পৃষ্ঠা:ঊষা-হৰণ.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভূমিত পড়িয়া যম থাকিল বাগৰি৷
হাতে খড়্গ ধৰি যাই জয় বিষহৰি॥
মোহোৰ আগত কথা কহিছা সকলে৷
অকালত সৃষ্টি নষ্ট কৰিবাক বলে॥

স্বৰ্গত বসিয়া আছে যত দেৱগণ৷
কৰিবাক পাৰো ভস্ম বিষৰ নয়ন॥
যম বন্ধ দেখি দেৱব ভয় ভৈলা মনে৷
ভক্তি ভাৱে স্তুতি কৰে পদ্মাৰ চৰণে॥
দেৱগণে বোলে শুনা দেৱী বিষহৰি
অৰাজ্যক ৰাজ্য নষ্ট কৰা কেন কৰি ॥
পদ্‌মাক চাহিয়া দেৱে বুলিলা বচন৷
আত্মা লৈয়া পদ্মমা তুমি কৰহ গমন॥
তাক শুনি পদ্‌মাৱতীৰ হৰষিত মন৷
মন্ত্ৰ পাঢ়ি নাগপাশ খোলে তেতিক্ষণ॥
পাশ খুলি পদ্মাৱতী হৈব অন্তৰ্দ্ধান৷
যমে বোলে শুনা পদ্মা আমাৰ বচন॥
আত্মা নেহ পদ্মাৱতী শুনহ উত্তৰ৷
বাদ সাধি পূনৰপি দিবাহা তহৰ॥