পৃষ্ঠা:ঊষা-হৰণ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেৱতাৰ বস্ত্ৰখন দেখিব সুন্দৰ৷
তাহাতে লেখা আছে দহ অৱতাৰ॥
মীন ৰূপ লেখি আছে জলে প্ৰবেশ কৰি৷
যেন মতে চাৰি বেদ উদ্ধাৰিলা হৰি॥
কুৰ্ম্ম ৰূপ লেখা আছে দেখিব সুন্দৰ৷
ধৰণীখন ধৰি আছে পিঠীৰ ওপৰ॥
নৰসিংহ আঁকি থৈছে হিৰণ্য বিদৰে৷
বামুণ ৰূপ ধৰি আছে বলিক ছলিবাৰে॥
পৰশুৰাম লেখা আছে খড়গ চৰ্ম্ম হাতে৷
এক বাণে নিঃক্ষত্ৰি কৰিল পৃথিবীকে॥
ৰামৰূপ অঙ্কি আছে সাগৰ বন্ধন৷
বান্দৰ সহায় লৈ বধিছে ৰাৱণ॥
শ্ৰীকৃষ্ণ আঁকি আছে দেখিব সুন্দৰ৷
বলোৰাম সৈতে বৎস ৰাখে নন্দ ঘৰ॥
বুদ্ধৰূপ লেখা আছে সবৰ শেহতে৷
ব্ৰহ্মায় প্ৰাৰ্থনা কৰি থাকে এহি মতে॥
দুই কাষে গন্ধৰ্বই মৃদঙ্গ বজাই৷
অস্ত ষ্ফোট দিয়া ঊষা নাচিবাক যায়॥
অস্ত ষ্ফোট দিয়া ঊষা দিলা আগুসাৰ৷
মৃদঙ্গৰ চেঞে চেঞে ইন্দ্ৰক নমস্কাৰ॥