পৃষ্ঠা:ঊষা-হৰণ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মাৰ বচন নেতা শুনিয়া শ্ৰবণে৷
ডাক দিয়া আনে নেতা যত নাগ মানে॥
স্বৰ্গ মৰ্ত্ত্য পাতালত যত নাগ বাস৷
সকল চলিয়া আইলা পদ্মাৰ আদেশ॥
নাগ দেখি পদ্মাৱতীৰ হৰষিত মন৷
চাৰি ৰাজ হংস ৰথ সাজে তেতিক্ষণ॥
চাৰি হাতে দুই ধনু বিষহৰি ধৰে৷
শীঘ্ৰ কৰি উঠে পদ্মা ৰথৰ উপৰে॥

দিহা৷   অ’ কানাই ব্যাকুল ভৈল মন অ’
শুনিয়া মুৰুলি ধ্বনি ৰৈতে নাৰি ঘৰে॥
তিনি কৌটি নাগ সেনা সাজে ৰঙ্গ মনে৷
পদ্‌মা হৰিষে ৰথে উঠে তেতিক্ষণে॥
বৈতৰণী পাৰ হৈয়া কৰিলা গমন॥
যমৰ ভুবনে যাই দিলা দৰশন॥
দুত পাঞ্চি দিলা পাণ্ডুক যমৰ আগত৷
শীঘ্ৰ কৰি যমত কহিলা কথা যত॥
দুতে বোলে শুনা যম আমাৰ বচন৷
পদ্মাৰ সহিত যুদ্ধ কৰা এতিক্ষণ॥