পৃষ্ঠা:ঊষা-হৰণ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাপনিক চাই উষা পিন্ধে নানা মণি॥
পূৰ্ণিমাৰ চন্দ্ৰ যেন দাপনি এৰিয়া৷
অলঙ্কাৰ পিন্ধে ঊষা তাৰ ফালে চাইয়া॥
সুবৰ্ণৰ কাকৈ দিয়া আজুৰিলা মূৰ৷
বৰ খোপা বান্ধি পিন্ধে পাৰিজাত ফুল॥
বেলি পশ্চিমে হেন উঠি আছে চান্দে৷
এক থোপা খহাই ঊষা আৰু খোপা বান্ধে॥
শিখাত সিন্দূৰ পিন্ধে অগণিত অতি৷
গলত তুলিয়া পিন্ধে হাৰ গজমতি॥
দুই কৰ্ণে সুবৰ্ণৰ কুণ্ডল প্ৰকাশে।
চকৰি উৰিছে যেন মলয় বতাসে॥
দহ আঙুলিত পিন্ধে সোণৰে আঙুঠি৷
হাতত পিন্ধিলা বালা অতি মন তুষ্টি॥
নৰ মোহন খোপা বান্ধি নাপাইলা ভাল।
দেৱতা মোহন খোপা লাগে বান্ধিবাৰ॥
ভুবন মোহন খোপা বান্ধিলা সুন্দৰী।
দেৱতা মোহন খোপা বান্ধে ভাল কৰি॥
অলঙ্কাৰ পিন্ধি ঊষা হৰষিত মন৷
লাগিল পিন্ধিব গই দেৱাঙ্গ বসন॥