁ।
 পৰিলে মনত মোৰ জীৱনৰ পণ,—
 আত্ম-গোপনৰ যি প্ৰধান কাৰণ,
 আৰু অনুৰোধ মোৰ স্বৰ্গীয়া প্ৰিয়াৰ,
 পাহৰোঁ সকলো হঁয়, হওঁ উত্ৰাৱল
 ৰণ-সজ্জা হেতু।

কটকী।— বীৰেচিত মনোভাব।
 মিলিছে সুযোগ;—শত্ৰুৰ নায়ক আজি
 পৰিছে উভলি; কূট্‌মন্ত্ৰী আৰু ৰজা
 উভয়ে উন্মাদ! ৰাজ্যৰ চম্ভালিছে
 বৰগোহাঞি ডাঙ্গৰীয়াই ঘাইমন্ত্ৰী
 বাব লই এবে।