পৃষ্ঠা:ঊষা-হৰণ.djvu/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আত্মা গোট কাঢ়ি নিম তোমাৰ ভাঙি মাথা৷
কান্দি কান্দি পদ্মাৰ আগত কবি কথা॥
পাণ্ডু বোলে মাটি খোৱা শুনহে ভাৰুৱা৷
মোৰ হাতৰ আত্মা তই নিবি কাঢ়িয়া॥
এই বুলি পাণ্ডু নাগে নেজ-কোব লাৰে৷
ভূমিত বাগৰি চাৰি যম দুত পৰে॥
যুদ্ধ হাৰি দুতৰ দুঃখিত ভৈলা মন৷
কান্দি কান্দি যমত কহিলা তেতিক্ষণ॥

দিহা৷   ৰাম নাম নললি অবনীতে৷
লোহাৰ দাং মাটিত থৈ কান্দে যমদুতে॥
দুতৰ বচন যম শুনি তেতিক্ষণে৷
তিনি কোটি দুত পাঞ্চি দিলা ৰঙ্গ মনে॥
তিনি কোটি দুত সহ নাগ একেলশ্বৰ৷
কৰিব নোৱাৰি যুদ্ধ মনত পালে ডৰ॥
আত্‌‌‌‌মা কাঢ়ি নিলা নাগৰ ভাঙি মাথা৷
কান্দি কান্দি নাগে পদ্মাত কহে কথা॥
নাগৰ কথা শুনি পদ্মাৰ দুঃখ ভৈলা মন৷
নেতা নেতা বুলি পদ্মা মাতে ঘনে ঘন॥