পৃষ্ঠা:ঊষা-হৰণ.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দুষ্ট ৰাজা চন্দ্ৰধৰ   চম্পক নগৰে ঘৰ
  মোৰ পূজা নাই তাৰ ঘৰে৷
বিনাশিতে চাও সাধু   ঊষাক কৰো পুত্ৰবধূ৷
  তবে পাৰো বাদ সাধিবাৰে॥
ইন্দ্ৰে বোলে ঊষা অনিৰুদ্ধ  চিৰকাল স্বৰ্গে ভোগ
  মনুষ্যক যাবো কোন ফলে৷
যদি উষা নাচে ভাল   কপটে ভাঙিবো তাল৷
  তুমি শাপ দিবা সেই কালে॥
ইন্দে কৈলা অঙ্গীকাৰ   উৰাৰ নৃত্য দেখিবাৰ৷
  শুনি পঢ়াৰ হৰষিত মন৷
নাৰায়ণ দেবে কয়   সুকবি বল্লভ হয়
  উষাৰ দুঃখ হৈলা সেই দিনে৷

দিহা—   আজু হৰে আজু হৰে
 হৰেৰ অতনা দুঃখ নসয় পৰাণে৷
ব্ৰহ্মা বিষ্ণু নহে চান্দো নহে পুৰন্দৰ৷
কুবেৰ বৰুণ নহে ধনৰ ঈশ্বৰ॥
মনুষ্য মেলেচ সমে বিসম্বাদ কৰি৷
দেবতাৰ ভোগ নষ্ট কৈলা বিষহৰি॥