পৃষ্ঠা:ঊষা-হৰণ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অনিৰুদ্ধে কৈলা তাতে  স্বপ্ন দেখো প্ৰভাতে

 খহি পৰে চূড়া পৰ্বতৰে৷
বামচকু বাম নাকে   প্ৰাণ মোৰ চমকে
 নৃত্যক নাযাব উচিত মোৰে॥
উষা বোলে অনিৰুদ্ধ   কিয় কৰা বিৰুদ্ধ
 যিবা লিখি আছে প্ৰজাপতি৷
নাৰায়ণ দেৱে কয়   সুকবি বল্লভ কয়৷

 ৰঙ্গমঞ্চে চলা শীঘ্ৰগতি॥

দিহা—ভুবন মোহন ৰূপ নাগৰী হয় নাৰে হয়
হৰিষে সুন্দৰী উষা দিলা আগুসাৰ৷
শূন্য ঘটে দেখে আগে তেলিৰ পহাৰ৷
পাখা মেলি বাট বন্ধ কৰিছে গৃধিনী৷
হাতে ঠাল মুক্তকেশী সম্মুখে যোগিনী
আৰু দেখিলেক ঊষা কঙ্ক যে শৃগাল ॥
দক্ষিণে জম্বুকি চলে বামে বিষধৰ৷
বিমঙ্গল দেখি ঊষা গুণে মনে মন।
হেন বিমঙ্গল দেখি নাচিব কি মন৷
দিহা—হয় নাৰে চিন্তে সুন্দৰী উষা—