পৃষ্ঠা:ঊষা-হৰণ.djvu/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰকৃতি বন্দনা৷
—: o :—
বন্দো পৰকিতি  দেৱীভগৱতী  তোমাৰ গৰ্ভত  প্ৰলয় ত্ৰিজগত
তুমি মাতৃ জগতৰে   সুৰাসুৰে পদ সেৱে॥
ব্ৰহ্মাৰূপে স্বজা  বিষ্ণুৰূপে পালা  উৰণ বুৰণ  গজন ভ্ৰমণ
ৰূন্দ্ৰ ৰূপতে সংহাৰে ॥  তোমাৰ উদৰে স্থিতি৷
দশভূজা ৰূপে  জগত উদ্ধাৰে  নুপূজি তোমাক ভজিবেক কাক
মুক্ত কৰা যত জীৱ৷   ভক্তসৱে কৰে স্তুতি ॥
কালৰূপ ধৰি  পাপী নাশ কৰি  চন্দ্ৰ দিবাকৰ নক্ষত্ৰ সকল
জীৱ কৰা তুমি শিৱ॥   বায়ু বহ্নি জল স্থল৷
তোমাৰ মহিমা বুজিতে অসীমা  নদ নদী যত  সাগৰ সমস্ত
সাধুসৱ হোৱে মুগ্ধ৷   তোমাৰ শকতি ফল৷
প্ৰকৃতি পুৰুষ  হৰিহৰ এক  বৰভাগ ধামে  উলাবৰি গ্ৰামে
গুণি কৰে চিত শুদ্ধ॥   যাহাৰ প্ৰতাপ নাম৷
দেৱদেৱী এক বোলে বিজ্ঞলোক  অতি মূঢ়মতি কহয় ঘুগুতি
ভজো প্ৰকৃতিৰ পাৱে৷   প্ৰকৃতি কৰো প্ৰণাম॥

উষা-হৰণ৷
—: o :—
দিহা—নন্দেৰ নন্দন হৰি দেখিলো ক’তে৷
  বাহিৰ হৈয়া দেখে বধু খঞ্জনিকা য’তে॥
ছয় পুত্ৰ মৰি চান্দোৰ শূন্য হৈলা পুৰী।
চান্দোৰ মন্দিৰে কান্দে সোণাই সুন্দৰী।