পৃষ্ঠা:ঊষা-হৰণ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ এই বাক্য তুমি কৰিয়া পালন৷
আত্মা লৈয়া পদ্মাৱতী কৰহ গমন॥
বিদায় হৈলা পদ্মাৱতী অতি ৰঙ্গমনে
নেতা পদ্মা দুয়োজনে কৰিলা গমনে॥
সুকৱি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
পদ্মাৰ চলন বুলি এক লেছাৰি॥
নামে ভৱ নামে সিন্ধু মুকুন্দ মুৰাৰী।
সবাৰো দুৰ্গতি খণ্ডক বোলা জয় হৰি॥

——উষা-হৰণ শেষ——

সাথৰ
 সখিৰে বিৰাট তনয় দেহ দান৷
 বায়স আজ ৰব অন্তৰ জৰ জৰ
  কি ভৈলা মোৰ পাপীণী পৰাণ৷
চৌদিশে দ্বিগুণ কৰি  বানে পূৰি বস্ত্ৰ হৰি
 ললাটে মোৰ তাহান সমান
ৰাম সাগৰে পূৰি  দিশাপতি উন্‌ কৰি
 তাকে খাই মই ত্যাজিম পৰণ॥