পৃষ্ঠা:ঊষা-হৰণ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰদ বোলে শুনা যম আমাৰ বচন৷
মন দিয়া শুন কওঁ যত বিৱৰণ॥
কি দোষ কৰিলে কিবা পাপক ভুঞ্জয়৷
তাহাৰ উপায় কহিয়োক মোৰ ঠাই॥
অকাৰণে বন পুৰি বহু জন্তু মাৰে৷
সন্ধ্যা কলে অথিতি খেদাই অন্য ঘৰে॥
অতিথি ৰাখিয়া যিবা নকৰে পালন৷
অগ্নি কুণ্ড নৰকত তাহাৰ গমন॥
ফলবন্ত বৃক্ষবোৰ যিটো নৰে কাটে৷
পৰস্ত্ৰী পাইয়া যিবা বল কৰে বাটে॥
স্বগোত্ৰত বিয়া কৰে মাতৃ নামে কন্যা।
কৰ্ম্ম কৰি ব্ৰাহ্মণক নেদয় দক্ষিণা॥
ক্ৰোধ কৰি ব্ৰাহ্মণক চক্ষু পকাই চাই৷
কুম্ভীৰ নৰকত তাহাৰ প্ৰাণ যাই॥
ধাৰ দিয়া যিটো জনে সাধে সুদ কড়ি৷
যম দূতে মাৰে তাক দোহতীয়া বাৰী॥
নাৰদ বোলে শুনা যম আমাৰ বচন৷
মন দিয়া শুনা কও যত বিৱৰণ॥