ঊষা-হৰণ
ঊষা-হৰণ
⸻⸺
সুকবি নাৰায়ণদেৱৰ ৰচিত
তৃতীয় বাৰ—জন্মাষ্টমী
প্ৰসন্ন বৰুৱা
—ৰজনীপ্ৰভা এজেন্সি—
পোঃ কমাৰকুছি
প্ৰকৃতি বন্দনা৷
—: o :—
বন্দো পৰকিতি দেৱীভগৱতী তোমাৰ গৰ্ভত প্ৰলয় ত্ৰিজগত
তুমি মাতৃ জগতৰে সুৰাসুৰে পদ সেৱে॥
ব্ৰহ্মাৰূপে স্বজা বিষ্ণুৰূপে পালা উৰণ বুৰণ গজন ভ্ৰমণ
ৰূন্দ্ৰ ৰূপতে সংহাৰে ॥ তোমাৰ উদৰে স্থিতি৷
দশভূজা ৰূপে জগত উদ্ধাৰে নুপূজি তোমাক ভজিবেক কাক
মুক্ত কৰা যত জীৱ৷ ভক্তসৱে কৰে স্তুতি ॥
কালৰূপ ধৰি পাপী নাশ কৰি চন্দ্ৰ দিবাকৰ নক্ষত্ৰ সকল
জীৱ কৰা তুমি শিৱ॥ বায়ু বহ্নি জল স্থল৷
তোমাৰ মহিমা বুজিতে অসীমা নদ নদী যত সাগৰ সমস্ত
সাধুসৱ হোৱে মুগ্ধ৷ তোমাৰ শকতি ফল৷
প্ৰকৃতি পুৰুষ হৰিহৰ এক বৰভাগ ধামে উলাবৰি গ্ৰামে
গুণি কৰে চিত শুদ্ধ॥ যাহাৰ প্ৰতাপ নাম৷
দেৱদেৱী এক বোলে বিজ্ঞলোক অতি মূঢ়মতি কহয় ঘুগুতি
ভজো প্ৰকৃতিৰ পাৱে৷ প্ৰকৃতি কৰো প্ৰণাম॥
উষা-হৰণ৷
—: o :—
দিহা—নন্দেৰ নন্দন হৰি দেখিলো ক’তে৷
বাহিৰ হৈয়া দেখে বধু খঞ্জনিকা য’তে॥
ছয় পুত্ৰ মৰি চান্দোৰ শূন্য হৈলা পুৰী।
চান্দোৰ মন্দিৰে কান্দে সোণাই সুন্দৰী।
চান্দে বোলে শুনা ৰাণী আমাৰ বচন৷
মোৰেই শপত তুমি নকৰা ক্ৰন্দন॥
দৈৱৰ নিবন্ধে তোমাৰ ছয় পুত্ৰ মৰে৷
আমাৰ কুশলে পুত্ৰ হৈবো তোমাৰ ঘৰে॥
সোণাই সহিতে চান্দো আছন্ত কৌতুকে৷
ৰথে থাকি পদ্মাৱতী দেখয় সন্মুখে॥
যুগুতি কৰিলা পদ্মা নেতাৰ সহিতে৷
চন্দ্ৰধৰৰ পূজা বৈনী খাইবো কেন মতে॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন৷
ইন্দ্ৰৰ পুৰীক তুমি কৰহ গমন॥
তেবেসে জিনিবা কাৰ্য্য জয় বিষহৰি৷
ঊষা অনিৰুদ্ধ আনা ইন্দ্ৰত ভিক্ষা কৰি॥
ঊষাক জন্ম দিবা নিয়া শাহে ৰাজাৰ ঘৰে৷
অনিৰুদ্ধক দিবা জন্ম সোণেকা উদৰে॥
দুয়ো জনক জন্ম দিবা জাতিষ্মৰ কৰিয়া৷
শাহে চান্দো মিলি দুইকো কৰাই দিবো বিয়া ॥
কালৰাত্ৰি লখিন্দাৰক খাইবো কালী নাগে৷
ভাসাইয়া দিবো সাধু গুঞ্জুৰী সাগৰে॥
দেৱপুৰে নিয়া বেউলাই লখাইক জীয়াবো৷
প্ৰত্যেকে জানিয়া সাধু তোমাক পূজিব॥
নেতাৰ বচন পদ্মা শুনিয়া যতনে৷
হংস ৰথে উঠি গৈলা ইন্দ্ৰৰ ভুবন॥
দিহা—এ দেবী পদোমাই
কৈলাসে চলিলা দেৱী পদোমাই॥
পদ্মাক দেখিলা ইন্দ্ৰ সচকিত মন৷
কি কাৰণে মাতা তুমি এথা আগমণ॥
আনি দিলা পদ্মাক বসিতে সিংহাসন৷
কিয়বা আসিলা মাও মোহোৰ ভবন॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালী।
পদ্মাৰ বচন বুলি একই লেছাৰি॥
দিহা —ইন্দ্ৰে পোছয় বাণী৷
ইন্দ্ৰই পোছয় বাণী শুনা শিৱৰ নন্দিনী
মোৰ ঠাই কিবা প্ৰয়োজন॥
বোলে অনন্তৰ আই আসিলো তোমাৰ ঠাই৷
ঊষা অনিৰুদ্ধ দিয়া মোৰে৷
দুষ্ট ৰাজা চন্দ্ৰধৰ চম্পক নগৰে ঘৰ
মোৰ পূজা নাই তাৰ ঘৰে৷
বিনাশিতে চাও সাধু ঊষাক কৰো পুত্ৰবধূ৷
তবে পাৰো বাদ সাধিবাৰে॥
ইন্দ্ৰে বোলে ঊষা অনিৰুদ্ধ চিৰকাল স্বৰ্গে ভোগ
মনুষ্যক যাবো কোন ফলে৷
যদি উষা নাচে ভাল কপটে ভাঙিবো তাল৷
তুমি শাপ দিবা সেই কালে॥
ইন্দে কৈলা অঙ্গীকাৰ উৰাৰ নৃত্য দেখিবাৰ৷
শুনি পঢ়াৰ হৰষিত মন৷
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
উষাৰ দুঃখ হৈলা সেই দিনে৷
দিহা— আজু হৰে আজু হৰে
হৰেৰ অতনা দুঃখ নসয় পৰাণে৷
ব্ৰহ্মা বিষ্ণু নহে চান্দো নহে পুৰন্দৰ৷
কুবেৰ বৰুণ নহে ধনৰ ঈশ্বৰ॥
মনুষ্য মেলেচ সমে বিসম্বাদ কৰি৷
দেবতাৰ ভোগ নষ্ট কৈলা বিষহৰি॥
তোমাৰ বীৰত্ব শুনি কমলাৰ বনে৷
মহাদেৱ ঢলি পৰে বিষৰ নয়নে॥
বিষ নয়ন গুচি ভৈলা অমৃত নয়ন৷
সেহি বেলা মহাদেব লভিলা চেতন॥
পদ্মা বোলে শুনা ৰাজা আমাৰ উত্তৰ৷
ঊষা অনিৰুদ্ধ দিয়া বাদ সাধিবাৰ॥
যেহি দিনা পূজে সাধু কনক কমলে৷
ৰথে তুলি দিয়া যাম দুই বিদ্যাধৰে৷
শুনা শুনা ৰাজা তুমি দেৱ পুৰন্দৰ৷
আমি চাৰ বুলি কিছু নোবোলা উত্তৰ॥
সময়ত সম হোৱা সময়ত উল্কাপাত৷
সংসাৰ ৰাখিতে ভাৰ আছয় তোমাত॥
এক নিবেদন মই কৰিছো তোমাতে৷
ঊষা অনিৰুদ্ধ দিয়া বিবাদ সাধিতে॥
হৰ গৌৰী পূজা চান্দো কৰে নিতে নিতে৷
এই কাৰণে নপাৰো মই তাহাৰ সহিতে॥
হৰ গৌৰী পূজি বেটা পাই আছে বৰ৷
মোৰ সঙ্গে বাদ তবে কৰে নিৰন্তৰ॥
লুকাই চোৰে যিবা জনে দেই বেলপাত৷
আগে দন্দ্ব কৰে পাছত কাটে যাত॥
দেশ দেশান্তৰে থাকি যিবা জনে পূজে৷
ছয় মাহ কষ্ট কৰি তাৰ সঙ্গে যুজে॥
চিত্ৰলেখাক দেখি ইন্দ্ৰে কহিলেক ডাকি৷
ঊষা অনিৰুদ্ধক আন আজি নৃত্য দেখি॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
উষাৰ চলনা বুলি একই লেছাৰি॥
দিহা—চলা ঊষা সত্বৰ বিলম্ব নকৰ
আজি নৃত্য দেখে পুৰন্দৰ৷
লাস বেশ পূৰ্ণ কৰি চলা ঊষা সুন্দৰী
আজি তাল ধৰা দৃঢ় কৰি৷
যদি নত্যে তুতে তাল পাছত নাপাবি ভাল৷
আসিয়াছে জয় বিষহৰি॥
উষাই বোলে চিত্ৰলেখা আজি কৰা অপেক্ষা৷
কুস্বপ্ন দেখি আছো আমি৷
উঠিয়া শয্যাৰ হন্তে ছালে ঠেকিয়াছে দন্তে
অগ্নি কোণে পৰি আছে হাচি॥
খহি পৰে চূড়া পৰ্বতৰে৷
বামচকু বাম নাকে প্ৰাণ মোৰ চমকে
নৃত্যক নাযাব উচিত মোৰে॥
উষা বোলে অনিৰুদ্ধ কিয় কৰা বিৰুদ্ধ
যিবা লিখি আছে প্ৰজাপতি৷
নাৰায়ণ দেৱে কয় সুকবি বল্লভ কয়৷
দিহা—ভুবন মোহন ৰূপ নাগৰী হয় নাৰে হয়
হৰিষে সুন্দৰী উষা দিলা আগুসাৰ৷
শূন্য ঘটে দেখে আগে তেলিৰ পহাৰ৷
পাখা মেলি বাট বন্ধ কৰিছে গৃধিনী৷
হাতে ঠাল মুক্তকেশী সম্মুখে যোগিনী
আৰু দেখিলেক ঊষা কঙ্ক যে শৃগাল ॥
দক্ষিণে জম্বুকি চলে বামে বিষধৰ৷
বিমঙ্গল দেখি ঊষা গুণে মনে মন।
হেন বিমঙ্গল দেখি নাচিব কি মন৷
দিহা—হয় নাৰে চিন্তে সুন্দৰী উষা—
চিন্তিলা সুন্দৰী ঊষা বসি মঞ্চ ঘৰে৷
কিমতে নাচিব প্ৰাণ চমকিত কৰে॥
চিত্ৰ লেখা বোলে ঊষা নকৰা ক্ৰন্দন৷
যিবা দেৱ সহায় আছে কৰা সুমৰণ॥
পিতা মোৰ দৈত্যপতি শোণিতপুৰে ঘৰ৷
সৰ্ব্বকালে পূজে তেওঁ উমা মহেশ্বৰ॥
শিশুকাল হন্তে ঊষা চণ্ডী পূজে নিতে৷
ধূপ দীপ ফুল লৈয়া পূজে এক চিতে॥
ধ্যানত জানিয়া পদ্মা গৈল চণ্ডীৰ ঠাই।
ঊষাৰ পূজাক তুমি নাযাবা সতাই॥
আমাৰ শপত কাৰ্ত্তিকৰ মাথা খাস৷
ঊষাৰ পূজাৰ ঠাই যদি সতাই যাস॥
পদ্মাৰ কপটে চণ্ডী পাতিলা কপট৷
ঊষাই পূজিলা চণ্ডী নগৈলা নিকট॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
ঊষাৰ নাচন বুলি একই লেছাৰি॥
দিহা। বা’ল মোৰ সাজে অ উষাই কাচান কাছে
চিত্ৰলেখা আনি দিলা সুবৰ্ণ দাপনি৷
দাপনিক চাই উষা পিন্ধে নানা মণি॥
পূৰ্ণিমাৰ চন্দ্ৰ যেন দাপনি এৰিয়া৷
অলঙ্কাৰ পিন্ধে ঊষা তাৰ ফালে চাইয়া॥
সুবৰ্ণৰ কাকৈ দিয়া আজুৰিলা মূৰ৷
বৰ খোপা বান্ধি পিন্ধে পাৰিজাত ফুল॥
বেলি পশ্চিমে হেন উঠি আছে চান্দে৷
এক থোপা খহাই ঊষা আৰু খোপা বান্ধে॥
শিখাত সিন্দূৰ পিন্ধে অগণিত অতি৷
গলত তুলিয়া পিন্ধে হাৰ গজমতি॥
দুই কৰ্ণে সুবৰ্ণৰ কুণ্ডল প্ৰকাশে।
চকৰি উৰিছে যেন মলয় বতাসে॥
দহ আঙুলিত পিন্ধে সোণৰে আঙুঠি৷
হাতত পিন্ধিলা বালা অতি মন তুষ্টি॥
নৰ মোহন খোপা বান্ধি নাপাইলা ভাল।
দেৱতা মোহন খোপা লাগে বান্ধিবাৰ॥
ভুবন মোহন খোপা বান্ধিলা সুন্দৰী।
দেৱতা মোহন খোপা বান্ধে ভাল কৰি॥
অলঙ্কাৰ পিন্ধি ঊষা হৰষিত মন৷
লাগিল পিন্ধিব গই দেৱাঙ্গ বসন॥
দেৱতাৰ বস্ত্ৰখন দেখিব সুন্দৰ৷
তাহাতে লেখা আছে দহ অৱতাৰ॥
মীন ৰূপ লেখি আছে জলে প্ৰবেশ কৰি৷
যেন মতে চাৰি বেদ উদ্ধাৰিলা হৰি॥
কুৰ্ম্ম ৰূপ লেখা আছে দেখিব সুন্দৰ৷
ধৰণীখন ধৰি আছে পিঠীৰ ওপৰ॥
নৰসিংহ আঁকি থৈছে হিৰণ্য বিদৰে৷
বামুণ ৰূপ ধৰি আছে বলিক ছলিবাৰে॥
পৰশুৰাম লেখা আছে খড়গ চৰ্ম্ম হাতে৷
এক বাণে নিঃক্ষত্ৰি কৰিল পৃথিবীকে॥
ৰামৰূপ অঙ্কি আছে সাগৰ বন্ধন৷
বান্দৰ সহায় লৈ বধিছে ৰাৱণ॥
শ্ৰীকৃষ্ণ আঁকি আছে দেখিব সুন্দৰ৷
বলোৰাম সৈতে বৎস ৰাখে নন্দ ঘৰ॥
বুদ্ধৰূপ লেখা আছে সবৰ শেহতে৷
ব্ৰহ্মায় প্ৰাৰ্থনা কৰি থাকে এহি মতে॥
দুই কাষে গন্ধৰ্বই মৃদঙ্গ বজাই৷
অস্ত ষ্ফোট দিয়া ঊষা নাচিবাক যায়॥
অস্ত ষ্ফোট দিয়া ঊষা দিলা আগুসাৰ৷
মৃদঙ্গৰ চেঞে চেঞে ইন্দ্ৰক নমস্কাৰ॥
দিহা৷ নাচে ঊষা সুন্দৰী ৰত্ন অলঙ্কাৰ ভৰি
নাচে ঊষা অবলা সুন্দৰী৷
ইভিতি সিভিতি কৰি নাচে ঊষা সুন্দৰী৷
পাক লৈলা ভোমৌৰা আকাৰ৷
তালে তালে দিয়া পাও চমকি উঠয় গাও
ডাক ছাড়ি দিলা পুৰন্দৰ॥
মন কৰে মনসা তাল ভাঙিবাৰ আশা
কোপ দৃষ্টে মাৰিলা হুঙ্কাৰ।
পদায় কপট কৈলা যেবে তাল ভঙ্গ হৈলা তেবে
পৰে ঊষা ভূমিৰ ওপৰ
দিহা৷ ৰাধেৰ বধূয়া চয় কানুৰ ঘৰে সাজে৷
আমি যাও আপোনাৰ কাজে ॥
পুনৰপি নৃত্য কৰে ঊষা যে সুন্দৰী৷
তাহাক দেখিয়৷ আছে জয় বিষহৰি॥
ইন্দ্ৰে বোলে শুনা ঊষা আমাৰ উত্তৰ৷
ভাল মতে পুনৰপি অৰু নৃত্য কৰ॥
ৰাক্ষসীৰ মায়া পদ্মায় ধৰিলা আকাশে৷
ৰাক্ষস দেখিয়া সব দেৱতা তৰাসে॥
সেহি বেলা অনিৰুদ্ধে নকৰিলা ভাল৷
ৰাক্ষসৰ দৃষ্টি পৰি তুতি গৈলা তাল॥
তাল তুতি সভা ভাঙে ইন্দ্ৰৰ মনস্তাপ৷
ছিদ্ৰ পাই দেৱৰাজে দিলা ব্ৰহ্ম শাপ॥
যোৱা উষা অনিৰুদ্ধ মনুষ্য নগৰে
মৰ্ত্তলোকে থাকা গৈয়া দ্বাদশ বছৰে॥
যেই দিনা চান্দো পূজে কনক কমলে৷
মনসাৰ কৰ্ম্ম কৰি আহিবা সোনকালে॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
ঊষাৰ ক্ৰন্দন বুলি একই লেছাৰি॥
দিহা৷ মোৰ হৰি নাৰে৷
ইন্দ্ৰৰ চৰণে ধৰি কান্দে ঊষা সুন্দৰী॥
কহ বাপু চিত্ৰগুপ্ত কৰিলো কোনো পাপ
কি কাৰণে দেৱৰাজে দিলা ব্ৰহ্মশাপ॥
উষাই মাগিল গৈ শচীত মেলানি৷
চল চল কৰি শচীৰ চকু বয়ে পানী॥
অনিৰুদ্ধ বিদায় মাগন্ত দেৱৰাজে৷
অনিকদ্ধৰ মুখ ইন্দ্ৰে নাচাইল লাজে॥
দুয়ো জনক পাই পদ্মাৰ হৰষিত মন৷
দুয়োকো ৰথত তুলি কৰিলা গমন॥
ত্বৰিত গমনে গৈলা সাগৰৰ কুলে৷
ৰথত বহি ঊষাই মনসাক কলে॥
অৰাজ্য দেখােহহো মই নৰৰ ভুবন৷
এবে কোন কৰ্ম্ম কৰো আমি দুয়োজন॥
ঊষাৰ বচনে পদ্মা একোকে নকৈলা৷
সাগৰৰ পাৰে গৈ অগনি জ্বালিলা॥
পদ্মা বােলে শুনা উষা বচন অশেষ৷
দুয়ােজনে কৰা এবে অগ্নিত প্ৰবেশ॥
ঊষা বােলে প্ৰাণ আমি ত্যাজিব কি মনে৷
এক বৰ মাগাে আমি শুনিয়াে শ্ৰবণে॥
হেৰালি বস্তুক পাইব মৰাক জীয়াইব৷
তােমাৰ কৰ্ম্ম কৰি পুনু স্বৰ্গ বাসে যাব॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
ঊষাৰ মৰণ বুলি একই লেছাৰি৷
দিহা৷ হায়ৰে উষা প্ৰাণ ত্যাজে পদ্মা বিদ্যমান॥
পদ্মা বােলে শুনা উষা আমাৰ বচন৷
মৰাক জীয়াবি হেৰালি পাবি ধন॥
বিপদে পৰিলে তােৰ হইব সহায়৷
পদ্মাই সত্য কৰে ঊষা মৰিবাক যায়॥
অনিৰুদ্ধে তীৰ্থ স্নান কৰিলেক জলে৷
দেৱতা পিতৃগণ পূজিলা সকলে॥
মনস্থিৰ কৰি বীৰে কৰলেক যাস৷
হৰিক চিন্তিয়া অগ্নি মাজে দিব জাপ॥
স্বামীৰ মৰণ দেখি ঊষা যে সুন্দৰী৷
অনলত জাম্প দিয়া বোলে হৰ গৌৰী॥
দুয়োজনৰ আত্ম বন্ধ কৰে বিষহৰি৷
সোণাৰ সফুৰাত ভৰাই থৈলা যত্ন কৰি॥
পাণ্ডু নাগৰ নেজত বান্ধিলা বিষহৰি৷
অবিলম্বে যাই নাগ আপোনাৰ পুৰি॥
আত্ম লৈ পাণ্ডু নগ কৰিলা গমন৷
পথে নাৰদৰ সাথে হৈলা দৰশন॥
নাৰদ বোলে শুনা পাণ্ডু আমাৰ বচন৷
সফুৰাৰ ভিতৰে তুমি নেহ কিবা ধন॥
তাক শুনি পাণ্ডু নাগে লাগে বুলিবাৰে৷
ঊষা অনিৰুদ্ধৰ আত্মা ইয়াৰ ভিতৰে॥
স্বৰ্গ মৰ্ত্ত্য পাতালত যত জীৱ মৰে৷
সবাক বান্ধিয়া নেই যমৰ কিঙ্কৰে॥
হেন আত্মা পাণ্ডু তই কি কাৰণে নেহ৷
বিৰাদ লগাবো আজি যম পদ্মাৰ সহ॥
দিহা৷ অ নাৰদ চলিলা ৰে
যমৰ ভবনে নাৰদ চলিলা ৰে
চাৰি কাষে নদী বৈতৰণী৷
ষোল শত যোজন যম ৰাজাৰ ভবন
চাৰি কাষে নদী বৈতৰণী৷
মাংসৰ শোণিত বয় দুৰ্গন্ধ বহিয়া যায়
পান কৰে পাতকি সকল৷
পাপী পাৰ হব খোজে পিছে যায় আগে নাসে
মাংস টানি খাই যে শৃগাল৷
নায়ায়ণ দেৱে কয় সুকবি বল্লভ হয়৷
নাৰদ মুনি কৰিলা গমন৷
দিহা। ভজৰে পামৰু মন হৰি চৰণতে৷
কি বুলি উত্তৰ দিম যম কৰণতে॥
পাপীৰ দুৰ্গতি দেখি নাৰদ তপোধন৷
যমক সম্বোধি মুনি বুলিলা বচন॥
নাৰদ বোলে শুনা যম আমাৰ বচন৷
মন দিয়া শুন কওঁ যত বিৱৰণ॥
কি দোষ কৰিলে কিবা পাপক ভুঞ্জয়৷
তাহাৰ উপায় কহিয়োক মোৰ ঠাই॥
অকাৰণে বন পুৰি বহু জন্তু মাৰে৷
সন্ধ্যা কলে অথিতি খেদাই অন্য ঘৰে॥
অতিথি ৰাখিয়া যিবা নকৰে পালন৷
অগ্নি কুণ্ড নৰকত তাহাৰ গমন॥
ফলবন্ত বৃক্ষবোৰ যিটো নৰে কাটে৷
পৰস্ত্ৰী পাইয়া যিবা বল কৰে বাটে॥
স্বগোত্ৰত বিয়া কৰে মাতৃ নামে কন্যা।
কৰ্ম্ম কৰি ব্ৰাহ্মণক নেদয় দক্ষিণা॥
ক্ৰোধ কৰি ব্ৰাহ্মণক চক্ষু পকাই চাই৷
কুম্ভীৰ নৰকত তাহাৰ প্ৰাণ যাই॥
ধাৰ দিয়া যিটো জনে সাধে সুদ কড়ি৷
যম দূতে মাৰে তাক দোহতীয়া বাৰী॥
নাৰদ বোলে শুনা যম আমাৰ বচন৷
মন দিয়া শুনা কও যত বিৱৰণ॥
স্বৰ্গ মৰ্ত্ত্য পাতালত যত মৰা মৰে৷
সবাক বান্ধিয়া নেই যমৰ কিঙ্কৰে॥
উষা অনিৰুদ্ধ ছিলা ইন্দ্ৰৰ নগৰী৷
মায়া কৰি হৰিয়া আনিলা বিষহৰি॥
দুয়ো জনৰ আত্মবন্দী কৰি বিষহৰি৷
অবিলম্বে যাই নাগ আপোনাৰ পুৰী॥
নাৰদ বোলে শুনা যম কথা হৈলা বিষম৷
শুনা তুমি মোহোৰ বচন৷
দুত পাঞ্চা শীঘ্ৰ কৰি আত্মা আনক পাণ্ডুক মাৰি
পদ্মাৱতী পাওক অপমান॥
দিহা৷ মোৰে জীৱন ধন কালিয়া হেৰ
কালিয়া হেৰ অ মোৰে ৰসেৰ নালাগিল দয়া ॥
নাৰদৰ বচনে যমৰ দুঃখ ভৈল মনে৷
চাৰি গোট দুত পাঞ্চি দিলা তেতিক্ষণে॥
যমৰ বচন হতে শুনি তেতিক্ষণ৷
পাগুৰ নিকটে গই দিলা দৰিশন॥
স্বৰ্গ মৰ্ত্ত্য পাতালত যত জীৱ মৰে৷
সবাক লইয়া যাও যমৰ কিঙ্কৰে॥
আত্মা গোট কাঢ়ি নিম তোমাৰ ভাঙি মাথা৷
কান্দি কান্দি পদ্মাৰ আগত কবি কথা॥
পাণ্ডু বোলে মাটি খোৱা শুনহে ভাৰুৱা৷
মোৰ হাতৰ আত্মা তই নিবি কাঢ়িয়া॥
এই বুলি পাণ্ডু নাগে নেজ-কোব লাৰে৷
ভূমিত বাগৰি চাৰি যম দুত পৰে॥
যুদ্ধ হাৰি দুতৰ দুঃখিত ভৈলা মন৷
কান্দি কান্দি যমত কহিলা তেতিক্ষণ॥
দিহা৷ ৰাম নাম নললি অবনীতে৷
লোহাৰ দাং মাটিত থৈ কান্দে যমদুতে॥
দুতৰ বচন যম শুনি তেতিক্ষণে৷
তিনি কোটি দুত পাঞ্চি দিলা ৰঙ্গ মনে॥
তিনি কোটি দুত সহ নাগ একেলশ্বৰ৷
কৰিব নোৱাৰি যুদ্ধ মনত পালে ডৰ॥
আত্মা কাঢ়ি নিলা নাগৰ ভাঙি মাথা৷
কান্দি কান্দি নাগে পদ্মাত কহে কথা॥
নাগৰ কথা শুনি পদ্মাৰ দুঃখ ভৈলা মন৷
নেতা নেতা বুলি পদ্মা মাতে ঘনে ঘন॥
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰবণে৷
ডাক দিয়া আনে নেতা যত নাগ মানে॥
স্বৰ্গ মৰ্ত্ত্য পাতালত যত নাগ বাস৷
সকল চলিয়া আইলা পদ্মাৰ আদেশ॥
নাগ দেখি পদ্মাৱতীৰ হৰষিত মন৷
চাৰি ৰাজ হংস ৰথ সাজে তেতিক্ষণ॥
চাৰি হাতে দুই ধনু বিষহৰি ধৰে৷
শীঘ্ৰ কৰি উঠে পদ্মা ৰথৰ উপৰে॥
দিহা৷ অ’ কানাই ব্যাকুল ভৈল মন অ’
শুনিয়া মুৰুলি ধ্বনি ৰৈতে নাৰি ঘৰে॥
তিনি কৌটি নাগ সেনা সাজে ৰঙ্গ মনে৷
পদ্মা হৰিষে ৰথে উঠে তেতিক্ষণে॥
বৈতৰণী পাৰ হৈয়া কৰিলা গমন॥
যমৰ ভুবনে যাই দিলা দৰশন॥
দুত পাঞ্চি দিলা পাণ্ডুক যমৰ আগত৷
শীঘ্ৰ কৰি যমত কহিলা কথা যত॥
দুতে বোলে শুনা যম আমাৰ বচন৷
পদ্মাৰ সহিত যুদ্ধ কৰা এতিক্ষণ॥
আত্মা গোট কাঢ়ি নিলা দুতৰ ভাঙি মাথা৷
কান্দিয়া কান্দিয়া দুতে যমত কহে কথা ॥
তাক শুনি যম ৰজাৰ বিষাদিত মন৷
সাজ সাজ বুলি যম মাতে ঘনে ঘন॥
তিনি কোটি দুত সঙ্গে কৰিলা সাজন৷
যুদ্ধৰ নিমিত্তে যম চলে তেতিক্ষণ॥
নাগে দুতে দেখা দেখি হৈলা যেতিক্ষণ৷
দুয়ো দলৰ মহা যুদ্ধ হইল সিথান॥
পদ্মাৰ শৰত কত দুত গৈলা মৰি৷
দুতে গৈ কহিলেক যমত বাতৰি ॥
তাক শুনি যম ৰাজাৰ মহা দুখ মন৷
মহিষ বিমানে উঠি কৰিলা গমন॥
যম দণ্ড হাতে লৈলা দেখি লাগে ভায়৷
শীঘ্ৰ কৰি উঠি যম বিমান চলায়॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
যম পদ্মাৰ যুদ্ধ পদ একই লেছাৰি॥
দিহা। এ যুদ্ধ লাগিল ৰে
দেৱীৰ সহিত যুদ্ধ লাগিল ৰে॥
নাগে দুতে দেখা দেখি হইল সমৰ৷
দেৱীৰ সহিত ঘোৰ লাগিল সমৰ॥
পৰশু তোমৰ আদি ভল্ল দশ বান৷
দেৱীক লাগিয়া যমে কৰিলা সন্ধান॥
পুনশ্চ শক্তি হাতে লইলা সত্বৰে৷
দেৱীক লাগিয়া শক্তি লইলা বৰ্ব্বৰে॥
ক্ষুৰ পাট বাণ দেৱী মানিয়া পাঠাইলা৷
যমৰ অস্ত্ৰ কাটি ভূমিত পেলাইলা॥
অস্ত্ৰ নষ্ট দেখি যমেৰ ক্ৰোধ ভৈলা অতি৷
যম দণ্ড হাতত লৈ কৰিলেক গতি৷
নামাৰন্তে যমে বোলে জয় বিষহৰি৷
যিবা আছে চেষ্টা তুমি দেহ ৰক্ষা কৰি॥
তাকে দেখি পদ্মাৱতীৰ ভয় ভৈলা মনে৷
আথে বেথে নাগপাশ লৈলা তেতিক্ষণে॥
যম দণ্ড ভৰে মহী কৰে টল বল৷
বিমানত বহি চাই অমৰৰ দল॥
মন্ত্ৰ অভিষেক কৰি পদ্মা অস্ত্ৰ এৰিলা৷
হাতে গলে যমৰাজক বান্ধিব লাগিলা॥
ভূমিত পড়িয়া যম থাকিল বাগৰি৷
হাতে খড়্গ ধৰি যাই জয় বিষহৰি॥
মোহোৰ আগত কথা কহিছা সকলে৷
অকালত সৃষ্টি নষ্ট কৰিবাক বলে॥
স্বৰ্গত বসিয়া আছে যত দেৱগণ৷
কৰিবাক পাৰো ভস্ম বিষৰ নয়ন॥
যম বন্ধ দেখি দেৱব ভয় ভৈলা মনে৷
ভক্তি ভাৱে স্তুতি কৰে পদ্মাৰ চৰণে॥
দেৱগণে বোলে শুনা দেৱী বিষহৰি
অৰাজ্যক ৰাজ্য নষ্ট কৰা কেন কৰি ॥
পদ্মাক চাহিয়া দেৱে বুলিলা বচন৷
আত্মা লৈয়া পদ্মমা তুমি কৰহ গমন॥
তাক শুনি পদ্মাৱতীৰ হৰষিত মন৷
মন্ত্ৰ পাঢ়ি নাগপাশ খোলে তেতিক্ষণ॥
পাশ খুলি পদ্মাৱতী হৈব অন্তৰ্দ্ধান৷
যমে বোলে শুনা পদ্মা আমাৰ বচন॥
আত্মা নেহ পদ্মাৱতী শুনহ উত্তৰ৷
বাদ সাধি পূনৰপি দিবাহা তহৰ॥
মোৰ এই বাক্য তুমি কৰিয়া পালন৷
আত্মা লৈয়া পদ্মাৱতী কৰহ গমন॥
বিদায় হৈলা পদ্মাৱতী অতি ৰঙ্গমনে
নেতা পদ্মা দুয়োজনে কৰিলা গমনে॥
সুকৱি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
পদ্মাৰ চলন বুলি এক লেছাৰি॥
নামে ভৱ নামে সিন্ধু মুকুন্দ মুৰাৰী।
সবাৰো দুৰ্গতি খণ্ডক বোলা জয় হৰি॥
——উষা-হৰণ শেষ——
⸻
সাথৰ
সখিৰে বিৰাট তনয় দেহ দান৷
বায়স আজ ৰব অন্তৰ জৰ জৰ
কি ভৈলা মোৰ পাপীণী পৰাণ৷
চৌদিশে দ্বিগুণ কৰি বানে পূৰি বস্ত্ৰ হৰি
ললাটে মোৰ তাহান সমান
ৰাম সাগৰে পূৰি দিশাপতি উন্ কৰি
তাকে খাই মই ত্যাজিম পৰণ॥
শহুৰেকৰ প্ৰশ্ন—
হৰিহৰ চক্ৰে যো বীৰ উপজিল
তাপিত কৰ্ণক বাপে৷
হুতাশন তাপে যো বীৰ উত্তৰিল
সে বীৰ পৰিল কেমন বিপাকে?
বোৱাৰীয়েকৰ উত্তৰ—
সৰ্ব্বধৰ তাধৰ তাধৰ বিপৰীত নাদে৷
শীত পতি মিতক ভিতক পিতক গমনক বাধে
অলি বাহন বাহন হামু গৈয়ো৷
শশী বাহন বাহন ঠেক ভৈয়ো॥
পবন সুতাসুত ভাগি গৈয়ো৷
ৰবি সুত মম কৰে লাগি ৰৈয়ো॥
সুৰ অৰি ৰিপু মিতা, তাহান সেৱক পিতা
বাহনক দেখি লাগে মনু।
তিনাক্ষৰ মনে কৰি, শেষাক্ষৰ বাদ কৰি৷
তান বিনে দহে মোৰ তনু৷
ৰজনী প্ৰভা এজেন্সী
তলৰ লিখা কিতাপ আৰু পুথি বিলাক আমালৈ লিখিলে পাব পাৰিব৷ ইয়াৰ বাহিৰেও আন সকলো অসমীয়া আৰু বঙালী কিতাপ আছে৷ উচিত মতে উপহাৰ, কমিচন দিয়া হব৷
সন্তোষ গণনা | মিহলী বড়গীত | |
ঊষা হৰণ | ভাউৰা পুৰাণ | |
দনন্তৰী বধ | পটন্তৰ মালা | |
পুষ্পধাৰী | শক্তিশেল উদ্ধাৰ | |
বিষহৰিৰ জন্ম | কামৰূপীয়া বিয়াৰ গীত | |
পৰীক্ষিত বধ | বেফুলাৰ সত্য পৰীক্ষা | |
মৎস্য বিবাহ | সৰ্ব্বঢাক মন্ত্ৰ | |
সীতা সয়ম্বৰ | শ্ৰীকৃষ্ণৰ ব্ৰজলীলা | |
চন্দ্ৰধৰৰ ডিঙাগঠন | শ্ৰীকৃষ্ণৰ গোষ্ঠলীলা | |
অভিমন্যু বধৰ নাম | শ্ৰীশ্ৰী হৰগৌৰী লীলা | |
দাতা কৰ্ণৰ নাম | শকুন্তলাৰ নাম | |
লখিন্দাৰৰ স্বৰ্গাৰোহন | শ্ৰীশ্ৰী পদ্মাবতীৰ বিয়া |
পোঃ অঃ কমাৰকুচি, কামৰূপ