পৃষ্ঠা:ঊষা-হৰণ.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ৰাক্ষসৰ দৃষ্টি পৰি তুতি গৈলা তাল॥
তাল তুতি সভা ভাঙে ইন্দ্ৰৰ মনস্তাপ৷
ছিদ্ৰ পাই দেৱৰাজে দিলা ব্ৰহ্ম শাপ॥
যোৱা উষা অনিৰুদ্ধ মনুষ্য নগৰে
মৰ্ত্তলোকে থাকা গৈয়া দ্বাদশ বছৰে॥
যেই দিনা চান্দো পূজে কনক কমলে৷
মনসাৰ কৰ্ম্ম কৰি আহিবা সোনকালে॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
ঊষাৰ ক্ৰন্দন বুলি একই লেছাৰি॥

দিহা৷    মোৰ হৰি নাৰে৷
ইন্দ্ৰৰ চৰণে ধৰি কান্দে ঊষা সুন্দৰী॥
কহ বাপু চিত্ৰগুপ্ত কৰিলো কোনো পাপ
কি কাৰণে দেৱৰাজে দিলা ব্ৰহ্মশাপ॥
উষাই মাগিল গৈ শচীত মেলানি৷
চল চল কৰি শচীৰ চকু বয়ে পানী॥
অনিৰুদ্ধ বিদায় মাগন্ত দেৱৰাজে৷
অনিকদ্ধৰ মুখ ইন্দ্ৰে নাচাইল লাজে॥
দুয়ো জনক পাই পদ্মাৰ হৰষিত মন৷
দুয়োকো ৰথত তুলি কৰিলা গমন॥